আহমাদুল কবীৰ
আহমাদুল কবীৰ মনু মিঞা | |
---|---|
আহমেদুল কবির | |
জাতীয় সংসদৰ সদস্য (ঢাকা-২৫/নাৰসিংদী-২) | |
কাৰ্যকাল ১৯৭৯-১৯৮৮ | |
পূৰ্বসূৰী | মোছলেহ উদ্দিন আহমেদ |
উত্তৰসূৰী | দিলৱাৰ হোছেইন খান |
ব্যক্তিগত তথ্য | |
জন্ম | ৩ ফেব্ৰুৱাৰী, ১৯২৩ ঘোৰাশাল, পলাশ উপজিলা, নাৰ্চিংডি জিলা, বংগ প্ৰদেশ, ব্ৰিটিছ ৰাজ। |
মৃত্যু | ২৪ নৱেম্বৰ, ২০০৩ (৮০ বছৰ) এপ'ল' গ্লিনিগলছ হাস্পতাল, কলকাতা, পশ্চিম বংগ, ভাৰত। |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
ৰাজনৈতিক দল | আহমাদুল কবীৰ (ৰাষ্ট্ৰীয় আৱামী পাৰ্টি) নিৰ্দলীয়, বাংলাদেশৰ কমিউনিষ্ট পাৰ্টি |
দাম্পত্যসঙ্গী | লেইলা ৰহমান কবীৰ |
সন্তান | নিহাদ কবীৰ, আলতামাছ কবীৰ, অৰ্দাশিৰ কবীৰ |
মাতৃ | ছুফিয়া খাটুন |
পিতৃ | আবু ইউছুফ লুতফুল কবীৰ ফেনু মিয়াহ |
শিক্ষানুষ্ঠান | ঢাকা বিশ্ববিদ্যালয় |
পেচা | সাংবাদিক, ৰাজনীতিবিদ |
আহমাদুল কবীৰ (বঙালী: আহমেদুল কবির) আছিল এজন বাংলাদেশী ৰাজনীতিবিদ আৰু সাংবাদিক। তেওঁক মনু মিঞা বুলিও জনা যায়৷ তেওঁ গণতন্ত্ৰী পাৰ্টিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু স্বতন্ত্ৰ বিশ্ববিদ্যালয়, বাংলাদেশৰ গভৰ্নিং এণ্ড ট্ৰাষ্টী ব'ৰ্ডৰ অংশ আছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]আহমাদুল কবীৰৰ জন্ম হৈছিল ১৯২৩ চনৰ ৩ ফেব্ৰুৱাৰীত ব্ৰিটিছ ভাৰতৰ পূব বংগৰ নৰসিংদী জিলাৰ পলাশ উপজিলাৰ ঘোৰাশালত। তেওঁ আছিল বঙালী মুছলমান জমিদাৰ পৰিয়ালৰ৷ তেওঁৰ পিতৃ আছিল আবু ইউছুফ লুতফুল কবীৰ ফেনু মিঞা আৰু মাতৃ আছিল চুফিয়া খাতুন। কবীৰে ঢাকা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু তাতেই অৰ্থনীতিৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ ১৯৪২ চনৰ পৰা ১৯৪৩ চনলৈ ছালিমুল্লাহ মুছলিম হল ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৪৫ চনত ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]শিক্ষা সমাপ্ত কৰি কবীৰে ভাৰতীয় ৰিজাৰ্ভ বেংকত কাম কৰিছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত তেওঁ পূব পাকিস্তানৰ বৈদেশিক বিনিময় বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৪ চনৰ জানুৱাৰী মাহত তেওঁ ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰী সেৱাৰ পৰা পদত্যাগ কৰে। তেওঁ ইষ্টাৰ্ণ মাৰ্কেন্টাইল বেংকৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল৷ ইয়াৰ উপৰি তেওঁ আই এফ আই চি বেংক, বেংগল বেভাৰেজ কোম্পানী, এচেন্সিয়েল ইণ্ডাষ্ট্ৰীজ আৰু ভিটা কোলাৰ বটলিং প্লাণ্ট প্ৰতিষ্ঠা কৰে।[1]
১৯৫১ চনৰ পৰাই কবীৰে দ্য চাংবাদত কাম কৰিছিল।১৯৬৫ চনত তেওঁ ৰাষ্ট্ৰীয় আৱামি পাৰ্টিৰ প্ৰাৰ্থী হিচাপে পূব পাকিস্তান প্ৰাদেশিক বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু পূব পাকিস্তানৰ স্বায়ত্বশাসনক সমৰ্থন কৰিছিল৷ সমৰ্থন প্ৰকাশ কৰিবলৈ তেওঁ তাৰ বিষয়ে ছাংবাদত লিখিছিল। বাংলাদেশৰ মুক্তিযুদ্ধ আৰম্ভ হোৱাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগতে কাকতখনৰ প্ৰকাশৰ কাম বন্ধ কৰি দিয়া হয়৷ ইয়াৰ লগতে কৰ্তৃপক্ষই কাৰ্যালয়টো জ্বলাই দিয়ে। বাংলাদেশৰ স্বাধীনতাৰ পিছত এই প্ৰকাশন পুনৰ আৰম্ভ হয় আৰু ১৯৭২ চনৰ ৯ জানুৱাৰীত তেওঁ ইয়াৰ সম্পাদকৰ পদত অধিষ্ঠিত হয়।[1][2]
১৯৭৯ চনত ঢাকা-২৫ সমষ্টিৰ পৰা কবীৰ স্বতন্ত্ৰভাৱে জাতীয় সংসদলৈ নিৰ্বাচিত হৈছিল। ১৯৮৬ চনত তেওঁ পুনৰ একেটা সমষ্টিৰ পৰা (নতুন নাম : নাৰ্চিংডি-২) পুনৰ নিৰ্বাচিত হয়৷ এইবাৰো তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়। আহমাদুল কবীৰে কৃষক সমিতিৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯০ চনত তেওঁ গণতন্ত্ৰী দলৰ প্ৰতিষ্ঠাপক সভাপতি আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হয়। কবীৰ কমনৱেলথ প্ৰেছ ইউনিয়নৰ বাংলাদেশ ইউনিটৰ অধ্যক্ষও আছিল৷ অধ্যক্ষ হৈ থকাৰ কালত তেওঁ গ্লাছগো, হংকং, দ্য বাহামাৰ দৰে ঠাই ভ্ৰমণ কৰিছিল।[1]
মৃত্যু আৰু উত্তৰাধিকাৰ
[সম্পাদনা কৰক]২০০৩ চনৰ ২৪ নৱেম্বৰত ভাৰতৰ কলকাতাৰ এপ’ল’ গ্লেনইগলছ হাস্পতালত কবীৰৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী লাইলা ৰহমান কবীৰ, এগৰাকী কন্যা নিহাদ কবীৰ আৰু দুই পুত্ৰ আলতামাশ কবীৰ আৰু অৰ্দাশিৰ কবীৰক এৰি থৈ যায়। মৃত্যুৰ পিছত তেওঁৰ বাসগৃহটো পৰ্যটনৰ এক জনপ্ৰিয় স্থানলৈ পৰিণত হৈছে।[3][4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Mohanta, Sambaru Chandra (2012). "Kabir, Ahmadul". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 19 November 2024.
- ↑ Assembly, East Pakistan (Pakistan) (1971) (en ভাষাত). Assembly Proceedings; Official Report. পৃষ্ঠা. 77. https://books.google.com/books?id=7h4dAAAAIAAJ&q=Ahmadul+Kabir.
- ↑ Burhanur Rahman (15 March 2017) (bn ভাষাত). http://www.poriborton.news/post/40338/%E0%A6%AA%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%9C-%E0%A6%AE%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%95%E0%A7%87-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A6%BE%E0%A6%AC%E0%A7%87%E0%A6%A8-%E0%A6%A8%E0%A6%BE.
- ↑ "Monu Mia Zamindar Bari: A palace of Narsingdi". 28 July 2018. https://dailyasianage.com/news/132677/a-palace-of-narsingdi.