সমললৈ যাওক

এনৰিকো ফাৰ্মি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এনৰিকো ফাৰ্মি

এনৰিকো ফাৰ্মি
জন্ম ২৯ ছেপ্টেম্বৰ, ১৯০১
ৰোম, ইটালী
মৃত্যু ২৮ নৱেম্বৰ, ১৯৫৪ (৫৩ বছৰ)
শিকাগো, ইলিনয়, মাৰ্কিন যুক্তৰাষ্ট্ৰ
বাসস্থান ইতালি (১৯০১–১৯৩৮)
মাৰ্কিন যুক্তৰাষ্ট্ৰ (১৯৩৮–১৯৫৪)
নাগৰিকত্ব ইতালীয় (১৯০১–১৯৩৮)
মাৰ্কিন (১৯৪৪–১৯৫৪)
ক্ষেত্ৰ পদাৰ্থবিজ্ঞান
কৰ্মস্থান Scuola Normale Superiore di Pisa
গ্যটিঙেন বিশ্ববিদ্যালয়
লাইডেন বিশ্ববিদ্যালয়
University of Florence
Sapienza University of Rome
কলাম্বিয়া ইউনিভাৰ্সিটি
শিকাগো বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান Scuola Normale Superiore di Pisa
শৈক্ষিক পৰামৰ্শদাতা
ডক্তৰেল বিদ্যাৰ্থী ওয়েন চেম্বাৰলেইন
Geoffrey Chew
Mildred Dresselhaus
জেৰোম আইজ্যাক ফ্ৰিডম্যান
Marvin Leonard Goldberger
সুং-দাও লি
লিও জেমস ৰেইনওয়াটাৰ
Marshall Rosenbluth
Arthur Rosenfeld
এমিলিও জিনো সেগৰে
জ্যাক ষ্টাইনবাৰ্গাৰ
Sam Treiman
জনা যায়
উল্লেখনীয় বঁটা পদাৰ্থ বিজ্ঞানত নোবেল বঁটা (১৯৩৮)

এনৰিকো ফাৰ্মি (২৯ ছেপ্টেম্বৰ, ১৯০১ - ২৮ নৱেম্বৰ, ১৯৫৪) এজন ইটালীয় পদাৰ্থবিজ্ঞানী আছিল। তেওঁ ১৯৪২ চনত প্ৰথমবাৰৰ বাবে পৰমাণু বিভাজন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই গৱেষণাই পৰৱৰ্তীকালত পৰমাণু বোমা আৰু শক্তি উৎপাদনৰ বাবে ব্যৱহৃত পৰমাণু চুল্লী নিৰ্মাণৰ ভিত্তি স্থাপন কৰিছিল। তেওঁ ১৯৩৮ চনত ৰেডিঅ'এক্টিভিটিৰ ওপৰত কৰা গৱেষণাৰ বাবে পদাৰ্থবিজ্ঞানত ন'বেল বঁটা লাভ কৰিছিল। তেওঁ মেনহেটন প্ৰকল্পত অংশগ্ৰহণ কৰিছিল।

ফাৰ্মি বিশ্বৰ প্ৰথম নিউক্লিয়াৰ চুল্লী নিৰ্মাতা আছিল। সেই চুল্লীটোৰ নাম আছিল চিকাগ’ পাইল-১। তেওঁক নিউক্লিয়াৰ যুগৰ স্থপতি বুলি কোৱা হয় আৰু একেই সময়তে তেওঁক নিউক্লিয়াৰ বোমাৰো স্থপতি বুলি গণ্য কৰা হয়।[1] তেওঁ স্বল্পসংখ্যক পদাৰ্থবিজ্ঞানীৰ ভিতৰত এজন, যিয়ে তাত্ত্বিক আৰু পৰীক্ষণমূলক পদাৰ্থবিজ্ঞান দুয়োখন ক্ষেত্ৰতেই কৃতিত্ব দেখুৱাইছিল। ইউৰেনিয়ামৰ পিছৰ মৌলবোৰত নিউট্ৰন প্ৰক্ষেপণৰ জৰিয়তে সৃষ্টি হোৱা তেজস্ক্ৰিয়তাৰ ওপৰত কৰা কামৰ বাবে তেওঁ ১৯৩৮ চনত পদাৰ্থবিজ্ঞানত ন'বেল বঁটা লাভ কৰিছিল।

ফাৰ্মিৰ প্ৰথম উল্লেখযোগ্য অৱদান আছিল পৰিসাংখ্যিক  বলবিজ্ঞানৰ ক্ষেত্ৰত। ১৯২৫ চনত ৱল্ফগেং পাউলিয়ে তেওঁৰ নিষেধ নীতি প্ৰণয়ন কৰাৰ পিছত, ফাৰ্মিয়ে এখন গবেষণাপত্ৰ প্ৰকাশ কৰিছিল য'ত তেওঁ এক নতুন  পৰিসাংখ্যিক প্ৰণালী ব্যৱহাৰ কৰি আদৰ্শ গেছৰ ক্ষেত্ৰত নিষেধ নীতি প্ৰয়োগ কৰে। বৰ্তমান ইয়াক ফাৰ্মি–ডিৰাক সাংখ্যিকী বুলি জনা যায়। আজিকালি পাউলিৰ নিষেধ নীতি পালন কৰি চলা কণাবোৰক "ফাৰ্মিয়ন" বুলি কোৱা হয়। পাছলৈ, পাউলিয়ে বিটা ক্ষয়ৰ কালত  নিৰ্গত হোৱা ইলেকট্ৰনৰ লগত এক আধানহীন অদৃশ্য কণাৰ অস্তিত্বৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল।   শক্তি সংৰক্ষণৰ নিয়মে এনে এটা কণাৰ অস্তিত্ব সমৰ্থন কৰে। ফাৰ্মিয়ে এই ধাৰণাটোৰ ভিত্তিত এটা মডেল গঢ়ি তুলিছিল  আৰু সেই কণাটোক "নিউট্ৰিনো" বুলি নামকৰণ কৰিছিল। তেওঁৰ এই তত্ত্বক ফাৰ্মিৰ আন্তঃক্ৰিয়া বুলি জনা গৈছিল আৰু বৰ্তমান ইয়াক দুৰ্বল আন্তঃক্ৰিয়া (weak interaction) বুলি জনা যায়। এই তত্ত্বই প্ৰকৃতিৰ চাৰিটা মূল আন্তঃক্ৰিয়াৰ এটাৰ বৰ্ণনা কৰিছিল। নিউট্ৰনৰ প্ৰয়োগৰে কৰা পৰীক্ষাৰ জৰিয়তে ৰেডিঅ'এক্টিভিটি উদ্দীপিত কৰি ফাৰ্মিয়ে আৱিষ্কাৰ কৰিছিল যে মন্থৰ নিউট্ৰনসমূহক  পৰমাণুৱে সহজে  বন্দী কৰিব পাৰে।

আৰু তেওঁ ইয়াৰ বৰ্ণনা কৰিবলৈ ফাৰ্মি বয়স সমীকৰণৰ বিকাশ কৰিছিল। থ’ৰিয়াম আৰু ইউৰেনিয়ামক মন্থৰ নিউট্ৰনৰে খুন্দিওৱাৰ  পিছত, তেওঁ সিদ্ধান্ত কৰিছিল যে তেওঁ নতুন মৌল সৃষ্টি কৰিছে।   এই আৱিষ্কাৰৰ বাবে তেওঁ ন'বেল বঁটা লাভ কৰিছিল। অৱশ্যে, পাছলৈ এই নতুন মৌলবোৰ নিউক্লিয়াৰ বিভাজনৰ ফলত  উৎপন্ন হোৱা পদাৰ্থ বুলি প্ৰকাশ কৰা হৈছিল।

ফাৰ্মিয়ে তেওঁৰ ইহুদী পত্নী লাউৰা কেপ’নৰ ওপৰত নতুন ইটালীয় জাতিগত আইনবোৰৰ প্ৰভাৱ পৰাৰ ফলত ১৯৩৮ চনত ইটালি ত্যাগ কৰি আমেৰিকালৈ প্ৰৱাস কৰে। তাত তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মেনহেটন প্ৰকল্পত কাম কৰিছিল। তেওঁ চিকাগো বিশ্ববিদ্যালয়ত থকা দলটোৰ নেতৃত্ব দিছিল, যিটো দলে চিকাগো পাইল-১ ডিজাইন আৰু নিৰ্মাণ কৰিছিল। এই চুল্লীটোৱে ১৯৪২ চনৰ ২ ডিচেম্বৰত প্ৰথম মানুহৰ দ্বাৰা সৃষ্টি হোৱা আত্ম-নিয়ন্ত্ৰিত আণৱিক শৃংখল বিক্ৰিয়া প্ৰদৰ্শন কৰিছিল। তেওঁ ১৯৪৩ চনত টেনেছীৰ অ'ক ৰিজৰ এক্স-১০ গ্ৰাফাইট চুল্লী আৰু পাছলৈ ১৯৪৪ চনত হেনফৰ্ড চাইটৰ বি ৰিএক্টৰৰ  সংকট অৱস্থাত  উপস্থিত আছিল। লছ আলাম'ছত, তেওঁ এফ ডিভিচনৰ নেতৃত্ব দিছিল, য’ত তেওঁৰ দলৰ কিছু অংশই এডৱৰ্ড টেলাৰৰ তাপীয় আণৱিক বোমাৰ ওপৰত কাম কৰিছিল। তেওঁ ১৯৪৫ চনৰ ১৬ জুলাইৰ ত্ৰিনিটী পৰীক্ষাতো উপস্থিত আছিল, য’ত প্ৰথম বাৰৰ বাবে সম্পূৰ্ণ নিউক্লিয়াৰ বোমাৰ বিস্ফোৰণ পৰীক্ষা কৰা হৈছিল, আৰু এই পৰীক্ষাত ফাৰ্মিয়ে তেওঁৰ পদ্ধতি ব্যৱহাৰ কৰি বোমাৰ বিস্ফোৰণ শক্তি অনুমান কৰিছিল।

যুদ্ধৰ পাছত, তেওঁ চিকাগোত নিউক্লিয়াৰ অধ্যয়ন প্ৰতিষ্ঠান স্থাপন কৰাত সহায় কৰিছিল আৰু জে. ৰবাৰ্ট অ'পেনহেইমাৰৰ নেতৃত্বত জেনেৰেল এডভাইজৰী কমিটিত থাকি আণৱিক  বিষয়ত এটমিক এনাৰ্জি কমিচনক পৰামৰ্শ আগবঢ়াইছিল। ১৯৪৯ চনৰ আগষ্টত প্ৰথম চোভিয়েট বিভাজন বোমা বিস্ফোৰণৰ পাছত, তেওঁ নৈতিক আৰু প্ৰযুক্তিগত কাৰণত হাইড্ৰজেন বোমা বিকাশৰ বিপক্ষে আছিল। তেওঁ ১৯৫৪ চনত অ'পেনহেইমাৰৰ সুৰক্ষা শুনানীত অ'পেনহেইমাৰৰ পক্ষত সাক্ষ্য দিছিল। শুনানীত অ'পেনহেইমাৰৰ  সুৰক্ষা ক্লিয়াৰেন্স প্ৰত্যাহাৰ কৰা হৈছিল।

ফাৰ্মিয়ে কণিকা পদাৰ্থবিজ্ঞানত বিশেষকৈ পাই’ন আৰু মিউ’নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম কৰিছিল আৰু তেওঁ অনুমান কৰিছিল যে ক’ছমিক ৰশ্মি আন্তঃতাৰকীয় স্থানত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা ত্বৰান্বিত পদাৰ্থৰ পৰা উৎপন্ন হৈছে। বহুকেইটা বঁটা, তত্ত্ব, আৰু প্ৰতিষ্ঠান ফাৰ্মিৰ নামেৰে নামকৰণ কৰা হৈছে, যেনে ফাৰ্মি ১ (ব্ৰীডাৰ ৰিএক্টৰ), এনৰিকো ফাৰ্মি নিউক্লিয়াৰ জেনেৰেটিং ষ্টেশ্যন, এনৰিকো ফাৰ্মি বঁটা, এনৰিকো ফাৰ্মি ইনষ্টিটিউট, ফাৰ্মি ৰাষ্ট্ৰীয় ত্বৰণাগাৰ লেবৰেটৰী (ফাৰ্মিলেব), ফাৰ্মি গামা-ৰশ্মি মহাকাশ দূৰবীক্ষণযন্ত্ৰ, ফাৰ্মি সাঁথৰ আৰু সংশ্লেষিত মৌল ফাৰ্মিয়াম। যি ১৬জন বিজ্ঞানীৰ  নামেৰে মৌলৰ নাম দিয়া হৈছে তাৰ ভিতৰত তেওঁ অন্যতম।


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Enrico Fermi, architect of the nuclear age, dies". Autumn 1954. https://web.archive.org/web/20151117014820/http://www.history.com/this-day-in-history.