ঘিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ঘিলা (Entada rheedii)[1]
Pod at Talakona forest, in Chittoor District of Andhra Pradesh, India.
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
গণ: Entada
প্ৰজাতি: E. rheedii
বৈজ্ঞানিক নাম
Entada rheedii
Spreng.[2]
সমাৰ্থক

E. monostachya DC.
E. pursaetha DC.

ঘিলা(ইংৰাজী: Bean ) এবিধ বৃহৎ কলেবৰৰ আৰু মটৰমাহৰ দৰে চেউ ধৰা এবিধ গছ ৷ ই ভাৰতৰ আটাইতকৈ ডাঙৰ চেউ লগা গছ হিচাবে জনাজাত ৷ ইয়াৰ গুটিবোৰ প্ৰায় আঁঠুৰ ঘিলাটোৰ সমান ডাঙৰ হয় ৷ ভাৰত, আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ-পূৱ এচিয়া আদিত ইয়াৰ বিস্তৃতি পোৱা যায় ৷ সৰু ল’ৰা-ছোৱালীয়ে ইয়াৰ গুটিৰে "ঘিলা খেল" খেলে ৷[3]

প্ৰকাৰ[সম্পাদনা কৰক]

ঘিলা তিনি প্ৰকাৰৰ৷ বৰঘিলা,মাকৰি ঘিলা বা ৰামজখলা আৰু ভাতঘিলা৷

বৰঘিলা[সম্পাদনা কৰক]

বৈজ্ঞানিক নাম - Entada scandens,প্ৰতিনাম - E: phaseoloides,গোত্ৰ - Leguminosae শকত লতা গছ,বহুত ওপৰলৈ বগাই উঠে,বহুত দিন থাকে৷

ঔষধিগুণ - ঘিলাৰ ভিতৰৰ বীজ গুৰি কৰি চুলি ধোৱা হয়৷ ইয়াক পানীৰ সৈতে মিহলাই প্ৰসূতি মাতৃক খাবলৈ দিয়া হয়,বিষ উপশম হয়৷ ভিতৰৰ কোমল বীজ খাব পাৰি৷ ছালৰ ৰস খজুৱতিৰ ঔষধ,বাকলিৰপৰা এবিধ আঁহ আহৰণ কৰি সূতা কৰা হয়৷ ইয়াৰে ৰছী,জাল,নাৱৰ পাল কাপোৰ বোৱা হয়,বহুত দিন যায়৷ উজনি অসমত পোৱা যায়৷ সাঁচিপাত প্ৰস্তুত কৰিবলৈ ঘিলাটো ব্যৱহাৰ কৰা হয়৷ বীজৰ (ঘিলা) বাকলি বৰ টান আৰু চকলেট ৰঙৰ,গ্লাছৰ দৰে নিমজ৷ সাঁচিপাতবিলাক এই ঘিলাৰে ঘঁহি ঘঁহি লিখিবৰ বাবে নিমজ কৰি লোৱা হয়৷ ঘিলা খেল খেলা হয়৷

মাকৰিঘিলা[সম্পাদনা কৰক]

Bauhinia macrostachya গোত্ৰ - Leguminosae ৷ পাত সৰাল পাত৷ গছ পাকি খাই খাই ওপৰলৈ উঠি যোৱা শকত আৰোহী লতা গছ৷ ফলৰ বীজ খৰ-খজুৱতি আদিত ব্যৱহাৰ কৰা হয়৷

ভাতঘিলা[সম্পাদনা কৰক]

Oxoxylum indicum প্ৰতিনাম - Calosanthes indica,গোত্ৰ - Bignoniaceae সৰাল পাতৰ মজলীয়া আকাৰৰ থিয় গছ৷ ৬-৮ মিটাৰ ওখ হয়৷ পাত যৌগিক ৯০ -১৫০ ছেণ্টিমিটাৰ দীঘল,মূল পক্ষল ৫ - ৭ যোৰ, মাখিপাত অসংখ্য,পুষ্প দুৰ্গন্ধযুক্ত,পাতল হালধীয়া,দলমণ্ডল নলাকাৰ ৫ - ৭ ছেণ্টিমিটাৰ দীঘল,গৰ্ভমুণ্ড থালাকাৰ,ফল ৬০ - ৮০ ছেণ্টিমিটাৰ দীঘল,৭ - ৯ ছেণ্টিমিটাৰ বহল,চেপেটা,আৰু ৩ -৫ ছেণ্টিমিটাৰ ডাঠ,খণ্ডাকাৰ,বীজ অসংখ্য,চেপেটা আৰু চাৰিওফালে পাখিৰ দৰে পাতল বস্তুৰে ঘেৰি থকা৷ ইয়াৰ সহায়ত বীজ বতাহত বহুত দূৰলৈ যায়৷

ঔষধি গুণ - কোমল ফল সংকোচক,বায়ু নি:সাৰক,ক্ষুধাকাৰক,শিপাৰ ছালৰ ৰস গ্ৰহণী,পেটচলা ৰোগৰ ঔষধ৷ গছৰ ছালৰ ক্কাথ ঘৰ্মকাৰক আৰু বাতবিষ উপশমকাৰক৷ ছালৰপৰা ৰং প্ৰস্তুত কৰা হয়৷

লোকবিশ্বাস[সম্পাদনা কৰক]

অসমীয়া মানুহৰ এটা জনবিশ্বাস আছে যে ভাতে বুকুত ধৰা লোকৰ ভাত খোৱা ঠাইৰ ওপৰত ভাতঘিলা ফল এটা আঁৰি থ'লে বা ঘৰৰ চালত খুচি থ'লে ভাতে বুকুত নধৰা হয়৷

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

"ভাতঘিলা প্ৰসংগ" আনন্দ তত্ত্ব "প্ৰান্তিক" ২০১৩ (১৬ - ৩০ নৱেম্বৰ) ৩২ শ বছৰ (২৪ শ সংখ্যা) পৃষ্ঠা ২২