চানডুবি বিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চানডুবি বিলত সূৰ্যাস্ত

চানডুবি বিল (IPA উচ্চাৰণ: ˌʧʌnˈdʊbɪ) অসমকামৰূপ জিলাত অৱস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত।[1] অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে ভৰা। প্ৰতিবছৰে এক বুজন সংখ্যক লোক বনভোজৰ বাবে বা ফুৰিবলৈ এই বিললৈ আহে।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

প্ৰচলিত জনবিশ্বাস অনুসৰি প্ৰাচীন কালৰ চান্দ সদাগৰৰ ধন-সোণেৰে ভৰা নাও ডুবি এই বিল সৃষ্টি হৈছিল। চান্দ সদাগৰৰ ডিঙা ডুবি এই বিল হোৱা বাবেই হেনো 'চান্দডুবি' নাম পায়।[2]

ভৌগোলিক তথ্য[সম্পাদনা কৰক]

১৮৯৭ চনৰ অসমৰ বৰভুঁইকপত এই বিলৰ সৃষ্টি হৈছিল। ভূমিকম্পত এই ঠাইৰ হাবি তললৈ বহি গৈ বিল হৈ পৰে।[3]

পৰ্যটন[সম্পাদনা কৰক]

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুইপাৰে বনভোজৰ বাবে স্থান আছে। সৰু নাৱত উঠি এই বিল পৰিভ্ৰমণ কৰিব পাৰি। পৰ্যটকৰ বাবে বিলত মাছ মৰাৰো সুবিধা কৰি দিয়া হয়। প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয়। এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিবেশন কৰে[4]

চানডুবি বিলত এগৰাকী মহিলাই মাছ মৰা দৃশ্য।

আৰু চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Chandubi Lake". mapsofindia.com. http://www.mapsofindia.com/assam/tourism/chandubi-lake.html। আহৰণ কৰা হৈছে: 2011-12-25. 
  2. শান্তনু কৌশিক বৰুৱা (২০১৬). Master অসম ইয়েৰ বুক ২০১৬. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫০৯. 
  3. "Chandubi Lake Formation". wikimapia.org. http://wikimapia.org/13947336/Chandubi-Lake। আহৰণ কৰা হৈছে: 2011-12-25. 
  4. "Chandubi Lake Tourism". assamtribune.com. http://www.assamtribune.com/scripts/details.asp?id=sep2109/at07। আহৰণ কৰা হৈছে: 2011-12-25.