জৰথুষ্ট্ৰবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জৰথুষ্ট্ৰীয় ধৰ্মৰ ফৰাৱাহৰ প্ৰতীক
পাৰ্চী চিহ্ন

জৰথুষ্ট্ৰবাদ (ফাৰ্চী: مزدیسنا  ; ইংৰাজী: Zoroastrianism বা Zarathustraism ) বা পাৰ্চীবাদ (Magianism) (আৰু অনুগামীসকলৰ মাজত Magdayanism ) এটা প্ৰাচীন ইৰাণী একশ্বৰবাদী ধৰ্ম বা ধৰ্মীয় মতবাদ। ভাৰত উপমহাদেশত ইয়াক পাৰ্চী ধৰ্ম বুলিও জনা যায়। [1] জৰথুষ্ট্ৰ হৈছে জৰাথুষ্ট্ৰবাদ ধৰ্ম বা পাৰ্চী ধৰ্মৰ প্ৰতিষ্ঠাপক। তেওঁৰ নাম অনুযায়ী এই ধৰ্মক পৃথিৱীৰ বিভিন্ন ভাষাত "জোৰ'ষ্ট্ৰিয়ানবাদ" বা জৰাথুষ্ট্ৰবাদ বুলি কোৱা হয়। এই ধৰ্মত ঈশ্বৰক অহুৰ মাজদা বা আহুৰা মাজদা ("সৰ্বজ্ঞানী") বুলি কোৱা হয়। এই ধৰ্মৰ ধৰ্মগ্ৰন্থক আবেস্তা বা জেন্দাবেস্তা (জেন্দ আবেস্তা) বুলি কোৱা হয় ৷ পাৰ্চী ধৰ্মৰ অনুগামীসকল অগ্নি-পূজাৰী নহয় যদিও পাৰ্চী জৰাথুষ্ট্ৰবাদী সকলে অগ্নিৰ পবিত্ৰতাক ঈশ্বৰৰ পবিত্ৰতাৰ সৈতে তুলনাযোগ্য বুলি গণ্য কৰে। এই ধৰ্মীয় গ্ৰন্থৰ লগত ঋগবেদৰ বহু সাদৃশ্য আছে, গতিকে দুয়োটাৰে উৎপত্তি একেটা উৎসৰ পৰাই হোৱা বুলি বিশ্বাস কৰা হয়। ইহুদী আৰু খ্ৰীষ্টান ধৰ্মত জৰথুষ্ট্ৰক ঈশ্বৰে পঠোৱা এজন দূত বুলি গণ্য কৰা হয়।

এই ধৰ্মৰ অনুগামীৰ সংখ্যা ১ লাখ ৩০ হাজাৰ (প্ৰায়)।আনুষ্ঠানিকভাৱে জৰাথুষ্ট্ৰবাদী ধৰ্মত দীক্ষা ল’বলৈ নৱজোত (বা নওজোত) নামৰ এটা অনুষ্ঠান পালন কৰা হয়। সাত বছৰ বয়স হোৱাৰ আগতে কাৰো নৱজোত নহয়। কিন্তু নৱজোতৰ বয়সৰ কোনো উচ্চ সীমা নাই।

অনুগামীৰ সংখ্যা[সম্পাদনা কৰক]

বৰ্তমান পৃথিৱীত জৰথুষ্ট্ৰীয়ৰ সংখ্যা প্ৰায় ১ লাখ ৩০ হাজাৰ। তেওঁলোকে ভাৰত, আমেৰিকা, কানাডা, ইংলেণ্ড, ইৰাণকে ধৰি মুষ্টিমেয় দেশত বাস কৰে। এই ধৰ্মৰ অনুগামীসকলৰ আধা সংখ্যকে বৰ্তমান ভাৰতত বাস কৰে। ভাৰতত বসবাস কৰা এই পাৰ্চীসকলৰ ৯০ শতাংশই মুম্বাইত বাস কৰে। বাকী ১০ শতাংশ সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি আছে। কলকাতাত পাৰ্চী জনসংখ্যা প্ৰায় চাৰিশ। শেহতীয়াকৈ ২০১৫ চনত এক লাখ হিন্দুৱে জৰথুষ্ট্ৰীয় ধৰ্ম গ্ৰহণ কৰিছিল।[1]

জৰথুষ্ট্ৰীয় ধৰ্মত আনুষ্ঠানিকভাৱে দীক্ষিত কৰা অনুষ্ঠান নৱজোতৰ এটা দৃশ্য

চৰিত্ৰ[সম্পাদনা কৰক]

এই ধৰ্মত এজন ঈশ্বৰক উপাসনা কৰা হয়, যাক কোৱা হয় অহুৰা মজদা। অগ্নিক ঈশ্বৰৰ পুত্ৰৰ দৰে আৰু অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয়। অগ্নিৰ মাধ্যমেৰে অহুৰা মজদাক পূজা কৰা হয়। পাৰ্চী মন্দিৰক আতিশ বেহৰাম বুলি কোৱা হয়। পাৰ্চী বিশ্বাস অনুসৰি আহুৰা মাজদাৰ শত্ৰু হৈছে দুষ্ট অংগিৰা মৈন্যু (আহৰীমান)। স্পেন্তা অমৰেশ (সংস্কৃত: স্পন্দ অমৃত) হ'ল পাৰ্চী ধৰ্মৰ অমৃতময়ী শক্তিৰ নাম। ইয়াৰ ৬টা ৰূপ আছে। তাৰে ভিতৰত তিনিজন দেৱতা হ'ল: বোহু মানহ, আশা বহিষ্ট, ক্ষত্ৰ বৈৰ্য্য (সংস্কৃতত সুমনঃ, ঋত বশিষ্ঠ, ক্ষত্ৰ বৈৰ্য্য) আৰু তিনিজনী দেৱী হ'ল: সপেন্ত আৰ্মৈতি, হৌৰ্ৱতন, অমৰতন (সংস্কৃতত স্পন্দ অৰমতি, সাৰ্বস্ব, অমৰত্ব)।

অধিক জানিবলৈ পঢ়ক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • সুভাষ কাক, "Vedic elements in the ancient Iranian religion of Zarathushtra." Adyar Library Bulletin, 2003, vil. 67, pp. 47–63. [1]
  • Kulke, Eckehard: The Parsees in India: a minority as agent of social change. München: Weltforum-Verlag (= Studien zur Entwicklung und Politik 3), ISBN 3-8039-00700-0
  • Ervad Sheriarji Dadabhai Bharucha: A Brief sketch of the Zoroastrian Religion and Customs
  • Dastur Khurshed S. Dabu: A Handbook on Information on Zoroastrianism
  • Dastur Khurshed S. Dabu: Zarathustra an his Teachings A Manual for Young Students
  • Jivanji Jamshedji Modi: The Religious System of the Parsis
  • R. P. Masani: The religion of the good life Zoroastrianism
  • P. P. Balsara: Highlights of Parsi History
  • Maneckji Nusservanji Dhalla: History of Zoroastrianism; dritte Auflage 1994, 525 p, K. R. Cama, Oriental Institute, Bombay
  • Dr. Ervad Dr. Ramiyar Parvez Karanjia: Zoroastrian Religion & Ancient Iranian Art
  • Adil F. Rangoonwalla: Five Niyaeshes, 2004, 341 p.
  • Aspandyar Sohrab Gotla: Guide to Zarthostrian Historical Places in Iran
  • J. C. Tavadia: The Zoroastrian Religion in the Avesta, 1999
  • S. J. Bulsara: The Laws of the Ancient Persians as found in the "Matikan E Hazar Datastan" or "The Digest of a Thousand Points of Law", 1999
  • M. N. Dhalla: Zoroastrian Civilization 2000
  • Marazban J. Giara: Global Directory of Zoroastrian Fire Temples, 2. Auflage, 2002, 240 p, 1
  • D. F. Karaka: History of The Parsis including their manners, customs, religion and present position, 350 p, illus.
  • Piloo Nanavatty: The Gathas of Zarathushtra, 1999, 73 p, (illus.)
  • Roshan Rivetna: The Legacy of Zarathushtra, 96 p, (illus.)
  • Dr. Sir Jivanji J. Modi: The Religious Ceremonies and Customs of The Parsees, 550 Seiten
  • Mani Kamerkar, Soonu Dhunjisha: From the Iranian Plateau to the Shores of Gujarat, 2002, 220 p
  • I.J.S. Taraporewala: The Religion of Zarathushtra, 357 p
  • Jivanji Jamshedji Modi: A Few Events in The Early History of the Parsis and Their Dates, 2004, 114 p
  • Dr. Irach J. S.Taraporewala: Zoroastrian Daily Prayers, 250 p
  • Adil F.Rangoonwalla: Zoroastrian Etiquette, 2003, 56 p
  • Rustom C Chothia: Zoroastrian Religion Most Frequently Asked Questions, 2002, 44 p
  • UNESCO Parsi Zoroastrian Project
  • Zoroastrian Influence Upon Jewish Conceptions Of Satan
  • https://web.archive.org/web/20070216105733/http://parsiana.com/

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 আনন্দবাজাৰ পত্ৰিকা