সমললৈ যাওক

নগাঁও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Nagaonৰ পৰা পুনঃনিৰ্দেশিত)
নগাঁও
চহৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা নগাঁও
প্ৰতিস্থাপক মোমাই তামুলী
নামকৰণ কৰা হৈছে নতুন গাওঁ
নগাঁও চহৰৰ ক্লক টাৱাৰ।

নগাঁও (ইংৰাজী: Nagaon) মধ্য অসমৰ উল্লেখযোগ্য চহৰ। প্ৰাচীনকালত নল-খাগৰিৰে ভৰা এই ঠাইডোখৰক খাগৰিজান বুলি জনাজাত আছিল।[উদ্ধৃতিৰ প্ৰয়োজন] মোমাই তামুলী বৰবৰুৱাই নতুনকৈ পতা গাওঁকেইখনমান লগ লগাই নগাঁও অঞ্চলৰ সৃষ্টি কৰিছিল।[1] গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্বিভাৱৰ স্থান "বৰদোৱা" দৰে পবিত্ৰ স্থানেৰে গৰ্বিত নগাঁৱত, অসমীয়া কলা-সংস্কৃতিৰ কেইবাগৰাকী নমস্য ব্যক্তিৰ জন্ম হৈছে।

নগাঁও জিলা দুটা মহকুমা― নগাঁও সদৰ আৰু কলিয়াবৰেৰে গঠিত।

ব্ৰহ্মপুত্ৰ নদীৰ উপনদী কলং নগাঁৱৰ মাজেদি বৈ গৈছে আৰু নগৰ খনক দুটা অংশত বিভক্ত কৰিছে: নগাঁও আৰু হয়বৰগাঁও

নগাঁও নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱস্থা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৩৬-এ অসমৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ লগত যাতায়ত সংযোগ কৰিছে। বাছ পৰিবহণে নগৰখনক অসমৰ অন্যান্য অঞ্চলসমূহৰ লগত সংযুক্ত কৰিছে।

নগাঁও নগৰত দুটা ৰে’ল ষ্টেচন আছে― এটা নগাঁও চহৰত আৰু আনটো হয়বৰগাঁৱত। আনহাতে নিকটৱৰ্ত্তী জংচনটো হৈছে চাপৰমুখ ৰে’ল জংচন। চাপৰমুখ জংচনটো নগাঁও চহৰৰ পৰা প্ৰায় ২৮ কি:মি: দূৰৈত অৱস্থিত। এই জংচনৰ মাজেদি বহুতো দূৰণিবতীয়া ৰে’ল চলাচল কৰে।

বিমানবন্দৰ

[সম্পাদনা কৰক]

তেজপুৰ বিমানবন্দৰ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে নগাঁৱৰ ক্ৰমে নিকটতম দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

নগাঁও চহৰ

ৰাজনীতি

[সম্পাদনা কৰক]

নগাঁও নগৰ নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্গত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ নগাঁও লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ।

আধুনিক শিক্ষা ব্যৱস্থা নগাঁও জিলাত ঊনবিংশ শতিকাতে আমেৰিকান বেপ্টিষ্ট মিশ্যনাৰী মাইল্‌ছ ব্ৰনছন আৰু নাথান ব্ৰাউনৰ নেতৃত্বত সূচনা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] অসমীয়া সাহিত্যৰ এজন বিশিষ্ট ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকনে জীৱনৰ অধিকাংশ সময় নগাঁৱত অতিবাহিত কৰিছিল। আনহাতে অসমীয়া বুদ্ধিজীৱী গুণাভিৰাম বৰুৱাই প্ৰায় দুই দশক ধৰি নগাঁৱত অসমীয়া সাহিত্যৰ বিকাশত কৰ্মৰত আছিল।

হয়বৰগাঁও হৈছে নগাঁও চহৰৰ এটি ব্যৱসায়িক এলেকা

বিদ্যালয়

[সম্পাদনা কৰক]

অসমৰ প্ৰাচীনতম বিদ্যালয় নগাঁও মিশ্যন উচ্চ বিদ্যালয় ১৮৪৬ চনত মাইল্‌ছ ব্ৰনছনে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰোপৰি ইয়াত অসমৰ তৃতীয় প্ৰাচীন বিদ্যালয় ১৮৬৫ চনত প্ৰতিষ্ঠিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় অৱস্থিত।[উদ্ধৃতিৰ প্ৰয়োজন] নগাঁৱৰ অন্য এক প্ৰাচীন বিদ্যালয় হৈছে ড'চন উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়।

প্ৰখ্যাত ইংৰাজী মাধ্যমৰ বিদ্যালয়

[সম্পাদনা কৰক]
  • কেন্দ্ৰীয় বিদ্যালয়, নগাঁও
  • খ্ৰীষ্ট জ্যোতি বিদ্যালয়
  • নগাঁও মিশ্যন উচ্চ বিদ্যালয়
  • লিটিল ফ্লাৱাৰ স্কুল
  • নগাঁও ইংলিছ একাডেমী

মহাবিদ্যালয়

[সম্পাদনা কৰক]

নগাঁৱৰ প্ৰসিদ্ধ মহাবিদ্যালয় হৈছে নগাঁও মহাবিদ্যালয়। এই মহাবিদ্যালয় নগৰৰ মাজমজিয়াত অৱস্থিত। আন মহাবিদ্যালয়সমূহৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়, নগাঁও আইন মহাবিদ্যালয়, অসম হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় আদি উল্লেখযোগ্য।

নগাঁও জিলা পুথিভঁৰাল

ক্ৰীড়া

[সম্পাদনা কৰক]

নগাঁৱৰ মূল ক্ৰীড়া স্থলী নুৰুল আমিন ষ্টেডিয়াম প্ৰয়াত খেলুৱৈ নুৰুল আমিনৰ নামত নামকৰণ কৰা হৈছে। এই ষ্টেডিয়ামত প্ৰতি বছৰে সন্মানজনক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা আয়োজিত হয়। প্ৰতিযোগিতাখনত দেশৰ বহুতো আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰে।

বিশিষ্ট ব্যক্তি

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Gogoi 2002 p. 94 ,Agrarian System of Medieval Assam, Jahnabi Gogoi · 2002,ISBN:9788170229674, 8170229677

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
Stub icon এই প্ৰবন্ধটো ভাৰতীয় ৰাজ্য অসমত এটা অৱস্থানৰ বিষয়ে এই প্ৰবন্ধ এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।