গতি শক্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাঁচ:Infobox physical quantity


পদাৰ্থ বিজ্ঞানত গতিশক্তি হৈছে কোনো এটা বস্তুৱে গৈ থকাৱস্থাত লাভ কৰা শক্তি। নিৰ্দিষ্ট পৰিমাণৰ ভৰৰ ৰৈ থকা বস্তু এটাক গতি প্ৰদান কৰি ত্বৰিত কৰিবলৈ প্ৰয়োজনীয় কাৰ্যৰ দ্বাৰা ইয়াক সংজ্ঞাবদ্ধ কৰা হয়। গতি সলনি নোহোৱালৈকে ত্বৰণৰ কালছোৱাত পদাৰ্থই গতিশক্তি বজাই ৰাখে। সেই একে পৰিমাণৰ কাৰ্য পদাৰ্থই ত্বৰিতাৱস্থাৰ পৰা স্থিৰাৱস্থা পাবলৈও কৰিব লগা হয়।

ধ্ৰুপদী বলবিজ্ঞানত, m ভৰযুক্ত আৰু v গতিযুক্ত অঘূৰ্ণীয়মান বস্তু এটাৰ গতিশক্তি হৈছে । আপেক্ষিক বলবিজ্ঞানত v পোহৰৰ বেগতকৈ বহুত কম হ'লেহে সঠিক জোখ হয়(good approximation)।

গতিশক্তিৰ একক জুল

ইতিহাস[সম্পাদনা কৰক]

ইংৰাজী kinetic শব্দৰ গুৰিতে আছে গ্ৰীক শব্দ κίνησις kinesis, যাৰ অৰ্থ হৈছে 'গতি'। গতিশক্তি আৰু [[স্থিতিশক্তি[]]ৰ মাৰ দ্বিবিভাজন এৰিষ্টটলৰ actuality আৰু potentiality ৰ ধাৰণাৰ পৰা জানিব পৰা যায়[1]

গটফ্ৰাইড লেইবনিজ আৰু জনান বাৰ্ণলিয়ে পোন প্ৰথমে ধ্ৰুপদী বলবিজ্ঞানৰ সূত্ৰ E ∝ mv2 আগবঢ়াইছিল। তেওঁলোকে গতিশক্তিক living force, vis viva(লেটিন) হিচাপে ব্যাখ্যা আগবঢ়াইছিল। পাছত নেডাৰলেণ্ডৰ উইলিয়াম গ্ৰেভছেণ্ডে এই সম্পৰ্কটোৰ পৰীক্ষামূলক প্ৰমাণ আগবঢ়ায়। বেলেগ বেলেগ জোখৰ ওজন বেলেগ বেলেগ উচ্চতাৰ পৰা পেলাই দি তেওঁ নিৰ্ণয় কৰিছিল যে বোকাত যিমান গভীৰতালে ওজনটো সোমাই যায়, সেয়া গতিৰ প্ৰভাৱৰ(impact speed) বৰ্গৰ সমানুপাতিক।

বৰ্তমান সময়ৰ গতিশক্তি আৰু কাৰ্যৰ যি বৈজ্ঞানিক ব্যাখ্যা সেয়া ১৯ শতিকাৰ মাজভাগৰ পৰাহে হৈছিল। এই ধাৰণাসমূহৰ প্ৰাৰম্ভিক ব্যাখ্যা ১৮২৯ চনত গেচপাৰ্ড গাস্তভ কলিঅলিছে Du Calcul de l'Effet des Machines নামেৰে প্ৰকাশ কৰিছিল। উইলিয়াম থমচন, যাক পাছলৈ লৰ্ড কেলভিন নামেৰে জনা যায়, তেওঁৱে পোনপ্ৰথমে "kinetic energy" হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল[2][3]

ব্যাখ্যা[সম্পাদনা কৰক]

শক্তি বিভিন্ন প্ৰকাৰে থাকে, যেনে ৰাসায়নিক শক্তি, তাপীয় শক্তি, বিদ্যুৎচুম্বকীয় নিৰ্গমন শক্তি, মহাকৰ্ষণিক শক্তি, বিদ্যুৎ শক্তি, ইলাষ্টিক শক্তি, নিউক্লিয়েৰ শক্তি আৰু বিশ্ৰাম শক্তি(rest energy)। এইসমূহক মূখতঃ দুই ভাগত ভগাব পাৰি, স্থিতি শক্তি আৰু গতিশক্তি। পদাৰ্থৰ গতিৰ ফলত গতিশক্তি লাভ কৰে। গতিশক্তি বস্তুৰ মাজত স্থানান্তৰ কৰিব পাৰি আৰু শক্তিৰ অন্য ৰূপলৈ সলাব পাৰি[4]

গতিশক্তিক ভালদৰে বুজি পাবলৈ উদাহৰণৰ সহায় ল'ব পাৰি য'ত ই কেনেদৰে বিভিন্ন ৰূপলৈ সলনি হয় সেয়া ব্যাখ্যা কৰা হয়। উদাহৰণস্বৰূপে, এজন চাইকেল আৰোহীয়ে খাদ্য গ্ৰহণ কৰি তাৰ ৰাসায়নিক শক্তি ব্যৱহাৰ কৰি চাইকেলখনৰ গতি কৰাব পাৰে। বায়ুৰ বাধা আৰু ঘৰ্ষণ অতিক্ৰম কৰাৰ বাদে সেই গতিতে চাইকেলখন গৈ থাকিব পাৰে। ৰাসায়নিক শক্তিখিনি গতিশক্তিলৈ ৰূপান্তৰিত হয় কিন্তু এই প্ৰক্ৰিয়াটোৰ চাইকেল আৰোহীজনৰ তাপ উৎপন্ন হয়।

গৈ থকা চাইকলে আৰোহী আৰু চাইকেলখনৰ গতিশক্তি আৰু অন্য ৰূপলৈ সলনি হ'ব পাৰে। উদাহৰণস্বৰূপে, চাইকেল আৰোহীজনে সন্মুখত তেওঁ পাৰ কৰিব নোৱাৰা ওখ শিল এটাৰ মুখামুখি হ'লে ৰৈ দিবলৈ বাধ্য হয় আৰু তেতিয়া গতিশক্তিখিনি স্থিতিশক্তিলৈ(মহাকৰ্ষণিক বিভৱ শক্তি,gravitational potential energy) ৰূপান্তৰিত হয়। শক্তি কেতিয়াও বিনাশ নহয়, ই মাত্ৰ ৰূপান্তৰ হয়। চাইকেল আৰোহীজনে চকাত ডাইনাম' ব্যৱহাৰ কৰি বিদ্যুৎ শক্তিও পাব পাৰে।

কোনো পদাৰ্থৰ গতিশক্তি বস্তু আৰু দৰ্শকৰ প্ৰসংগ প্ৰণালীৰ ওপৰত নিৰ্ভৰশীল। গতিকে, কোনো পদাৰ্থৰ গতিশক্তি অপৰিৱৰ্তিত নহয়।

মহাকাশযানে ৰাসায়নিক শক্তি ব্যৱহাৰ কৰি উৰা মাৰে আৰু নিৰ্দিষ্ট অনুপাতৰ গতিশক্তি লাভ কৰি কক্ষপথৰ গতি লাভ কৰে। ঘূৰণীয়া কক্ষপথৰ বাবে গতিশক্তি ধ্ৰুৱক( remains constant) হৈ থাকে।

গতিশক্তি এটা বস্তুৰ পৰা আন এটালৈ দিব পাৰি। বিলিয়াৰ্ড খেলত কিউ ষ্টিকৰ জৰিয়তে আঘাট কৰি কিউ বলত গতিশক্তি প্ৰদান কৰে। যদি কিউ বলটোৱে বেলেগ এটা বলত আঘাট কৰে, তেন্তে কিউ বলটো লাহে লাহে ৰৈ যায় আৰু আনটো বলে গতিশক্তি লাভ কৰে ত্বৰিত হয়। বিলিয়াৰ্ড খেলত ইলাষ্টিক সংঘৰ্ষ হয় আৰু সেইবাবে গতিশক্তি সংৰক্ষণ হৈ থাকে।

নিউটনিয়ান গতিশক্তি[সম্পাদনা কৰক]

অনমনীয় বস্তুৰ গতিশক্তি[সম্পাদনা কৰক]

ধ্ৰুপদী বলবিজ্ঞানত গতিশক্তি বস্তুৰ ভৰ আৰু গতিৰ ওপৰত নিৰ্ভৰশীল।

য'ত হৈছে ভৰ আৰু হৈছে গতি(বা বেগ)। এছ আই এককত ভৰ জোখা হয় কিল'গ্ৰামত, গতি জোখা হয় মিটাৰ প্ৰতি ছেকেণ্ডত আৰু গতিশক্তি জুল হিচাপে প্ৰকাশিত হয়।

  1. Brenner, Joseph (2008). Logic in Reality (illustrated সম্পাদনা). Springer Science & Business Media. পৃষ্ঠা. 93. ISBN 978-1-4020-8375-4. https://books.google.com/books?id=Jnj5E6C9UwsC.  Extract of page 93
  2. Crosbie Smith, M. Norton Wise. Energy and Empire: A Biographical Study of Lord Kelvin. Cambridge University Press. পৃষ্ঠা. 866. ISBN 0-521-26173-2. 
  3. John Theodore Merz (1912). A History of European Thought in the Nineteenth Century. Blackwood. পৃষ্ঠা. 139. ISBN 0-8446-2579-5. 
  4. "Khan Academy". https://www.khanacademy.org/science/physics/work-and-energy/work-and-energy-tutorial/a/what-is-kinetic-energy.