সমললৈ যাওক

কৃষক মুক্তি সংগ্ৰাম সমিতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৃষক মুক্তি সংগ্ৰাম সমিতি (ইংৰাজী:Krishak Mukti Sangram Samiti , চমুকৈ KMSS হিচাপে জনাজাত) অসমৰ এটা কৃষক সংগঠন। ২০০৫ চনত অসমৰ সক্ৰিয় ৰাজহুৱা কৰ্মী অখিল গগৈৰ নেতৃত্বত গঠিত এই সংগঠনটোৱে অসমৰ ৰাজহুৱা বিভিন্ন বিষয়ৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে। চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাত(PDS)-ত সংঘটিত হৰলুকি উদ্ঘাটন, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আচঁনিৰ ৰূপায়ণত সংঘটিত অনিয়মৰ প্ৰতিবাদ, কৃষকৰ ভূমিৰ অধিকাৰ ৰক্ষা, চৰকাৰী আৰু ক'ৰ্পৰেট ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ, তথ্য জনাৰ অধিকাৰ আইনৰ ৰূপায়ণ আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক ভাৱে সংবেদনশীল ভংগুৰ অঞ্চলত নিৰ্মীয়মান বৃহৎ নদীবান্ধৰ বিৰোধিতা আদি ৰাজহুৱা স্বাৰ্থজড়িত বিষয়সমূহত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। [1] গান্ধীবাদী কৰ্মী আন্না হাজাৰেৰ নেতৃত্বত চলা ইণ্ডিয়া এগেইনষ্ট ক'ৰাপছনৰ সৰ্বভাৰতীয় দুৰ্নীতিবিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰি এই সংগঠনটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আহে। [2] অৱশ্যে, ইণ্ডিয়া এগেইনষ্ট ক'ৰাপছনৰ কেইগৰাকীমান সদস্যই এটা ৰাজনৈতিক দল গঠন কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছত কৃষক মুক্তি সংগ্ৰাম সমিতি ইণ্ডিয়া এগেইনষ্ট ক'ৰাপছনৰ পৰা আতঁৰি আহে। ইণ্ডিয়া এগেইনষ্ট ক'ৰাপছনৰ পৰা আতঁৰি অহাৰ কাৰণ সম্পৰ্কে অখিল গগৈয়ে এইদৰে কয় যে, জনসাধাৰণে IAC-লৈ আগবঢ়োৱা বিপুল সমৰ্থন এটা শক্তিশালী গণ-আন্দোলন আগবঢ়াই নিবৰ বাবেহে আছিল, নিৰ্বাচন কেন্দ্ৰিক এটা ৰাজনৈতিক দল গঠনৰ বাবে নাছিল।[3]

বৃহৎ নদীবান্ধৰ বিৰূদ্ধে জনসচেতনতা

[সম্পাদনা কৰক]

২০০৯ চনৰ মাজভাগৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰিস্থিতিতান্ত্ৰিক(ecologically) আৰু পাৰিপাৰ্শ্বিক ভাৱে সংবেদনশীল বিভিন্ন স্থানত নিৰ্মীয়মান আৰু প্ৰস্তাৱিত বৃহৎ নদীবান্ধসমূহৰ বিৰুদ্ধে ৰাজ্যজোৰা জনজাগৰণ আৰু আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে। বিশেষকৈ, অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতি(KMSS)-য়ে নিৰ্মীয়মান নামণি সোৱনশিৰি প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰিবৰ বাবে দাবী জনাই আহিছে। সোৱণশিৰি নদীৰ নামণি অংশত ২০০০ মেগাৱাট ক্ষমতাৰ এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো ৰাষ্ট্ৰীয় জল শক্তি নিগম(NHPC) দ্বাৰা নিৰ্মীয়মান অৱস্থাত আছে।[4]

ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে জনসচেতনতা

[সম্পাদনা কৰক]

২০১৩ চনৰ ফেব্ৰুৱাৰী মাহৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত কাঁঠফুলাৰ দৰে গঢ় লৈ উঠা ভুৱা চিট ফাণ্ড আৰু তেনেধৰণৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে জনসচেতনতা কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। চৰকাৰে এনেধৰণৰ ভুৱা প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি আদালতৰ দ্বাৰস্থ হ'ব বুলি মত প্ৰকাশ কৰিছে। [5]

বজাৰলৈ কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ প্ৰৱেশ

[সম্পাদনা কৰক]

শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কেইবাখনো অস্থায়ী খুচুৰা বিক্ৰী কেন্দ্ৰ মুকলি কৰে। ইয়াৰ মুখ্য উদ্দেশ্য আছিল গ্ৰাম্য কৃষকৰ ফচল মধ্যভোগীৰ হাতত নপৰাকৈ নগৰীয়া বজাৰলৈ উলিয়াই অনা। এই ব্যৱস্থাক খুচুৰা বিক্ৰী ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু মাফিয়াৰ দ্বাৰা চালিত ছিণ্ডিকেটৰ এটা বিকল্প ব্যৱস্থা হিচাপে দাবী কৰি অখিল গগৈ আৰু তেওঁৰ সংগঠনে গুৱাহাটীৰ বিভিন্ন স্থানত আৰু অধিক বিক্ৰী কেন্দ্ৰ স্থায়ী ৰূপত খোলাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। মধ্যভোগী আতঁৰাই এই কেন্দ্ৰসমূহ কৃষকসকলে নিজেই পৰিচালিত কৰিব আৰু ফলস্বৰূপে বিক্ৰেয় কৃষি সামগ্ৰীসমূহ অতি কম মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। এই কেন্দ্ৰসমূহ মুকলি কৰাৰ প্ৰথম দিনটোতেই মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে এশ কুইণ্টলতকৈ অধিক পৰিমাণৰ শাক-পাচলি গ্ৰাহকে ক্ৰয় কৰিছিল। [6][7] কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পৃথানীয়াৰ দৰে মাটি মাফিয়াৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰিছে। পৃথানীয়াই গ্ৰাম্য কামৰূপ জিলাৰ অন্তৰ্গত বহুহাজাৰ বিঘা কৃষি ভূমি নিম্ন মূল্যতে ক্ৰয় কৰে। সম্প্ৰতি চৰকাৰে অখিল গগৈৰ দ্বাৰা পৰিচালিত কৃষক মুক্তি সংগ্ৰাম সমিতৰ অভিযোগৰ ভিত্তিত এই বিষয়টো সম্পৰ্কে তদন্ত চলাই আছে।


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Krishak Mukti Sangram Samiti A Note". Sanhati. http://sanhati.com/excerpted/2274/ আহৰণ কৰা হৈছে: 2013-02-27.
  2. "Krishak Mukti Sangram Samiti Gheraoed PM's House". Times of India. http://sanhati.com/excerpted/2274/ আহৰণ কৰা হৈছে: 2013-02-27.
  3. Sushanta Talukdar (2012-08-05). "News / National : KMSS opposes Team Anna’s decision". The Hindu. http://www.thehindu.com/news/national/KMSS-opposes-team-annas-decision/article3728321.ece আহৰণ কৰা হৈছে: 2013-02-27.
  4. "Massive KMSS Ralley Against Big Dams". Assam tribune. Archived from the original on 2016-03-03. https://web.archive.org/web/20160303222224/http://www.assamtribune.com/scripts/detailsnew.asp?id=jul1510/at05 আহৰণ কৰা হৈছে: 2013-02-27.
  5. "KMSS Demands Strict action Against Fake Financial Institutions". Times of Assam. Archived from the original on 2013-09-16. https://web.archive.org/web/20130916232840/http://articles.timesofindia.indiatimes.com/2013-02-08/guwahati/36992787_1_kmss-secretary-and-rti-activist-state-government আহৰণ কৰা হৈছে: 2013-02-27.
  6. "Akhil gives ray of hope to Assam farmers". Assam News. http://www.assamtimes.org/node/7980 আহৰণ কৰা হৈছে: 2012-02-26.
  7. "KMSS vegetable shops draw huge crowd". Assam Tribune. Archived from the original on 2014-01-08. https://web.archive.org/web/20140108171101/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb2613/city05 আহৰণ কৰা হৈছে: 2012-02-26.