চেংমৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চেং মৰাৰ পৰা পুনঃনিৰ্দেশিত)
চেংমৰা
Lasia spinosa
চেংমৰা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophyta
(অশ্ৰেণীকৃত): Liliopsida
বৰ্গ: Alismatales
পৰিয়াল: Araceae
গণ: Lasia
বৈজ্ঞানিক নাম
Lasia spinosa
সমাৰ্থক

Dracontium spinosum L. Lasia aculeata Lour.

চেংমৰা (ইংৰাজী: Spiny Arum, বৈজ্ঞানিক নাম: Lasia spinosa) ভাৰতকে ধৰি এচিয়া মহাদেশৰ বিভিন্ন দেশ আৰু পাপুৱা নিউগিনিত পোৱা এবিধ কচুজাতীয় চিৰসেউজ উদ্ভিদ। এই উদ্ভিদজোপা বাৰীৰ ঢাপ, পিটনি, নদীকাষৰীয়া সেমেকা বা জেকা ঠাই আদিত পোৱা যায়| ইয়াক কাঁ‌ইটীয়া কচু, ওলমোটোকা, কেশঠুৰী,, লা-ঘটুৱা আদি নামেৰেও জনা যায়।[1] বড়ো ভাষাত চেংমৰাক চিব্ৰু আৰু আহোম ভাষাত ফাকি-চিক-নাম বুলি কোৱা হয়।[2][3] অসমত গৰু বিহুৰ দিনা পৰম্পৰা অনুযায়ী খোৱা এশ-এবিধ শাকৰ ভিতৰত চেংমৰা অন্যতম।[4] বনৰীয়া আৰু কৃষিজাত উভয় ধৰণেৰেই উদ্ভিদজোপাৰ বিস্তৃতি পোৱা যায়।[5]

বিৱৰণ[সম্পাদনা কৰক]

চেংমৰা ১-ৰ পৰা ২ মিটাৰ পৰ্যন্ত ওখ হয়। পাতৰ ঠাৰি মঙহাল আৰু দীঘল। প্ৰতিডাল ঠাৰিৰ মূৰত ত্ৰিভুজাকাৰ, ১২-১৩ খণ্ডত বিভক্ত একোখিলা পাত থাকে। পাতৰ মধ্যসিৰা আৰু শাখা সিৰা কাঁইটীয়া। বৃন্ত দীঘল, ত্ৰিভুজাকাৰ, অখণ্ড, বা পখীপাদাকৃতি।[1] উদ্ভিদজোপাৰ গোটেই গাতে সৰু সৰু কাঁইট থাকে। ইয়াৰ পুষ্প মঞ্জৰী চুটি আৰু গোটা। চেংমৰাত ৪-৬ ডাল পুংকেশৰ থাকে। পুংদণ্ডডাল চুটি।[6]

খাদ্য হিচাপে ব্যৱহাৰ[সম্পাদনা কৰক]

চেংমৰাৰ গা-গছ আৰু পাত।

চেংমৰাৰ উদ্ভিদ পৰিয়ালৰ প্ৰায়বোৰ প্ৰজাতিতে কেলছিয়াম অক্সেলেট ক্ৰিষ্টেলৰ উপস্থিতি পোৱা যায় আৰু মুখ বা জিভাত লাগিলে ই সহস্ৰ তীক্ষ্ণ বেজীয়ে বিন্ধাৰ দৰে অনুভূতি দিব পাৰে। ভালদৰে ৰান্ধিলে বা সম্পূৰ্ণৰূপে শুকুৱাই পেলালে এই উপাদানটো ভংগুৰ অৱস্থালৈ নিব পাৰি। চেংমৰাৰ পাত আৰু গা-গছ বনৌষধি তথা বিভিন্ন আমিষ-নিৰামিষ ব্যঞ্জনৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাত আৰু মূল অংশ অৰ্শৰোগৰ প্ৰতিকাৰক হিচাপে ব্যৱহৃত হয়।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 প্ৰিয়াংকু. "চেংমৰা". Xobdo.org. http://www.xobdo.org/dic/%E0%A6%9A%E0%A7%87%E0%A6%82%E0%A6%AE%E0%A7%B0%E0%A6%BE। আহৰণ কৰা হৈছে: 5 June 2020. 
  2. "Lasia spinosa (L.) Thwaites". India Biodiversity Portal. https://indiabiodiversity.org/species/show/259168। আহৰণ কৰা হৈছে: 5 June 2020. 
  3. চাও সঞ্জীৱ ফূ কে ( বৰুুৱা ). "ব'হাগ বিহু : এশ এটি শাকৰ সম্পৰ্ক". খ্বন মৌঙ. Archived from the original on 4 June 2020. https://web.archive.org/web/20200604215126/https://www.taiahom.in/2017/04/blog-post_10.html। আহৰণ কৰা হৈছে: 5 June 2020. 
  4. ৰুমী বৰা (14 April. 2013). "বহাগ বিহু আৰু শাক খোৱাৰ পৰম্পৰা". xahitya.org. Archived from the original on 4 June 2020. https://web.archive.org/web/20200604234320/http://www.xahitya.org/2013/04/14/%e0%a6%ac%e0%a6%b9%e0%a6%be%e0%a6%97-%e0%a6%ac%e0%a6%bf%e0%a6%b9%e0%a7%81-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%b6%e0%a6%be%e0%a6%95-%e0%a6%96%e0%a7%8b%e0%a7%b1%e0%a6%be%e0%a7%b0-%e0%a6%aa%e0%a7%b0/। আহৰণ কৰা হৈছে: 5 June 2020. 
  5. 5.0 5.1 "Lasia spinosa". tropical.theferns.info. http://tropical.theferns.info/viewtropical.php?id=Lasia+spinosa। আহৰণ কৰা হৈছে: 5 June 2020. 
  6. ডাঃ ৰেইনী দেৱী. "চেংমৰা শাকৰ গুণাগুণ (Spiny arum)". বিকাশপেডিয়া. https://as.vikaspedia.in/health/ousadh/9859b89ae9f0-9ac9a89b79a79bf/99a9c79829ae9f09be-9b69be9959f0-9979c19a39be9979c19a3-spiny-arum। আহৰণ কৰা হৈছে: 5 June 2020.