জাতি বেত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
জাতি বেত
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Arecales
পৰিয়াল: Arecaceae
গণ: Calamus
প্ৰজাতি: C. tenuis
বৈজ্ঞানিক নাম
Calamus tenuis
Roxb.

জাতি বেত (ইংৰাজী: Calamus tenuis) বা কেলামাছ টেনুইছ আৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ এবিধ সৰু আকাৰৰ বেত জাতীয় উদ্ভিদ। ই ভাৰত (অসম), বাংলাদেশ, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, ভিয়েটনাম, জাভা আৰু সুমাত্ৰাৰ থলুবা উদ্ভিদ।[2] বৰ্তমান ই আই ইউ চি এন ৰঙা তালিকাৰ সংকটৰপৰা মুক্ত প্ৰজাতি।[3]

বিস্তৃতি[সম্পাদনা কৰক]

জাতি বেত ভাৰত (অসম), বাংলাদেশ, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, ভিয়েটনাম, জাভা আৰু সুমাত্ৰাৰ থলুবা উদ্ভিদ। এই উদ্ভিদ সাধাৰণতে প্ৰায় গ্রীষ্মমণ্ডলীয় বা গ্রীষ্মমণ্ডলীয় বৃষ্টিময় নিম্নভূমি অৰণ্য আৰু প্ৰায় গ্রীষ্মমণ্ডলীয় বা গ্রীষ্মমণ্ডলীয় বৃষ্টিময় পার্বত্য অৰণ্যত পোৱা যায়। উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাৰ অন্তৰ্গত বনাঞ্চলবিলাকত এই বেতৰ উৎপত্তি হোৱা দেখা যায়৷ সাধাৰণতে দ-চানেকীয়া ঠাইত এই বেতৰ উৎপত্তি পৰিলক্ষিত হয়৷ [4]

বিৱৰণ[সম্পাদনা কৰক]

জাতি বেতে লতাৰ নিচিনাকৈ গছৰ ওপৰলৈ বগাই যোৱাৰ চাৰিত্ৰিক প্ৰবৃত্তি প্ৰদৰ্শন কৰে৷ লতাৰ মাজে মাজে গাঁঠিৰ উৎপত্তি হয়, লতাৰ উপৰিভাগ মিহি আৰু ভিতৰখন আঁহযুক্ত হয়৷ পাবে পাবে বৌখাৰ উৎপত্তি হয় আৰু এই বৌখাৰপৰা উদ্ভৱ হোৱা ঠাৰিৰ আগত ছিৰিলি ছিৰিলি পাত ধৰে৷ লতাডাল বাঢ়ি যোৱাৰ লগে লগে পাতবোৰ সৰি যায় আৰু কেৱল আগভাগত পাতবিলাক ওলমি থাকে৷ হাকুটাৰ পৰা কাইট থকা আঁকুহিৰ উৎপত্তি হয়৷[4]

জাতিবেতৰ লতাডালৰ গুৰিত উৎপত্তি হোৱা মুঢ়াৰ পৰা বিকশিত হোৱা ঘাই শিপাডালৰ পৰা অসংখ্য ক্ষুদ্ৰ শিপাৰ উৎপত্তি হয়৷ এই শিপাবোৰে লতাডালক মাটিত খামোচ মাৰি ধৰি ৰাখে৷ মুঢ়াত উৎপন্ন হোৱা পুলিবোৰ ক্ৰমে ডঙৰ হৈ ওচৰত থকা গছ-গছনিবিলাকৰ ওপৰলৈ বগাই যায়৷

জাতি বেতৰ থোপাথোপে ফুল ধৰে৷ সেই ফুলবোৰ পুৰঠ হ’লে থোপা থোপে বাকলি থকা ফল ধৰে৷ এই ফলবোৰক বেতগুটি বুলি কোৱা হয়৷ [4]

ব্যৱহাৰ[সম্পাদনা কৰক]

জাতিবেত টুকুৰিকে ধৰি অন্য বহুতো সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ ইয়াৰ বকটু গুচাই সুত তৈয়াৰ কৰা হয়৷ ঘৰৰ বেৰাৰ কামি বন্ধা, খৰাহি-পাচিৰ বাও বন্ধা আদি কামত এই বেতৰ সুতবোৰ ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি এই বেতৰ গাঁজ খাদ্য হিচাপে খোৱা হয়৷[4]

চিত্ৰ সম্ভাৰ[সম্পাদনা কৰক]

Bet Guti (বেত গুটি).jpeg

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Lansdown, R.V. (2011). "Calamus tenuis". The IUCN Red List of Threatened Species (IUCN) খণ্ড 2011: e.T199688A9117768. doi:10.2305/IUCN.UK.2011-2.RLTS.T199688A9117768.en. http://www.iucnredlist.org/details/199688/0। আহৰণ কৰা হৈছে: 1 December 2017. 
  2. Kew World Checklist of Selected Plant Families, Calamus tenuis
  3. Global species
  4. 4.0 4.1 4.2 4.3 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ