আন্তৰ্জাতিক যোগ দিৱস
![]() | এই প্ৰবন্ধটো বৰ্তমান লিখি থকা থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহলে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ পাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
আন্তৰ্জাতিক যোগ দিৱস | |
---|---|
সম্পুৰ্ণ নাম | International Day of Yoga - IDY |
অন্য নাম | যোগ দিৱস, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিশ্ব যোগ দিৱস |
পালন কৰে | বিশ্বজুৰি |
প্ৰকাৰ | ৰাষ্ট্ৰসংঘ |
তাৰিখ | ২১ জুন |
উদযাপন | যোগাভ্যাস, ধ্যান, যোগৰ উপকাৰিতাৰ বিষয়ে সচেতনতা অনা আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ কৰা। |
সম্পৰ্কিত | যোগ, ধ্যান, স্বাস্থ্য |
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস (ইংৰাজী: International Yoga Day) হিচাপে ঘোষণা কৰে।[1] যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ এই প্ৰস্তাৱ ২০১৪ চনৰ ২৭ চেপ্তেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক ৭৮ দিনৰ পিছত অৰ্থাৎ ১১ ডিচেম্বৰত ১৯৩ খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫ খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃৃহীত হয় । তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। ২১ জুন দিনটো উত্তৰ গোলাৰ্দ্ধত বছৰৰ আটাইতকৈ দীঘল দিন।[2]