সমললৈ যাওক

জেঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেঠী
মেডিটেৰিয়ান জেঠী, Hemidactylus turcicus
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
উপপৰ্ব: Vertebrata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Gekkota
পৰিয়াল: Gekkonidae
গণ: Hemidactylus
Oken, 1817[1]
Type species
Gecko tuberculosus
Diversity
প্ৰায় ৯০ বিধ প্ৰজাতি

জেঠী (হেমিডাইক্টালাছ, ইং: Hemidactylus সাধাৰণ নাম- house geckos) হ'ল গেক' পৰিয়ালৰ অন্তৰ্গত এটা গণ। ইহঁতৰ প্ৰায় ৯০ বিধ প্ৰজাতি আছে। পৃথিৱীৰ অধিকাংশ অঞ্চলতে ইহঁতক দেখা পোৱা যায়।

সাধাৰণতে জেঠীবোৰ মানুহৰ আৱাস স্থলৰ আশে-পাশে পোৱা যায়।

স্বভাৱ আৰু আৱাস

[সম্পাদনা কৰক]

সাধাৰণতে প্ৰতিঘৰৰে বেৰৰ ফাকত বা দৰ্জা-খিৰিকীত জেঠী দেখা পোৱা যায়। ইহঁতে বেৰতো খোজ কাঢ়িব পাৰে। সৰু সৰু পতংগ আৰু সৰু অমেৰুদণ্ডী প্ৰাণী খাই জীয়াই থাকে। দেহটো ক্ষুদ্ৰ ক্ষুদ্ৰ মিহি বাকলিৰে আবৃত। বেৰত বগাব পৰাকৈ ইহঁতৰ আগ ঠেং আৰু পিছ ঠেঙৰ আঙুলি বোৰত আসংজক উপধান থাকে।

ভৰি, ওপৰ (বাওঁ) আৰু তল (সোঁ) ফালৰ পৰা।

দেহটো মূৰ, গা আৰু নেজত বিভক্ত। চকুৰ মণি হেলনীয়া। ঠেং চাৰিটা, চকু দুটা আৰু বহিঃ কৰ্ণ ৰন্ধ্ৰ আছে। আগ ঠেং আৰু পিছ ঠেঙৰ আঙুলি বোৰ মুক্ত আৰু আসংজক উপধান থাকে।

প্ৰজাতি সমূহ

[সম্পাদনা কৰক]
সাধাৰণ জেঠি (H. frenatus)।
মেডিটেৰিয়ান জেঠি (H. turcicus)।
(তামিল নাডু, ভাৰত)ত পোৱা এবিধ জেঠী।
জেঠী, চেন্নাই, ভাৰত।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]