ভূমধ্য সাগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভূমধ্য সাগৰ (Mediterranean Sea)

Map of the Mediterranean Sea
স্থানাংক 35°N 18°E / 35°N 18°E / 35; 18স্থানাংক: 35°N 18°E / 35°N 18°E / 35; 18
প্ৰকাৰ সাগৰ
Primary inflows Atlantic, Sea of Marmara, Nile, Ebro, Rhône, Chelif, Po
অৱবাহিকা দেশ
কালি 25,00,000 বৰ্গ কি.মি. (9,70,000 বৰ্গ মাইল)
গড় গভীৰতা 1,500 মিটাৰ (4,900 ফুট)
সৰ্বোচ্চ গভীৰতা 5,267 মিটাৰ (17,280 ফুট)
Water volume সাঁচ:Convert/km3
Residence time 80-100 years[2]
Islands 3300+
Settlements Alexandria, Algiers, Athens, Barcelona, Beirut, İzmir, Rome, Tangier, Tel Aviv, Tripoli

ভূমধ্য সাগৰ (/ˌmɛdɪtəˈrniən/; ইটালীয়ান: Mare Mediterraneo or Mar Mediterraneo [mar mediterˈraːneo]; আৰবী: البحر الابيض المتوسط al-Baḥr al-abyaḍ al-Mutawassiṭ; সাঁচ:Lang-ell [meˈsoʝos ˈθalasa]; ফৰাচী: Mer Méditerranée [mɛʁ mediteʁane]; স্পেনীছ: Mar Mediterráneo [mar meðiteˈraneo]; তুৰস্কীয়া: Akdeniz; লেটিন: Mare Nostrum ) আটলাণ্টিক মহাসাগৰৰ লগত সংযোজিত হৈ থকা এখন সাগৰ। এই সাগৰখন ভূমধ্য অঞ্চলে চাৰিওদিশৰ পৰা আৱৰি আছে। ইয়াৰ উত্তৰে দক্ষিণ ইউৰোপ ( Southern Europe) আৰু আনাট’লিয়া (Anatolia), দক্ষিণে উত্তৰ আফ্ৰিকা আৰু পূবে লেভাণ্ট (Levant)। এই সাগৰক কেতিয়াবা আটলাণ্টিক মহাসাগৰৰে এটা অংশ বুলিও ধৰা হয়। এই সাগৰৰ পাৰত অৱস্থিত দেশবোৰ হৈছে- আলবানিয়া ( Albania), আলজাৰিয়া (Algeria), ব’ছনিয়া-হাৰযেগ’ভিনা (Bosnia-Herzegovina), ক্ৰ’টিয়া (Croatia), চাইপ্ৰাছ (Cyprus),ইজিপ্ট, ফ্ৰান্স, গ্ৰীচ, ইজৰাইল, ইটালী, লেবান’ন, লিবিয়া, মাল্টা (Malta),ম’ৰ’ক্ক, ম’নাক’, ম’ণ্টেনেগ্ৰ’ (Montenegro), উত্তৰ চাইপ্ৰাছ (Northern Cyprus),পেলেষ্টাইন, শ্ল’ভানিয়া, স্পেইন, চিৰিয়া, তুৰ্কী আৰু টুনিছিয়া (Tunisia)।

নামকৰণ[সম্পাদনা কৰক]

ভূমধ্য সাগৰৰ ইংৰাজী নাম লেটিন শব্দ ’mediterraneus’ পৰা আহিছে যাৰ অৰ্থ হ’ল-"inland" বা "in the middle of the land" (medius, "middle" ̀ আৰুt erra, "land").

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

এই সাগৰে প্ৰায় ২। ৫ মিলিয়ন বৰ্গ কিলোমিটাৰ অধিকাৰ কৰি আছে। অৱশ্যে ভূমধ্য সাগৰৰ আটালাণ্টিক মহাসাগৰৰ সৈতে সংযোগ হোৱা অংশটো কেৱল 14 km (8.7 মাইল) বহল। এই অংশটোক’Strait of Gibraltar’ বুলি কোৱা হয়। এই অংশটোৱে ইউৰোপৰ Gibraltar আৰু স্পেইনক আফ্ৰিকাৰ ম’ৰ’ক্কোৰ পৰা পৃথক কৰে।[3][4]

ভূমধ্য সাগৰৰ গড় গভীৰতা প্ৰায় 1,500 মিটাৰ (4,900 ফুট) আৰু আটাইতকৈ গভীৰ অংশটো হ’ল 5,267 মিটাৰ (17,280 ফুট) , যি Ionian Sea ৰ Calypso Deep ত অৱস্থিত।

গুৰুত্ব[সম্পাদনা কৰক]

ভূমধ্য সাগৰে ঐতিহাসিক কালত ভ্ৰমণকাৰী আৰু বণিজসকলৰ জলপৰিবহণৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পাৰত অৱস্থিত দেশসমূহৰ ইতিহাসত এই সাগৰৰ স্থান অতি গুৰুত্বপূৰ্ণ।


আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. UNECE.indb
  2. Pinet, Paul R. (2008). Invitation to Oceanography. Jones & Barlett Learning. পৃষ্ঠা. 220. ISBN 0-7637-5993-7. http://books.google.com/books?id=6TCm8Xy-sLUC&pg=PA220&lpg=PA220. 
  3. "Microsoft Word — ext_abstr_East_sea_workshop_TLM.doc" (PDF). http://www.ifremer.fr/lobtln/OTHER/ext_abstr_East_Sea_workshop_TLM.pdf। আহৰণ কৰা হৈছে: 23 April 2010. 
  4. "Researchers predict Mediterranean Sea level rise — Headlines — Research – European Commission". Europa. 19 March 2009. http://ec.europa.eu/research/headlines/news/article_09_03_19_en.html। আহৰণ কৰা হৈছে: 23 April 2010. 
  5. Israel, By Sue Bryant, (New Holland Publishers, 2008), page 72

বাহ্যিক সংযোগ[সম্পাদনা কৰক]