ছিৰিয়া
ছিৰিয়ান আৰৱ গণতন্ত্ৰ | |
|---|---|
| Anthem: হোমাত এল ডিয়াৰ ভূমিৰ পালক | |
| ৰাজধানী and largest city | ডামাস্কাছ |
| Official languages | আৰবী ভাষা |
| Demonym | ছিৰিয়ান |
| Government | ৰাষ্ট্ৰপতি শাসিত গণতন্ত্ৰ ১৯৬৩ চনৰ পৰা আপাতকালীন শাসন চলি আছে। |
• ৰাষ্ট্ৰপতি |
বশ্বৰ আল অসাদ |
• প্ৰধানমন্ত্ৰী |
মহম্মদ নাজী আল অতৰি |
| স্বাধীনতা ফ্ৰান্সৰ পৰা | |
• প্ৰথম ঘোষণা |
ছেপ্টেম্বৰ ১৯৩৬1 |
• দ্বিতীয় ঘোষণা |
১ জানুৱাৰী ১৯৪৪ |
• মান্যতা |
১৭ এপ্ৰিল ১৯৪৬ |
| Area | |
• Total | 1,85,180 বৰ্গ কি.মি. (71,500 বৰ্গ মাইল) (৮৮তম) |
• Water (%) | 0.06 |
| Population | |
• 2007 estimate | 19,405,000 (৫৫ তম) |
| GDP (PPP) | ২০০৭ estimate |
• Total | $৮৭.০৯ বিলিয়ন (৬৩ তম) |
• Per capita | $৪,৮৮৮ (১১১ তম) |
| GDP (nominal) | ২০০৭ 2007 estimate |
• Total | $৩৭.৭৬ বিলিয়ন (৭৩ তম) |
• Per capita | $১,৯৪৬ (১১৪ তম) |
| HDI (২০১৩) | Error: Invalid HDI value (১১৮ তম) |
| Currency | ছিৰিয়ান পাউণ্ড (SYP) |
| Time zone | UTC+২ (পূব ইউৰোপ মান সময়(EET)) |
• Summer (DST) | UTC+৩ (পূব ইউৰোপ মান সময়(EET)) |
| Calling code | ৯৬৩ |
| Internet TLD | .sy |
| |
ছিৰিয়া (আৰবী: سوريّة Sūrriya or Sūrya), চৰকাৰীভাৱে ছিৰিয়ান আৰৱ গণতন্ত্ৰ (আৰবী:الجمهورية العربية السورية), দক্ষিণ পশ্চিম এছিয়াৰ এখন ৰাষ্ট্ৰ। ইয়াৰ পশ্চিমত লেবানন আৰু ভূমধ্য সাগৰ, দক্ষিণ-পশ্চিমত ইজৰাইল, দক্ষিণত জৰ্ডান, পূবত ইৰাক আৰু উত্তৰে তুৰস্ক অৱস্থিত। ইজৰাইল তথা ইৰাকৰ মাজত স্থিত হোৱা বাবে ই মধ্যপ্ৰাচ্য এছিয়াৰ এখন গুৰুত্বপূৰ্ণ দেশ। ডামাস্কাছ ইয়াৰ ৰাজধানী। পূৰ্বতে ডামাস্কাছ উমৈয়দ খিলাফত আৰু মামলুক সাম্ৰাজ্যৰ ৰাজধানী আছিল।
১৯৪৬ চনৰ এপ্ৰিল মাহত ফ্ৰান্সৰ পৰা স্বাধীনতা পোৱাৰ পিছত ইয়াত বাথ পাৰ্টিৰ প্ৰভুত্ব বিস্তাৰ হয়। ১৯৬৩ চনৰ পৰা ছিৰিয়াত অপাতকালীন আইন চলি আছে তাৰ বাবে ১৯৭০ চনৰ পৰা ইয়াৰ শাসন ভাৰ অসাদ পৰিয়ালৰ লোকে চলাই আছে। ছিৰিয়া গৃহ যুদ্ধৰ বাবে এক অস্থিৰ পৰিৱেশ বিৰাজ কৰি আছে। বৰ্তমান ছিৰিয়া বিশ্বৰ ভিতৰতে অন্যতম অশান্ত দেশ।
নামৰ উৎপত্তি
[সম্পাদনা কৰক]ছিৰিয়া নাম গ্ৰীক ভাষাৰ পৰা আহিছে। প্ৰাচীন কালত যৱন সকলে এই অঞ্চলক ছিৰিয়ইবুলি কৈছিল। পণ্ডিত সকলৰ মতে গ্ৰীক সকলে ব্যৱহাৰ কৰা অছিৰিয়া শব্দৰ পৰায়ে ছিৰিয়া নামৰ উৎপত্তি হৈছে। অছিৰিয়া শব্দ অক্কদি ভাষাৰ অচ্ছুৰৰ পৰা আহিছে।[2]
সময়ৰ লগে লগে ছিৰিয়া শব্দৰ অৰ্থ সলনি হৈ গৈ থাকিল। পূৰ্বতে ভূমধ্যসাগৰৰ পূবত মিছৰ আৰু আৰৱৰ উত্তৰ তথা চিলিছিয়াৰ দক্ষিণ অঞ্চলক ছিৰিয়া বোলা হৈছিল। ইয়াৰ বিস্তাৰ মেচুপেটামিয়া লৈকে আছিল আৰু ইয়াক অছিৰিয়া বুলিও কোৱা হৈছিল।[3] ৰোমান সম্ৰাজ্যৰ সময়ত এই ছিৰিয়া অঞ্চলক কেইবাটাও বিভাগত ভাগ কৰা হয়। মধ্য প্ৰাচ্যৰ কেইবাখনো দেশ যেনে, ইজৰাইল, জৰ্ডান, লেবানন ইত্যাদি এই অঞ্চলৰ অন্তৰ্গত আছিল।
ৰাজনীতি
[সম্পাদনা কৰক]ছিৰিয়া এখন সংসদীয় প্ৰজাতন্ত্ৰ দেশ। ৰাষ্ট্ৰৰ ক্ষমতা ৰাষ্ট্ৰপতি আৰু বাথ পাৰ্টিৰ হাতত ন্যস্ত। ছিৰিয়া সংবিধানমতে এখন সংসদীয় প্ৰজাতন্ত্ৰ হ’লেও ১৯৬৩ চনৰ পৰা দেশখনত জৰুৰী অৱস্থা জাৰি কৰা হৈছে। বৰ্তমানে ইয়াৰ জনগণৰ হাতত চৰকাৰৰ পৰিৱৰ্তনৰ কোনো ক্ষমতা নাই। সেয়ে ছিৰিয়া আচলতে এক একনায়কতান্ত্ৰীক ৰাষ্ট্ৰ। ছিৰিয়াৰ চৰকাৰে ইজৰাইলৰ লগত ক্ৰমাগত যুদ্ধক জৰুৰী অৱস্থাৰ মূল কাৰণ হিচাপে উল্লেখ কৰিছে।
ছিৰিয়াৰ প্ৰয়াত ৰাষ্ট্ৰপতি হাফিজ আল আসাদ পাঁচ বাৰ গণভোটৰ মাধ্যমত বিজয় কৃতিত্ব বজায় ৰাখে। তেওঁৰ পুত্ৰ আৰু বৰ্তমান ৰাষ্ট্ৰপতি বাশ্বৰ আল-আসাদে ২০০০ চনত এক গণভোটত ছিৰিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি আৰু তেওঁৰ মূল সহযোগীসকলে, বিশেষত সামৰিক আৰু নিৰাপত্তা বাহিনীৰ লোকসকল, ছিৰিয়াৰ ৰাজনীতি আৰু অৰ্থনীতিৰ মূল সিদ্ধান্তসমূহ গ্ৰহণ কৰে।
ছিৰিয়াৰ গৃহযুদ্ধ ২০১০ চনত আৰম্ভ হোৱা আৰৱ বসন্ত বিপ্লৱৰ দ্বাৰা অনুপ্ৰাণিত হয়। ছিৰিয়ান সেনাৰ এক কঠোৰ ব্যৱস্থাৰ দ্বাৰা অনুসৃত শান্তিপূৰ্ণ প্ৰতিবাদৰ এটি শাৰী হিচাপে ২০১১ চনত আৰম্ভ হয়। ২০১১ চনৰ জুলাই মাহত সেনাবাহিনীৰ দলত্যাগী সকল ফ্ৰী ছিৰিয়ান সেনা গঠনৰ ঘোষণা কৰে আৰু যুদ্ধ ইউনিট গঠন আৰম্ভ হয়। এই বিৰোধিতা চুন্নি মুছলমানৰ দ্বাৰা প্ৰভাৱিত হয়। আলাউয়ি সকলে ইয়াৰ নেতৃত্ব দিয়ে।
ভাষা
[সম্পাদনা কৰক]আৰবী ভাষা ছিৰিয়াৰ চৰকাৰী ভাষা। ইয়াৰ প্ৰায় চাৰি-পঞ্চমাংশ লোকে আৰবী ভাষাত কথা বতৰা পাতে। ছিৰিয়াত প্ৰচলিত অন্যান্য ভাষাৰ ভিতৰত আদিজে ভাষা, আৰামীয় ভাষা, আৰ্মেনীয় ভাষা, আজাৰবাইজানি ভাষা, দোমাৰি ভাষা (ৰোমান ভাষা), কুৰ্ডি ভাষা আৰু ছিৰিয় ভাষা উল্লেখযোগ্য। আন্তঃৰাষ্ট্ৰীয় কাম-কাজত ফৰাচী ভাষা ব্যৱহাৰ কৰা হয়।
মেলা আৰু উৎসৱ
[সম্পাদনা কৰক]| উৎসৱ | নগৰ | মাহ |
|---|---|---|
| ফুলৰ উৎসৱ | লতাকীয়া | এপ্ৰিল |
| পাৰম্পৰিক | পালমিৰা | মে |
| আন্তৰাষ্ট্ৰীয় ফুল মেলা | ডামাস্কাছ | মে |
| ছিৰিয়ান গীত মেলা | এলেপ্প | জুলাই |
| মাৰমৰিতা | মাৰমৰিতা | আগষ্ট |
| লোত্তি উৎসৱ | অচ্ছুবায়দা | ছেপ্টেম্বৰ |
| কঁপাহ উৎসৱ | এলেপ্প | ছেপ্টেম্বৰ |
| ডামাস্কাছ আন্তঃৰাষ্ট্ৰীয় মেলা | ডামাস্কাছ | ছেপ্টেম্বৰ |
| প্ৰেম আৰু শান্তিৰ উৎসৱ | লতাকীয়া | ২-১২ আগষ্ট |
| বছড়া উৎসৱ | বছড়া | ছেপ্টেম্বৰ |
| চলচ্চিত্ৰ আৰু নাট্য মহোৎসৱ | ডামাস্কাছ | নৱেম্বৰ |
| চেমেলিৰ উৎসৱ | ডামাস্কাছ | এপ্ৰিল |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "2014 Human Development Report Summary". United Nations Development Programme. 2014. পৃষ্ঠাসমূহ: 21-25. http://hdr.undp.org/sites/default/files/hdr14-summary-en.pdf। আহৰণ কৰা হৈছে: 27 जुलाई 2014.
- ↑ সৰ্বপ্ৰথম Theodor Nöldeke দ্বাৰা ১৮৮১ চনত; cf. Harper, Douglas (November 2001). "Syria". Online Etymology Dictionary. http://www.etymonline.com/index.php?term=Syria। আহৰণ কৰা হৈছে: 2007-06-13..
- ↑ Pliny. "Book 5 Section 66". Natural History. University of Chicago Website. http://penelope.uchicago.edu/Thayer/L/Roman/Texts/Pliny_the_Elder/5*.html.
বহিঃসংযোগ
[সম্পাদনা কৰক]- চৰকাৰ
- ছিৰিয়াৰ বিদেশ মন্ত্ৰালয় Archived 2019-10-16 at the Wayback Machine
- ছিৰিয়াৰ বাথ পাৰ্টি Archived 2008-03-21 at the Wayback Machine
- ছিৰিয়াৰ সংসদ Archived 2007-02-02 at the Wayback Machine
- সংস্কৃতি
- ছিৰিয়াৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সংস্থা Archived 2008-10-20 at the Wayback Machine
- ৰেডিঅ আৰু টেলিভিছন সাধাৰণ সন্থা, ছিৰিয়া
- আল অসাদ ৰাষ্ট্ৰীয় পুথিভঁৰাল Archived 2008-05-16 at the Wayback Machine
- অৰ্থনীতি
- ছিৰিয়া কেন্দ্ৰীয় বেংক Archived 2007-02-17 at the Wayback Machine
- বাণিজ্যিক বেংক ছিৰিয়া
| |||||||||||||||||||||