জীৱন-বৃত্ত
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
জীৱন-বৃত্ত | |
---|---|
লেখক | ড০ ভবেন্দ্ৰ নাথ শইকীয়া |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | আত্মজীৱনী |
প্ৰকাশক | লয়াৰ্ছ বুক ষ্টল |
প্ৰকাশ | ২০০৩ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ৪৩২ (পঞ্চম প্ৰকাশ, জানুৱাৰী ২০১৬, অসম বুক হাইভ) |
আই.এচ.বি.এন. | 978-93-80247-20-5 |
জীৱন-বৃত্ত হৈছে অসমীয়া সাহিত্যিক ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ আত্মজীৱনী। লিখকে ১৯৯৭ চনৰ ডিচেম্বৰ মাহত লিখিবলৈ আৰম্ভ কৰি ১৯৯৯ চনৰ ডিচেম্বৰ মাহত লিখি শেষ কৰা আত্মজীৱনীখন প্ৰথমে প্ৰান্তিক আলোচনীৰ পাতত চৌচল্লিছটা খণ্ডত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল আৰু পৰৱৰ্তী সময়ত লয়াৰ্চ বুক ষ্টলে ২০০৩ চনত গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল। লেখকে নিজে উল্লেখ কৰা অনুসৰি আত্মজীৱনী লিখাৰ আৰম্ভণি তেখেত ১৯৯৭ চনৰ ডিচেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টন নগৰত কৰিছিল। পৰৱৰ্তী ১৯৯৮ চনৰ মাৰ্চ মাহৰ পৰা জুলাই মাহৰ মাজভাগলৈকে গুৱাহাটীত লিখিছিল, আকৌ ১৯৯৮ চনৰ জুলাই মাহৰ শেষ ভাগৰ পৰা ডিচেম্বৰ মাহৰ শেষ ভাগলৈকে কামটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনত কৰিছিল আৰু ১৯৯৯ চনৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰলৈকে এইছোৱা সময়ত তেখেতে কিতাপখন লিখি সম্পূৰ্ণ কৰিছিল। গ্ৰন্থাকাৰে প্ৰকাশিত এই আত্মজীৱনীখন মুঠ ১১টা অধ্যায়ত বিভক্ত কৰা হৈছে। আত্মজীৱনীখনত তেখেতে শৈশৱৰ সময়ৰ পৰা আৰম্ভ কৰি ৰোগাক্ৰান্ত হৈ জীৱনৰ শেষ মুহূৰ্তলৈকে অৰ্জন কৰা অনেক অভিজ্ঞতা-উপলব্ধিৰ বৰ্ণনা কৰিছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]ভবেন্দ্ৰ নাথ শইকীয়া। জীৱন-বৃত্ত। অসম বুক হাইভ, গুৱাহাটী। পঞ্চম প্ৰকাশ, জানুৱাৰী ২০১৬।