সমললৈ যাওক

চেভ ইণ্ডিয়ান ফেমিলি ফাউণ্ডেশ্যন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Type Indian Men's rights organization
Founded 2005
Location Over 50 cities in 20 states[1]
Leaders Delhi - Amit Lakkhani;
Kerala - Gokul (who was earlier in Mumbai);
Bangalore - Rukma Chary;
Hyderabad - Partha;
Pune - Mahesh & Subir;
Chennai - Suresh;
Lucknow - Yaksh;
Madhya Pradesh - Gaurav;
Gujarat - Kalpesh;
Nagpur - Rajesh Vakharia;
Kolkata - D.S.Rao.
Field Lobbying and activism for men's rights
Website saveindianfamily.org

চেভ ইণ্ডিয়ান ফেমিলি ফাউণ্ডেশ্যন (Save Indian Family Foundation: SIFF, ভাৰতৰ এক পুৰুষাধিকাৰ সংগঠন। চেভ ইণ্ডিয়ান ফেমিলি আন্দোলনৰ ফলস্বৰূপে এই পঞ্জীকৃত অব্যৱসায়িক আৰু বেচৰকাৰী সংগঠনটোৰ জন্ম হয়। ই একে ধৰণৰ উদ্দেশ্য থকা কেইবাটাও অন্য সংগঠনৰ লগত মিলি কাম কৰে।[2]

ভাৰতীয় যৌতুক সম্পৰ্কীয় আইনসমূহৰ অপব্যৱহাৰৰ বিৰুদ্ধে ২০০৭ চনত SIFF স্থাপন কৰা হয়[3]। ই ভাৰতৰ কেইবাখনো মহানগৰ জুৰি বিয়পি থকা কেইবাটাও পুৰুষৰ আৰু পৰিয়ালৰ অধিকাৰৰ সপক্ষে গঠিত কেইবাটাও সংগঠনৰ এক ছত্ৰ সংগঠন (umbrella organization)[1][4]। ২০০৬ ৰ জুনত মুম্বাইত SIFF-অৰ কামকাজৰ সহায়ক হ'বলৈ 'প্ৰটেক্ট ইণ্ডিয়ান ফেমিলি' বুলি আৰু এক অনা-চৰকাৰী সংগঠন স্থাপনা কৰা হয়।[4][5] SIFF-এ কেইবাটাও সমৰুচিসম্পন্ন সংগঠন যেনে 'অল ইণ্ডিয়া মাডাৰ ইন ল' প্ৰটেকশ্যন ফ'ৰাম'-অৰ[6] and "All India Men's Welfare Association".[7] লগত মিলি জুলি কাম কৰে।

ভাৰতৰ কিছুমান নাৰীবাদী (feminist) সংগঠন আৰু কোনো কোনো সংবাদসেৱাই SIFF-অক নাৰীৰ সমস্যাবোৰক আওকাণ কৰি পুৰণিকলিয়া পুৰুষ কেন্দ্ৰীক ভাবধাৰাক প্ৰশ্ৰয় দিয়া বুলি অভিযোগ কৰা দেখা যায়।[1][8][9]

নাৰী বিষয়ক কিছুমান আইন যেনে ডাউৰী (498a), ঘৰুৱা হিংসা আদিৰ অপব্যৱহাৰত পৰি বিপৰ্য্যস্ত হোৱা নিৰ্দোষী পুৰুষ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বাংগালুৰু, চেন্নাই, কোচিন, দিল্লী, গুজৰাট, মুম্বাই, হাইদৰাবাদ, পুনে, নাগপুৰ, নাচিক, চুৰাট, জয়পুৰ আৰু কলকাতাত চহৰত SIFF-এ টেলিফোনিক পৰামৰ্শ তথা সহায় আগবঢ়ায়।[10] ২০১০ চনত তেওঁলোকৰ ৱেবচাইটত গোটটোৱে দাবী কৰা মতে প্ৰায় ৩০,০০০ তৃণমূল পৰ্যায়ৰ সদস্য আৰু প্ৰায় ৩,৫০০ ইন্টাৰনেট সদস্য আছে।[1]

কাৰ্য্যকলাপ

[সম্পাদনা কৰক]

"অপৰিবৰ্তনীয় সাংসাৰিক বিভংগন" বা irreversible breakdown of marriage -অক বিবাহ বিচ্ছেদৰ সপক্ষে এটা কাৰণ বুলি ধৰা হ'বলৈ আৰু ২০১০ চনৰ বিবাহ আইন সংশোধন গৃহীত হোৱাৰ বিপক্ষে SIFF -এ ইতিমধ্যে দেশজুৰি এক আন্দোলন সফলতাৰে কাৰ্য্যকৰী কৰিছে।[11] সংগঠনটোৱে ২০০৫ চনৰ নাৰীৰ বিৰুদ্ধে ঘৰুৱা হিংসা আইনখনৰো বিৰোধিতা কৰিছে।[12] SIFF-এ "বৈবাহিক বলাৎকাৰ"ক (marital rape) অপৰাধ হিচাবে গণ্য কৰাৰ প্ৰচেষ্টাসমূহৰো বিৰোধিতা কৰি মত আগবঢ়ায় যে এইসমূহ কাৰ্য্যকৰী কৰিলে স্ত্ৰী-পুৰুষৰ মাজৰ সম্পৰ্ক বৰ্তি থকা সম্ভব নহয়।[13]

ৰাষ্ট্ৰীয় সন্মিলন

[সম্পাদনা কৰক]

প্ৰত্যেক বছৰ ১৫ আগষ্টত ভাৰতৰ বিভিন্ন স্থানৰ SIFF সদস্যসকল সন্মিলীত হৈ আলোচনা কৰি SIFF-অৰ ভবিষ্যত কাৰ্য্যসূচী থিৰাং কৰে।

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 Polanki, Pallavi (17 July 2010). "Men Who Cry". OPEN. Archived from the original on 21 July 2010. http://www.openthemagazine.com/article/living/men-who-cry আহৰণ কৰা হৈছে: 28 March 2013.
  2. "SIF - About Us". Save Indian Family Foundation. Archived from the original on 2012-11-08. https://web.archive.org/web/20121108072931/http://www.saveindianfamily.org/about-us.html আহৰণ কৰা হৈছে: 2008-12-31.
  3. "Wife harassing you? Call for help". IBNLive. 2006-11-29. Archived from the original on 2011-05-22. https://web.archive.org/web/20110522132350/http://ibnlive.in.com/news/a-helpline-for-harassed-hubbies/27345-3.html আহৰণ কৰা হৈছে: 2008-12-31.
  4. 1 2 Aron, Sunita (2007-01-13). "Now, an all male fightclub". Hindustan Times. http://www.hindustantimes.com/news-feed/nm21/now-an-all-male-fightclub/article1-199640.aspx আহৰণ কৰা হৈছে: 2007-01-22.[সংযোগবিহীন উৎস]
  5. Tanna, Ketan (2006-12-25). "Tortured husband's union: The people in this group had just two choices. Either become henpecked or handcuffed". The Times of India. http://epaper.timesofindia.com/Repository/ml.asp?Ref=Q0FQLzIwMDYvMTIvMjUjQXIwMTAwMA==&Mode=HTML&Locale=english-skin-custom আহৰণ কৰা হৈছে: 2007-02-05.
  6. George, Daniel P. (September 6, 2009). "Moms-in-law of the world unite..". The Times of India. Archived from the original on 2012-10-25. https://web.archive.org/web/20121025135858/http://articles.timesofindia.indiatimes.com/2009-09-06/chennai/28088298_1_mothers-in-law-siff-forum-plans আহৰণ কৰা হৈছে: 2009-12-08.
  7. Sengupta, Sudipta (October 31, 2009). "Now, a forum for 'tortured' husbands". The Times of India. Archived from the original on 2012-10-25. https://web.archive.org/web/20121025135916/http://articles.timesofindia.indiatimes.com/2009-10-31/hyderabad/28084230_1_violence-awareness-month-siff-separate-ministry আহৰণ কৰা হৈছে: 2009-12-08.
  8. Bhattacharya, Chandrima S. (30 October 2006). "What are men scared of?". The Telegraph (Calcutta). Archived from the original on 17 October 2012. http://www.telegraphindia.com/1061030/asp/calcutta/story_6933770.asp আহৰণ কৰা হৈছে: 27 January 2007.
  9. Ramesh, Randeep (13 December 2007). "Dowry law making us the victims, says India's men's movement". The Guardian. http://www.guardian.co.uk/world/2007/dec/13/india.randeepramesh1 আহৰণ কৰা হৈছে: 16 November 2008.
  10. "SIF - Helplines". Save Indian Family Foundation. Archived from the original on 2012-05-30. https://web.archive.org/web/20120530002734/http://saveindianfamily.org/contact-us/activists.html আহৰণ কৰা হৈছে: 2008-12-31.
  11. Karnad, Raghu (3 December 2007). "Now, Is That Malevolence?". Outlook. http://www.outlookindia.com/article.aspx?236168 আহৰণ কৰা হৈছে: 28 March 2013.
  12. Gupta, Monobina (27 October 2006). "Malevolence for women's law Men go to PM against female 'terrorist activity'". প্ৰকাশক Calcutta. Archived from the original on 16 October 2012. http://www.telegraphindia.com/1061027/asp/frontpage/story_6923154.asp আহৰণ কৰা হৈছে: 28 March 2013.
  13. Pandey, Vineeta (8 March 2010). "Husbands can’t get away with marital rape: Government". Daily News and Analysis. Archived from the original on 31 March 2010. http://www.dnaindia.com/india/report_husbands-can-t-get-away-with-marital-rape-government_1356512 আহৰণ কৰা হৈছে: 30 September 2012.