চোনী মহিৱাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
চোনীয়ে মহিৱালক লগ পাবলৈ সাতুৰি নৈ পাৰ হৈছে।

চোনী মহিৱাল অথবা চুনী মেহেৰ (ইংৰাজী: Sohni Mahiwal ; উৰ্দু: سوہنی مہیوال; পঞ্জাবী: سوہنی مہیوال; ਸੋਹਣੀ ਮਹੀਂਵਾਲ; সিন্ধী: سهڻي ميهار) পঞ্জাবৰ চাৰিটা বিষাদ-গাথাৰ এটা। অন্য তিনিটা হ’ল- চচ্ছি পুন্নুন, মিৰ্জা চাহিবা আৰু হীৰ-ৰাঞ্জা। কাহিনীৰ নায়িকা চোনীয়ে যিজন পুৰুষক বিয়া কৰাইছিল, তেওঁৰ প্ৰতি কোনো শ্ৰদ্ধাবোধ নাছিল। বিবাহিত জীৱনত তেওঁ এগৰাকী অসুখী নাৰী আছিল। তেওঁৰ প্ৰেম আছিল এজন মহ গোৱালৰ প্ৰতি; যাক লগ পাবলৈ তেওঁ প্ৰতি নিশা নৈ সাতুৰি পাৰ হৈছিল। পানীত ওপঙি সহজে ওপঙিবলৈ চোনীয়ে এটা মাটিৰ কলহ ব্যৱহাৰ কৰিছিল। তেওঁৰ এই গোপন প্ৰেমৰ কথা গম পাই ননদে সেই মাটিৰ কলহটো সলনি কৰি তাৰ ঠাইত এটা জুইত নোপোৰা কেঁচা মাটিৰ কলহ থৈ দিয়ে। চোনীয়ে সেই কেঁচা মাটিৰ কলহটো লৈ নৈত সাতুৰি যাওঁতে কলহটো পানীত সংস্পৰ্শত গলি যায় আৰু তেওঁৰ সলিল সমাধি ঘটে।[1]

চোনী মহিৱালৰ কাহিনীত সিন্ধী চুফী কবি ‘শাহ জো ৰিচালো’ ৰচিত আন এটা বিষাদ গাথাতো দেখিবলৈ পোৱা যায়। শাহৰ এই বিষাদ গাথাটো সিন্ধী ভাষাৰ সাতটা জনপ্ৰিয় বিষাদ গাথাৰ অন্যতম। চোনী সিন্ধী আৰু পঞ্জাবী উভয় ভাষাৰে জনপ্ৰিয় লোকগাথা।[2]

কাহিনী[সম্পাদনা কৰক]

চোনীৰ সমাধিসৌধ, ছাহদাদপুৰ, সিন্ধ

১৮ শতিকাত মোগল শাসনৰ শেষৰ ফালে তুল্লা নামে এজন কুমাৰৰ ঘৰত চোনী নামেৰে সুন্দৰী ছোৱালী এজনীয়ে জন্ম লৈছিল। তেওঁলোকে বৰ্তমানৰ পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ গুজৰাট চহৰত বাস কৰিছিল। সেই সময়ৰ গুজৰাট চহৰ চেনাব নৈৰ পাৰত অৱস্থিত আছিল আৰু ই আছিল বুখাৰা আৰু দিল্লীৰ বাণিজ্যপথৰ এটা ‘কাৰাভান-চৰাই’, অৰ্থাৎ পথিকসকলৰ বিশ্ৰামস্থল। চোনী ডাঙৰ হৈ অহাৰ লগেলগে মাটিৰ পাত্ৰবোৰত কাৰুকাৰ্য কৰাত দেউতাক সহায় কৰিছিল। চেনাব নৈৰ পাৰৰ ৰামপিয়াৰী মহলৰ ওচৰত তেওঁলোকৰ বিক্ৰিকেন্দ্ৰ আছিল বুলি ভবা[3]

বুখাৰাৰ ইজ্জত বেইগ[সম্পাদনা কৰক]

উজবেকিস্তানৰ বুখাৰা চহৰৰ এজন সদাগৰ ইজ্জত বেইগ বাণিজ্যৰ উদ্দেশ্যে দিল্লীলৈ আহিছিল। আহোঁতে গুজৰাটত যাত্ৰা বিৰতি কৰিছিল। তাতে বেইগে চোনীক দেখা পায় আৰু বিমুগ্ধ হৈ পৰে। তেওঁক এপলক দেখা পাবলৈকে বেইগে প্ৰতিদিনে তেওঁলোকৰ দোকানৰ কলহ আৰু আন পাত্ৰবোৰ কিনে। চোনীৰো সদাগৰজনৰ প্ৰতি প্ৰণয়ৰ ভাব জাগে। বেইগে কাৰাভানৰ সৈতে বুখাৰালৈ উভতি নগৈ তুল্লাৰ ঘৰতে লগুৱা হৈ থাকিল আৰু মহ চৰোৱা কামত নিযুক্ত হ’ল। বেইগ ‘মেহেৰ’ বা ‘মহিৱাল’ নামেৰে পৰিচিত হ’ল, যাৰ অৰ্থ মহ-গোৱাল।[3]

চোনীৰ বিবাহ[সম্পাদনা কৰক]

চোনী আৰু মহিৱালৰ প্ৰণয় কাহিনীয়ে কুমাৰ সমাজত তোলপাৰ লগায়। এজন বাহিৰা মানুহৰ সৈতে সৈতে বিয়া হোৱাত সমাজে অনুমোদন নজনালে। সেয়েহে দেউতাকে ততাতৈয়াকৈ আন এজন কুমাৰ সৈতে তেওঁৰ বিয়াৰ আয়োজন কৰিলে। ইজ্জত বেইগে সাধাৰণ জীৱন ত্যাগ কৰি ফকীৰৰ জীৱন আকোৱালী ল’লে আৰু চোনীৰ নতুন ঘৰ হামিৰপুৰৰ, চেনাব নৈৰ সিটোপাৰে এটা জুপুৰী সাজি বাস কৰিবলৈ ল’লে।[3]

মাজনিশা গোটেই পৃথিৱী নিঃপালি দিয়াৰ পিছত চোনীয়ে মহিৱালক লগ পাবলৈ যায়। পানীত যাতে ওপঙি থাকে, তাৰবাবে এটা মাটিৰ কলহ ওভোতাকৈ লৈ, তাতে সাবটি ধৰি তেওঁ নৈ পাৰ হয়। বেইগে প্ৰতিদিনে এটা মাছ ধৰি তেওঁৰ বাবে ৰন্ধা-বঢ়া কৰি থয়। কথিত আছে যে এদিন মাছ নাপাই মহিৱালে নিজৰ উৰুৰ মাংস কাটি ৰান্ধি থৈছিল।

কৰুণ পৰিনতি[সম্পাদনা কৰক]

ইফালে চোনীয়ে যে মহিৱালক লগ পাবলৈ যায়, এই বিষয়ে গুজৱ বিয়পি পৰিল। এদিন চোনীৰ ননদে তেওঁক অনুসৰণ কৰি তেওঁ লুকুৱাই ৰখা মাটিৰ পাত্ৰটোৰ গোপন ঠাই টুকুৰা বিচাৰি পায়। ননদে আহি মাকক অৰ্থাৎ চোনীৰ শাহুৱেকক কথাটো জনালে। ইফালে তেওঁৰ স্বামী সেই সময়ত ঘৰৰ পৰা আঁতৰত আছিল। পিছদিনাখন ভালকৈ জুইত পোৰা সেই শক্তিশালী মাটিৰ কলহটো আঁতৰাই তাৰ ঠাইত এটা কেঁচা মাটিৰ কলহ থৈ দিলে। কেঁচা মাটিৰ পাত্ৰটো লৈ চোনীয়ে যেতিয়া নৈ পাৰ হ’বলৈ গ’ল, পানীৰ সংস্পৰ্শত কলহটো গলি যায় আৰু তেওঁৰ সলিল সমাধি ঘটে। ইফালে নৈৰ সিপাৰৰ পৰা মহিৱালে চোনীক বুৰিবলৈ ধৰা দেখা পাই বচাবলৈ নৈত জাপ দিয়ে আৰু তেওঁৰো মৃত্যু হয়। এনেকৈ ইহ জনমত নহলেও পৰজনমত তেওঁলোকৰ মিলন হ’ল।[3]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Annemarie Schimmel (2003). Pain and Grace: a Study of Two Mystical Writers of Eighteenth-Century Muslim India. Sang-E-Meel Publications. 
  2. Annemarie schimmel (2003). Pain and grace:a study of two mystical writers of eighteenth-century Muslim India. Sang-E-Meel Publications. 
  3. 3.0 3.1 3.2 3.3 "Folk Tales of Pakistan: Sohni Mahiwal". www.http://pakistaniat.com/. http://pakistaniat.com/2007/01/08/pakistan-sohni-mahiwal-folk-tales-culture/। আহৰণ কৰা হৈছে: 17 March 2021. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]