চৈয়দ আলী আহছান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চৈয়দ আলী আহছান
জাহাঙ্গীৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য
কাৰ্যকাল
১৯৭২ – ১৯৭৫
পূৰ্বসূৰী মফিজুদ্দীন আহমেদ
উত্তৰসূৰী মহম্মদ ইনামুল হক
ৰাজশ্বাহী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য
কাৰ্যকাল
27 September 1975 – 26 June 1977
পূৰ্বসূৰী Mazharul Islam
উত্তৰসূৰী Muhammad Abdul Bari
ব্যক্তিগত তথ্য
জন্ম ২৬ মাৰ্চ, ১৯২২
Alokdia, Magura, Bengal Presidency, British India
মৃত্যু ২৫ জুন, ২০০২ (৮০ বছৰ)
ঢাকা, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশী
শিক্ষানুষ্ঠান ঢাকা বিশ্ববিদ্যালয়

'চৈয়দ আলী আহছান' (২৬ মাৰ্চ ১৯২২ - ২৫ জুলাই ২০০২) বাংলাদেশৰ এজন খ্যাতিনামা সাহিত্যিক, কবি, সাহিত্য সমালোচক, অনুবাদক, প্ৰাবন্ধিক আৰু শিক্ষাবিদ। ১৯৮৯ খ্ৰিষ্টাব্দত পক হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। তেওঁ তেওঁৰ পাণ্ডিত্যৰ বাবে প্ৰসিদ্ধ আছিল। চৈয়দ আলী আহছান কৃত বাংলাদেশৰ জাতীয় সংগীতৰ ইংৰাজী অনুবাদ চৰকাৰী ভাষান্তৰ হিচাপে স্বীকৃত।[1]

জন্ম আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

বিশিষ্ট শিক্ষাবিদ, কবি, প্ৰাবন্ধিক, গবেষক, সম্পাদক, অনুবাদক আৰু জাতীয় অধ্যাপক চৈয়দ আলী আহছান ১৯২২ খ্ৰিষ্টাব্দৰ ২৬ মাৰ্চ বৰ্তমান মগুৰা জিলাৰ আলোকদিয়া গ্ৰামৰ এজন সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পুৰণি ঢাকা চহৰৰ আৰমানিটোলাত অৱস্থিত আৰমানিটোলা চৰকাৰি উচ্চ বিদ্যালয়ৰ পৰা এন্ট্ৰান্স (এচএচচি) আৰু ঢাকা ইণ্টাৰমিডিয়েট কলেজ (বৰ্তমানে ঢাকা কলেজ)ৰ পৰা এফএ (এইচএচচি) পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত ঢাকা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যে ১৯৪৩ খ্ৰিষ্টাব্দত স্নাতক (বিএ) আৰু ১৯৪৪ চনত স্নাতকত্বৰ (এমএ) ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ কলিকতা লৈ যায়। তাতেই বিবাহ কৰিছিল ৭ জুলাই, ১৯৪৬।[2] অতঃপৰ যথাক্ৰমে অল ইন্ডিয়া ৰেডিও কলিকতা কেন্দ্ৰত আৰু ৰেডিঅ পাকিস্থান ঢাকা কেন্দ্ৰত কৰ্মসূচি নিয়ামকৰূপে চাকৰি কৰিছিল। তেওঁ ১৯৪৯ খ্ৰিষ্টাব্দত ঢাকা বিশ্ববিদ্যালয়ৰ বঙালী বিভাগত প্ৰভাষক হিচাপত যোগদান কৰিছিল। ১৯৫৩ খ্ৰিষ্টাব্দত চৈয়দ আলী আহছান কৰাচি বিশ্ববিদ্যালয়ৰ বঙালী বিভাগৰ প্ৰধান নিযুক্ত হৈছিল। ১৯৬০ খ্ৰিষ্টাব্দ লৈকে এনেকৈ কৰ্মৰত আছিল। ১৯৬০ পৰা ১৯৬৭ খ্ৰিষ্টাব্দ লৈকে বঙালী একাদেমীৰ পৰিচালক (প্ৰধান নিৰ্বাহ) হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পিছত চট্টগ্ৰাম বিশ্ববিদ্যালয়ত বঙালী বিভাগৰ অধ্যাপক আৰু অধ্যক্ষ হিচাপে যোগদান কৰে। ১৯৭১ খ্ৰিষ্টাব্দত বাংলাদেশ স্বাধীন হয়। ১৯৭২ খ্ৰিষ্টাব্দৰ পৰা ২৮ ফেব্ৰুৱাৰী, ১৯৭৫ খ্ৰিষ্টাব্দ লৈকে তেওঁ জাহাঙ্গীৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে দায়িত্ব পালন কৰে।[1] ইয়াৰ পিছত পুনৰবাৰ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত বঙালী বিভাগৰ অধ্যাপক হিচাপে প্ৰত্যাৱৰ্তন কৰিছিল। ১৯৭৫ খ্ৰিষ্টাব্দৰ ২৭ চেপ্টেম্বৰৰ পৰা ১৯৭৭ খ্ৰিষ্টাব্দ লৈকে তেওঁ ৰাজশ্বাহী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে দায়িত্ব পালন কৰিছিল। ২০০২ চনৰ ২৫ জুলাই তেওঁৰ ঢাকাত মৃত্যু হয়। তেওঁক জাহাঙ্গীৰ নগৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় মছজিদ সংলগ্ন কবৰ স্থানত সমাদিস্থ কৰা হয়।

গুৰুত্বপূৰ্ণ দায়িত্ব[সম্পাদনা কৰক]

১৯৭৭-৭৮ চনত বাংলাদেশ চৰকাৰৰ শিক্ষা, সংস্কৃতি, ক্ৰীড়া আৰু ধৰ্ম সম্পৰ্কিত মন্ত্ৰণালয়ৰ দায়িত্ব প্ৰেছিডেণ্টৰ উপদেষ্টা পদত নিযুক্তি আছিল। ছুইডেনৰ নোবেল কমিটিৰ সাহিত্য শাখাৰ উপদেষ্টা হিচাপে কাম কৰিছিল ১৯৭৬ চনৰ পৰা ১৯৮২ চন লৈকে। ১৯৮৯ চনত তেওঁ জাতীয় অধ্যাপক হিচাপে অভিষিক্ত হয় আৰু সেই বছৰতেই বিশ্ববিদ্যালয়ৰ মঞ্জুৰি কমিচনৰ চিয়াৰম্যান পদত নিযুক্তি হৈছিল। শেষ সময়ত দাৰুল ইহছান ইউনিভাৰ্চিটিৰ উপাচাৰ্য্য হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ জাহাঙ্গীৰ নগৰ আৰু ৰাজশ্বাহী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ দায়িত্ব পালন কৰিছিল। বঙালী একাদেমিৰ মহা পৰিচালক হিচাপেও তেওঁ শিক্ষিত সমাজত ভাল পৰিচিত।

মুক্তিযুদ্ধত অংশগ্ৰহণ[সম্পাদনা কৰক]

১৯৭১ চনত চৈয়দ আলী আহছান বাংলাদেশৰ মুক্তিযুদ্ধত সক্ৰিয়ভাবে অংশ গ্ৰহণ কৰিছিল। তেওঁ স্বাধীন বঙালী বেতাৰ কেন্দ্ৰৰ শব্দসৈনিক হিচাপে বলিষ্ঠ ভূমিকা পালন কৰিছিল। এই সময়ত তেওঁ "চেনাকণ্ঠ" ছদ্মনামত পৰিচিত আছিল।

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

কবিতা সম্বন্ধ চৈয়দ আলী আহছান ধ্যান-ধাৰণা সমকালীন কবিসকল চিন্তা-চৰ্চাৰ লগত তেনেকুৱা এটা দায়িত্ব ৰক্ষা কৰি চলিছিল। যদিও তেওঁৰ ৰচনাত ৰৈ আছে ঐতিহ্য-চেতনা, সৌন্দৰ্যবোধ আৰু স্বদেশ-প্ৰীতি, যি অইন কবিসকলোৰ লিখাতো বৰ্তমান। কবিৰ অসংখ্য গ্ৰন্থৰ মাজত 'একক সন্ধ্যায় বসন্ত'ক শ্ৰেষ্ঠ সংকলন হিচাপে বিবেচনা কৰা হয়। 'একক সন্ধ্যায় বসন্ত' কাব্যগ্ৰন্থত প্ৰধানত গদ্য-কবিতা স্থান পাইছে, সেই গদ্য-কবিতা ৰবিন্দ্ৰনাথ আৰু ত্ৰিশৰ কবিসকলোৰ গদ্য-কবিতাৰ পৰা পৃথক, কিয়নো তেওঁৰ কবিতাত উপমা আৰু শব্দ ব্যৱহাৰত আছে নতুনত্ব আৰু আধুনিকতা। উপমা ব্যৱহাৰত জীৱনানন্দ দাচৰ লগত তেওঁৰ পাৰ্থক্য এই যে জীৱনান্দত আছে ইন্দ্ৰীয়গ্ৰাহ্য উপমা আৰু চৈয়দ আলী আহছানৰ প্ৰধানত ব্যৱহাৰ কৰিছিল বিমূৰ্তি উপমা। তেওঁৰ উপমাৰ কাৰুকাজ, স্থাপনা কৌশল সচেতন পাঠকক মুগ্ধ কৰে। তেওঁৰ 'একক সন্ধ্যায় বসন্ত' কাব্য সংকলনৰ শ্ৰেষ্ঠ কবিতা 'প্ৰাৰ্থনা' আৰু 'আমাৰ পূৰ্ববঙালী' কবিতাদ্বয়। তেওঁৰ কবি প্ৰতিভাৰ উদাহৰণ পোৱা যায় নিম্নোক্ত চৰণ বিলাকত।

প্ৰকাশিত গ্ৰন্থসমূহ[সম্পাদনা কৰক]

চৈয়দ আলী আহছানৰ প্ৰকাশিত গ্ৰন্থৰ তালিকা তলত দিয়া হ'ল। ইয়াৰ উপৰিও তেওঁ আৰু কিছুমান গ্ৰন্থ ৰচনা কৰিছিল।

কাব্যগ্ৰন্থ[সম্পাদনা কৰক]

  • অনেক আকাশ (১৯৬০),
  • একক সন্ধ্যায় বসন্ত (১৯৬২),
  • সহসা সচকিত (১৯৬৮),
  • উচ্চাৰণ (১৯৬৮),
  • আমাৰ প্ৰতিদিনেৰ শব্দ (১৯৭৩)
  • প্ৰেম যেখানে সৰ্বস্ব

প্ৰবন্ধ গ্ৰন্থ[সম্পাদনা কৰক]

  • বাংলা সাহিত্যেৰ ইতিবৃত্ত (আধুনিক যুগ) মুহম্মদ আবদুল হাইৰ সাথে (১৯৫৬)
  • কবিতাৰ কথা (১৯৫৭)
  • কবিতাৰ কথা ও অন্যান্য বিবেচনা (১৯৬৮)
  • আধুনিক বাংলা কবিতা : শব্দৰ অনুষঙ্গে (১৯৭০)
  • ৰবীন্দ্ৰনাথ: কাব্য বিচাৰেৰ ভূমিকা (১৯৭৩), মধুসূদন : কবিকৃতি ও কাব্যাদৰ্শ (১৯৭৬)
  • আধুনিক জাৰ্মান সাহিত্য (১৯৭৬)
  • যখন কলকাতায় ছিলাম, আহমদ পাবলিশিং হাউজ, ২০০৪
  • বাংলা সাহিত্যে ইতিহাস মধ্যযুগ
  • শিল্পবোধ ও শিল্পচৈতন্য
  • জীৱনেৰ শিলান্যাস

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • পদ্মাবতী (১৯৬৮),
  • মধুমালতী (১৯৭১)

অনূদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • ইকবালেৰ কবিতা (১৯৫২),
  • প্ৰেমেৰ কবিতা (১৯৬০),
  • ইতিহাস (১৯৬৮)

ইসলামি গ্ৰন্থ[সম্পাদনা কৰক]

  • মহানবী
  • আল্লাহ আমাৰ প্ৰভু

অন্যান্য গ্ৰন্থ[সম্পাদনা কৰক]

  • যখন সময় এলো
  • ৰক্তাক্ত বঙালী
  • পাণ্ডুলিপি
  • বাংলাদেশেৰ শিক্ষা ব্যৱস্থা
  • ৰজনীগন্ধা
  • চৰ্যাগীতিকা
  • আমাদেৰ আত্মপৰিচয় এবং বাংলাদেশী জাতীয়তাবাদ
  • ১৯৭৫ সাল
  • বাংলাদেশেৰ সংস্কৃতি

কবি প্ৰতিভাৰ মূল্যায়ন[সম্পাদনা কৰক]

ছেনেগালৰ সাবেক প্ৰেছিডেণ্ট, ফৰাচি ভাষাৰ অন্যতম শ্ৰেষ্ঠ কবি লিউপোণ্ড চেডৰ চেংঘৰ আছিল কবি চৈয়দ আলী আহছানৰ ঘনিষ্ঠ বন্ধু। চৈয়দ আলী আহছানক লৈ লিখা তেওঁৰ কবিতাত তেওঁ কৈছিল:

চেংঘৰৰ এই কথা যি যথাৰ্থ তাৰ প্ৰমাণ আমি পাম অন্নদাশংকৰ ৰায়ৰ লিখাত: "তেওঁ এজন সত্যিকাৰৰ কবি। যেনে হৃদয়ৱান, তেনে ৰূপৱান। যি ভাষাত তেওঁ লিখে, সেয়া খাঁটি বঙালী। তেওঁৰ কবি পৰিচয়েই শ্ৰেষ্ঠ পৰিচয়।"

আধুনিক ঊৰ্দু সাহিত্যৰ প্ৰখ্যাত কবি কলিম সাসামাৰী চৈয়দ আলী আহছানৰ ষাঠিতম জন্মদিনত তেওঁ শ্ৰদ্ধা জনাইছইল এইটো কৈ: "যেতিয়া বিধাতা সাহিত্যৰ বাবে এটা উজ্জ্বল কেন্দ্ৰবিন্দুৰ কথা ভাবিছিল, চৈয়দ আলী আহছান সাহিত্যৰ দিগন্তৰ আৱিৰ্ভূত হৈছিল কিৰণ সঞ্চাৰি সূৰ্য্যৰ নিচিনা। আৰু তেতিয়া কাব্যলোক আনন্দৰ সৈতে উচ্ছলতা-উৎফুল্লৰ নৃত্যৰত হ'ল। স্বৰ্গৰ পৰা ধৰিত্ৰী লৈকে উপাদান সঙ্গীতত সমৃদ্ধ হ'ল।

বঁটা আৰু সম্মাননা[সম্পাদনা কৰক]

  • বঙালী একাদেমি বঁটা (১৯৬৮),
  • দাউদ বঁটা (১৯৬৯ স্বাধীনতা আন্দোলনৰ প্ৰাক্কালে প্ৰত্যাখ্যান),
  • শেৰে বঙালী বঁটা[3]
  • সুফি মোতাহাৰ হোছেন স্বৰ্ণপদক (১৯৭৬),
  • বাংলাদেশ চৰকাৰ কৰ্তৃক প্ৰদত্ব একুশে পদক (১৯৮২),
  • নাছিৰ উদ্দীন স্বৰ্ণপদক (১৯৮৫),
  • মধুসূদন বঁটা (১৯৮৫),
  • স্বাধীনতা বঁটা (১৯৮৭)[4]
  • জাতীয় অধ্যাপকৰূপত নিযুক্তি (১৯৮৯)।
  • কিশোৰকণ্ঠ সাহিত্য বঁটা (মৰণোত্তৰ)-২০০৩

তথ্যসূত্ৰ[সম্পাদনা কৰক]