সমললৈ যাওক

চুপ্‌ফনিঅ'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুপ্‌ফণিঅ'
সাধু কথা
নাম: চুপ্‌ফণিঅ'
তথ্য
অঞ্চল: বৰ্তমান নাগালেণ্ড আৰু মণিপুৰ

চুপ্‌ফণিঅ' (ইংৰাজী: Sopfünuo) এগৰাকী মহিলা আৰু তেওঁৰ সন্তানৰ বিষয়ে আংগামী নগা লোককাহিনী। তেওঁলোকৰ জন্মভূমি ৰুচমা গাঁৱলৈ উভতি অহাৰ পথত কৰুণভাৱে মৃত্যু ঘটিছিল। মৃত্যুৰ পিছত তেওঁলোক শিলাখণ্ডলৈ ৰূপান্তৰিত হৈছিল।[1][2]

কিংবদন্তি

[সম্পাদনা কৰক]

চুপ্‌ফণিঅ' ৰুচমা গাঁৱৰ এজনী ধুনীয়া ছোৱালী আছিল। তেওঁক আন এখন গাঁৱৰ মানুহৰ সৈতে বিয়া দিয়া হৈছিল। এগৰাকী পত্নী হিচাপে তেওঁ তেওঁৰ স্বামীৰ প্ৰতি অবিচলিত আনুগত্য প্ৰদৰ্শন কৰিছিল। চুপ্‌ফণিঅ'য়ে তেওঁৰ স্বামীক নিজে বোৱা ধুনীয়া কাপোৰ পিন্ধাইছিল। কিছুমান মহিলাই তেওঁৰ বিবাহৰ সফলতাৰ বাবে ঈৰ্ষায়িত হৈছিল। তেওঁলোকে চুপ্‌ফণিঅ'ৰ স্বামীক তেওঁৰ পত্নীক বিবাহ বিচ্ছেদ দিবলৈ উদগনি দিছিল। অৱশেষত তেওঁ চুপ্‌ফণিঅ'ৰ পৰা পৃথক হ'বলৈ বাধ্য হৈছিল। এদিন ৰাতি চুপ্‌ফণিঅ'য়ে তেওঁৰ সন্তানক কঢ়িয়াই স্বামীৰ ঘৰৰ পৰা ওলাই গৈছিল আৰু জ্বলন্ত পাইন গছৰ জোৰ লৈ তাইৰ পৈতৃক ঘৰলৈ ৰাওনা হৈছিল। পাহাৰীয়া অঞ্চলৰ ওপৰেৰে যাওঁতে অশুভ আত্মায়ে তেওঁক আঘাত কৰিছিল। এই আঘাতত তেওঁৰ মৃত্যু হয়। কিছু সময়ৰ পিছত তেওঁৰ শিশুটোয়ে মাকৰ মৃতদেহত পৰোঁতে শিশুটোৰো মৃত্যু হয়। মৃত্যুৰ পিছত তেওঁলোক দুয়ো মানুহৰ আকৃতিৰ শিলত ৰূপান্তৰিত হৈছিল। ঘটনাটোৰ বিষয়ে শুনি তেওঁলোকৰ আত্মীয়সকলে তেওঁলোকৰ সন্ধানত গৈ শিলবোৰ বিচাৰি পাইছিল। তেওঁলোকে মাকৰূপী শিলটোক টানিবলৈ চেষ্টা কৰোঁতে এক ভয়ংকৰ ধুমুহাৰ সূত্ৰপাত হৈছিল। কিন্তু পিছলৈ যেতিয়া তেওঁলোকে দুয়োটা শিল একেলগে টানি আনে ধুমুহা সম্পূৰ্ণৰূপে শান্ত হৈছিল। চুপ্‌ফণিঅ' আৰু তেওঁৰ সন্তানৰূপী শিলদুটাক তেওঁৰ পৈতৃক গাঁও ৰুচমালৈ অনা হৈছিল। ৰুচমাত তেওঁলোক কিংবদন্তি হিচাপে মানুহৰ মনত বিদ্যমান।[3]

বৰ্তমান ৰুচমা গাঁৱত চুপ্‌ফণিঅ'ৰ নামেৰে এটা স্মৃতিক্ষেত্ৰ আছে। এই স্মৃতিক্ষেত্ৰতে চুপ্‌ফণিঅ' আৰু তেওঁৰ সন্তান হিচাপে গণ্য কৰা দুটা শিল সংৰক্ষিত অৱস্থাত ৰখা হৈছে।

ৰুচমা গাঁও

[সম্পাদনা কৰক]

ৰুচমা গাঁও ভাৰতৰ নাগালেণ্ডক’হিমা জিলা চিফোবোজৌ মহকুমাত অৱস্থিত। ই উপ-জিলাৰ মুখ্য কাৰ্যালয় চিফোবোজৌৰ পৰা ৪১ কিলোমিটাৰ কিমি নিলগত আৰু জিলা সদৰ ক'হিমাৰ পৰা ১২ কিলোমিটাৰ নিলগত অৱস্থিত।

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

এই লোককাহিনীটোৰ আলমত ২০০৫ চনত 'উৱেৰ আই দা মুন? দ্য লেজেণ্ড অফ চুপ্‌ফণিঅ' নামেৰে মেটেভিনুও চাখৰিৰে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।[4] শিৰোনামটোৰ চন্দ্ৰই নাটকীয়তা, ছবি, মূল গীত আৰু সাক্ষাৎকাৰৰ জৰিয়তে কোৱা চুপ্‌ফণিঅ' জীৱনৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে এক ৰূপক অনুপ্ৰেৰণা আৰু নিৰ্দেশনা হিচাপে দেখুৱা হৈছিল।[5] ছবিখনৰ দৃশ্যগ্ৰহণ নাগালেণ্ডৰ ৰুচমা আৰু বিশ্বেমাৰ বিভিন্ন স্থানত কৰা হৈছিল।

নাগালেণ্ডৰ স্কুলীয়া পাঠ্যক্ৰমত চুপ্‌ফণিঅ'ৰ কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি কিংবদন্তি হিচাপে চুপ্‌ফণিঅ'ৰ কাহিনী মুখে-মুখে প্ৰচলিত।

তথ্য উৎস

[সম্পাদনা কৰক]