জাপানৰ প্ৰশাসনিক অঞ্চল
প্ৰশাসনিক অঞ্চল 都道府県 টোডোউফুকেন | |
---|---|
শ্ৰেণী | এককেন্দ্ৰিক ৰাষ্ট্ৰ |
অৱস্থান | জাপান |
সংখ্যা | ৪৭ |
জনসংখ্যা | ৫,৮৪,৯৮২ (টোট্টোৰি) – ১,২০,৫৯,২৩৭ (টকিঅ') |
কালি | 1,861.7 বৰ্গ কি.মি. (1.8617×109 বৰ্গ মিটাৰ) (কাগাৱা) – 83,453.6 বৰ্গ কি.মি. (8.34536×1010 বৰ্গ মিটাৰ) (হোক্কাইডো) |
চৰকাৰ | প্ৰশাসনিক অঞ্চল চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ |
বিভাগ | জিলা |
জাপানৰ প্ৰশাসনিক অঞ্চল বা প্ৰিফেকচাৰ (ইংৰাজী: Prefectures of Japan; 都道府県, টোডোউফুকেন) বুলিলে আধুনিক জাপান ৰাষ্ট্ৰৰ ৪৭খন প্ৰশাসনিক তথা বিচাৰ বিভাগীয় গোটক বুজায়। ইয়াৰ ভিতৰৰ ৪৩খন হ'ল যথাৰ্থত প্ৰশাসনিক অঞ্চল (県 কেন্), ২খন নগৰ-প্ৰশাসনিক অঞ্চল (府 ফু, উছাকা আৰু কিয়োটো), এখন "বৰ্তনী" বা "এলেকা" (道 দোউ, হোক্কাইডো) আৰু এখন "মহানগৰ" (都 টো, টকিঅ')। ১৮৬৮ চনত ক্ষমতাপ্ৰাপ্ত মেইজি ফুহাংকেন ছাঞ্চিছেইৰ প্ৰশাসনে ১৮৭১ চনত জাপানৰ পুৰণা প্ৰদেশসমূহক পুনৰ্বিন্যস্ত কৰি বৰ্তমান প্ৰশাসনিক অঞ্চল ব্যৱস্থাৰ সূচনা কৰে।[1]
প্ৰতিখন প্ৰশাসনিক অঞ্চলৰ কৰ্ণধাৰ হৈছে এজন প্ৰত্যক্ষ নিৰ্বাচিত ৰাজ্যপাল (知事 চিজি)। স্থানীয় বিচাৰবিভাগীয় সিদ্ধান্ত আৰু বাজেট দাখিল কৰে এখন এককক্ষবিশিষ্ট সভাই (議会 গিকাই)। এই সভাৰ সদস্যসকলক চাৰি বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়।
বৰ্তমান স্থানীয় স্বায়ত্তশাসন আইন অনুযায়ী প্ৰতিখন প্ৰশাসনিক অঞ্চলক কেইবাখনো নগৰ (市 শি) আৰু জিলা (郡 গুন) হিচাপে বিভক্ত কৰা হয়। প্ৰতিখন জিলা কেইবাখনো চহৰ (町 চোও/মাচি) আৰু গাঁৱত (村 সোণ/মুৰা) বিভক্ত; যেনে, হোক্কাইডো ১৪খন জিলা বা উপ-প্ৰশাসনিক অঞ্চলত বিভক্ত, যিবোৰে হোক্কাইডো প্ৰশাসনিক অঞ্চলৰ শাখা কাৰ্যালয় (支庁 ছিচোউ) হিচাপে কাম কৰে। অন্য কোনো কোনো প্ৰশাসনিক অঞ্চলতো এই ধৰণৰ শাখা কাৰ্যালয় আছে যিবোৰত ৰাজধানীৰ বাহিৰৰ পৰা প্ৰশাসনিক কাম-কাজ চলোৱা হয়। জাপানৰ ৰাজধানী টকিঅ' এক প্ৰকাৰৰ মিশ্ৰ নগৰ-প্ৰশাসনিক অঞ্চল বা মহানগৰ; ইয়াত নগৰ আৰু প্ৰশাসনিক অঞ্চল - উভয়ৰে বৈশিষ্ট্য বিদ্যমান।
ইতিহাস
[সম্পাদনা কৰক]মেইজি চৰকাৰে ১৮৭১ চনৰ জুলাই মাহত পূৰ্বৰ প্ৰদেশ বিভাজনৰ হান পদ্ধতি বাতিল কৰি দি প্ৰশাসনিক অঞ্চল পদ্ধতি বলবৎ কৰে। প্ৰাথমিকভাৱে ৩০০ তকৈও অধিক প্ৰশাসনিক অঞ্চল আছিল। ইয়াৰ অধিকাংশই আছিল পূৰ্বৰ হান বা প্ৰদেশ। ক্ৰমে সংলগ্ন প্ৰদেশসমূহক সংযুক্ত কৰাৰ ফলত ১৮৮৮ চনত ইয়াৰ সংখ্যা ৪৭ লৈ কমি আহে। ১৯৪৭ চনত স্থানীয় স্বায়ত্তশাসন আইনে প্ৰশাসনিক অঞুচলসমূহক অধিকতৰ ৰাজনৈতিক ক্ষমতা প্ৰদান কৰে আৰু প্ৰশাসনিক অঞ্চলভিত্তিক ৰাজ্যপাল আৰু আইনসভা স্থাপন কৰে।
২০০৩ চনত তৎকালীন প্ৰধানমন্ত্ৰী জুনিচিৰো কোইজুমিয়ে প্ৰশাসনিক অঞ্চলসমূহক দহখন ৰাজ্যত সংবদ্ধ কৰাৰ প্ৰস্তাৱ দিয়ে। এই নতুন ৰাজ্যসমূহক বৰ্তমানৰ প্ৰশাসনিক অঞ্চলতকৈ অধিক স্বায়ত্ত্বশাসন দিয়াৰ কথা কোৱা হয়। ই উপ-প্ৰশাসনিক কাৰ্যালয়ৰ সংখ্যা আৰু সামগ্ৰিকভাৱে প্ৰশাসনৰ ব্যয় হ্ৰাস কৰিব।[2] জাপান চৰকাৰে বহুসংখ্যক প্ৰশাসনিক অঞ্চলক লগ লগাই ৯ৰ পৰা ১৩খন মান উপ-জাতীয় প্ৰশাসন ব্যৱস্থা প্ৰচলন কৰাৰ এক প্ৰস্তাৱো বিবেচনা কৰিছে। এই ব্যৱস্থাৰ লক্ষ্য হৈছে স্থানীয় চৰকাৰৰ স্বায়ত্তশাসনৰ পৰিধি বঢ়োৱা।[3] অৱশ্যে ২০১২ চনৰ আগষ্ট পৰ্যন্ত কোনো পৰিবৰ্তনৰ সিদ্ধান্ত লোৱা হোৱা নাই।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Nussbaum, Louis-Frédéric, 2002: "Provinces and prefectures" in Japan encyclopedia, p. 780.
- ↑ Mabuchi, Masaru, "জাপানৰ পৌৰ সংঘবদ্ধকৰণ", বিশ্ব বেংক, ২০০১।
- ↑ "ডোছুছেই অঞ্চল ব্যৱস্থা" Archived 2006-09-26 at the Wayback Machine National Association for Research Advancement.