সমললৈ যাওক

নানী (অভিনেতা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নানী

২০১৯ চনত নানী
জন্ম ঘণ্টা নবীন বাবু
২৪ ফেব্ৰুৱাৰী, ১৯৮৪ (৪২ বছৰ)[1]
হাইদৰাবাদ, অন্ধ্ৰপ্ৰদেশ (বৰ্তমানৰ তেলঙ্গানা), ভাৰত
অন্য নাম নেচাৰেল ষ্টাৰ
শিক্ষানুষ্ঠান ৱেছলি ডিগ্ৰী কলেজ, চেকেণ্ডৰাবাদ
পেচা
  • অভিনেতা
  • প্ৰযোজক
  • টেলিভিছন উপস্থাপক
সক্ৰিয় হৈ থকা সময় ২০০৮–বৰ্তমান
দাম্পত্যসঙ্গী অঞ্জনা য়েলেৱৰ্তী (বি. ২০১২)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি সম্পূৰ্ণ তালিকাখন চাওক

ঘণ্টা নবীন বাবু (ইংৰাজী: Ghanta Naveen Babu; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৮৪), পেছাদাৰীভাৱে তেওঁৰ পৰ্দা নাম নানীৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু টেলিভিছন উপস্থাপক। তেওঁ প্ৰধানকৈ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। নানীয়ে দুটা "নন্দী বঁটা", তিনিটা "ফিল্মফেয়াৰ বঁটা দক্ষিণ" আৰু তিনিটা "দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা"কে ধৰি অসংখ্য বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে।[2]

২০০৮ চনত নানীয়ে ৰোমাণ্টিক কমেডী ছবি অষ্ট চাম্মাত অভিনয়েৰে ছবিজগতত অভিষেক ঘটায়। এই ছবিখনে বক্স অফিচত সফলতা লাভ কৰে আৰু পিছলৈ আলা মডালাইণ্ডি (২০১১) ছবিৰে তেওঁ বিৰাট সাফল্য অৰ্জন কৰে।[3] ইয়াৰ পিছত তেওঁ আন বহুতো ব্যাৱসায়িকভাৱে সফল ছবি যেনে পিল্লা জমিদাৰ (২০১১), ইগা (২০১২) আৰু য়েৱাড়ে সুব্ৰমণ্যম (২০১৫) আদিত অভিনয় কৰে। তেওঁ য়েটো ভেলিপয়িন্ধি মনছু (২০১২) শীৰ্ষক ছবিখনৰ বাবে "শ্ৰেষ্ঠ অভিনেতাৰ শিতানত নন্দী বঁটা" লাভ কৰে। ২০১১ চনত ভেপ্পাম শীৰ্ষক ছবি এখনৰ জৰিয়তেও তেওঁ তামিল ছবিজগততো অভিষেক ঘটায়। কিছুসময়ৰ অৱনতি ঘটাৰ পিছত তেওঁ ৰোমাণ্টিক কমেডী ছবি ভালে ভালে মাগাডিভয় (২০১৫) লৈ পুনৰ ছবিজগতলৈ উভতি আহে। তেওঁৰ অভিনীত কৃষ্ণা গাদী বীৰা প্ৰেমা গাধা (২০১৬), জেণ্টলমেন (২০১৬) (ছবিখনৰ বাবে তেওঁ জুৰীৰ বিশেষ নন্দী বঁটা লাভ কৰে), মাজনু (২০১৬), নেনু লোকেল (২০১৭), নিন্নু ক’ৰি (২০১৭), মিডল্ ক্লাছ আব্বায়ী (২০১৭ ), জাৰ্চি (২০১৯), নানীছ গেং লিডাৰ (২০১৯), শ্যাম সিংহ ৰায় (২০২১), দসৰা (২০২৩), আৰু হাই নান্না (২০২৩) আদি ছবিকেইখনে বাণিজ্যিকভাৱে অধিক সফলতা লাভ কৰে। নানীয়ে ভালে ভালে মাগাডিভয় আৰু শ্যাম সিংহ ৰায় শীৰ্ষক ছবি দুখনৰ বাবে "শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ফিল্মফেয়াৰ সমালোচক বঁটা – তেলেগু" আৰু দসৰা শীৰ্ষক ছবিখনৰ বাবে "শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ফিল্মফেয়াৰ বঁটা – তেলেগু" লাভ কৰে।[4]

নানীয়ে ২০১৩ চনত তেওঁৰ প্ৰথমখন ছবি ডি ফৰ ডপিডি নিৰ্মাণ কৰিছিল। ছবিখন এক লাভজনক উদ্যোগ আছিল।[5] ২০১৮ চনত নানীয়ে নিজাকৈ প্ৰডাকচন হাউচ ৱাল পোষ্টাৰ চিনেমা আৰম্ভ কৰিছিল, যিয়ে উল্লেখযোগ্যভাৱে এৱে (২০১৮), হিট: দ্য ফাৰ্ষ্ট কেছ (২০২০), আৰু হিট: দ্য ছেকেণ্ড কেছ (২০২২)ক সমৰ্থন কৰিছে।[6] ২০১৮ চনত নানীয়ে তেলেগু গেম শ্ব' বিগ বছৰ দ্বিতীয় ছিজনত আয়োজক হিচাপে আছিল।[7]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. K, Janani (24 February 2018). "Happy Birthday Nani: RJ to Tollywood's favourite lover boy, tracing the Natural Star's journey". India Today. https://www.indiatoday.in/movies/regional-cinema/story/actor-nani-birthday-film-journey-1176675-2018-02-24 আহৰণ কৰা হৈছে: 23 February 2021.
  2. Krishnamoorthy, Suresh (20 September 2016). "This Gentleman wants to do a Gladiator!" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/Hyderabad/This-Gentleman-wants-to-do-a-Gladiator/article14990015.ece.
  3. "Happy Birthday Nani: The successful screen journey of the gifted actor". The Times of India. 2021-02-24. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/happy-birthday-nani-the-successful-screen-journey-of-the-gifted-actor/photostory/81170422.cms.
  4. "The actor in me will never be satisfied: Nani". 4 April 2023. https://www.newindianexpress.com/entertainment/telugu/2023/Apr/04/the-actor-in-me-will-never-be-satisfied-2562360.html.
  5. "D for Dopidi a hit!". www.greatandhra.com. Archived from the original on 23 March 2021. https://web.archive.org/web/20210323213715/https://www.greatandhra.com/404.shtml আহৰণ কৰা হৈছে: 2021-03-26.
  6. Sundar, Priyanka (16 February 2018). "Awe movie review: Nani and Prasanth Varma's film is technically brilliant". Hindustan Times. Archived from the original on 24 February 2018. https://web.archive.org/web/20180224041255/https://www.hindustantimes.com/movie-reviews/awe-movie-review-in-awe-of-this-nani-film-its-director-prasanth-varma/story-DtVNKVlpQxLMNrhLiDUMXM.html.
  7. "Nani on hosting Bigg Boss Telugu season 2, dealing with trolls: Learnt how strong a person I am". Firstpost. 2 October 2018. Archived from the original on 4 August 2020. https://web.archive.org/web/20200804010024/https://www.firstpost.com/entertainment/nani-on-hosting-bigg-boss-telugu-season-2-dealing-with-trolls-learnt-how-strong-a-person-i-am-5298391.html আহৰণ কৰা হৈছে: 30 May 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]