সমললৈ যাওক

ইজৰাইলৰ দখলকৃত অঞ্চলসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৬৭ চনৰ ছয়দিনীয়া যুদ্ধৰ পাছত ইজৰাইলে পশ্চিম এছিয়াৰ এনে কিছুমান অঞ্চল নিজৰ দখললৈ আনিছিল য'ত পূৰ্বতে বেলেগৰ প্ৰশাসন চলিছিল। এই ঘটনাকে কেন্দ্ৰ কৰি আজিও পশ্চিম এছিয়া অঞ্চল উত্তপ্ত অৱস্থাত থাকে। প্ৰথমাৱস্থাত ইজৰাইলৰ দ্বাৰা দখলকৃত অঞ্চলসমূহ আছিল:

১৯৮২ চনৰ লেবানন যুদ্ধৰ পাছত ইজৰাইলে লেবাননৰ দক্ষিনাংশও অধিকাৰ কৰি লয়।

কোনবোৰ অংশ ইজৰাইলে এৰিছে

[সম্পাদনা কৰক]

১৯৭৯ চনত ইজৰাইল-ইজিপ্ত শান্তি চুক্তি মতে ইজৰাইলে চিনাই প্ৰায়দ্বীপ ইজিপ্তক উভতাই দিয়ে আৰু ইজিপ্তে গাজাপট্টিৰ ওপৰত সকলো অধিকাৰ ত্যাগ কৰে। ১৯৯৩ চনত ইজৰাইলৰ প্ৰধান মন্ত্ৰী ইৎজাক ৰাবিন আৰু পেলেষ্টাইন মুক্তি সংস্থাইয়াছেৰ আৰাফাতৰ মাজত পাৰস্পৰিক বুজাপৰাৰ মাজেৰে গাজাপট্টি পেলেষ্টাইন প্ৰাধিকৰনৰ অধীনলৈ আহে। কিন্তু ২০০৭ চনত পেলেষ্টাইনৰে হামাছ নামৰ ৰাজনৈতিক সংগঠনে ফাতাহ দলক নিৰ্বাচনত পৰাজিত কৰি এই অঞ্চল নিজৰ দখললৈ আনে।

ইজৰাইলে লেবাননৰ খ্ৰিষ্টিয়ান যুঁজাৰু বাহিনী দক্ষিন লেবানন সেনাৰ পক্ষ লৈ লেবাননৰ দক্ষিনাংশখিনি দখললৈ আনিছিল যদিও ইৰাণৰ তৎপৰতাত লেবাননত হিজবোল্লাহ নামৰ এক ইছলামীয় উগ্ৰ-ৰাজনৈতিক সংগঠনে অনৰ্গল ইজৰাইলৰ লগত যুঁজ দি ইজৰাইলৰ দখলক প্ৰত্যাহবান জনাই আহিছিল। হিজবোল্লাহয়ে তলে তলে এক সামৰিক বাহিনীও চলাই ৰাখিছিল আৰু পাছত খ্ৰিষ্টিয়ান যুঁজাৰু বাহিনী দক্ষিন লেবানন সেনাক গেৰিলা যুদ্ধৰে পৰাস্ত কৰি দক্ষিন লেবানন নিজৰ দখললৈ আনে। ফলত ইজৰাইলে ২৪ মে, ২০০০ চনত দক্ষিন লেবানন এৰিবলৈ বাধ্য হয়।

কোনবোৰ অংশ ইজৰাইলে ৰাখিছে

[সম্পাদনা কৰক]

অদ-দিফা-ই-গাৰবিয়া (ৱেষ্ট বেঙ্ক, জৰ্ডান নদীৰ পশ্চিম পাৰ)ৰ খ আৰু গ অংশ বৰ্তমানে ইজৰাইলে নিজৰ অধীনত ৰাখিছে। ক অংশ পেলেষ্টাইন প্ৰাধিকৰণৰ হাতত আছে।

গোলান উচ্চাঞ্চলক লৈ ছিৰিয়াৰ আৰব সেনা, ছিৰিয়াৰ বিদ্ৰোহী সংগঠন জিহাদী নুছৰা বাহিনী আৰু আইছিল সমৰ্থিত উগ্ৰবাদী বোৰে যুঁজ-বাগৰ কৰি আছে।

চিনাই প্ৰায়দ্বীপদক্ষিন লেবাননগোলান উচ্চাঞ্চলঅদ-দিফা-ই-গাৰবিয়া (ৱেষ্ট বেঙ্ক)
(পূৱ জেৰুজালেম বাদে)
পূৱ জেৰুজালেম গাজা পট্টি
ইজৰাইলৰ দখলৰ ম্যাদ১৯৫৬-১৯৫৭,
১৯৬৭-১৯৮২
১৯৮২-২০০০১৯৬৭ ৰ পৰা এতিয়ালৈকে১৯৬৭ ৰ পৰা এতিয়ালৈকে১৯৬৭ ৰ পৰা এতিয়ালৈকে১৯৫৬-১৯৫৭,
১৯৬৭-২০০৫
কোনে দাবী কৰে বা কাৰ আছিল ইজিপ্ত লেবানন ছিৰিয়া
 লেবানন ( ছিবা ফাৰ্মছ অঞ্চল )
 জৰ্ডান(১৯৬৭-১৯৮৮)
 পেলেষ্টাইন (১৯৮৮ ৰ পৰা এতিয়ালৈকে)
 জৰ্ডান (১৯৬৭-১৯৮৮)
 পেলেষ্টাইন (১৯৮৮ ৰ পৰা এতিয়ালৈকে)
 ইজিপ্ত (১৯৬৭-১৯৭৯)
 পেলেষ্টাইন(১৯৮৮ ৰ পৰা এতিয়ালৈকে)
এতিয়া কাৰ প্ৰশাসন আছে ইজিপ্ত লেবানন ইজৰাইলপেলেষ্টেনিয়ান অঞ্চলসমূহ পেলেষ্টাইন জাতীয় প্ৰাধিকৰন (ক অংশ)
 ইজৰাইল(খ অংশ আৰু গ অংশ)
 ইজৰাইল হামাছ
ইজৰাইলে এতিয়াও নিজৰ বুলি ভাৱে নেকিনহয়, নাভাৱেনহয়, নাভাৱেহয়, গোলান উচ্চাঞ্চলৰ আইন মতে উত্তৰ জিলাৰ অংশ বুলি মানেজুদিয়া আৰু ছামাৰিয়াৰ সকলো অংশ সামৰি অদ-দিফা-ই-গাৰবিয়া (ৱেষ্ট বেঙ্ক)ৰ খ অংশ আৰু গ অংশ নিজৰ বুলি ভাৱেহয়, জেৰুজালেম আইন মতে অবিভক্ত জেৰুজালেমৰ অংশ বুলি ভাৱেনাভাৱে, কিন্তু সীমান্ত সুৰক্ষা (আকাশ আৰু জলমাৰ্গ) দখলত ৰাখিছে
পেলেষ্টাইনত ব্ৰিটিছ ৰাজাধিকাৰৰ অংশ আছিল নেকিনহয়, নাছিলনহয়, নাছিলইজৰাইল-ছিৰিয়া সীমান্তৰ দক্ষিনাংশত ১৯২৩ লৈকে আছিলহয়, আছিলহয়, আছিলহয়, আছিল
ইজৰাইলী উপনিৱেশ আছে নেকিনাই; ১৯৮২ চনত খালী কৰি দিয়েনাইআছেআছেআছেনাই , ২০০৫ চনত খালী কৰি দিয়ে