কাহুৰী আইৰ পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাহুৰী আইৰ পূজা অসমত প্ৰচলিত এবিধ লোক-উৎসৱ। কাহুৰী আইৰ পূজা এক উল্লেখযোগ্য ধৰ্মীয়কৃত্য। কাহৰ অধিষ্ঠাত্ৰী দেৱীগৰাকীয়েই হৈছে কাহুৰী। বিশেষকৈ নৱগঠিত দৰং জিলা, অবিভক্ত কামৰূপ জিলা আৰু গোৱালপাৰা জিলাত এই পূজা প্ৰচলিত।[1]

পালনৰ কাৰণ[সম্পাদনা কৰক]

আন বেমাৰৰ দৰে কাহো এবিধ দুখ-যন্ত্ৰণাদায়ক ৰোগ। বিশেষকৈ ল'ৰা-ছোৱালীৰ বাবে এই ৰোগ মাৰাত্মক। কাহৰ বাবে ল'ৰা-ছোৱালীৰ জ্বৰ হয়, টোপনি মাৰিব নোৱাৰে, ভাত-পানী আনকি মাকৰো আহাৰ খাব নোৱাৰে। বৰকৈ কহাৰ ফলত ল'ৰা-ছোৱালীৰ বুকু, পিঠি আৰু মূৰ বিষ হয়। এনে অৱস্থাত গঞা আই-বাইৰ দৃষ্টিত কোনোবা দেৱতা বা দেৱীৰ কোপ বা কু-দৃষ্টিৰ ফলতেই যে ল'ৰা-ছোৱালী কাহত আক্ৰান্ত হয় ধাৰণা কৰা হয়। এই ধাৰণাৰ ফলতেই কাহৰ অধিষ্ঠাত্ৰী দেৱী এগৰাকীৰ কল্পনা কৰা হৈছে। সেই দেৱী গৰাকীয়েই হৈছে "কাহুৰী"; আৰু সেই দেৱী গৰাকীক আপোন কৰি লবৰ বাবে নাইবা সেই দেৱী গৰাকীৰ সৈতে ওচৰ সম্বন্ধ স্থাপন কৰিবলৈ তেওঁৰ আখ্যা দিয়া হৈছে "আই।" দক্ষিণ ভাৰতৰ পৰম্পৰাত কাহৰ দেৱীৰূপে স্থান পোৱা দেৱী গৰাকী হৈছে কোকলমা।[1]

ৰীতি-নীতি[সম্পাদনা কৰক]

সাধাৰণতে কাহুৰী আইৰ পূজা কৰা নহয়; নামহে ধৰা হয়। গঞাসকলে কাহুৰী আইৰ নামধৰাকে কাহুৰী আইৰ পূজা বোলে। কাহুৰী আইৰ পূজা সাধাৰণতে স্ত্ৰী সমাজতহে বিশেষভাৱে সীমিত। কাহৰ দ্বাৰা সন্তান আক্ৰান্ত হোৱাৰ লগে লগেই মাকে কাহুৰী আইৰ পূজা বা নাম পাতিবলৈ মানস কৰে।[2]

কাহুৰী আইৰ পূজাত বা নামত লগা দ্ৰব্যবোৰ অন্য দেৱ-দেৱীৰ পূজা বা নামত লগা দ্ৰব্যতকৈ বেলেগ। কাহুৰী আইৰ পূজাৰ বাবে আঠিয়াকল (ভীমকল), মাটিমাহ নাইবা ইয়াৰ দাইল, আহু চাউল আদিৰ দৰকাৰ।

কাহুৰী আইৰ পূজা আবেলি মাজচোতালত অনুষ্ঠিত হয়। সেই উদ্দেশ্যেৰে মাজ চোতালখন গোবৰ-মাটিৰে মচি সোঁমাজতে এটা খুটি পুতি, খুটিটোৰ ওপৰত এটা জাপি উবুৰিকৈ দিয়া হয়। জাপিটোৱে চন্দ্ৰতাপৰ কাম কৰে। ইতিমধ্যে ওচৰ-চুবুৰীয়া গাভৰু-তিৰোতা আৰু বুঢ়ী কেইজনীমান জাপিটোৰ পশ্চিমফালে কিছু দূৰৈত ঢাৰী-পাটী পাৰি বহে।[1]

জাপিটোৰ তলত এটা সৰু বেদী নিৰ্মাণ কৰি তাৰ ওপৰত এখন শৰাই পাতি ওচৰতে ধূপ-দীপ লগাই দিয়ে। শৰাইখনৰ চাৰিওফালে তিওৱা মাটিমাহ চাৰি মুঠি আৰু সোঁমাজত আহু-চাউল এমুঠি দি চাৰিওফালে চাৰিটা আঠিয়াকল আগবঢ়ায়। বেদীটোৰ চাৰিওফালে বগাফুল চটিয়াই দিয়ে। শৰাইখন বগা ফুলৰ মালা দুই তিনি ধাৰেৰে সজায়। শৰাইখনৰ পশ্চিমে অকণমান দূৰৈত খৰাহি এটাত তিওৱা মাটি মাহ বা ইয়াৰ দাইল ধুই, নিমখ, আদা আৰু আহু চাউল দুমুঠি মান দিয়ে। এই খৰাহীটোৰ ওচৰতে আন এটি খৰাহিত পকা আঠিয়াকল থয়। কিছুমানে আকৌ আহু চাউলৰ পিঠাগুৰি খুন্দি আঠিয়াকল, গাখীৰ, গুৰ আদি দি ভোগ কৰে। এই আটাইখিনি জা-যোগাৰ কৰে ঘৰৰ বৰজনীয়ে। পূজা বা নামৰ আয়োজন সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ খোজ দিয়া ঠাইখিনি মচি ওচৰতে বহি থকা নামতী কেইজনীৰ ওচৰলৈ আহে। আয়তীহঁতে নিদিষ্ট এক লয়ত আৰু ভংগীত দুয়ো হাতেৰে চাপৰি বজাই "জয় কৃষ্ণ হৰি বোলা" বুলি ভগৱানক স্তুতি কৰে, নামতীজনীয়ে পদ বা গীত লগাই দিয়ে, বাকী কেইজনীয়ে পুনৰ দিহাটো পুনৰাবৃত্তি কৰে। নামৰ অন্তত গৃহস্থৰ সকলোৱে কাহুৰী আইৰ পূজাত সেৱা কৰে। আয়তীসকলে তেওঁলোকক আশীৰ্বাদ দিয়ে। মাহ-চাউল, কল-কুঁহিয়াৰ, ভোগ আদি খাই আয়তীসকল ঘৰাঘৰি গুচি যায়। সেইদিনা গোটেই ৰাতিটো বেদীৰ ওপৰত চাকিগচ জ্বলি থাকে। পিছদিনা নিচেই পুৱাতে গৃহস্থৰ তিৰোতাজনীয়ে গা-পা ধুই আহি বেদীত থকা নৈবেদ্য, ফুল-মালা-চাকি আদি পুখুৰী বা নৈৰ পানীত পেলাই দিয়ে।[1]

কাহুৰী পূজাৰ নাম[সম্পাদনা কৰক]

কাহুৰী পূজাত গোৱা কেইটামান গীত হ'ল:

দিহা- ইঘাটে ধুইলা আইৰে পৰসাদ

যি ঘাটে লাগিলা ঢৌ।

ঢৌতে মাৰিলা পুঠি খলিহনা

কমনী ধৰিলা ৰৌ॥
পদ: দ পুখুৰীৰে দল হৰি হৰি হৰি

দ পুখুৰীৰে দল।

চানা আইৰ থানতে নটুৱা খুলীয়া ডাঙৰ আইৰ থানতে ঢোল॥

মাঝ পথৰে আছে মিঠা আম এডেলি ঢৌৱে ঢৌৱে তল যায়।

হৰি মোৰ শলা লগৌ হৰি মোৰ বন্তি লগৌ

ক'ৰবাত বা তৰেণি পায়॥
দিহা: হে আই কাহুৰীয়ে মৰ্ত্যত আহিলা।

সুৱৰ্ণৰ পাঁচ ফুলে পূজা আৰম্ভিলা॥

হে আই কাহুৰী এ॥
পদ: আহিলা কাহুৰী মাও বহিলা আখনে।

গন্ধ পুষ্প ধূপ দীপে পূজিবো চৰণে॥

স্বৰ্গত পূজে দেৱগণে পাতালত নাগে। মনুষ্যে পূজে আই জল ফুল আগে॥

হৰৰ ঝীয়েৰী আই এ কাহুৰী সুন্দৰী।

মনুষ্যক আহে আই মহাৰংগ কৰি॥

লোকবিশ্বাস অনুসৰি কাহুৰীদেৱী শীতলা আইৰ ভনী। গতিকে "আই নাম" আৰু কাহুৰীআইৰ নামৰ মাজতো বৰ বেছি পাৰ্থক্য নাই।

গোৱালপাৰাৰ টুকুৰা গাঁৱত অৱস্থিত টুক্ৰেশ্বৰী দেৱালয়ৰ গাতে লাগি থকা থকা কাহুলী থানৰ অধিষ্ঠাত্ৰী গৰাকী "কাহুৰী" বা "কাহুলী" দেৱীৰূপে জনাজাত। কাৰোবাৰ কাহ হ'লে দেৱীগৰাকীক তামোল-পাণ, চূণ-ধপাত আদিৰে পূজা কৰিলে কাহ নিৰাময় হয় বুলি বিশ্বাস প্ৰচলিত।[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 শৰ্মা, নবীন চন্দ্ৰ (১৯৮৯). অসমীয়া লোক-সংস্কৃতিৰ আভাস. প্ৰকাশক পাণবজাৰ, গুৱাহাটী: বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড. পৃষ্ঠা. ১৮১-১৮৬. 
  2. বৰদলৈ, নিৰ্মলপ্ৰভা (১৯৮৯). অসমৰ লোক-সংস্কৃতি. পৃষ্ঠা. ৭৩.