কাৰ্য্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পদাৰ্থ বিজ্ঞানত, যেতিয়া বল প্ৰয়োগ কৰি বলৰ দিশত কিছু সৰণ ঘটাব পাৰি, তেতিয়া কাৰ্য্য কৰা হৈছে বুলি কোৱা হয়। উদাহৰণস্বৰূপে, যেতিয়া এটা ফুটবল মাটিৰ পৰা ওপৰত ৰখা হয় আৰু তাৰপাছত পেলাই দিয়া হয়, ফুটবলটোৰ ওপৰত কৰা কাৰ্যৰ পৰিমাণ হ'ব ফুটবলৰ ওজন (বল) আৰু মাটিৰ পৰা ওপৰত থকাৰ দূৰত্ব(সৰণ)ৰ গুণফল।

কাৰ্য্যৰ দ্বাৰা এটা ৰূপৰ পৰা আন এক ৰূপলৈ বা এখন ঠাইৰ পৰা আন এখনলৈ শক্তিৰ স্থানান্তৰ হয়।

ফ্ৰান্সৰ গণিতজ্ঞ গেছপাৰ্ড গাষ্টভ কৰিঅ'লিছে[1] [2]১৮২৬ চনত পোন প্ৰথমে কোনো এক উচ্চতালৈ এটা ওজন নিয়া বুজাবলৈ work শব্দৰ ব্যৱহাৰ কৰে। কাৰ্য্যৰ এচ আই একক হৈছে জুল(J)।

একক[সম্পাদনা কৰক]

কাৰ্য্যৰ এচ আই একক হৈছে জুল, আৰু এক জুল মানে হৈছে এক নিউটন বল প্ৰয়োগ কৰি এক মিটাৰ সৰণ ঘটোৱা কাৰ্য্য।

মাত্ৰিকভাৱে সমতুল্য একক নিউটন-মিটাৰকো কাৰ্য্যৰ একক হিচাপে প্ৰায়ে ব্যৱহাৰ কৰা হয় যদিও এই এককটো ভ্ৰামকৰ এককৰ সৈতে খেলিমেলি হোৱা দেখা যায়। এছ আই এককৰ নিৰ্দেশনাৰ পৰা এই এককটোৰ ব্যৱহাৰ নকৰাটোৱেই প্ৰাধান্য দিয়া হৈছে[3]

এছ আই এককৰ বাদে কাৰ্য্যৰ আৰু কিছু একক হৈছে আৰ্গ, ফুট-পাওণ্ড, ফুট-পাওণ্ডেল, কিল'ৱাট-ঘণ্টা, লিটৰ-এটমছফিয়েৰ, অশ্বশক্তি ঘণ্টা

কাৰ্য্য আৰু শক্তি[সম্পাদনা কৰক]

কোনো এক ধ্ৰুৱক বল য়ে কোনো বিন্দুত কৰা কাৰ্য্যৰ পৰিমাণ হৈছে বল প্ৰয়োগ কৰি বলৰ দিশত সৰলৰেখাত হোৱা সৰণ ৰ সৈতে ৰ গুণফল

.

যেনে, যদি ১০ নিউটন বল প্ৰয়োগ কৰি ২ মিটাৰ নিয়া হয়, তেন্তে কৰা কাৰ্য্যৰ পৰিমাণ হ'ব = (১০ নিউটন)(২ মিটাৰ) = ২০ নিউটন মিটাৰ = ২০ জুল। এই কাৰ্য্যৰ পৰিমাণ এক কেজি ওজন এটা মাটিৰ পৰা এজন মানুহৰ মূৰৰ ওপৰলৈকে মহাকৰ্ষণ বলৰ বিপৰীতে লৈ যোৱা কাৰ্য্যৰ পৰিমাণৰ সমান।

শক্তিৰ লগত কাৰ্য্যৰ ওতঃপ্ৰোত সম্বন্ধ আছে। কাৰ্য্য-শক্তি সূত্ৰ অনুসৰি, কোনো অনমনীয় বস্তুৰ বৰ্ধিত গতিশক্তিৰ কাৰণ হৈছে সেই বস্তুটোৰ ওপৰত(on the body) কোনো বল প্ৰয়োগ কৰাৰ ফলত হোৱা ধনাত্মক কাৰ্য। বিপৰীতভাৱে, বল প্ৰয়োগ কৰি ঋণাত্মক কাৰ্য কৰাৰ ফলত গতিশক্তিৰ অৱক্ষয় ঘটে।

  1. Jammer, Max (1957). Concepts of Force. Dover Publications, Inc.. পৃষ্ঠা. 167; footnote 14. ISBN 0-486-40689-X. https://books.google.com/?id=CZtEBcmOe6gC&printsec=frontcover#PPA167,M1. 
  2. Coriolis, Gustave. (1829). Calculation of the Effect of Machines, or Considerations on the Use of Engines and their Evaluation (Du Calcul de l'effet des Machines, ou Considérations sur l'emploi des Moteurs et sur Leur Evaluation). Paris: Carilian-Goeury, Libraire.
  3. http://www.bipm.org/en/si/si_brochure/chapter2/2-2/2-2-2.html