সমললৈ যাওক

জে. দেৱিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জে. দেৱিকা
স্থানীয় নাম ജെ. ദേവിക
জন্ম ০৬ মে', ১৯৬৮
কোল্লম, কেৰালা, ভাৰত[1]
পেচা অধ্যাপক
ৰাজনৈতিক আন্দোলন নাৰীবাদ
ৱেবছাইট
swatantryavaadini.in

জয়কুমাৰী দেৱিকা (ইংৰাজী: J. Devika; মালয়ালম: ജെ. ദേവിക) কেৰালাৰ এগৰাকী মালয়ালী ইতিহাসবিদ, নাৰীবাদী, সমাজ সমালোচক আৰু শিক্ষাবিদ। [2] বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট ষ্টাডিজত অধ্যাপিকা হিচাপে গৱেষণা আৰু অধ্যাপনা কৰে। কেৰালাৰ পুৰণি সমাজৰ লিংগ সম্পৰ্কৰ বিষয়ে তেওঁ কেইবাখনো গ্ৰন্থ আৰু প্ৰবন্ধ লিখিছে। [3] তেওঁ মালায়লম আৰু ইংৰাজী দুটা ভাষাত লিখে; কেইবাখনো কাহিনী বিষয়ক বা অনা-কাহিনী বিষয়ক গ্ৰন্থ ইটো ভাষাৰ পৰা সিটো ভাষালৈ অনুবাদ কৰিছে। তেওঁ লিংগ, ৰাজনীতি, সামাজিক সংস্কাৰ আৰু উন্নয়নৰ বিষয়ে কেৰালাৰ বহু কেইখন কাকত-আলোচনী, যেনে- কাফিলা, ইকনমিকছ এণ্ড পলিটিকেল উইকলি, ৱায়াৰ আদিত লিখে। [4]

দেৱিকাই নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ইতিহাস অধ্যয়ন কেন্দ্ৰৰ পৰা আধুনিক ইতিহাসত ১৯৯১ চনত স্নাতকোত্তৰ ডিগ্ৰী লয় আৰু কোট্টায়মৰ মহাত্মা গান্ধী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত পি.এইছ.ডি. কৰে। [5]

দেৱিকাৰ প্ৰাৰম্ভিক গৱেষণা আছিল কেৰালাত বিংশ শতিকাৰ আৰম্ভণিত সমাজৰ বৰ্ণনাৰ ভাষা হিচাপে আধুনিক দ্বিআধাৰী লিংগৰ উত্থান আৰু সামাজিক পৰিৱৰ্তন। পৰৱৰ্তী লেখাত তেওঁ ১৯৩০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত গৰ্ভনিৰোধৰ বাবে জনসাধাৰণৰ সন্মতিৰ ইতিহাসৰ মাজেৰে কেৰালাৰ বিকাশৰ সন্ধান কৰিছে। কেৰেলাৰ প্ৰথম প্ৰজন্মৰ নাৰীবাদীসকলে লিখা ৰচনাসমূহৰ অনুবাদও প্ৰকাশ কৰিছে। [6] [7] পৰৱৰ্তী গৱেষণাত দেৱিকাই সমসাময়িক ৰাজনৈতিক আৰু সামাজিক বিষয়সমূহ ঐতিহাসিক বিতচকুৰে অন্বেষণ কৰিছিল। তেওঁৰ পিছৰ গ্ৰন্থসমূহ আছিল কুৰি শতিকাৰ কেৰালাৰ ৰাজনীতি আৰু মালয়ালী সাহিত্যৰ লিংগ ইতিহাসৰ ওপৰত। [8]

২০০০ চনত প্ৰকাশিত স্ত্ৰীবাদম গ্ৰন্থত তেওঁ নাৰীবাদী তত্ত্বৰ এটা পৰিচয় প্ৰকাশ কৰিছে, যিয়ে ইয়াক আধুনিক পশ্চিমীয়া চিন্তাৰ ইতিহাসত স্থান দিছে। তেওঁ কেৰালাৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাস অন্বেষণ কৰি আকৰ্ষণীয় অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। উদাহৰণস্বৰূপে, কেৰেলাত কেনেকৈ শাৰী পিন্ধাৰ ৰীতি-নীতি আৰু যৌতুক প্ৰচলিত হ’ল, সেই বিষয়ে তেওঁ বাখ্যা কৰিছে। তেওঁ আঙুলিয়াই দিছে যে কেনেকৈ "নিৰপেক্ষ" ইতিহাসৰ গ্ৰন্থত নাৰীৰ বিষয়ে ভুল ধাৰণাক স্থায়ী কৰি ৰাখিছে। উচ্চ শিক্ষাৰ অধিকাৰ থকাৰ পিছতো কেৰালাৰ মহিলাসকলৰ স্বাধীনতা কেনেকৈ আঁতৰি গৈছে।[9]

তেওঁৰ নাৰীবাদী কৰ্মৰ ভিতৰত ২০০৭ চনত লিখা এনজেণ্ডাৰিং ইণ্ডিভিজুৱেলছ: দ্য লেংগুৱেজ অফ ৰি-ফৰ্মিং ইন আৰ্লি টুৱেণ্টিথ চেঞ্চুৰী কেৰালাম[10] আৰু ২০০৮ চনত লিখা ইণ্ডিভিজুৱেলছ, হাউছহোল্ডাৰছ, চিটিজেনছ: মালয়ালীজ এণ্ড ফেমিলি প্লেনিং, ১৯৩০–১৯৭০ গ্ৰন্থ দুখনো অন্তৰ্ভুক্ত হৈ আছে।[11]

দেৱিকাই মালয়ালমৰ পৰা ইংৰাজীলৈ বহু কেইখন গ্ৰন্থ অনুবাদ কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল- নলিনী জমিলাৰ আত্মজীৱনী[12] আৰু কে.আৰ.মীৰা[13] আৰু ছাৰা জোচেফৰ চুটিগল্প। ইয়াৰ উপৰিও তেওঁ ২০১৪ চনত উচ্চ প্ৰশংসিত কে.আৰ. মীৰা ৰচিত মালয়ালম উপন্যাস আৰাচৰহেং ৱুমেন নামেৰে ইংৰাজীলৈ অনুবাদ কৰে।[14]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Devika Jayakumari | Centre For Development Studies - Academia.edu". cds.academia.edu. http://cds.academia.edu/DevikaJayakumari/CurriculumVitae আহৰণ কৰা হৈছে: 2020-01-19.
  2. Sahadevan, Sajini. "Women's presence in social media an ongoing struggle". Mathrubhumi. Archived from the original on 2021-09-07. https://web.archive.org/web/20210907124724/https://english.mathrubhumi.com/mbifl2018/news/women-s-presence-in-social-media-an-ongoing-struggle-mbifl-1.2582589 আহৰণ কৰা হৈছে: 2020-01-19.
  3. "Centre For Development Studies". cds.edu. Archived from the original on 7 November 2013. https://archive.is/20131107051428/http://www.cds.edu/people/dr-j-devika/publications.html আহৰণ কৰা হৈছে: 25 November 2013.
  4. "About" (en ভাষাত). KAFILA - 12 YEARS OF A COMMON JOURNEY. 2006-10-19. https://kafila.online/about/ আহৰণ কৰা হৈছে: 2020-01-19.
  5. "Centre For Development Studies". cds.edu. Archived from the original on 7 November 2013. https://archive.is/20131107051403/http://www.cds.edu/people/dr-j-devika/qualification.html আহৰণ কৰা হৈছে: 25 November 2013.
  6. Devika, J (2005). Her Self: Gender and Early Writings of Malayalee Women. ISBN 9788185604749. https://books.google.com/books?id=Xyr6gXmva-gC.
  7. "Continuing struggle (review of Her Self: Early Writings on Gender by Malayalee Women 1898-1938, translated and edited by J. Devika)" (en-IN ভাষাত). The Hindu. 5 June 2005. https://www.thehindu.com/todays-paper/tp-features/tp-literaryreview/continuing-struggle/article28500009.ece.
  8. Kuruvilla, Elizabeth (2017-03-03). "Writing is my revenge: K.R. Meera" (en ভাষাত). Livemint. https://www.livemint.com/Leisure/da0MI0UGvgjZ77gPEf4M6O/Writing-is-my-revenge-KR-Meera.html আহৰণ কৰা হৈছে: 2020-01-19.
  9. Nair, C. Gouridasan (11 October 2010). "An untold story, with no strings attached (review of Kulasthreeyum Chanthappennum Undaayathengine?, by J. Devika)". The Hindu. Archived from the original on 3 December 2013. https://web.archive.org/web/20131203022217/http://www.hindu.com/2010/10/11/stories/2010101154400400.htm.
  10. Sreekumar, Sharmila; Radhakrishnan, Ratheesh (June 23–29, 2007). "History of an emergence: 'woman' and 'man' in modern Kerala (review of Engendering Individuals: The Language of Re-Forming in Early Twentieth Century Keralam, by J. Devika)". Economic and Political Weekly খণ্ড 42 (25): 2410–2412.
  11. Anandhi, S. (October 2012). "Review of Individuals, Householders, Citizens: Malayalis and Family Planning, 1930–1970, by J. Devika". Contributions to Indian Sociology খণ্ড 46 (3): 433–437. doi:10.1177/006996671204600318.
  12. Mahadevan-Dasgupta, Uma (5 October 2007). "Nalini's story (review of Autobiography of a Sex Worker, by Nalini Jameela, translated by J. Devika)". The Indian Express. http://archive.indianexpress.com/news/nalini-s-story/225004/.
  13. Banerjee, Purabi Panwar (289). "Review of Aa Maratheyum Marannu Marannu Njan: And Slowly Forgetting that Tree, by K. R. Meera, translated by J. Devika". Indian Literature খণ্ড 59 (5).
  14. Nair, Aparna (May 11, 2017). "Paradise lost (review of Swarga, by Ambikasuthan Mangad, translated by J. Devika)" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/books/on-swarga-english-translation-of-ambikasuthan-mangads-malayalam-novel-enmakaje/article18418925.ece.