ইস্ত্ৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এটা আধুনিক বৈদ্যুতিক বাষ্প ইস্ত্ৰি

ইস্ত্ৰি (ইংৰাজী: Clothing iron বা flatiron) এবিধ তলিখন চেপেটা ওপৰত হাতল থকা সঁজুলী। এই সজুলীবিধ গৰম কৰি ইয়াৰে পোছাকৰ ভাঁজ নোহোৱা কৰিব পাৰি। সাধাৰণতে লো-ৰে সজা হয় বাবেই লোৰ ইংৰাজী নাম iron-ৰ পৰাই ইয়াকো ইংৰাজীত আইৰণ বুলি কোৱা হয়। গৰম কৰাৰ সময়ত কাপোৰৰ আঁহৰ অণুৰ দীঘলীয়া শৃংখলৰ মাজৰ বান্ধোন সমূহ কোমল হৈ পৰে, ইয়াৰ লগে লগ গধূৰ চেপেটা তলিখনেৰে হেঁচা দিয়াৰ ফলত আঁহবোৰ দীঘল হৈ পৰে আৰু ঠাণ্ডা হোৱাৰ সময়ত সেই ভাঁজেই ৰৈ যায়। কিছুমান তন্তু যেনে কপাহ-ৰ বাবে মাজৰ শৃংখলবোৰ কোমল কৰিবলৈ তাক সেমেকা কৰি ল'ব লাগে। নকৈ আৱিষ্কৃত বহুতো কৃত্ৰিম আঁহৰ বাবে ইস্ত্ৰি কৰাৰ প্ৰয়োজন নথকা বুলি কোৱা হয়।

১৮৭১ চনত আমেৰিকাৰ মেৰি ফ্লোৰেন্স পট্টছ নামৰ এগৰাকী মহিলাই "ছেড আইৰণ" (ইস্ত্ৰি) উদ্ভাৱন কৰে।[1] নিউয়ৰ্কৰ এগৰাকী ব্যক্তি হেন্‌ৰি ডব্লিউ. ছীলী-য়ে ১৮৭২ চনত বিজুলীচালিত ইস্ত্ৰি আৱিষ্কাৰ কৰে। ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ ইস্ত্ৰি আৱিষ্কৃত হৈছে।

ইতিহাস[সম্পাদনা কৰক]

অষ্টম শতিকামানৰ পৰা চীন দেশত অঙঠা ভৰাই তপতোৱা ইস্ত্ৰিৰ প্ৰচলন হৈছিল। ১৬০০ শতিকামানত হলেণ্ডৰ দৰ্জীবোৰে অঙঠা ভৰাই লোৱা ফোঁপোলা ইস্ত্ৰিৰ ব্যৱহাৰ কৰিছিল। ১৮০০ শতিকামানৰ পৰা ত্ৰিভুজকৃতি আৰু হেণ্ডেল থকা ডাঠ লোৰ গধুৰ ইস্ত্ৰি বিধৰ প্ৰচলন হৈছিল। এনে ইস্ত্ৰিক ইংৰাজীত "ছেড আইৰণ"ছ বুলি কৈছিল। এনে ধৰণৰ ইস্ত্ৰি একেলগে দুটা ব্যৱহাৰ কৰে। গৰম কৰিবলৈ জুইৰ চৌকাত এটা বহুৱাই থয় আৰু আনটোৰে কাপোৰ ইস্ত্ৰি কৰে। ইস্ত্ৰি ঠাণ্ডা পৰিলে ঠাণ্ডাটো থৈ গৰমটো লৈ ইস্ত্ৰি মৰা কাম চলাই থাকে। শ্ৰীমতী পট্টছে উদ্ভাৱন কৰা ইস্ত্ৰিবিধৰ ভিতৰখন ফোঁপোলা আৰু তাৰ ভিতৰখন বালি, চিমেণ্ট আদিৰে ভৰ্তিহৈ থাকে। এই তাপ অপৰিবাহী বস্তুবোৰ ভিতৰত থকা বাবে তাপ ওপৰৰ হেণ্ডেলডাললৈ নাহে আৰু বহুত সময়লৈ ইস্ত্ৰিটো গৰম হৈ থাকে। পট্টছৰ ইস্ত্ৰিবিধ দুয়ো মূৰ জোঙা আৰু ঘেৰ খোৱা হেণ্ডেলৰ। হেণ্ডেলডাল এটাৰ পৰা খুলি আন এটা ইস্ত্ৰিলৈ নি লগাই ল'ব পাৰি। ১৮৫০ চনত কেৰাছিন, এলক'হল, তিমিমাছৰ তেল, গেছ, কাৰ্বাইড আনকি গেছ'লিন জ্বলাই গৰম কৰিব পৰা বিভিন্ন ধৰণৰ ইস্ত্ৰিৰ উদ্ভাৱন আৰু প্ৰচলন হৈছিল।[1]

এটা অঙঠা ভৰাই তপতোৱা ইস্ত্ৰি
মূল বাকচৰ সৈতে ১৯৫০ চনৰ মৰ্ফি-ৰিচাৰ্ডছ কোম্পানীৰ এটা ইস্ত্ৰি

বিদ্যুৎৰ ইস্ত্ৰি[সম্পাদনা কৰক]

১৮৮২ চনত নিউ জাৰ্ছীৰ "হেনৰি ডব্লিউ ছীলী"য়ে বিদ্যুতৰ ইস্ত্ৰি উদ্ভাৱন কৰে। প্ৰথম অৱস্থাত এনে ইস্ত্ৰিবোৰৰ তাপ নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থা নাছিল। তাপ নিয়ন্ত্ৰণ কৰিব পৰা বিদ্যুৎৰ ইস্ত্ৰিৰ উদ্ভাৱন ঘটে ১৯২০ চনত। আজিকালি বিভিন্ন ব্যৱস্থা থকা ইস্ত্ৰি ওলাইছে। কিছুমান ইস্ত্ৰিত পানীৰ ভাপ উলিয়াই ইস্ত্ৰি কৰাৰ ব্যৱস্থা আছে যাতে ইস্ত্ৰি কৰাৰ আগে আগে কাপোৰবোৰ সেমেকাই কোমল কৰি যাব পাৰি। বিদ্যুৎৰ ইস্ত্ৰিৰ ভিতৰত এচটা "হিটিং ফিলামেণ্ট" থাকে। বিদ্যুৎ প্ৰৱাহিত হ'লে ফিলামেণ্টচটা গৰম হয় আৰু তাৰ তাপে ইস্ত্ৰিৰ তলখন গৰম কৰে। বিদ্যুতৰ ইস্ত্ৰিৰ ওপৰত বেলেগ বেলেগ কাপোৰৰ বাবে তাপ নিয়ন্ত্ৰণৰ এটা নিয়ন্ত্ৰণ চকৰি থাকে। তাত কপাহী, উল, ৰেছম, পলিষ্টাৰ, নাইলন আদি কাপোৰ বেলেগ তাপত ইস্ত্ৰি কৰাৰ বাবে তাপ নিয়ন্ত্ৰণ কৰিব পাৰি। যেনে:[1]

কাপোৰ উষ্ণতা
কপাহী ২০৪° চেণ্টিগ্ৰেড
ৰেছমী ১৪৮° চেণ্টিগ্ৰেড
ঊল ১৪৮° চেণ্টিগ্ৰেড
নাইলন ১৩৫° চেণ্টিগ্ৰেড
পলিষ্টাৰ ১৪৮° চেণ্টিগ্ৰেড

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 শান্তনু তামূলী (এপ্ৰিল ২০০৬). "ইস্ত্ৰি". অকনিহঁতৰ বিজ্ঞান আলোচনী (নতুন আৱিষ্কাৰ): পৃষ্ঠা ১৪-১৫.