জাগীৰোড মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাগীৰোড মহাবিদ্যালয়
স্থাপিত ১৯৭৯
ধৰণ ৰাজহুৱা
অধ্যক্ষ বি চি নেওগ
স্থান জাগীৰোড, মৰিগাঁও, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.jagiroadcollege.co.in

জাগীৰোড মহাবিদ্যালয় (ইংৰাজী: Jagiroad College) অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত এখন স্নাতক শিক্ষাৰ মহাবিদ্যালয়। ১৯৭৯ চনৰ ৮ আগষ্টত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল। বিজ্ঞান,কলা আৰু বাণিজ্য শাখাৰ বিভিন্ন পাঠ্যক্ৰম প্ৰদান কৰা মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

জাগীৰোড মহাবিদ্যালয় প্ৰাচীন তিৱা ৰাজ্যৰ ৰাজকোঁৱৰৰ বাসস্থান "ন- খোলা"ৰ সমীপত অৱস্থিত। এই অঞ্চলৰ এচাম দূৰদৰ্শী আৰু সংকল্পবদ্ধ সমাজকৰ্মীৰ প্ৰচেষ্টাতে মহাবিদ্যালয়খন গঢ় লৈ উঠিছিল।

বিভাগসমূহ[সম্পাদনা কৰক]

কলা

বিজ্ঞান

অন্যান্য
  • বাণিজ্য
  • খুচুৰা ব্যৱস্থাপনা
  • মনোৰঞ্জন (অভিনয়)
  • পৰ্যটন আৰু আতিথ্য ব্যৱস্থাপনা

পুথিভঁৰাল[সম্পাদনা কৰক]

মহাবিদ্যালয়খনৰ কেন্দ্ৰীয় পুথিভঁৰালত শিক্ষক আৰু অনাৰ্চ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলৰ বাবে এটা প্ৰশস্ত পঢ়া হল আৰু কেইবাটাও কোঠা আছে। ইয়াত আলোচনী, ভিডিঅ' চিডি আদিকে ধৰি কিতাপৰ এক সমৃদ্ধ সংগ্ৰহ আছে। অনুষদৰ সদস্যসকলৰ পৰামৰ্শ অনুসৰি কিতাপবোৰ নিয়মীয়াকৈ ক্ৰয় কৰা হয়। মহাবিদ্যালয়খনৰ পুথিভঁৰালে বুক বেঙ্ক সুবিধা(উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে) শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে প্ৰৱৰ্তন কৰিছে। বুক বেঙ্কে মেধাৱী শিক্ষাৰ্থী আৰু অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ শিক্ষাৰ্থীসকলক পাঠ্যপুথি আৰু প্ৰসংগ-পুথিসমূহ প্ৰদান কৰে। মহাবিদ্যালয়ৰ অভ্যন্তৰীণ অংশীদাৰসকলৰ (শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ) দান কৰা কিতাপৰ জৰিয়তে এই সুবিধা বিকশিত হৈছে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Affiliated College of Gauhati University". Archived from the original on 2017-06-06. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 2022-05-02. 
  2. "Library facilities". http://www.jagiroadcollege.co.in/library.php। আহৰণ কৰা হৈছে: 2 মে' 2022.