জেৰুজালেম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেৰুজালেম
Hebrew: יְרוּשָׁלַיִם (Yerushalayim)
Arabic: القُدس (al-Quds)
Aramaic: יְרוּשְׁלֶם (Yərushəlem)
—  City  —
From upper left: Jerusalem skyline viewed from Givat ha'Arba, Mamilla, the Old City and the Dome of the Rock, a souq in the Old City, the Knesset, the Western Wall, the Tower of David and the Ottoman Old City walls

পতাকা
Emblem of Jerusalem
Coat of arms
অন্য নাম: Ir ha-Kodesh (The Holy City), Bayt al-Maqdis (House of the Holiness)
ভৌগোলিক স্থানাংক: 31°47′N 35°13′E / 31.783°N 35.217°E / 31.783; 35.217স্থানাংক: 31°47′N 35°13′E / 31.783°N 35.217°E / 31.783; 35.217
Claimed by Israel
Palestine[vii]
Administered by Israel
Israeli District Jerusalem
Palestinian Governorate Jerusalem
চৰকাৰ
 - প্ৰকাৰ Mayor–Council
 - Body Jerusalem Municipality
 - Israeli Mayor Nir Barkat
মাটিকালি
 - City 1,25,156.2
 - মহানগৰ ৬৫২ কি.মি. 
(২৫১.৭ বৰ্গ মাইল)
উচ্চতা ৭৫৪ মিটাৰ (২,৪৭৩.৭৫৩২৮ ফুট)
জনসংখ্যা (২০১৩)
 - City 890,428 [1]
 - জনঘনত্ব  প্ৰতি বৰ্গ কি.মি.
 - মহানগৰ ১০,২৯,৩০০ জন
Demonym Jerusalemite, West Jerusalemite, East Jerusalemite
Qudsi/Maqdisi (used by Palestinians)
সময় অঞ্চল   (গ্ৰী.মা.স.+2)
 - গ্ৰীষ্ম (দি স স)   (গ্ৰী.মা.স.+3)
অঞ্চল কোড Overseas dialling: +972-2
Local dialling: 02
ৱেবছাইট jerusalem.muni.il[iv]

জেৰুজালেম (/əˈrsələm/[i]) ভূমধ্য সাগৰ (Mediterranean Sea) ৰ আৰু মৃত সাগৰ (Dead sea)ৰ মাজত জুডিয়ান পৰ্বতমালা (Judean Mountains)ৰ এক মালভূমিত অৱস্থিত বিশ্বৰ ভিতৰতে এক প্ৰাচীন চহৰ৷ এই চহৰখন বিশ্বৰ তিনিটা ধৰ্ম, মুছলমান, খ্ৰীষ্টান আৰু ইহুদী লোকৰ বাবে এক পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়৷ ইজৰাইল আৰু পেলেষ্টাইন দুয়োখন দেশে এই চহৰক ৰাজধানী বুলি গণ্য কৰে আৰু ইয়াৰ ওপৰত অধিকাৰ দাবী কৰি আহিছে ৷

দীঘলীয়া ইতিহাসত জেৰুজালেম কমেও দুবাৰ ধ্বংস কৰা হৈছিল, ২৩ বাৰ ঘেৰাও, ৫২ বাৰ আক্ৰমণ আৰু ৪৪ বাৰ বলপূৰ্বক দখল কৰা হৈছিল৷ [2] এই মহানগৰৰ আটাইতকৈ প্ৰাচীন আংশটোত ’4th millennium BCE’ ৰ সময়তে মানুহে বসবাস কৰিবলৈ লৈছিল৷[3] ১৫৩৮ চনত ছুলেইমান শাসনৰ অধীনত জেৰুজালেমৰ চাৰিওদিশে দেৱাল নিৰ্মাণ কৰা হৈছিল৷ বৰ্তমান সেই দেৱালসমূহেই প্ৰাচীন মহানগৰৰ সীমা নিৰ্ধাৰণ কৰে৷ এই প্ৰাচীন অংশটো ঐতিহাসিকভাৱে চাৰিটা খণ্ডত বিভক্ত কৰা হৈছিল- আৰমেনিয়ান (Armenian), খ্ৰীষ্টান, ইহুদী আৰু মুছলমান খণ্ড৷ [4] প্ৰাচীন মহানগৰৰ অংশটোৱে ১৯৮১ চনত হেৰিটেজ ছাইটৰ মৰ্য্যদা লাভ কৰে৷ বৰ্তমান এই মহানগৰক বিপদাপন্ন ৱৰ্ল্ড হেৰিটেজ ছাইট (World Heritage in Danger) বুলি ঘোষণা কৰা হৈছে৷ [5] আধুনিক জেৰুজালেম প্ৰাচীন চহৰখনৰ সীমাৰ পৰা যথেষ্ট বৃদ্ধি পাইছে৷

বৰ্তমান জেৰুজালেমৰ স্থিতি ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ মূল বিতৰ্কিত বিষয়৷ ১৯৪৮ চনৰ আৰব-ইজৰাইলী যুদ্ধৰ সময়ত, ইজৰাইলে অন্যান্য অঞ্চলৰ লগতে পশ্চিম জেৰুজালেম অধিকাৰ কৰে৷ পূব জেৰুজালেমৰ লগতে প্ৰাচীন মহানগৰখন পৰৱৰ্তী কালত জৰ্ডানে অধিকাৰ কৰে৷ কিন্তু ১৯৬৭ চনত ইজৰাইলে ’ছদিনীয়া যুদ্ধ’ (Six-Day War)-ৰ অন্তত জৰ্ডানৰ পৰা এই অংশও নিজৰ অধীনলৈ নিয়ে৷ ইজৰাইলৰ ১৯৮০ জেৰুজালেম আইনে এই চহৰক ইজৰাইলৰ ৰাজধানী বুলি ঘোষণা কৰে৷ ইজৰাইল চৰকাৰৰ সকলো গুৰুত্বপূৰ্ণ কাৰ্যা্যলয়, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু উচ্চতম ন্যায়ালয়ৰ কাৰ্য্যালয়ো জেৰুজালেমত প্ৰতিষ্ঠা কৰা হয়৷ আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ে এই বলপূৰ্বক দখলক বেআইনী বুলি ঘোষণা কৰে আৰু বৰ্তমানো পূব জেৰুজালেমক ইজৰাইলৰ দখলত থকা পেলেষ্টাইনৰ অংশ বুলি গণ্য কৰে৷[6][7][8][9] আন্ত:ৰাষ্ট্ৰীয় সম্প্ৰদায়ে জেৰুজালেমক ইজৰাইলৰ ৰাজধানী বুলিও স্বীকৃতি নিদিয়ে৷ এই চহৰত কোনো বৈদেশিক মন্ত্ৰালয় নাই৷

জনসংখ্যা[সম্পাদনা কৰক]

২০০৭ চনৰ ডিচেম্বৰৰ লোকপিয়ল অনুসৰি জেৰুজালেমৰ জনসংখ্যা ৭৪৭,৬০০ জন৷ ইয়াৰে ৬৪% ইহুদী, ৩২% মুছলমান আৰু ২% খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক৷[10] ২০০৫ চনত জনসংখ্যাৰ ঘনত্ব আছিল Lua error in Module:Convert at line 1769: attempt to index field 'en_option_name' (a nil value).[11][12] ২০০০ চনৰ এক গৱষণা অনুসৰি, ইহুদী লোকৰ সংখ্যা চহৰখনত ক্ৰমান্বয়ে কমি আহিছে৷ মুছলমান লোকৰ উচ্চ জন্মহাৰ আৰু ইহুদী লোকৰ প্ৰব্ৰজনেই ইয়াৰ কাৰণ বুলি ধাৰণা কৰা হয়৷[13] প্ৰায় ২০০,০০০ জন ইহুদীয়ে পূব জেৰুজালেমত বসবাস কৰি আছে যদিও এই বসতিসমূহ আন্তৰ্জাতিক নীতি অনুসৰি বেআইনী বুলি গণ্য কৰা হয়৷[14]

ধৰ্মীয় গুৰুত্ব[সম্পাদনা কৰক]

জেৰুজালেমৰ তীৰ্থস্থান টেম্পল মাউন্ট
মুছলমানসকলে মহম্মদে স্বৰ্গলৈ যাত্ৰা কৰা স্থান বুলি গণ্য কৰা জেৰুজালেমৰ ’আল-আকছা মছজিদ (al-Aqsa Mosque)
ইহুদীসকলৰ তীৰ্থস্থান ৱেষ্টাৰ্ণ ৱাল
খ্ৰীষ্টানসকলৰ তীৰ্থস্থান ’Church of the Holy Sepulchre’

জেৰুজালেম বিগত ৩০০০ বছৰ জুৰি ইহুদী, প্ৰায় ২০০০ বছৰ খ্ৰীষ্টান আৰু ১৪০০ বছৰ ধৰি মুছলমান ধৰ্মাৱলম্বী লোকৰ বাবে পবিত্ৰ তীৰ্থস্থান ৰূপে পৰিগণিত হৈ আহিছে৷ ২০০০ চনৰ জেৰুজালেমৰ পৰিসংখ্যা ইয়েৰবুক ( The 2000 Statistical Yearbook) জেৰুজালেমত ১২০৪ চিনাগগ (synagogue), ১৫৮ গীৰ্জা আৰু ৭৩ টা মছজিদ আছে৷[15]

জেৰুজালেমত ইহুদীসকলৰ ঐতিহাসিক পবিত্ৰ মন্দিৰ (Holy temple) আছিল আৰু ইয়াৰে অৱশিষ্ট হিচাপে ইহুদী অংশত বৰ্তমান ৱেষ্টাৰ্ন ৱাল (Western Wall) অৱস্থিত৷ এই পবিত্ৰ মন্দিৰৰ ভিতৰতে ইহুদীসকলে পৃথিৱী সৃষ্টিৰ স্থান থকা বুলি বিশ্বাস কৰে৷ শ্ৰুতি অনুসৰি ইয়াতে আব্ৰাহামে তেওঁৰ পুত্ৰ আইজাকক বলি দিবলৈ সাজু হৈছিল৷[16][17]

আনহাতে খ্ৰীষ্টানসকলে বিশ্বাস কৰে যে যীশুক জন্মৰ পিছতে জেৰুজালেমলৈ অনা হৈছিল আৰু দ্বিতীয় মন্দিৰত ৰখা হৈছিল৷[18][19] জেৰুজালেমৰ জিয়ন পৰ্বত (Mount Zion)ত থকা ’Cenacle’ নামৰ অঞ্চলটো যীশুৰ অন্তিম আহাৰ (Last Supper) ৰ স্থান বুলি গণ্য কৰা হয়৷[20][21]

তেনেদৰে ছুন্নী মুছলমান সকলৰ বাবে জেৰুজালেম এক পবিত্ৰ স্থান৷[22] মক্কাৰ কাবা (Kaaba) লৈ স্থায়ীভাৱে স্থানান্তৰ কৰাৰ প্ৰায় এবছৰ পূৰ্বলৈকে মুছলমানসকলৰ কিবলা (qibla (প্ৰাৰ্থনাৰ দিশ)) জেৰুজালেম বুলি গণ্য কৰা হৈছিল৷[23][24] মুছলমানসকলে বিশ্বাস কৰে যে মহম্মদক ঐশ্বৰিকভাৱে এনিশা মক্কাৰ পৰা জেৰুজালেমৰ টেম্প’ল মাউন্টলৈ স্থানান্তৰ কৰা হৈছিল আৰু ইয়াৰ পৰাই মহম্মদে ইছলাম ধৰ্মৰ পূৰ্বসুৰীসকলক লগ কৰিবলৈ স্বৰ্গলৈ যাত্ৰা কৰিছিল (Night of Ascension (c. CE 620))৷[25][26][27]

অলিভছ পৰ্বতৰ পৰা জেৰুজালেমৰ এক পেন’ৰ’মিক চিত্ৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.moin.gov.il/Subjects/Bchirot/Documents/num-member.pdf
  2. "Do We Divide the Holiest Holy City?". Moment Magazine. Archived from the original on 3 June 2008. https://web.archive.org/web/20080603214950/http://www.momentmag.com/Exclusive/2008/2008-03/200803-Jerusalem.html। আহৰণ কৰা হৈছে: 5 March 2008.  According to Eric H. Cline’s tally in Jerusalem Besieged.
  3. "Timeline for the History of Jerusalem". Jewish Virtual Library. American-Israeli Cooperative Enterprise. https://www.jewishvirtuallibrary.org/jsource/Peace/jerutime.html। আহৰণ কৰা হৈছে: 16 April 2007. 
  4. Ben-Arieh, Yehoshua (1984). Jerusalem in the 19th Century, The Old City. Yad Izhak Ben Zvi & St. Martin's Press. পৃষ্ঠা. 14. ISBN 0-312-44187-8. 
  5. "Old City of Jerusalem and its Walls". UNESCO World Heritage Convention. http://whc.unesco.org/en/list/148। আহৰণ কৰা হৈছে: 11 September 2010. 
  6. "Israel plans 1,300 East Jerusalem Jewish settler homes". BBC News. 9 November 2010. http://www.bbc.co.uk/news/world-middle-east-11709617. "East Jerusalem is regarded as occupied Palestinian territory by the international community, but Israel says it is part of its territory." 
  7. "The status of Jerusalem". The Question of Palestine & the United Nations. United Nations Department of Public Information. http://www.un.org/Depts/dpi/palestine/ch12.pdf. "East Jerusalem has been considered, by both the General Assembly and the Security Council, as part of the occupied Palestinian territory." 
  8. "Israeli authorities back 600 new East Jerusalem homes". BBC News. 2010-02-26. http://news.bbc.co.uk/2/hi/8538791.stm। আহৰণ কৰা হৈছে: 2013-09-18. 
  9. Resolution 298 September 25, 1971: "Recalling its resolutions... concerning measures and actions by Israel designed to change the status of the Israeli-occupied section of Jerusalem,..."
  10. "TABLE 3. – POPULATION(1) OF LOCALITIES NUMBERING ABOVE 2,000 RESIDENTS AND OTHER RURAL POPULATION ON 31/12/2008" (PDF). Israel Central Bureau of Statistics. http://www.cbs.gov.il/population/new_2009/table3.pdf। আহৰণ কৰা হৈছে: 26 October 2009. 
  11. "Press Release: Jerusalem Day" (PDF). Central Bureau of Statistics. 24 May 2006. http://www.cbs.gov.il/hodaot2006n/11_06_106e.pdf। আহৰণ কৰা হৈছে: 10 March 2007. 
  12. "Population and Density per km2 in Localities Numbering Above 5,000 Residents on 31 XII 2005" (PDF). Israel Central Bureau of Statistics. 2006. http://www1.cbs.gov.il/shnaton57/st02_14.pdf। আহৰণ কৰা হৈছে: 11 April 2007. 
  13. "Arab population growth outpaces Jews in Jerusalem" Reuters, 26 September 2000
  14. "Israel approves new East Jerusalem settlement homes". BBC News. http://www.bbc.co.uk/news/world-middle-east-24741524. 
  15. Guinn, David E. (2 October 2006). Protecting Jerusalem's Holy Sites: A Strategy for Negotiating a Sacred Peace (1st সম্পাদনা). Cambridge University Press. পৃষ্ঠা. 142. ISBN 0-521-86662-6. 
  16. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; 1000BCE নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  17. "Parshat Re'eh: No Jerusalem in Torah – Israel Opinion, Ynetnews". Ynetnews.com. 20 June 1995. http://www.ynetnews.com/articles/0,7340,L-3136760,00.html। আহৰণ কৰা হৈছে: 17 October 2011. 
  18. From the King James Version of the Bible: "And when the days of her purification according to the law of Moses were accomplished, they brought [Jesus] to Jerusalem, to present him to the Lord;" (Luke 2:22)
  19. From the King James Version of the Bible: "And they come to Jerusalem: and Jesus went into the temple, and began to cast out them that sold and bought in the temple, and overthrew the tables of the moneychangers, and the seats of them that sold doves;" (Mark 11:15)
  20. Boas, Adrian J. (12 October 2001). "Physical Remains of Crusader Jerusalem". Jerusalem in the Time of the Crusades. Routledge. পৃষ্ঠা. 112. ISBN 0-415-23000-4. "The interesting, if not reliable illustrations of the church on the round maps of Jerusalem show two distinct buildings on Mount Zion: the church of St Mary and the Cenacle (Chapel of the Last Supper) appear as separate buildings." 
  21. Endo, Shusaku (1999). Richard A. Schuchert. ed. A Life of Jesus. Paulist Press. পৃষ্ঠা. 116. ISBN 0-8091-2319-3. 
  22. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; 3rd-holiest নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  23. Cordesman, Anthony H. (30 October 2005). "The Final Settlement Issues: Asymmetric Values & Asymmetric Warfare". The Israeli-Palestinian War: Escalating to Nowhere. Praeger Security International. পৃষ্ঠা. 62. ISBN 0-275-98758-2. 
  24. সাঁচ:Cite quran
  25. Peters, Francis E. (20 October 2003). "Muhammad the Prophet of God". The Monotheists: The Peoples of God. Princeton University Press. পৃষ্ঠা. 95–6. ISBN 0-691-11460-9. 
  26. "Sahih Bukhari". Compendium of Muslim Texts. University of Southern California. Archived from the original on 2 September 2011. https://web.archive.org/20110902035424/http://www.usc.edu:80/dept/MSA/fundamentals/hadithsunnah/bukhari/093.sbt.html। আহৰণ কৰা হৈছে: 9 September 2011.  (from an English translation of Sahih Bukhari, Volume IX, Book 93, Number 608)
  27. সাঁচ:Hadith-usc

লগতে চাওক[সম্পাদনা কৰক]

  • Cheshin, Amir S.; Bill Hutman and Avi Melamed (1999). Separate and Unequal: the Inside Story of Israeli Rule in East Jerusalem Harvard University Press ISBN 978-0-674-80136-3
  • Cline, Eric (2004) Jerusalem Besieged: From Ancient Canaan to Modern Israel. Ann Arbor: University of Michigan Press ISBN 0-472-11313-5.
  • Collins, Larry, and La Pierre, Dominique (1988). O Jerusalem!. New York: Simon and Schuster ISBN 0-671-66241-4
  • Gold, Dore (2007) The Fight for Jerusalem: Radical Islam, The West, and the Future of the Holy City. International Publishing Company J-M, Ltd. ISBN 978-1-59698-029-7
  • Köchler, Hans (1981) The Legal Aspects of the Palestine Problem with Special Regard to the Question of Jerusalem Vienna: Braumüller ISBN 3-7003-0278-9
  • The Holy Cities: Jerusalem produced by Danae Film Production, distributed by HDH Communications; 2006
  • Wasserstein, Bernard (2002) Divided Jerusalem: The Struggle for the Holy City New Haven and London: Yale University Press. ISBN 0-300-09730-1
  • "Keys to Jerusalem: A Brief Overview", The Royal Islamic Strategic Studies Center, Amman, Jordan, 2010. http://www.rissc.jo/docs/J101-10-10-10.pdf
  • Sebag Montefiore, Simon (2011) Jerusalem: The Biography, London: Weidenfeld and Nicolson, ISBN 978-0-297-85265-0
  • Young, Robb A (2012) Hezekiah in History and Tradition Brill Global Oriental Hotei Publishing, Netherlands

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

চৰকাৰ

সংস্কৃতি

শিক্ষা

ভূচিত্ৰাৱলী

ধৰ্ম