তুৰস্ক
তুৰস্ক প্ৰজাতন্ত্ৰ ত্যুৰ্কিয়ে দ্জুম্হুৰিয়েটি | |
|---|---|
| Motto: "গৃহ শান্তি, বিশ্ব শান্তি" Yurtta Sulh, Cihanda Sulh য়ুৰ্ট্টা চুল্হ্, দ্জিহান্দা চুল্হ্ | |
| Anthem: İstiklâl Marşı স্বাধীন সমদল | |
| ৰাজধানী | আনকাৰা |
| Largest city | ইষ্টানবুল |
| Official languages | তুৰ্কি |
| Government | Unitary Presidential প্ৰজাতন্ত্ৰ |
| ৰিছেপ তায়িপ এৰদোয়ান | |
| Fuat Oktay | |
| Mustafa Şentop | |
| Succession to the Ottoman Empire2 | |
| ১৯ মে ১৯১৯ | |
| April 23 1920 | |
• Declaration of Republic |
October 29 1923 |
• Water (%) | 1.3 |
| Population | |
• 2007 estimate | 71,158,647 (17তম৩) |
• ২০০০ census | ৬,৭৮,০৩,৯২৭ |
| GDP (PPP) | ২০০৬ estimate |
• Total | $৬১২.৩ শ কোটি (১৭তম) |
• Per capita | $৯,১০৭ (৬৯তম) |
| GDP (nominal) | ২০০৭ IMF estimate |
• Total | $৩৯২,৪২৪ নিয়ুত (১৮তম) |
• Per capita | $৫,৪০৮ (68th) |
| Gini (২০০৩) | ৪৩.৬ Error: Invalid Gini value |
| HDI (২০০৬) | Error: Invalid HDI value (৯২তম৪) |
| Currency | তুৰ্কিছ লিৰা৫ (TRY) |
| Time zone | UTC+২ (EET) |
• Summer (DST) | UTC+২ (EEST) |
| Calling code | ৯০ |
| Internet TLD | .tr |
| |
তুৰস্ক (ইংৰাজী: Turkey; /ˈtɜːrki/ (
শুনক); তুৰস্কীয়া: Türkiye, চৰকাৰী নাম প্ৰজাতন্ত্ৰী তুৰস্ক; তুৰ্কী: ⓘ), হৈছে পূৱ ইউৰোপৰ এখন ৰাষ্ট্ৰ। তুৰস্কৰ প্ৰায় সম্পূৰ্ণ এছিয় অংশ, পৰ্বতময় আনাতোলিয়া (তুৰ্কি: Antalya আন্তালিয়া) বা এছিয়া মাইনৰ উপদ্বীপত পৰিছে। তুৰস্কৰ ৰাজধানী আনকাৰা আনাতোলিয়াতেই অৱস্থিত। তুৰস্কৰ বাকী অংশৰ নাম পূৱ বা তুৰ্কীয় থ্ৰাছ আৰু ই ইউৰোপৰ দক্ষিণ-পূৱ দিশত অৱস্থিত। এই অঞ্চলটো উৰ্বৰ ওখ চাপৰ টিলাপাহাৰেৰে গঠিত। ইয়াত তুৰস্কৰ বৃহত্তম চহৰ ইষ্টানবুল অৱস্থিত। সামৰিক কৌশলগত দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ তিনটা জলপথে এছিয় আৰু ইউৰোপীয় তুৰস্কক পৃথক কৰিছে: মাৰ্মাৰা সাগৰ, আৰু বছফৰাছ প্ৰণালী আৰু দাৰ্দানেল প্ৰণালী। এই তিনটা জলপথ একত্ৰে কৃষ্ণ সাগৰৰ পৰা এজিয়ান সাগৰলৈ যোৱাৰ একমাত্ৰ পথ তৈয়াৰ কৰিছে।[1][2]
তুৰস্ক প্ৰায় চতুৰ্ভুজাকৃতিৰ। ইয়াৰ পশ্চিমে এজীয় সাগৰ আৰু গ্ৰীছ; উত্তৰ-পূৱত জৰ্জিয়া, আৰ্মেনিয়া আৰু স্বায়ত্ত্বশাসিত আজাৰবাইজানি প্ৰজাতন্ত্ৰ নাখচিভান; পূৱে ইৰাণ; দক্ষিণে ইৰাক, ছিৰিয়া আৰু ভূমধ্যসাগৰ আছে। তুৰস্কৰ বিস্তৃত উপকূল অঞ্চলে, দেশখনৰ সীমান্তৰ তিন-চতুৰ্থাংশ গঠন কৰিছে।
তুৰস্কৰ ভূমিৰূপ বিচিত্ৰ। দক্ষিণ-পূৱ আৰু উত্তৰ-পশ্চিমে আছে উৰ্বৰ সমভূমি। পশ্চিমে আছে ওখ, অনুৰ্বৰ মালভূমি। পূৱত আছে সুউচ্চ পৰ্বতমালা। দেশৰ অভ্যন্তৰৰ জলবায়ু চৰমভাবাপন্ন হলেও ভূমধ্যসাগৰৰ উপকূলীয় অঞ্চলৰ জলবায়ু মৃদু।
ইউৰোপ সঙ্গমস্থলত অৱস্থিত বাবে তুৰস্কৰ ইতিহাস আৰু সংস্কৃতিৰ বিৱৰ্তনত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিছে। সমগ্ৰ মানৱসভ্যতাৰ ইতিহাসত তুৰস্ক এছিয়া আৰু ইউৰোপৰ লোকসকসৰ চলাচলৰ সেতু হিচাপে কাৰ্য কৰিছিল। নানা বিচিত্ৰ প্ৰভাৱৰ স্বত্বেও তুৰস্কৰ এক নিজস্ব পৰিচয় আছে আৰু এই সমৃদ্ধ সংস্কৃতিৰ প্ৰভাৱ ইয়াৰ স্থাপত্য, চাৰুকলা, সংগীত আৰু সাহিত্যৰ ওপৰতো পৰিছে। গ্ৰামীণ অঞ্চলত এতিয়াও অনেক অতীত ঐতিহ্য আৰু ৰীতিনীতি পালন কৰা দেখা পোৱা যায়। তুৰস্ক বৰ্তমান এক আধুনিক, গণতান্ত্ৰিক ৰাষ্ট্ৰ। দেশখনৰ অধিকাংশ লোকেই ইছলাম ধৰ্ম পালন কৰে আৰু প্ৰধান ভাষা হৈছে তুৰ্কি ভাষা। বহু শতাব্দী ধৰি তুৰস্ক আছিল মূলতঃ এখন কৃষিপ্ৰধান দেশ। বৰ্তমান কৃষিক্ষেত্ৰত তুৰস্কৰ অৰ্থনীতিৰ এক বৃহৎ অংশ আৰু দেশৰ শ্ৰমশক্তিৰ ৩৪% এই কামত নিয়োজিত। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত তুৰস্কৰ শিল্প আৰু সেৱাৰ ব্যাপক প্ৰসাৰ ঘটিছে, বিশেষকৈ অৰ্থসংস্থান, পৰিবহণ, আৰু পেশাদাৰী তথা চৰকাৰী সেৱাৰ। অন্যদিশে কৃষিৰ ভূমিকা হ্ৰাস পাইছে। টেক্সটাইল আৰু বস্ত্ৰ শিল্প দেশৰ ৰপ্তানিৰ প্ৰধান উৎস।
অৰ্থনৈকিক ৰূপান্তৰৰ লগে লগে নগৰায়নৰ হাৰো অনেক বাঢ়িছে। বৰ্তমান তুৰস্কৰ ৭৫% জনগণ চহৰত বাস কৰে। ১৯৫০ চনত মাত্ৰ ২১% লোক চহৰত বাস কৰিছিল। জনসংখ্যাৰ ৯০% লোক তুৰস্কৰ এছিয় অংশত বাস কৰে। বাকী ১০% ইউৰোপীয় অংশত বাস কৰে।
তুৰস্কৰ ইতিহাস দীৰ্ঘ আৰু ঘটনাবহুল। প্ৰাচীনকালৰে পৰা বহু বিচিত্ৰ জাতি আৰু সংস্কৃতিৰ লোকে এলেকাটো দখল কৰিছিল।[3] খ্ৰীষ্টপূৰ্ব ১৯০০ত ইয়াত হিটাইটসকল বাস কৰিছিল। সেই সময়তে ইয়াত প্ৰথম ডাঙৰ চহৰ গঢ়ি উঠে। তাৰ পিছত ইয়ালৈ ফ্ৰিজীয়, গ্ৰীক, পাৰছ্য, ৰোমান আৰু আৰৱসকলৰ আগমন ঘটে।[4][5][6] একাদশ শতিকাত মধ্য এছিয়াৰ যাযাবৰ তুৰ্কি জাতিৰ লোকে দেশখন দখল কৰে আৰু ইয়াৰ ছেলজুক ৰাজবংশৰ পতন ঘটায়।[7] তেওঁলোকৰ শাসনকালতেই এই অঞ্চলৰ জনগণ তুৰ্কি ভাষা আৰু সংস্কৃতিৰ লগত মিলি যায়। ১৩শ শতিকাত মোগলৰ আক্ৰমণৰ ফলত ছেলজুক ৰাজবংশৰ পতন ঘটে। ১৩ শতিকাৰ শেষৰ ফালে ইয়াত ওচমানীয় সাম্ৰাজ্যৰ বিস্তাৰ হয়।[8] ইয়াৰ পৰৱৰ্তী ৬০০ বছৰ তুৰস্ক শাসন কৰে আৰু আনাতোলিয়াৰ এৰি মধ্যপ্ৰাচ্য, পূৱ ইউৰোপ আৰু উত্তৰ আফ্ৰিকাৰ এক বিশাল এলেকা জুৰি বিস্তৃতি লাভ কৰে।[9] প্ৰথম বিশ্বযুদ্ধৰ পাছত এই সাম্ৰাজ্যৰো পতন ঘটে।[10]
১৯২৩ চনত উচমানীয় সাম্ৰাজ্যৰ তুৰ্কিভাষী এলেকা আনাতোলিয়া আৰু পূৱ থ্ৰাছক লৈ মুস্তাফা কেমাল (পিছলৈ কেমাল আতাতুৰ্ক)ৰ নেতৃত্বত আধুনিক তুৰস্ক প্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠা হয়। ১৯৩৮ চনৰ মৃত্যুৰ আগলৈকে আতাতুৰ্ক তুৰস্কৰ ৰাষ্ট্ৰপতি আছিল।[11] তেখেতে তুৰস্কক এখন শক্তিশালী, আধুনিক ইউৰোপীয় ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলিছিল। তেওঁৰ চৰকাৰৰ মূলনীতিসমূহ কেমালবাদ নামে পৰিচিত হৈছিল আৰু এইনীতিবোৰ পৰৱৰ্তী সমস্ত তুৰস্ক চৰকাৰৰ বাবে নিৰ্দেশিকা হিচাপে কাম কৰিছিল। আতাতুৰ্কৰ এটি বিতৰ্কিত মূলনীতি আছিল ধৰ্মনিৰপেক্ষতা। কেমালেৰ অনুগামীসকলৰ মতে ব্যক্তিগত জীবনৰ বাহিৰত ধৰ্মৰ স্থান নাই আৰু ৰাজনৈতিক দলসমূহে ধৰ্মীয় বিষয় এৰি চলা উচিত।
১৯৫০ দশকলৈকে ৰাজনীতিত ধৰ্মৰ ভূমিকা তুৰস্কৰ এটি বিতৰ্কিত বিষয় আছিল। তুৰস্কৰ সামৰিক বাহিনীয়ে নিজকে কেমালবাদৰ ৰক্ষী বুলি বিবেচনা কৰে আৰু তেওঁলোকে ১৯৬০, ১৯৭১, ১৯৮০ আৰু ১৯৯৭ চনত মুঠ চাৰিবাৰ তুৰস্কৰ ৰাজনীতিত ধৰ্মনিৰপেক্ষতাৰ স্বাৰ্থত হস্তক্ষেপ কৰিছে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ National Geographic Atlas of the World (7th সম্পাদনা). প্ৰকাশক Washington, D.C.: National Geographic. 1999. ISBN 0-7922-7528-4. "Europe" (pp. 68–69); "Asia" (pp. 90–91): "A commonly accepted division between Asia and Europe ... is formed by the Ural Mountains, Ural River, Caspian Sea, Caucasus Mountains, and the Black Sea with its outlets, the Bosporus and Dardanelles."
- ↑ "The Economist: "Turkey in the Balkans: The good old days?"". http://www.economist.com/node/21536647। আহৰণ কৰা হৈছে: 5 November 2011.
- ↑ Stiner, Mary C.; Kuhn, Steven L.; Güleç, Erksin. "Early Upper Paleolithic shell beads at Üçağızlı Cave I (Turkey): Technology and the socioeconomic context of ornament life-histories". Journal of Human Evolution খণ্ড 64 (5): 380–398. doi:10.1016/j.jhevol.2013.01.008. ISSN 0047-2484. PMID 23481346.
- ↑ Douglas Arthur Howard. The History of Turkey. Greenwood Publishing Group. পৃষ্ঠা. xiv–xx. ISBN 978-0-313-30708-9. https://books.google.com/books?id=Ay-IkMqrTp4C। আহৰণ কৰা হৈছে: 2 April 2013.
- ↑ Sharon R. Steadman; Gregory McMahon (15 September 2011). The Oxford Handbook of Ancient Anatolia: (10,000–323 BC). Oxford University Press. পৃষ্ঠা. 3–11, 37. ISBN 978-0-19-537614-2. https://books.google.com/books?id=7ND_CE9If3kC। আহৰণ কৰা হৈছে: 23 March 2013.
- ↑ Casson, Lionel (1977). "The Thracians". The Metropolitan Museum of Art Bulletin খণ্ড 35 (1): 2–6. doi:10.2307/3258667. http://www.metmuseum.org/pubs/bulletins/1/pdf/3258667.pdf.bannered.pdf.
- ↑ Metz, Helen Chapin, ed (1996). "Turkish Origins". Turkey: A Country Study. Area handbook series (fifth সম্পাদনা). প্ৰকাশক Washington D.C.: United States Government Publishing Office for the Federal Research Division of the Library of Congress. ISBN 0-8444-0864-6. http://countrystudies.us/turkey/5.htm.
- ↑ Mehmet Fuat Köprülü&Gary Leiser. The origins of the Ottoman Empire. পৃষ্ঠা. 33.
- ↑ "Ottoman/Turkish Visions of the Nation, 1860–1950". https://books.google.com/books?id=qejRAQAAQBAJ&pg=PA180। আহৰণ কৰা হৈছে: 18 February 2015.
- ↑ Roderic H. Davison; Review "From Paris to Sèvres: The Partition of the Ottoman Empire at the Peace Conference of 1919–1920" by Paul C. Helmreich in Slavic Review, Vol. 34, No. 1 (Mar. 1975), pp. 186–187
- ↑ "Turkey, Mustafa Kemal and the Turkish War of Independence, 1919–23". Encyclopædia Britannica. 2007. http://www.britannica.com/eb/article-44425/Turkey। আহৰণ কৰা হৈছে: 2007-10-29.
| |||||||||||||||||||||
| |||||||||||||||||||||||
| ৱিকিমিডিয়া কমন্সত Turkey সম্পৰ্কীয় মিডিয়া ফাইল আছে। |