সমললৈ যাওক

আহমদ আলী বদৰপুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বেইখ-উল-হাদিছ, মৌলানা

আহমদ আলী বদৰপুৰী

আহমদ আলী বদৰপুৰী
অসম ৰাজ্যৰ দ্বিতীয় সভাপতি জমিয়ত উলামা-ই-হিন্দ
কাৰ্যকাল
১৯৫৭ চনত – ১১ জুন ২০০০
পূৰ্বসূৰী নূৰ আলী বদৰপুৰী
উত্তৰসূৰী মৌলানা আব্দুল হক
উত্তৰ-পূব ভাৰতৰ আমিৰ-ই-শ্বৰিয়ত।
কাৰ্যকাল
১৯৯০ চনত – ১১ জুন ২০০০
ব্যক্তিগত তথ্য
জন্ম
আহমদ আলী

১৯১৫
বদৰপুৰ, চিলেট জিলা, ব্ৰিটিছ ৰাজ
মৃত্যু ১১ জুন, ২০০০ (৮৫ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
সন্তান মহম্মদ ইয়াহিয়া
মাতৃ বিবি ফৰিদা
পিতৃ মহম্মদ নছিৰ আলী
শিক্ষানুষ্ঠান
  • চিলেট চৰকাৰী আলিয়া মাদ্ৰাছা
  • দাৰুল উলুম দেওবন্দ
ব্যক্তিগত
ৰাষ্ট্ৰীয়তা
সংঘ ছুন্নী
Jurisprudence হানাফী
আন্দোলন দেওবন্দী
মুখ্য আগ্ৰহ চুফীবাদ, তফছিৰ, ফিকাহ, হাদিছ
শিক্ষক হুছেইন আহমদ মাদানী, ইজাজ আলী আমৰোহী
জ্যেষ্ঠ বিষয়বাব
শিষ্যতা হুছেইন আহমদ মদনী

আহমদ আলী বদৰপুৰী (১৯১৫–১১ জুন ২০০০) যাক আহমদ আলী বাঁশকান্দি আৰু আহমদ আলী আসামী নামেৰেও জনা যায়। তেওঁ আছিল একাধাৰে এজন ভাৰতীয় ইছলামিক পণ্ডিত, চুফী, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ। তেওঁ ৪৪ বছৰ ধৰি অসম ৰাজ্যিক জমিয়ত উলামা-ই-হিন্দৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।

বাল্যকাল আৰু শিক্ষা

[সম্পাদনা কৰক]

আহমদ আলী বদৰপুৰীৰ জন্ম হৈছিল ১৯১৫ চনত তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অসমৰ চিলেট জিলাত অৱস্থিত বদৰপুৰৰ এটা চুফী পৰিয়ালত।[1] তেওঁ আছিল শ্বাহ জালাল মুজাৰ্ৰৰাদ ইয়েমেনিৰ বিশেষ অনুমোদিত শিষ্য শ্বাহ ছিকান্দাৰ খান গাজীৰ খাদিম হজৰত মনোৱাৰ ইয়েমেনিৰ বংশধৰ।[2][3][4]

বদৰপুৰী স্থানীয়ভাৱে বদৰপুৰতে প্ৰাথমিক শিক্ষা শেষ কৰে আৰু তাৰ পিছত উচ্চ শিক্ষা লাভৰ বাবে চিলেটৰ চৰকাৰী আলিয়া মাদ্ৰাছাত ভৰ্তি হয়। তেওঁ তাত ১৯৩৮ চনৰ পৰা ১৯৪০ চনলৈকে অধ্যয়ন কৰি আনুষ্ঠানিকভাৱে দাৰ্চ-ই-নিজামিত স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ পুনৰাই স্নাতক ডিগ্ৰী অৰ্জনৰ উদ্দেশ্যে দাৰুল উলুম দেওবন্দলৈ গমন কৰে যদিও কিছুমান স্বাস্থ্যজনিত জটিলতাৰ বাবে অধ্যয়ন স্থগিত ৰাখি ঘৰলৈ উভতিব লগীয়া হয়। ১৯৫০ চনত তেওঁ পুনৰাই দেওবন্দত উপস্থিত হয় আৰু তাৰ পিছৰ বছৰতেই দৌৰা-ই-হাদীছ (দাৰ্ছ-ই-নিজামিৰ শেষ বছৰ) আৰু দৌৰা-ই-তাফছিৰ (কোৰআনৰ ব্যাখ্যাত বিশেষজ্ঞতা) অধ্যয়ন সমাপ্ত কৰে। সেই সময়ত তেওঁ মাত্ৰ আঢ়ৈ মাহৰ ভিতৰতেই সম্পূৰ্ণ কোৰআনৰ হাফিজ হয়। তেওঁৰ শিক্ষকসকলৰ ভিতৰত আছিল হুছেইন আহমদ মাদানী, আব্দুছ ছমী' দেওবন্দী, ইজাজ আলী আমৰোহী, ফখৰুল হাছান মুৰাদাবাদী, আৰু আব্দুল আহদ দেওবন্দী।[5][6][7][8] তেওঁ চুফীবাদী তৰিকাত মাদানীৰ এজন অনুমোদিত শিষ্য আছিল।[9][10][11][12][13][14]

কৰ্মজীৱন

[সম্পাদনা কৰক]

বদৰপুৰী তেওঁৰ কৰ্মজীৱন শিক্ষক হিচাপে দাৰুল উলুম বাঁশকান্দিত আৰম্ভ কৰে। ১৯৫৫ চনত হুছেইন আহমদ মাদানীয়ে প্ৰতিষ্ঠানটোৰ কোনো নিমন্ত্ৰণ অবিহনেই তেওঁক তালৈ পঠিয়াই দিয়ে। কিন্তু মাদ্ৰাছা কৰ্তৃপক্ষই প্ৰথমে তেওঁক শিক্ষক হিচাপে নিযুক্তি দিবলৈ অস্বীকাৰ কৰে যদিও, পিছলৈ মাদানীৰ চিঠি লাভ কৰাৰ পিছত তেওঁলোকে আহমদ আলীক সাদৰে গ্ৰহণ কৰে।[15][16][17]

১৯৫৭ চনত হজৰত মাদানীয়ে তেওঁক শ্বেইখ-আল হাদীছ পদত নিযুক্তি দিয়ে আৰু প্ৰতিষ্ঠানটোৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰে। আহমদ আলীয়ে তেওঁৰ জীৱনৰ শেষ নিশ্বাস লৈকে নিজৰ সেই স্থান বজাই ৰাখিছিল। এইদৰে তেওঁৰ শিক্ষকতা জীৱন ৪৫ বছৰতকৈও অধিক কাল অতিক্ৰম কৰে।[15][16][17] তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে নিজকে জড়িত কৰিছিল।[5][6][7][8]

১৯৫৭ চনত তেওঁ সৰ্বসন্মতিক্ৰমে অসম ৰাজ্যিক জমিয়ত উলামা-ই-হিন্দৰ সভাপতি নিৰ্বাচিত হয়। ইয়াৰ আগতে তেওঁ সম্পাদক, আহ্বায়ক আৰু সাধাৰণ কৰ্মী হিচাপে কাম কৰিবলগীয়া হৈছিল। জমিয়ত নেতা হিচাপে তেওঁ পাকিস্তানী খেদা আন্দোলনৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু ইয়াৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। এই আন্দোলন ১৯৬০ৰ দশকত তীব্ৰতৰ হয় আৰু ১৯৭০ৰ পৰা ১৯৮০ৰ দশক লৈকে অব্যাহত থাকে যাক বোংগাল খেদা আন্দোলন নামেৰেও জনা যায়।[18][19][20]

তেওঁ তেতিয়াৰ চলিহা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল আৰু বিদেশীৰ নামত সংখ্যালঘু সকলৰ প্ৰতি কৰা অমানৱীয় অত্যাচাৰ আৰু হিংসা বন্ধ কৰিবলৈ বাধ্য কৰায়। তেওঁ অসম আন্দোলনৰো বিৰোধিতা কৰিছিল যি নেলী হত্যাকাণ্ডৰ জৰিয়তে শিখৰত উপনীত হৈছিল। তেওঁ তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, আইন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰ আৰু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক বাৰে বাৰে সাক্ষাৎ কৰে আৰু সংখ্যালঘু সকলক বিশেষ সুৰক্ষা প্ৰদানৰ বাবে বাধ্য কৰায়। ইয়াৰ ফলাফল আছিল ১৯৮৩ চনৰ আই.এম. ডি. টি. এক্ট।[18][19][20]

১৯৯০ৰ দশকৰ আৰম্ভনিতে বদৰপুৰীয়ে বড়ো আন্দোলন নামেৰে আন এক আন্দোলনৰ সন্মুখীন হ’বলগীয়া হৈছিল, যিয়ে নিম্ন অসমত এক নিষ্ঠুৰ গণহত্যাৰ সৃষ্টি হৈছিল। তেওঁ চৰকাৰৰ ওচৰত ভুক্তভোগীসকলৰ নিৰাপত্তা আৰু পুনৰ সংস্থাপনৰ বাবে তীব্ৰ দাবী জনায়। এই আন্দোলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৬০০ গৃহহীন অনাথৰ বোজা নিজে কান্ধ পাতি লয় আৰু বাশকান্দি মাদ্ৰাছাত আশ্ৰয় দিয়ে। এইদৰে সকলো সময়তে তেওঁ যিকোনো ধৰণৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতি গৈছিল, এনেকি জীৱনৰ শেষ মুহূৰ্তত ২০০০ চনৰ ১ এপ্ৰিলত গুৱাহাটীত এখন ঐতিহাসিক জমিয়ত সভাৰ আয়োজন কৰি চৰকাৰক সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰিছিল।[18][19][20]

বদৰপুৰীয়ে তেওঁৰ শিক্ষক হুছেইন আহমদ মাদানীৰ দ্বাৰা অনুপ্ৰাণিত হৈ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে তেওঁ কেইবাবাৰো কাৰাবৰণ কৰিবলগীয়া হৈছিল। তেওঁ জমিয়তৰ সমৰ্থনত কাম কৰিছিল আৰু ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। ১৯৪৭ চনৰ জুলাই মাহত অনুষ্ঠিত হোৱা চিলেট গণভোটৰ সময়ত তেওঁ চিলেটক ভাৰতত অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ এক সাহসী আৰু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল।[21][22][23][24]

তেওঁ হাজাৰ হাজাৰ মছজিদ, মাদ্ৰাছা, খানকাহ প্ৰতিষ্ঠা কৰিছিল আৰু শেষত গুৱাহাটী খানকাহ প্ৰতিষ্ঠা কৰিছিল, য’ত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে আধ্যাত্মিক সংশোধনৰ পথ বিচাৰি আহে। তেওঁ কাদিয়ানসকলৰ ভণ্ডামি আৰু বিচ্যুতিৰ বিৰোধিতা কৰিছিল। তেওঁ এনেকি কাদিয়ানীৰ ভণ্ডামিৰ ওপৰত বাংলা ভাষাত এখন কিতাপ লিখিছিল, যাৰ নাম “খতমে নাবুওতেৰ অ কাদিয়ানিয়াতেৰ গুমৰাহিৰ অকাট্ট দলিল সমূহ”। (অসমীয়া অনুবাদ) খতম-ই-নাবুৱাত আৰু কাদিয়ানসকলৰ বিচ্যুতিৰ অনস্বীকাৰ্য প্ৰমাণ সমূহ।[25][26][27][28][29][30]

সন্মান আৰু পদবী

[সম্পাদনা কৰক]

বদৰপুৰীৰ মৃত্যুৰ পিছত তৰুণ গগৈ চৰকাৰে তেওঁৰ সন্মানাৰ্থে আহমদ আলী বাশকান্দি বঁটা আৰম্ভ কৰে।[31][32][33][34] ১৯৯০ চনৰ পৰা মৃত্যুৰ আগলৈকে তেওঁ উত্তৰ-পূব ভাৰতৰ আমিৰ-ই-শ্বৰিয়ত হিচাপেও সফল দায়িত্ব পালন কৰে।[31][35][36]

সাহিত্য ৰচনা

[সম্পাদনা কৰক]

বদৰপুৰীয়ে বাংলা, অসমীয়া আৰু উৰ্দু ভাষাত কেইবাখনো অমূল্য গ্ৰন্থ ৰচনা কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থ সমূহ হল:[37][38][39][40][41]

  • আলম-ই-বৰ্জখ (বাংলা আৰু অসমীয়া)
  • পবিত্ৰ হৰম ট্ৰয়েৰ ইতিহাস (বাংলা)
  • জমিয়ত-এৰ মুল কথা (বাংলা)
  • এলমে মা'ৰিফাতেৰ বিশিষ্ট বাহানত্ৰয় ও মাশাইখ চৰিত (বাংলা)
  • ফজাইল-ই-ছাবান, ৰমজান ও ফজাইল-ই-নফল ৰোজা (অসমীয়া)
  • খতমে নবুৱাতেৰ ও কাদিয়ানিয়াতেৰ গুমৰাহীৰ অকাট্ট দলিল সমূহ (বাংলা)
  • জুহুৰ-ই-মাহদি ও নুজুল-ই-ইছা (উৰ্দু আৰু বাংলা)
  • ছালাচিল-ই-তাইয়্যিবা (বাংলা)
  • 'ফুয়ুজ-ই-মাদানী (বাংলা ভাষাত লিখা আহমদ আলী চাহাবৰ ছালাচিল-ই-তাইয়্যিবা নামৰ গ্ৰন্থখনৰ উৰ্দু অনুবাদ)[42]

মৃত্যু আৰু উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

২০০০ চনৰ ১১ জুন তাৰিখে মুম্বাইত বদৰপুৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃতদেহ বিমানযোগে অসমলৈ অনা হয়। ১৩ জুনত তেওঁক দাৰুল উলুম বাঁশকান্দিৰ চৌহদত সমাধিস্থ কৰা হয়। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত কেইবা লাখ লোকে অংশগ্ৰহণ কৰে।[43][44][45][24][46] মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ সন্তান মহম্মদ ইয়াহিয়াক ইহজগতত এৰি থৈ যায়। তেওঁ বৰ্তমান উত্তৰ-পূব ভাৰতৰ আমিৰ-ই-শ্বৰিয়ত।[47][48] বদৰপুৰীৰ মৃত্যুত বহু ব্যক্তিয়ে শোক প্ৰকাশ কৰে। আছ’আদ মাদানীয়ে তেওঁৰ মৃত্যুক বিংশ শতিকাৰ সৰ্ববৃহৎ ট্ৰেজেডী বুলি অভিহিত কৰে। ছোনিয়া গান্ধীয়ে তেওঁক স্বাধীনতা সংগ্ৰামী বুলি অভিহিত কৰি কৈছিল যে আহমদ আলী চাহাবে সদায় বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত শান্তি আৰু সামাজিক সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই তেওঁক শান্তি, প্ৰেম আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতীক বুলি অভিহিত কৰে। কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ মতে তেওঁৰ মৃত্যু আছিল সমগ্ৰ দেশৰ বাবে এক বৃহৎ ক্ষতি।[49][24]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

উদ্ধৃতিসমূহ

[সম্পাদনা কৰক]
  1. বদৰপুৰী 1996, পৃষ্ঠা. 6.
  2. কাছমী 2010, পৃষ্ঠা. 8–9.
  3. বদৰপুৰী 1992, পৃষ্ঠা. 1.
  4. আসামী 2016, পৃষ্ঠা. 19–21.
  5. 5.0 5.1 বদৰপুৰী 1992, পৃষ্ঠা. 1–8, 13.
  6. 6.0 6.1 আহমদ 2000, পৃষ্ঠা. 6–7, 54–55.
  7. 7.0 7.1 কাছমী 2010, পৃষ্ঠা. 10–14.
  8. 8.0 8.1 বদৰপুৰী 1996, পৃষ্ঠা. 7.
  9. বদৰপুৰী 1997, পৃষ্ঠা. 7.
  10. বদৰপুৰী 1992, পৃষ্ঠা. 12–13, 18.
  11. কাছমী 2010, পৃষ্ঠা. 7, 16.
  12. ফৰকালীত, মহম্মদ উছমান; বৰ্ণী, বহাৰ, eds (10 জুলাই 1998). "Shaikhul Islam Number (A special issue)" (ur ভাষাত). আল-জাম'ইয়াত সাপ্তাহিক (বাহাদুৰ শ্বাহ জাফৰ মাৰ্গ, নতুন দিল্লী: জমিয়ত উলামা-ই-হিন্দ): 16. 
  13. অল-ৱহীদী, ফৰীদ (1991). "খলিফাসকল" (ur ভাষাত). Shaikhul Islam Maulana Hussain Ahmad Madani: Ek Sawanihi O Tareekhi Mutala'a. প্ৰকাশক জাকিৰ নগৰ, জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লী: কৌমি কিতাব ঘৰ. পৃষ্ঠা. 828. https://www.rekhta.org/ebooks/detail/maulana-husain-ahmad-madani-ek-sawanehi-wa-tareekhi-mutala-fareedul-waheedi-ebooks. 
  14. হানীফ, এন. (2000) (en ভাষাত). Biographical Encyclopaedia of Sufis: South Asia. প্ৰকাশক আনছাৰী ৰোড, দৰয়াগঞ্জ, নতুন দিল্লী: সৰুপ আৰু পুত্ৰ. পৃষ্ঠা. 357. ISBN 9788176250870. https://books.google.com/books?id=O3GXOqPa67MC&q=ahmad+%27Ali+of+Banskandi&pg=PA393. 
  15. 15.0 15.1 কাছমী 2010, পৃষ্ঠা. 17–21.
  16. 16.0 16.1 কাছমী 2000, পৃষ্ঠা. 3–4.
  17. 17.0 17.1 বদৰপুৰী 1992, পৃষ্ঠা. 18–21.
  18. 18.0 18.1 18.2 কাছমী 2010, পৃষ্ঠা. 20–23, 39–42.
  19. 19.0 19.1 19.2 ৰাঘিবী & মুস্তফী 2000, পৃষ্ঠা. 41–47, 51.
  20. 20.0 20.1 20.2 ইছলাম 2000, পৃষ্ঠা. 9.
  21. ৰঘিবী 1994, পৃষ্ঠা. 4–6.
  22. বদৰপুৰী 1992, পৃষ্ঠা. 4–5.
  23. ৰঘিবী & মুস্তফী 2000, পৃষ্ঠা. 11–17, 51.
  24. 24.0 24.1 24.2 "চিৰনিদ্ৰায় মৌলানা আহমেদ আলি..." (bn ভাষাত). Dainik Sonar Cachar (Cachar, Assam): পৃষ্ঠা 1. 12 June 2000. 
  25. আহমদ 2000, পৃষ্ঠা. 15, 38–39.
  26. আলী, ছায়িদ ইয়াছিন (1998) (as ভাষাত). Khanqah–A brief introduction. প্ৰকাশক Ali Nagar, Sijubari, Guwahati, Assam: Sayid Yasin Ali. পৃষ্ঠা. 2–5. 
  27. কাছমী 2010, পৃষ্ঠা. 29–32.
  28. ৰাঘিবী & মুস্তফী 2000, পৃষ্ঠা. 27, 54.
  29. বদৰপুৰী 1998, পৃষ্ঠা. 21–38.
  30. আমীনী, নূৰ আলম খলীল, ed (নৱেম্বৰ–ডিচেম্বৰ 2013). "فضيلة الشيخ أحمد علي رحمه الله وجهوده التربوية والإصلاحية بولاية "آسام" الهندية؛ بقلم فريد الدين أحمد" (ar ভাষাত). আদ-দাই (দেওবন্দ: দাৰুল উলুম দেওবন্দ) খণ্ড 38 (1–2). https://darululoom-deoband.com/arabicarticles/archives/3092. 
  31. 31.0 31.1 কাছমী 2010, পৃষ্ঠা. 23–24, 98–100.
  32. "Ahmed Ali Baskandi Award presented" (en ভাষাত). The Sentinelwww.sentinelassam.com. 2 March 2016. https://www.sentinelassam.com/news/ahmed-ali-baskandi-award-presented/। আহৰণ কৰা হৈছে: 6 July 2023. 
  33. খোছা, আছা (3 জুলাই 2022). "Assam revives awards in the name of historic Muslim personalities" (en ভাষাত). Awaz The Voicewww.awazthevoice.in. https://www.awazthevoice.in/india-news/assam-revives-awards-in-the-name-of-historic-muslim-personalities-12797.html। আহৰণ কৰা হৈছে: 6 জুলাই 2023. 
  34. "CM presents Ahmed Ali Baskandi Award" (en ভাষাত). assamtribune.com. 2010-09-15. https://assamtribune.com/cm-presents-ahmed-ali-baskandi-award। আহৰণ কৰা হৈছে: 2024-03-19. 
  35. বদৰপুৰী 1992, পৃষ্ঠা. 26.
  36. কাছমী, মুহাম্মাদুল্লাহ (অক্টোবৰ 2020) (ur ভাষাত). Darul Uloom Deoband Ki Jame O Mukhtasar Tareekh (২য় সম্পাদনা). প্ৰকাশক India: শইখুল হিন্দ একাডেমী. পৃষ্ঠা. 736–737. OCLC 1345466013. https://archive.org/details/darul-uloom-deob-ki-jamey-wa-mukhtasar-tareekh-edition-2. 
  37. ৰাঘিবী & মুস্তফী 2000, পৃষ্ঠা. 65–66.
  38. কাছমী 2010, পৃষ্ঠা. 171–175.
  39. ইছলাম 2000, পৃষ্ঠা. 4.
  40. আসামী 2016, পৃষ্ঠা. 221.
  41. মুবাৰকপুৰী, আৰিফ জমিল (2021) (ar ভাষাত). Mausoo'a Ulama-u- Deoband (1st সম্পাদনা). প্ৰকাশক Deoband: Shaikhul Hind Academy. পৃষ্ঠা. 27. 
  42. বদৰপুৰী 1996, পৃষ্ঠা. 5.
  43. কাছমী 2010, পৃষ্ঠা. 119.
  44. ইছলাম 2000, পৃষ্ঠা. 11.
  45. ৰাঘিবী & মুস্তফী 2000, পৃষ্ঠা. 1.
  46. আহমদ 2000, পৃষ্ঠা. 92.
  47. কাছমী, তয়িব আহমেদ (2016) (en ভাষাত). Khanquah (1st সম্পাদনা). প্ৰকাশক আহমদ আলী নগৰ, হাতীগাঁও, গুৱাহাটী, অসম: খানকুৱা শইখুল হাদীছ হজৰত মৌলানা আহমদ আলী. পৃষ্ঠা. 3. 
  48. "Markazul Maarif Mumbai Holds its 18th Convocation" (en ভাষাত). deoband.net. 7 এপ্ৰিল 2013. http://www.deoband.net/news/markazul-maarif-mumbai-holds-its-18th-convocation। আহৰণ কৰা হৈছে: 6 জুলাই 2023. 
  49. কাছমী 2000, পৃষ্ঠা. 20–21.

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]
  • কাছমী, আব্দুল কাদিৰ (জানুৱাৰী 2010) (as ভাষাত). Sheikh Moulana Ahmed Ali, Jeevan Aru Karma. প্ৰকাশক হোজাই, অসম: মুফাছিল আলী. 
  • আসামী, মুজাম্মিল আলী (জানুৱাৰী 2016) (ur ভাষাত). Qutub-e-Aalam Hazrat Maulana Ahmed Ali Sahab: Hayat Aur Karname. প্ৰকাশক মাদানি ৰোড, দেওবন্দ, চাহাৰনপুৰঃ মুমতাজ বুক ডিপো: মুমতাজ বুক ডিপো. 
  • বদৰপুৰী, আহমেদ আলী (জানুৱাৰী 1997) (bn ভাষাত). Pabitra Haram Trayer Etihas (৪ৰ্থ সম্পাদনা). প্ৰকাশক হোজাই, অসম: জামিয়া ইছলামিয়া জালিলিয়া. 
  • বদৰপুৰী, আহমেদ আলী (1992) (bn ভাষাত). Salasil-e-Tayyibah. প্ৰকাশক হোজাই, অসম: মুফাছিল আলী. 
  • বদৰপুৰী, আহমদ আলী (1996). "মুজাম্মিল আলী অসমীয়াৰ আয়েনা-ই-শাখছিয়াত" (ur ভাষাত). Fuyudh-e-Madani. প্ৰকাশক জামিয়া জালালিয়া, হোজাই, অসম: মুফাছিল আলী. 
  • আহমদ, বছিৰ (নৱেম্বৰ 2000) (bn ভাষাত). Chirag-e-Madani (১ম সম্পাদনা). প্ৰকাশক গুৱাহাটী, অসম: মঃ আহমদ হুছেইন. 
  • ইছলাম, এম ডি নাজৰুল (2000) (bn ভাষাত). Hazrat Sheikh Maulana Ahmed Ali er Smriti patra. প্ৰকাশক বাংকান্দি, কাছাৰ জিলা, অসম: দাৰুল উলুম বাস্কাণ্ডি. 
  • ৰাঘিবী, আব্দুল জলীল; মুস্তফী, এ.আৰ., eds (জুলাই–অক্টোবৰ 2000). "A special issue containing life story of Hazrat Moulana Sheikh Ahmed Ali" (as ভাষাত). জ্ঞান সম্ভাৰ (হোজাই, অসম: মাৰ্কাজ সাহিত্য পৰিষদ) খণ্ড 2–3 (1–4). 
  • কাছমী, বিশুদ্ধ (2000) (bn ভাষাত). Darul Uloom Banskandi. প্ৰকাশক বাংস্কান্দি, কাছাৰ জিলা, অসম: দাৰুল উলুম বাংস্কান্দী. 
  • বদৰপুৰী, আহমেদ আলী (1998) (bn ভাষাত). Khatme Nabowater O Kadianiater Gumraihir Akatya Dalil Samooh. প্ৰকাশক আলী নগৰ, ছিজুবাৰী, গুৱাহাটী, অসম: ছাইদ ইয়াচিন আলী. 
  • ৰাঘিবী, আব্দুল জলিল (1994) (bn ভাষাত). Purba Bharater Oli-e-Kamil. প্ৰকাশক হোজাই, অসম: মাৰ্কাজুল মাৰিফ. 

অধিক পঢ়া

[সম্পাদনা কৰক]