সমললৈ যাওক

কৰ্ণফুলি নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰ্ণফুলি নদীৰ মোহনাৰ আকাশী দৃশ্য

কৰ্ণফুলি নদী বা কথলাংতুইপুই নদী (মিজোৰামত প্ৰচলিত নাম) বাংলাদেশ-ভাৰতৰ এখন সীমান্তৱৰ্তী নদী। এই নদীখন বাংলাদেশৰ দক্ষিণ-পূৰ্বাঞ্চলৰ এক প্ৰধান নদী।[1] নদীটোৰ বাংলাদেশ অংশৰ দৈৰ্ঘ্য ১৬১ কিলোমিটাৰ, গড় প্ৰস্থ ৪৫৩ মিটাৰ আৰু ইয়াৰ প্ৰকৃতি সৰ্প আকৃতিৰ। ইয়াৰ উপনদী সমূহ হ'ল - হালদা, বোয়ালখালী, কাসালং আৰু সাহনী।

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

চট্টগ্ৰামৰ ইতিহাসত আৰবৰ ব্যৱসায়ীসকলৰ বৰ্ধিত উপস্থিতিৰ বাবে এই ঠাইখনৰ বহু অঞ্চলত আৰবী মূলৰ নাম আহিল। এই নদীখনৰ নাম কাৰণাফুল, আৰবী ভাষাৰ শব্দটোৰ অৰ্থ হৈছে লং আৰু লঙেৰে ভৰা এখন আৰবৰ জাহাজ এই নদীত ডুব যোৱা এটা ঘটনাক বুজায়।[2]

কৰ্ণফুলি নদী ভাৰতৰ মিজোৰাম ৰাজ্যৰ লুংলে জিলা (লুছাই পাহাৰ)ৰ পৰা উৎপত্তি হৈ পাৰ্বত্য চট্টগ্ৰাম আৰু চট্টগ্ৰামৰ মাজেদি প্ৰবাহিত হৈ চট্টগ্ৰামৰ পতেঙ্গাৰ ওচৰত বঙ্গোপসাগৰত মিলিত হৈছে। এই নদীৰ মোহনাতে বাংলাদেশৰ প্ৰধান সমুদ্ৰ বন্দৰ চট্টগ্ৰাম বন্দৰ অবস্থিত। এই নদীৰ দৈৰ্ঘ্য ৩২০ কিলোমিটাৰ।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "আন্তঃসীমান্ত নদী". বাংলাপেডিয়া. https://bn.banglapedia.org/index.php?title=%E0%A6%86%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%83%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4_%E0%A6%A8%E0%A6%A6%E0%A7%80. 
  2. Chowdhury, Abdul Hoque (1980). চট্টগ্ৰামেৰ সমাজ ও সংস্কৃতি. J.B. Chowdhury. পৃষ্ঠা. 24.