ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০১৯ চনলৈকে ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছে মাত্ৰ ৭টা ক্ৰিকেট দল। ৱেষ্ট ইণ্ডিজ, ভাৰত, অষ্ট্ৰেলিয়া, পাকিস্তান আৰু শ্ৰীলংকা ক্ৰিকেট দলে ১৯৭৫ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আয়োজন কৰা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ অন্তিমখন খেলত জয়লাভ কৰি ট্ৰফী জয় কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিছে। ১৯৭৫ চনত ইংলেণ্ডত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। [1] এই ক্ৰীড়াৰ বিশ্ব শাসক সংস্থা হিচাপে আইচিচিৰ বিৰুদ্ধে সদস্য দেশৰ পুৰুষৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ মাজত প্ৰতিদ্বন্দ্বিতা কৰা হয়। [2]

টেষ্ট ক্ৰিকেটত অংশগ্ৰহণ কৰা দেশসমূহে স্বয়ংক্ৰিয়ভাৱে বিশ্বকাপ ক্ৰিকেট খেলাৰ বাবে যোগ্যতা অৰ্জন কৰে। অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ সফল দলৰ মৰ্যাদা লাভ কৰিছে। এতিয়ালৈকে দলটোৱে চাৰিবাৰ আৰু এবাৰ ৰানাৰ্ছ আপ লাভ কৰিছে। [3] একেৰাহে দুবাৰকৈ এই প্ৰতিযোগিতাত জয়ী হৈছিল: ১৯৭৫ আৰু ১৯৭৯ চনত প্ৰথম দুটা সংস্কৰণত ৱেষ্ট ইণ্ডিজ আৰু ১৯৯৯, ২০০৩ আৰু ২০০৭ চনত অষ্ট্ৰেলিয়াই একেৰাহে তিনিবাৰকৈ জয়ী হৈছিল। প্ৰথম তিনিখন প্ৰতিযোগিতাৰ ফাইনেল আছিল ৬০ অভাৰৰ। পৰৱৰ্তী প্ৰতিযোগিতাসমূহ ৫০ অভাৰৰ ওপৰত অনুষ্ঠিত হৈছিল।

২০খন ভিন্ন দেশ ক্ৰিকেট বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। ইয়াৰে প্ৰতিখন প্ৰতিযোগিতাত সাতটা দলে অংশগ্ৰহণ কৰে আৰু ৫টা দলে অনুষ্ঠিত হোৱা দহখন প্ৰতিযোগিতাৰ খিতাপ ভাগ কৰে। [4] ৭টা স্থানত অনুষ্ঠিত হৈছিল ফাইনেল। লৰ্ডছ ক্ৰিকেট খেলপথাৰ হৈছে একমাত্ৰ ষ্টেডিয়াম য’ত এবাৰতকৈ অধিক ফাইনেল অনুষ্ঠিত হৈছে। [5] এবাৰতকৈ অধিক বাৰ বিভিন্ন স্থানত ফাইনেল আয়োজন কৰা একমাত্ৰ দেশ ভাৰত।

দেশ হিচাপে ফলাফল[সম্পাদনা কৰক]

National team Winners Years won Runners-up Years runners-up
 অষ্ট্ৰেলিয়া 6 1987, 1999, 2003, 2007, 2015, 2023 2 1975, 1996
 ভাৰত 2 1983, 2011 2 2003, 2023
 ৱেষ্ট ইণ্ডিজ 2 1975, 1979 1 1983
 ইংলেণ্ড 1 2019 3 1979, 1987, 1992
 শ্ৰীলংকা 1 1996 2 2007, 2011
 পাকিস্তান 1 1992 1 1999
 নিউজিলেণ্ড 0 - 2 2015, 2019
  1. "ICC CWC History". International Cricket Council. Archived from the original on ২১ নভেম্বৰ ২০১১. https://web.archive.org/web/20111121195448/http://icc-cricket.yahoo.net/events_and_awards/CWC/cwc_history.php। আহৰণ কৰা হৈছে: 30 November 2011. 
  2. "ICC Cricket World Cup". ESPN. http://espn.go.com/extra/cricket/topics/_/page/icc-cricket-world-cup। আহৰণ কৰা হৈছে: 10 January 2012. 
  3. type=trophy "World Cup / Records / Series results". ESPNcricinfo. ESPN. http://stats.espncricinfo.com/icc_cricket_worldcup2011/engine/records/team/series_results.html?id=12; type=trophy। আহৰণ কৰা হৈছে: 4 April 2011. 
  4. type=trophy "Records / World Cup / Result summary". ESPNcricinfo. ESPN. http://stats.espncricinfo.com/ci/engine/records/team/results_summary.html?id=12; type=trophy। আহৰণ কৰা হৈছে: 4 April 2011. 
  5. "Mumbai now also becomes cricket capital". Hindustan Times. HT Media Ltd. 2 April 2011. Archived from the original on ২৯ আগষ্ট ২০১১. https://web.archive.org/web/20110829002847/http://www.hindustantimes.com/Mumbai-now-also-becomes-cricket-capital/Article1-680397.aspx। আহৰণ কৰা হৈছে: 12 January 2012.