গ্ৰেইজ এনাটমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Henry Gray's Anatomy of the Human Body  
লেখক হেনৰী গ্ৰেই
শিৰোনাম Anatomy: Descriptive and Surgical
অংগসজ্জা হেনৰী ভেন্‌ডাইক কাৰ্টাৰ
দেশ ইংলেণ্ড
ভাষা ইংৰাজী
বিষয় মানৱ শৰীৰস্থান
প্ৰকাশ ১৮৫৮

গ্ৰেইজ এনাটমী (ইংৰাজী: Gray's Anatomy) এখন ইংৰাজী ভাষাত লিখা মানৱ শৰীৰস্থান সম্পৰ্কীয় পাঠ্যপুথি। শৰীৰস্থানবিদ হেনৰী গ্ৰেই (Henry Gray) নামৰ ব্যক্তিজনে প্ৰথমে এই গ্ৰন্থখন লিখিছিল। আগৰ সংস্কৰণসমূহৰ নাম এনাটমী: ডেছ্‌‍ক্ৰিপ্‌‍টিভ এণ্ড চাৰ্জিকেল আছিল, কিন্তু পিছলৈ নামটো চুটি কৰি "গ্ৰেইজ এনাটমী" ৰখা হয়। গ্ৰন্থখনক শৰীৰস্থান সম্পৰ্কে এক গুৰুত্বপূৰ্ণ কৰ্ম বুলি বিবেচনা কৰা হয় আৰু ১৮৫৮ চনত প্ৰথম প্ৰকাশৰ পৰা ইয়াক সংশোধিত আৰু পৰিবৰ্ধিত ৰূপত প্ৰকাশ কৰি অহা হৈছে। কিতাপখনৰ ৪০তম (১৫০ বছৰীয়া) সংস্কৰণ ২০০৮ চনত প্ৰকাশ পায়।[1]

প্ৰকাশনৰ ইতিহাস[সম্পাদনা কৰক]

১৯১৮ সংস্কৰণৰ এটা ছবি
১৯১৮ সংস্কৰণৰ এটা ছবি

আঁৰৰ কথা[সম্পাদনা কৰক]

১৮২৭ চনত ইংৰাজ শৰীৰস্থানবিদ হেনৰী গ্ৰেইৰ জন্ম হয়। তেওঁ অন্তঃস্ৰাৱী তন্ত্ৰ আৰু প্লীহাৰ বিষয়ে অধ্যয়ন কৰে আৰু ১৮৫৩ চনত লণ্ডনৰ ছেইণ্ট জৰ্জেজ হস্পিটেল মেডিকেল স্কুলত শৰীৰস্থানৰ বক্তা হিচাপে নিযুক্ত হয়। ১৮৫৫ চনত তেওঁ সহকৰ্মী হেনৰী ভেন্‌ডাইক কাৰ্টাৰৰ কাষ চাপি চিকিৎ‍সা বিজ্ঞানৰ ছাত্ৰসকলৰ বাবে এখন কমমূল্যৰ আৰু সহজ শৰীৰস্থানৰ পাঠ্যপুথি লিখাৰ পৰিকল্পনা প্ৰকাশ কৰে। তাৰপিছত ১৮৩২ চনৰ এনাটমী এক্ট মানি চলি তেওঁলোকে ১৮ মাহ ধৰি চিকিৎ‍সালয়ত কোনেও নিনিয়া মৃতদেহবোৰৰ ব্যৱচ্ছেদন কৰাত ব্যস্ত থাকে। ১৮৫৮ চনত প্ৰকাশক পাৰ্কাৰে ইংলেণ্ডত তেওঁলোকৰ কৰ্ম প্ৰকাশ কৰে। [2] প্ৰথম সংস্কৰণ হেনৰীয়ে ছাৰ বেঞ্জামিন কলিন্স ব্ৰ'ডিলৈ উছৰ্গা কৰে। ১৮৫৯ চনত সামান্য সালসলনিৰে এই সংস্কৰণৰ প্ৰতিলিপি আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশ হয়।[3][4] ১৮৬০ চনত সংযুক্ত ৰাজ্যত কিতাপখনৰ সংশোধিত সংস্কৰণ প্ৰকাশ পায়।[1][5] কিন্তু তাৰ পিছৰ বৰ্ষতে ৩৪ বছৰ বয়সত সৰুআই ৰোগত হেনৰী গ্ৰেইৰ মৃত্যু হয়।[1] "এনাটমী: ডেছ্‌‍ক্ৰিপ্‌‍টিভ এণ্ড চাৰ্জিকেল" গ্ৰন্থ প্ৰকাশ পোৱা তেতিয়া মাত্ৰ তিনি বছৰহে হৈছিল। কিন্তু আন আন ব্যক্তিৰ প্ৰচেষ্টাত তেওঁৰ কিতাপখনৰ প্ৰকাশ অব্যাহত থাকে। ১৮৬৩ চনত পাৰ্কাৰৰ প্ৰকাশন গোষ্টী কিনি লোৱাৰ পিছত লংমেন প্ৰকাশনে এই কিতাপখন ছপা কৰি উলিয়ায়।[6] ইযাৰ পিছত বহুবছৰ ধৰি লংমেনে কিতাপখন প্ৰকাশ কৰাৰ পিছত শেহতীয়াকৈ চাৰ্চিল লিভিংষ্ট'ন/এল্‌ছেভিয়াৰ গোষ্ঠীৰ সংস্কৰণ প্ৰকাশ পাইছে। ২০০৪ চনত এইখন গ্ৰন্থৰ শৈলী অনুসৰণ কৰি "গ্ৰেইজ এনাটমী ফ'ৰ ষ্টুডেণ্ট্‌‍ছ" নামৰ এখন কিতাপ প্ৰকাশ পায়।

আমেৰিকান সংস্কৰণ[সম্পাদনা কৰক]

ব্লান্‌চাৰ্ড আৰু লীয়ে গ্ৰেইজ এনাটমীৰ সম্পূৰ্ণ আমেৰিকান কপিৰাইট কিনি লয় আৰু ১৯০৮ চনৰ ১৮ জুনত নিজাকৈ প্ৰথম সংস্কৰণ প্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁলোকৰ আৰু চৌবিশটা সংস্কৰণ প্ৰকাশ পায়।[lower-alpha 1] লী আৰু ফেবিজাৰে ১৯৯০ চনত কোম্পানীটো বিক্ৰী হোৱা পৰ্যন্ত কিতাপখনৰ প্ৰকাশ অব্যাহত ৰাখে।[7]

ইয়াৰ আগতে ১৮৫৯ চনত প্ৰকাশ পোৱা ব্ৰিটিছ সংস্কৰণৰ আমেৰিকান প্ৰতিলিপিখন ৰিচাৰ্ড জেম্‌ছ ডাংলিজনে (Richard James Dunglison) সম্পাদনা কৰে। তেওঁৰ দেউতাক ৰব্‌‍লী ডাংলিজন আমেৰিকাৰ ৰাষ্ট্ৰপতি থমাছ জেফাৰছনৰ চিকিৎ‍সক আছিল।[8] ডাংলিজনে পৰৱৰ্তী চাৰিটা সংস্কৰণো সম্পাদনা কৰে। সেইকেইটা হ'ল: দ্বিতীয় আমেৰিকান সংস্কৰণ (ফেব্ৰুৱাৰী ১৮৬২); পঞ্চম ব্ৰিটিছ সংস্কৰণৰ পৰা তৃতীয় আমেৰিকান সংস্কৰণ (মে' ১৮৭০); অষ্টম ব্ৰিটিছ সংস্কৰণৰ আমেৰিকান সংস্কৰণ (জুলাই ১৮৭৮); আৰু দশম ব্ৰিটিছ সংস্কৰণৰ আমেৰিকান সংস্কৰণ (আগষ্ট ১৮৮৩)। ৱিলিয়াম্‌‍ছ কীনে পৰৱৰ্তী সুটা সংস্কৰণ সম্পাদনা কৰে। সেইকেইটা হ'ল: একাদশ ব্ৰিটিছ সংস্কৰণৰ আমেৰিকান সংস্কৰণ (চেপ্টেম্বৰ ১৮৮৭); আৰু ত্ৰয়োদশ ব্ৰিটিছ সংস্কৰণৰ আমেৰিকান সংস্কৰণ (চেপ্টেম্বৰ ১৮৯৩)।

১৮৯৬ চনৰ চেপ্টেম্বৰৰ পৰা ব্ৰিটিছ সংস্কৰণ উল্লেখ কৰাটো বন্ধ হয় আৰু ইয়াক বাৰ্ণ গেলাডেট, ব্ৰ'কৱে আৰু মেকমৰিছৰ সম্পাদনাৰে "চতুৰ্দশ সংস্কৰণ" বুলি প্ৰকাশ কৰা হয়। পঞ্চদশ সংস্কৰণো (অক্টোবৰ ১৯০১) তেওঁলোকেই সম্পাদনা কৰে। জে চি ডা কষ্টাই ষোড়শ সংস্কৰণ (অক্টোবৰ ১৯০৫) আৰু ডা কষ্টা আৰু এডৱাৰ্ড এন্থনী স্পিট্‌‍জাই সপ্তদশ সংস্কৰণ (চেপ্টেম্বৰ ১৯০৮) সম্পাদনা কৰে। স্পিজ্‌কাই ১৮তম (অক্টোবৰ ১৯১০) আৰু ১৯তম সংস্কৰণ (জুলাই ১৯১৩) সম্পাদনা কৰে। আৰ হাউদেনে অক্টোবৰ ১৯১৩ চনত প্ৰকাশিত অষ্টাদশ ব্ৰিটিছ সংস্কৰণ নতুন আমেৰিকান সংস্কৰণ সম্পাদনা কৰে। ইয়াৰ পিছত প্ৰকাশ পোৱা সম্পূৰ্ণ আমেৰিকান সংস্কৰণসমূহৰ ক্ৰমিক সংখ্যা আগৰমতেই ৰখা হয় আৰু এইচ্ছ লিৱিছে ২০তম (চেপ্টেম্বৰ ১৯১৮), ২১তম (আগষ্ট ১৯২৪), ২২তম (আগষ্ট ১৯৩০), ২৩তম (জুলাই ১৯৩৬) আৰু ২৪তম (মে' ১৯৪২) সংস্কৰণ সম্পাদনা কৰে। ২৫ৰ (আগষ্ট ১৯৪৮) পৰা ২৯তম (আগষ্ট ১৯৬৬) সংস্কৰণসমূহ চি এম গ্ৰছে সম্পাদনা কৰে। কাৰ্মিন ক্লেমেণ্টে বহুলভাৱে সংশোধিত ৩০তম সংস্কৰণ (অক্টোবৰ ১৯৮৪) সম্পাদনা কৰি উলিয়ায়।[9] ১৯৯০ চনত লী আৰু ফেবিজাৰ প্ৰকাশন গোষ্ঠী বিক্ৰী হোৱা বাবে ৩০তম সংস্কৰণেই আছিল শেষ আমেৰিকান সংস্কৰণ।

আমেৰিকান আৰু ব্ৰিটিছ সংস্কৰণ প্ৰকাশৰ খেলিমেলি[সম্পাদনা কৰক]

বেলেগ বেলেগ সম্পাদকীয় প্ৰচেষ্টাৰ বাবে বহুবছৰলৈ গ্ৰেইজ এনাটমীৰ ব্ৰিটিছ আৰু আমেৰিকান সংস্কৰণৰ ক্ৰমিক সংখ্যাৰ খেলিমেলি আছিল। ইয়াৰ বাবে প্ৰায়েই কিতাপখন কিনোতে বা উদ্ধৃতি দিওঁতে অসুবিধা হৈছিল। ১৯০৫ চনৰ ১৬তম সংস্কৰণলৈকে আমেৰিকান সংস্কৰণসমূহ ব্ৰিটিছ সংস্কৰণসমূহৰ লগত সমানে সমানে ছপা হৈছিল; আমেৰিকান সংস্কৰণে ব্ৰিটিছ সংস্কৰণৰ সংখ্যা উল্লেখ কৰিছিল বা ১৪, ১৫ আৰু ১৬তম সংস্কৰণত একে ক্ৰমিক সংখ্যা ৰাখিছিল। ইয়াৰ পিছত আমেৰিকান সংস্কৰণৰ গতি বাঢ়ে আৰু ১৯০৮ চনত ১৭তম আমেৰিকান সংস্কৰণ প্ৰকাশ পায় কিন্তু ১৯০৯ চনতহে ১৭তম ব্ৰিটিছ সংস্কৰণ প্ৰকাশ পায়। ১৮ আৰু ১৯তম সংস্কৰণত এই পাৰ্থক্য ৩ বছৰলৈ বৃদ্ধি পায়। ১৯১৩ চনত "অষ্টাদশ ব্ৰিটিছ সংস্কৰণৰ পৰা নতুন আমেৰিকান সংস্কৰণ" প্ৰকাশ হওঁতে এই সংখ্যা মিলি যায়। ১৯১৮ চনত দুয়োখন দেশতে ২০তম সংস্কৰণ প্ৰকাশ পায়। ইয়াৰ পিছত ব্ৰিটিছ সংস্কৰণ আগবাঢ়ি যায় আৰু ১৯২০ চনত ২১তম আৰু ১৯২৪ চনত ২২তম সংস্কৰণ প্ৰকাশ পায়। ১৯৪৯ চনত ৩০তম ব্ৰিটিছ সংস্কৰণ প্ৰকাশ পায় কিন্তু আমেৰিকান ৩০তম সংস্কৰণ ১৯৮৪ চনতহে প্ৰকাশ পায়।[10]

বৰ্তমানৰ ৰূপ[সম্পাদনা কৰক]

১৯১৮ চনৰ সংস্কৰণৰ এখন ছবি।

"গ্ৰেইজ এনাটমী"ৰ নতুন ৪০তম সংস্কৰণ ২০০৮ চনৰ ২৬ ছেপ্টেম্বৰত এল্‌ছেভিয়াৰ প্ৰকাশন গোষ্ঠীয়ে ছপা আৰু অনলাইন ৰূপত প্ৰকাশ কৰে। গ্ৰন্থখনৰ জেষ্ঠ্য সম্পাদক হৈছে লণ্ডনৰ কিংছ কলেজৰ অধ্যাপক চুজান ষ্টেণ্ড্ৰিং। [11] শেহতীয়া দুটা সংস্কৰণৰ আগৰবোৰৰ লগত এটা প্ৰধান পাৰ্থক্য আছে: শেহতীয়া দুখনত অঙ্গ-প্ৰত্যঙ্গবোৰ স্থান হিচাপে বৰ্ণনা কৰা হৈছে (অৰ্থাৎ‍ বস্তুবোৰ কোন ঠাইত অৱস্থিত সেই হিচাপে- যেনে হাতৰ হাড়ৰ গঠন, ৰক্তনলী, স্নায়ু আদি একে ঠাইতে বৰ্ণনা কৰা হৈছে)। গ্ৰেইজ এনাটমীৰ আগৰ সংস্কৰণবোৰ প্ৰণালীবদ্ধ শৰীৰস্থান হিচাপে সজোৱা হৈছে (অৰ্থাৎ‍ গোটেই শৰীৰৰ অস্থি তন্ত্ৰ, সংবহন তন্ত্ৰ, স্নায়ু তন্ত্ৰ আদি একে ঠাইতে বৰ্ণনা কৰা হৈছে)। ৩৯ তম সংস্কৰণৰ সম্পাদকে দুয়োটা পদ্ধতিৰ শুদ্ধতা মানি লৈছে কিন্তু ৰাইজৰ দাবীত স্থানীয় এনাটমীৰ পদ্ধতি অৱলম্বন কৰিলে।[12]

গ্ৰন্থখনৰ পুৰণা, কপিৰাইট মুক্ত সংস্কৰণ এতিয়াও ছপা ৰূপত বিক্ৰী হৈ আছে। ৱৰ্ল্ড ৱাইড ৱেবতো পুৰণা সংস্কৰণৰ বহুতো বিজ্ঞাপন দেখা যায়। বেছিভাগেই কোনটো সংস্কৰণৰ পৰা ছপা কৰা হৈছে সেয়া স্পষ্ট নহ'লেও ১৯০১ (আমেৰিকান) সংস্কৰণ বুলি ধাৰণা কৰা হয়। কিছুমান ৱেবছাইটত পুৰণা সংস্কৰণবোৰ অনলাইন পঢ়াৰ সুবিধা আছে।[13][14][15] যদিও পুৰণা সংস্কৰণসমূহৰ ছবিসমূহৰ শৈল্পিক আৰু ঐতিহাসিক মূল্য আছে, শৰীৰস্থানৰ শেহতীয়া জ্ঞানৰ বাবে সেয়া পৰ্যাপ্ত নহয়।[lower-alpha 2]

হেনৰী গ্ৰেইয়ে "গ্ৰেইজ এনাটমী" লিখোঁতে চিকিৎ‍সা বিজ্ঞানৰ ছাত্ৰ আৰু বিশেষকৈ শল্য চিকিৎ‍সকৰ কথা মনত ৰাখি যুগুত কৰিছিল। কিন্তু কিতাপখনৰ জনপ্ৰিয়তাৰ লগে লগে পিছৰ সম্পাদকসকলে কিতাপখনক ইংৰাজী ভাষাত উপলব্ধ এনাটমীৰ সকলোতকৈ তথ্যপূৰ্ণ কিতাপ হিচাপে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলে। বিংশ শতিকাত চিকিৎ‍সা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে কিতাপখনৰ কলেৱৰ বেছিকৈ বাঢ়ি আহিল। ৩৫ তম সংস্কৰণৰ পৰা কিতাপখনৰ কলেৱৰ অলপ কমাই ছাত্ৰসকলৰ উপযোগী কৰি ৰখা প্ৰয়াস কৰা হ'ল। তথাপিও ৩৮তম সংস্কৰণ ছপা হওঁতে সেইখনত ২,০৯২ পৃষ্ঠা আছিল[16]যিটো গ্ৰেইজ এনাটমীৰ যিকোনো সংস্কৰণৰ ভিতৰত সৰ্বাধিক। [17] বৰ্তমানৰ ৪০তম সংস্কৰণত ১,৫৭৬ পৃষ্ঠা আছে। "গ্ৰেইজ এনাটমী"ৰ নতুন সংস্কৰণ বা কেইবাটাও পুৰণা সংস্কৰণক এই বিষয়ৰ সকলোতকৈ ব্যাপক আৰু তথ্যপূৰ্ণ কিতাপ বুলি বিবেচনা কৰা হয়।[18] গ্ৰেইজ এনাটমীক ছাত্ৰসকলৰ উপযোগী কৰি ৰাখিবলৈ চেষ্টা কৰা সত্ত্বেও ৩৯তম সংস্কৰণ প্ৰকাশ হওঁতে ছাত্ৰসকলক কিতাপখনৰ প্ৰধান বজাৰ হিচাপে চিনাক্ত কৰা হোৱা নাছিল।[19] যোৱা কেইবছৰমানত সহযোগী প্ৰকাশন যেনে "গ্ৰেইজ এনাটমী ফ'ৰ ষ্টুডেণ্ট্‌‍ছ,[lower-alpha 3] গ্ৰেইজ এট্‌‍লাছ অৱ এনাটমী আৰু গ্ৰেইজ এনাটমী ৰিভিউ আদিও বজাৰত ওলাইছে।[20]


টোকা[সম্পাদনা কৰক]

  1. আগতে উল্লেখ কৰা ইংৰাজী প্ৰথম সংস্কৰণৰ ১৮৫৯ আমেৰিকান প্ৰকাশন শৰা হোৱা নাই।
  2. আনকি ৰিজলিউছন বা আন কাৰণত ছপা বা অনলাইন সংস্কৰণৰো গুণৰ তাৰতম্য হ'ব পাৰে।
  3. Written by Richard L. Drake, Wayne Vogl and Adam W. M. Mitchell

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Moore, Wendy (30 March 2008), "Gray's Anatomy celebrates 150th anniversary", The Telegraph (Telegraph Media Group), http://www.telegraph.co.uk/news/uknews/1583282/Grays-Anatomy-celebrates-150th-anniversary.html, আহৰণ কৰা হৈছে: 16 October 2011 
  2. Gray, Henry & Carter, Henry Vandyke (1858), Anatomy Descriptive and Surgical, প্ৰকাশক London: John W. Parker and Son, http://www.archive.org/stream/anatomydescript09graygoog#page/n7/mode/2up, আহৰণ কৰা হৈছে: 16 October 2011 
  3. Richardson, Ruth (2005), "A Historical Introduction to Gray's Anatomy", in Susan Standring, Gray's Anatomy: The Anatomical Basis of Clinical Practice (39th (electronic version) সম্পাদনা), প্ৰকাশক Edinburgh: Elsevier Churchill Livingston, p. 4, http://www.graysanatomyonline.com/content/0443066760/suppfiles/HistoricalIntro.pdf, আহৰণ কৰা হৈছে: 16 October 2011 
  4. Gray, Henry & Carter, H.V (1859), Anatomy, descriptive and surgical, প্ৰকাশক Philadelphia: Blanchard and Lea, http://resource.nlm.nih.gov/06220300R, আহৰণ কৰা হৈছে: 16 October 2011 (Per National Library of Medicine holdings). Note: This is not the 'American' edition. American rights had yet to be purchased. It is an American publication of the English edition. 
  5. A brief history of Gray's Anatomy, Elsevier, http://www.coursewareobjects.com/marketing/standringtimeline.pdf, আহৰণ কৰা হৈছে: 16 October 2011 
  6. "Longman's 1863 publication of Gray's Anatomy", Pearson Education: History (Pearson Education), archived from the original on 9 March 2012, https://web.archive.org/web/20120309033200/http://www-stage.pearsoned.com/about/history.htm#1800, আহৰণ কৰা হৈছে: 16 October 2011 
  7. Lea & Febiger in Tredyffrin East Town Historical Society History Quarterly Digital Archives, pp. 68-70 (Source: April 1999, Vol. 37, No.2, pp. 63-70)
  8. "Gray's Anatomy: The Jefferson Years" in Jeffline Forum, September 2003
  9. Carmine D. Clemente, ed. (1985), Gray's Anatomy (30th সম্পাদনা), প্ৰকাশক Philadelphia: Lea & Febiger, ISBN 0-8121-0644-X  pp. vi–ix
  10. Carmine D. Clemente (1985) p.vi (American Editions of Gray's Anatomy - listings)
  11. Elsevier: Gray's Anatomy, 40th Edition, http://www.us.elsevierhealth.com/product.jsp?isbn=9780443066849 
  12. Gray's Anatomy vol.39e Introduction, 2004, ISBN 0-443-06676-0, http://www.graysanatomyonline.com/content/0443066760/suppfiles/HistoricalIntro.pdf, আহৰণ কৰা হৈছে: 21 March 2012.   See page 9, bottom 
  13. Henry Gray. "Anatomy, descriptive and surgical". Open Library. http://openlibrary.org/works/OL15399118W/Anatomy_descriptive_and_surgical। আহৰণ কৰা হৈছে: 2012-09-27. 
  14. "Gray, Henry. 1918. Anatomy of the Human Body". Bartleby.com. http://www.bartleby.com/107/। আহৰণ কৰা হৈছে: 2012-09-27. 
  15. "Gray's Anatomy". Education.yahoo.com. http://education.yahoo.com/reference/gray/। আহৰণ কৰা হৈছে: 2012-09-27. 
  16. Gray's Anatomy: The Anatomical Basis of Medicine and Surgery (British Edition. 38th Ed) (Hardcover) Amazon
  17. Description of 35th Edition (1973) at WorldCat Retrieved 21 March 2012
  18. 'Gray's Anatomy' is back after major surgery, By Glenn O'Neal, Posted 4/10/2005, USATODAY.com
  19. cf. page 11: http://www.graysanatomyonline.com/content/0443066760/suppfiles/HistoricalIntro.pdf
  20. List of publications, including companion publications to Gray's Anatomy

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]