সমললৈ যাওক

আৰ্মেনিয়ান শ্ৰুতিকথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰ্মেনিয়ান শ্ৰুতিকথা

আৰ্মেনিয়ান শ্ৰুতিকথাৰ আফ্ৰডাইট

আৰ্মেনিয়ান শ্ৰুতিকথা (ইংৰাজী: Armenian mythology) বা আৰ্মেনিয়ান পৌৰাণিক কাহিনী হৈছে আৰ্মেনিয়াৰ লোককথাৰ অন্তৰ্গত শ্ৰুতিকথা আৰু কিংবদন্তি। প্ৰাচীন ইণ্ডো-ইউৰোপীয় পৰম্পৰা, বিশেষকৈ প্ৰাক-আৰ্মেনিয়ান আৰু ক্ৰমান্বয়ে হুৰো-উৰাৰ্টিয়ান, মেছ'পটেমিয়ান, ইৰাণী আৰু গ্ৰীক বিশ্বাস আৰু দেৱতাৰ পৰা আৰ্মেনিয়ান পৌৰাণিক কাহিনীৰ উৎপত্তি হৈছিল।[1][2]

আৰ্মেনিয়ান শ্ৰুতিকথাৰ গঠন

[সম্পাদনা কৰক]

প্ৰথম অৱস্থাত প্ৰাক-আৰ্মেনিয়ানসকলে পূজা কৰা আৰ্মেনিয়ান দেৱতাৰ প্যান্থেয়নে প্ৰাক-ইণ্ডো-ইউৰোপীয় আৰু আৰ্মেনিয়ান উচ্চভূমিৰ জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাস আৰু পৌৰাণিক কাহিনীৰ পৰাই তেওঁলোকৰ প্ৰয়োজনীয় উপাদানসমূহ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। ইতিহাসবিদসকলে আৰ্মেনিয়ান পৌত্তলিক আচাৰ-ব্যৱহাৰত ব্যৱহাৰ কৰা ইণ্ডো-ইউৰোপীয় ভাষাৰ শব্দৰ এক উল্লেখযোগ্য অংশ পৃথক কৰিছিল। আটাইতকৈ পুৰণি কাল্টসমূহে আৰ[3] (Ar বা সম্ভৱতঃ Ara; আৰা) নামৰ এজন সৃষ্টিকৰ্তাক পূজা কৰিছিল বুলি বিশ্বাস কৰা হয়, যাক সূৰ্য্য (Arev; আৰেভ বা Areg; আৰেগ) বুলি বিবেচনা কৰা হয়; প্ৰাচীন আৰ্মেনিয়ানসকলে নিজকে "সূৰ্য্যৰ সন্তান" বুলি কয়। ইণ্ডো-ইউৰোপীয়-উৎপন্ন পূজাৰ প্ৰাচীন প্ৰকাৰসমূহৰ ভিতৰত ঈগল আৰু সিংহৰ পূজা আৰু আকাশৰ পূজাও অন্যতম।[4]

খ্ৰীষ্টপূৰ্ব ১ম সহস্ৰাব্দত আৰ্মেনিয়াত ইৰাণৰ আধিপত্য প্ৰতিষ্ঠা হোৱাৰ পিছত আৰ্মেনিয়ান ধৰ্মৰ ওপৰত জৰথুষ্ট্ৰ ধৰ্মই বৃহৎ প্ৰভাৱ পেলাইছিল। পাৰ্থিয়ান যুগৰ শেষৰ ফালে আৰ্মেনিয়ান ভূমিসমূহে মাজদা ধৰ্মৰ এক সংহত ৰূপ মানি চলিছিল, যিয়ে ইৰাণী ধৰ্মীয় ধাৰণাসমূহক পৰম্পৰাগত আৰ্মেনিয়ান বিশ্বাসৰ সৈতে সংমিশ্ৰণ কৰিছিল।[5] উদাহৰণস্বৰূপে, আৰ্মেনিয়ান প্যান্থেয়নৰ সৰ্বোচ্চ দেৱতা “ভানাতুৰ”ৰ (Vanatur) ঠাইত পিছলৈ “আৰ্মাজদ” (Aramazd) স্থাপন কৰা হয়।[5] কিন্তু আৰ্মাজদৰ আৰ্মেনিয়ান সংস্কৰণে বহুতো থলুৱা আৰ্মেনিয়ান দিশ সংৰক্ষণ কৰি ৰাখিছিল। একেদৰে আৰ্মেনিয়াৰ পৰম্পৰাগত উৰ্বৰতা দেৱী “নাৰ”ৰ (Nar) ঠাই “আনাহিত” (Anahit) নামৰ দেৱীয়ে দখল কৰিছিল। “আনাহিত” পাৰ্চী “অনাহিতা”ৰ (Anahita) পৰা উদ্ভৱ হ’ব পাৰে, যদিও আৰ্মেনিয়ান দেৱী ইৰাণী সমকক্ষ দেৱীৰ পৰা সম্পূৰ্ণ পৃথক আছিল।

হেলেনিষ্টিক যুগত (খ্ৰীষ্টপূৰ্ব তৃতীয়ৰ পৰা প্ৰথম শতিকা) প্ৰাচীন আৰ্মেনিয়ান দেৱতাসকলক প্ৰাচীন গ্ৰীক দেৱতাৰ সৈতে তুলনা কৰা হৈছিল: আৰ্মাজদক জ্যুচৰ সৈতে, আনাহিতক আৰ্টিমিচৰ সৈতে, ভাহাগনক হেৰাক্লিছৰ সৈতে, এষ্টলিকক এফ্ৰোডাইটিৰ সৈতে, নানেক এথেনাৰ সৈতে, মিহ্ৰক হেফেইষ্টাচৰ সৈতে, টিৰক এপ'ল'ৰ সৈতে।

খ্ৰীষ্টীয় চতুৰ্থ শতিকাত বহু নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছত খ্ৰীষ্টান ধৰ্ম আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ লগে লগে প্ৰাচীন পৌৰাণিক কাহিনী আৰু বিশ্বাসসমূহক খ্ৰীষ্টান বিশ্বাসৰ সৈতে অধিক ঘনিষ্ঠভাৱে আনুগত্যশীল হ'বলৈ বাধ্য কৰা হৈছিল।[6] বাইবেলৰ চৰিত্ৰই প্ৰাচীন দেৱতা আৰু আত্মাৰ কাৰ্য্য গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে, বাপ্তিছ জনে ভাহাগন আৰু টিৰৰ কিছুমান বৈশিষ্ট্য উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল আৰু প্ৰধান স্বৰ্গদূত জিব্ৰাইলে ভাহাগনৰ উপাদান গ্ৰহণ কৰিছিল।

আৰ্মেনিয়ান পৌত্তলিক পৰম্পৰাৰ মৌলিক তথ্য প্ৰাচীন গ্ৰীক লেখক যেনে প্লেটো, হেৰোড'টাছ, জেনোফন আৰু ষ্ট্ৰেবো, চিজাৰিয়াৰ বাইজেণ্টাইন পণ্ডিত প্ৰ'ক'পিয়াছৰ লগতে মধ্যযুগীয় আৰ্মেনিয়ান লেখক যেনে মভচেছ খোৰেনাটছি, আগাথাঞ্জেলছ, কল্বৰ এজনিক, চেবিঅ'ছ আৰু আননিয়া শ্বিৰাকাট্সিৰ গ্ৰন্থসমূহৰ লগতে মৌখিক লোক পৰম্পৰাত সংৰক্ষিত আছিল।

দেৱতামণ্ডলী

[সম্পাদনা কৰক]

বহু শতিকাৰ পিছত প্ৰাক-খ্ৰীষ্টান আৰ্মেনিয়াৰ দেৱতামণ্ডলীৰ ৰূপ সলনি হ’বলৈ ধৰে। মূলতঃ হুৰো-উৰাৰ্টিয়ান, চেমিটিক, ইৰাণী আৰু গ্ৰীক প্ৰভাৱৰ জৰিয়তে স্থানীয় আৰ্মেনিয়ান দেৱতামণ্ডলীৰ প্ৰকৃতি সংশোধন কৰা হৈছিল।

বহুতো বা সকলো পৌত্তলিক আৰ্মেনিয়ান দেৱতামণ্ডলীৰ এটা সাধাৰণ সাজোন আছিল তিনিজন সৰ্বোচ্চ দেৱতাৰ শাসনৰ ওপৰত বিশ্বাস, য'ত সাধাৰণতে এজন মুখ্য, সৃষ্টিকৰ্তা দেৱতা, বজ্ৰপাত বা বিজুলীৰ অধিকাৰী তেওঁৰ পুত্ৰ আৰু এগৰাকী মাতৃ দেৱী থাকে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Armenia (Vannic)" by A.H. Sayce, p.793-4; "Armenia (Zoroastrian)", by M(ardiros). H. Ananikian, p.794-802; in Encyclopædia of Religion and Ethics, ed. James Hastings, vol. 1, 1908
  2. Russell, James R. (15 December 1986). "ARMENIA AND IRAN iii. Armenian Religion". Encyclopædia Iranica. Retrieved 3 July 2014. 
  3. Herouni, Paris M. (2004) (en ভাষাত). Armenians and old Armenia: archaeoastronomy, linguistics, oldest history. Tigran Metz Publishing House. পৃষ্ঠা. 127. ISBN 9789994101016. https://books.google.com/books?id=w36gAAAAMAAJ&q=god. 
  4. Boettiger, Louis Angelo (1918) (en ভাষাত). Armenian Legends and Festivals. University of Minnesota. https://books.google.com/books?id=CSRKAQAAMAAJ&pg=RA2-PA56. 
  5. 5.0 5.1 Mary Boyce. Zoroastrians: Their Religious Beliefs and Practices Psychology Press, 2001 আই.এচ.বি.এন. 0415239028 p 84
  6. Ananikian, Mardiros Harootioon (1925) (en ভাষাত). Armenian [mythology]. Archaeological Institute of America : Marshall Jones Company. https://books.google.com/books?hl=en&lr=&id=5ZoYAAAAIAAJ&oi=fnd&pg=PP15&dq=armenian+mythology&ots=AsGi9SX1N9&sig=kzYIg6AEwBBQA4Pvi-trWOAQYkc#v=onepage&q&f=true.