ক'কে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক'কে

ক'কে Jahn Regensburg দলৰ হৈ খেলোঁতে
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামছাৰ্জিঅ' কণ্ট্ৰেৰাছ পাৰ্ড'
(Sergio Contreras Pardo)
জন্ম২৭ এপ্ৰিল, ১৯৮৩ (৪০ বছৰ)
জন্মস্থানMálaga, স্পেইন
উচ্চতা1.79 মিটাৰ (U=ft}})
খেলা স্থানষ্ট্ৰাইকাৰ
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবনৰ্থ ইষ্ট ইউনাইটেড
সংখ্যা১০
যুৱ কেৰিয়াৰ
Málaga
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০০১-২০০৪Málaga B৪৩(৫)
২০০২-২০০৩Málaga(১)
২০০৪-২০০৬Marseille৪৩(৬)
২০০৬স্প'ৰ্টিং চি পি (ঋণ)(২)
২০০৬-২০১১Aris১৩৮(৩০)
২০১১হ'ষ্টন ডাইনেম'(১)
২০১১-২০১২Rayo Vallecano(১)
২০১২Baku১০(২)
২০১৩Jahn Regensburg(৩)
২০১৩-২০১৪ব্লুমিং২৬(২)
২০১৪–নৰ্থ ইষ্ট ইউনাইটেড(৩)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ ২০ নৱেম্বৰ ২০১৪।

ছাৰ্জিঅ' কণ্ট্ৰেৰাছ পাৰ্ড' (ইংৰাজী: Sergio Contreras Pardo), যাৰ চিনাকি নাম ক'কে (ইংৰাজী: Koke) (জন্ম- ২৭ এপ্ৰিল ১৯৮৩), হৈছে স্পেইনৰ এজন পেছাদাৰী ফুটবল খেলুৱৈ। তেওঁ এতিয়ালৈকে স্পেইন, ফ্ৰান্স, পৰ্তুগাল, গ্ৰীচ, আমেৰিকা যুক্তৰাষ্ট্ৰ, আজাৰবাইজান, জাৰ্মানী, বলিভিয়া আৰু ভাৰতৰ বিভিন্ন ক্লাবক প্ৰতিনিধিত্ব কৰিছে। বৰ্তমান তেওঁ নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ এজন ষ্ট্ৰাইকাৰ

ফুটবল কেৰিয়াৰ[সম্পাদনা কৰক]

Málaga[সম্পাদনা কৰক]

স্পেইনMálaga চহৰত জন্ম গ্ৰহণ কৰা ক'কেই ঘৰুৱা চহৰৰ ক্লাব Málaga CFত নিজৰ পেছাদাৰী ফুটবলৰ পাতনি মেলে। ২০০৩ চনত এই ক্লাবৰ B-দলে প্ৰথমবাৰৰ বাবে দ্বিতীয় ডিভিজনত প্ৰৱেশ কৰে।

২০০৩ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে তেওঁ লা লিগাCelta de Vigo দলৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত শেষ মুহূৰ্তত এটা গ'ল দি খেলখন ১-১ গ'লৰ ব্যৱধানত ড্ৰ কৰে।[1] এই বৰ্ষৰ লা লিগাত তেওঁ ৬খন খেলত অংশ লৈ (৫ খনত substitute হিচাপে) মুঠ ১৭৬ মিনিট খেলপথাৰত অৱতীৰ্ণ হয়।

Marseille[সম্পাদনা কৰক]

ক'কে Marseille দলৰ হৈ খেলোঁতে

প্ৰথমটো দলত কম সময়ৰ বাবেহে খেলিব পোৱাত তেওঁ ২০০৪ চনৰ জানুৱাৰী মাহত Ligue ১ প্ৰতিযোগিতাৰ দল Olympique de Marseilleৰ সৈতে চুক্তিবদ্ধ হয়।[2] ২০০৩-০৪ বৰ্ষৰ Ligue ১-ত তেওঁ গ'ল দিবলৈ সক্ষম নহয় যদিও ২০০৪-০৫ বৰ্ষৰ এই প্ৰতিযোগিতাত তেওঁ ২৪খন খেলত অংশ লৈ ৫টা গ'ল দিয়ে।

২০০৫-০৬ বৰ্ষৰ Ligue ১-ত ৯খন খেলত অংশ লৈ তেওঁ ১টা গ'ল দিয়ে। ২০০৬ চনত তেওঁ ঋণত Sporting Clube de Portugal দললৈ যায়। এই দলৰ হৈ তেওঁ Gil Vicente F.C. দলৰ বিৰুদ্ধে substitute হিচাপে খেলি দুটা গ'ল দিয়ে আৰু তেওঁৰ দল ২-০ ব্যৱধানত জয়ী হয়।[3]

Aris[সম্পাদনা কৰক]

২০০৬ চনত তেওঁ গ্ৰীচAris Thessaloniki FC দলৰ সৈতে ৩ বছৰৰ বাবে চুক্তিবদ্ধ হয়।[4] এই দলৰ হৈ তেওঁ ভাল খেল প্ৰদৰ্শন কৰে আৰু প্ৰথম বৰ্ষত ১০টা গ'ল দি দলক লীগৰ চতুৰ্থ স্থান অধিকাৰ কৰাত অৱদান আগবঢ়ায়। উল্লেখ্য যে দলটোৱে তাৰ আগৰ বছৰতহে শীৰ্ষ ডিভিজনলৈ উন্নীত হৈছিল।

২০০৭-০৮ বৰ্ষত তেওঁ ছুপাৰলীগ গ্ৰীচত পুনৰ ১০টা গ'ল দিয়াৰ উপৰিও সেই বৰ্ষৰ উৱেফা কাপৰেড ষ্টাৰ বেলগ্ৰেড দলৰ বিৰুদ্ধে আন এটা গ'ল দিয়ে। ২০০৮ চনত তেওঁ Aris দলৰ সৈতে নতুনকৈ ৫ বছৰৰ বাবে চুক্তিবদ্ধ হোৱাৰ লগতে সহ-অধিনায়ক হোৱাৰ সুযোগ পায় আৰু ২০০৯-১০ বৰ্ষত তেওঁ দলৰ অধিনায়ক হয়।

হ'ষ্টন ডাইনেম'[সম্পাদনা কৰক]

২০১১ চনৰ ১৫ এপ্ৰিলত তেওঁ মেজৰ লীগ ছ'কাৰ প্ৰতিযোগিতাৰ দল হ'ষ্টন ডাইনেম'ৰ সৈতে চুক্তিবদ্ধ হয়। ২৯ এপ্ৰিল তাৰিখে এই দলৰ হৈ প্ৰথমখন খেলত তেওঁ substitute হিচাপে অৱতীৰ্ণ হয়। খেলখনত দলটো ডি চি ইউনাইটেড দলৰ বিৰুদ্ধে ৪-১ ব্যৱধানত জয়ী হয়।[5] অৱশ্যে হ'ষ্টনত থকাৰ সুবিধা কৰিব নোৱাৰি আৰু লীগত ভাল প্ৰদৰ্শন কৰিব নোৱাৰি তেওঁ চুক্তি সামৰণিৰ বাবে আবেদন কৰে আৰু ৩০ মে' তাৰিখে তেওঁ দলৰপৰা ওলাই আহে।[6]

পুনৰ স্পেইনলৈ[সম্পাদনা কৰক]

২০১১ চনৰ ছেপ্টেম্বৰত তেওঁ স্পেইনলৈ ঘূৰি আহে আৰু শীৰ্ষ ডিভিজনলৈ নতুনকৈ উন্নীত হোৱা দল Rayo Vallecanoৰ সৈতে চুক্তিবদ্ধ হয়। ২৩ অক্টোবৰ তাৰিখে এই দলৰ হৈ প্ৰথম খেলত Real Betis দলৰ বিৰুদ্ধে দ্বিতীয় হাফত substitute হিচাপে সোমাই ৮৮ মিনিটত পেনাল্টি কিকৰ জৰিয়তে এটা গ'ল দিয়ে আৰু তেওঁৰ দল ২-০ত জয়ী হয়।[7]

২০১২ চনৰ জানুৱাৰীত তেওঁ transfer windowৰ জৰিয়তে মাদ্ৰিদৰ দলটোৰপৰা ওলাই আহে।

FK Baku[সম্পাদনা কৰক]

২০১২ চনৰ ফেব্ৰুৱাৰীত তেওঁ আজাৰবাইজান প্ৰীমিয়াৰ লীগৰ দল Baku FCৰ সৈতে চুক্তিবদ্ধ হয়।[8] সেই বৰ্ষত দলটো লীগৰ বিজয়ী হয় আৰু তেওঁ ফাইনেলত গ'ল দিয়ে। তেওঁ মুঠ ১৫খন খেলত ৪টা গ'ল দিয়ে।[9]

Jahn Regensburg আৰু ক্লাব ব্লুমিং[সম্পাদনা কৰক]

২০১৩ চনৰ জানুৱাৰীত তেওঁ transfer windowৰ জৰিয়তে ২. বুন্দেছলিগাৰ দল SSV Jahn Regensburgৰ সৈতে চুক্তিবদ্ধ হয়।[10] ২৬ জুলাইত তেওঁ পুনৰ দেশ আৰু ক্লাব সলনি কৰি বলিভিয়াক্লাব ব্লুমিঙৰ সৈতে চুক্তিবদ্ধ হয়।[11]

নৰ্থ ইষ্ট ইউনাইটেড[সম্পাদনা কৰক]

২০১৪ চনৰ ১৫ ছেপ্টেম্বৰত তেওঁ প্ৰাৰম্ভিক বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগনৰ্থ ইষ্ট ইউনাইটেড এফ চি দলললৈ আহে।[12][13] দলৰ প্ৰথমখন খেলত কেৰালা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে তেওঁ একমাত্ৰ গ'লটো দিয়ে আৰু নৰ্থ ইষ্ট ইউনাইটেড ১-০ গ'লত জয়ী হয়।[14]

সাফল্য[সম্পাদনা কৰক]

Málaga
Marseille
Aris
FK Baku

ক্লাব পৰিসংখ্যা (অসম্পূৰ্ণ)[সম্পাদনা কৰক]

২৩ জুলাই ২০১৩ অনুসৰি[15]
ক্লাব প্ৰদৰ্শন লীগ কাপ লীগ কাপ মহাদেশীয় মুঠ
বৰ্ষ ক্লাব লীগ খেল গ'ল খেল গ'ল খেল গ'ল খেল গ'ল খেল গ'ল
আমেৰিকা যুক্তৰাষ্ট্ৰ লীগ অ'পেন কাপ লীগ কাপ উত্তৰ আমেৰিকা মুঠ
২০১১ হ'ষ্টন ডাইনেম' মেজৰ লীগ ছ'কাৰ
স্পেইন লীগ Copa del Rey Supercopa de España ইউৰোপ মুঠ
২০১১-১২ Rayo Vallecano লা লিগা
আজাৰবাইজান লীগ আজাৰবাইজান কাপ লীগ কাপ ইউৰোপ মুঠ
২০১১-১২ FK Baku আজাৰবাইজান প্ৰীমিয়াৰ লীগ ১০ ১৫
জাৰ্মানী লীগ DFB-Pokal ডি এফ এল ছুপাৰকাপ ইউৰোপ মুঠ
২০১২-১৩ Jahn Regensburg ২. বুন্দেছলিগা
মুঠ আমেৰিকা যুক্তৰাষ্ট্ৰ
স্পেইন
আজাৰবাইজান ১০ ১৫
জাৰ্মানী
সৰ্বমুঠ ৩১ ৩৭

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. "El Celta paga su falta de ambición ante el Málaga [Celta pays for lack of ambition against Málaga]" (Spanish ভাষাত). El País. 24 February 2003. http://elpais.com/diario/2003/02/24/deportes/1046041217_850215.html। আহৰণ কৰা হৈছে: ১ ডিছেম্বৰ ২০১৪. 
  2. "Koke in the can for Marseille". UEFA.com. 2 February 2004. http://www.uefa.com/uefaeuropaleague/news/newsid=141915.html। আহৰণ কৰা হৈছে: ১ ডিছেম্বৰ ২০১৪. 
  3. "Sporting-Gil Vicente, 2–0: Um jogo da vida real [Sporting-Gil Vicente, 2–0: A real life game]" (Portuguese ভাষাত). Record. 6 March 2006. http://www.record.xl.pt/Futebol/Nacional/1a_liga/interior.aspx?content_id=263390। আহৰণ কৰা হৈছে: ১ ডিছেম্বৰ ২০১৪. 
  4. "Koke is it for Aris". UEFA.com. 15 August 2006. http://www.uefa.com/news/newsid=444972.html। আহৰণ কৰা হৈছে: ১ ডিছেম্বৰ ২০১৪. 
  5. "Bruin leads explosive Dynamo offense in rout of DC". MLS Soccer. Archived from the original on 2011-05-03. https://web.archive.org/web/20110503175805/http://www.mlssoccer.com/matchcenter-recap/bruin-leads-explosive-dynamo-offense-rout-dc। আহৰণ কৰা হৈছে: 2014-12-01. 
  6. de Jesus Ortiz, Jose (30 May 2011). "Koke's short stint with Dynamo comes to an end". Chron. http://www.chron.com/sports/dynamo/article/Koke-s-short-stint-with-Dynamo-comes-to-an-end-1688642.php। আহৰণ কৰা হৈছে: 31 January 2013. 
  7. "Real Betis 0–2 Rayo Vallecano". ESPN Soccernet. 23 October 2011. http://soccernet.espn.go.com/report/_/id/323954?cc=5739। আহৰণ কৰা হৈছে: 31 January 2013. [সংযোগবিহীন উৎস]
  8. "Bakú, destino final para Koke [Bakú, final destination for Koke]" (Spanish ভাষাত). Málaga Hoy. 13 February 2012. http://www.malagahoy.es/article/deportes/1183894/baku/destino/final/para/koke.html। আহৰণ কৰা হৈছে: 2 January 2014. 
  9. "Del primer título de Torres a los goles exóticos de Rafa Jordá o 'Koke' [From Torres' first honour to exotic goals by Rafa Jordá or 'Koke']" (Spanish ভাষাত). Marca. 6 May 2012. http://www.marca.com/2012/05/06/futbol/futbol_internacional/espanoles_mundo/1336328477.html। আহৰণ কৰা হৈছে: 31 January 2013. 
  10. "Regensburg holt de Guzman, Hendl und Koke [Regensburg gets de Guzman, Hendl and Koke]" (German ভাষাত). kicker. 31 January 2013. http://www.kicker.de/news/fussball/2bundesliga/startseite/581135/artikel_regensburg-holt-de-guzman-und-hendl.html। আহৰণ কৰা হৈছে: 31 January 2013. 
  11. "Koke se marcha al Blooming boliviano [Koke goes to Bolivia's Blooming]" (Spanish ভাষাত). Marca. 26 July 2013. http://www.marca.com/2013/07/27/futbol/futbol_internacional/resto_de_america/1374905675.html। আহৰণ কৰা হৈছে: 26 July 2013. 
  12. "Koke signs for NorthEast United FC". The Times of India. 15 September 2014. http://timesofindia.indiatimes.com/sports/football/top-stories/Koke-signs-for-NorthEast-United-FC/articleshow/42542165.cms। আহৰণ কৰা হৈছে: 23 September 2014. 
  13. "Koke signs with NorthEast United FC". Goal.com. 16 September 2014. http://www.goal.com/en-india/news/7083/isl/2014/09/16/5108124/koke-signs-with-northeast-united-fc। আহৰণ কৰা হৈছে: 23 September 2014. 
  14. Ganguily, Abhishek (13 October 2014). "ISL: NorthEast United ride high on Koke, beat Kerala Blasters 1–0". The Times of India. http://timesofindia.indiatimes.com/sports/football/indian-super-league/top-stories/ISL-NorthEast-United-ride-high-on-Koke-beat-Kerala-Blasters-1-0/articleshow/44808993.cms। আহৰণ কৰা হৈছে: 16 October 2014. 
  15. "Koke". Soccerway. http://uk.soccerway.com/players/sergio--contreras-pardo/1542/। আহৰণ কৰা হৈছে: 21 April 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]