৬ মে'
অৱয়ব
(০৬ মে'ৰ পৰা পুনঃনিৰ্দেশিত)
| মে' | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ||||
| ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
| ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
| ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
| ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
| ২০২৫ | ||||||
৬ মে' (ইংৰাজী: 6 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৫২৯ - বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্ৰাট বাবৰৰ হাতত পৰাজিত হয় গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত। এই ঘটনাৰ পিছতে মোগল সম্ৰাট বাবৰ সিন্ধুৰ পৰা বিহাৰ আৰু গোৱালিয়ৰ পৰ্যন্ত এক বিশাল সাম্ৰাজ্যৰ অধিপতি হয়।
- ১৮৪০ - বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয় ব্ৰিটেইনত। এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল। টিকটো নামকৰণ কৰা হৈছিল ‘পেনি ব্লেক’।
- ১৮৫৩ - আমেৰিকান সংবাদ-পত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্ৰকাশ হয়।
জন্ম
[সম্পাদনা কৰক]- ১৭৯২ - মাৰ্টিন ওম, জাৰ্মান গণিতজ্ঞ।
- ১৮১১ - জেম্ছ ইয়ং ছিম্পছন, স্কটলেণ্ডৰ প্ৰসূতিবিদ, ক্লেৰোফৰ্মৰ আৱিষ্কাৰক।
- ১৮৫৬ - ছিগমন্ড ফ্ৰয়েড, অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী।
- ১৮৬১ - মতিলাল নেহৰু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পিতৃ।
- ১৯০৪ - হেৰী মাৰ্টিনছন, ছুইডেনৰ কবি, ঔপন্যাসিক। ১৯৭৪ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯০৯ - এডমিৰেল ৰবাৰ্ট এডুইন প্যাৰী, উত্তৰ মেৰুত প্ৰথম মানৱৰ প্ৰথম খোজ দিয়া আমেৰিকাৰ অভিযাত্ৰী (১৮৫৬ চন)।
- ১৯১১ - মৃদুলা সাৰাভাই, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
- ১৯২৬ - সোণেশ্বৰ বৰা, ভাৰতীয় স্বাধীনতা সংগ্ৰামী,ৰাজনীতিবিদ আৰু সমাজকৰ্মী।
- ১৯৫৩ - টনী ব্লেয়াৰ, ব্ৰিট্ৰিছ প্ৰধান মন্ত্ৰী।
- ১৯৮৩ - গগন নাৰং, ভাৰতীয় শ্বুটাৰ।
- ১৯৮৬ - শ্বাহানা গোস্বামী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৪৯ - মৰি মেটাৰলংক, বেলজিয়ামৰ ফৰাচী ভাষাৰ নাট্যকাৰ তথা কবি। ‘দা ব্লু বাৰ্ড’ (১৯০৮) তেওঁৰ প্ৰসিদ্ধ ৰচনা। ‘নীলা চৰাই’ নামেৰে এইখন অসমীয়ালৈও অনূদিত হৈছে। ১৯১১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯৫২ - মাৰিয়া মণ্টেছৰী, ইটালিয়ান স্বাস্থ্যবিদ আৰু শিক্ষাবিদ।
- ১৯৯২ - মাৰ্লিন ডিট্ৰিস, জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।
- ২০০২ - শান্তা গান্ধী, ভাৰতীয় নাট পৰিচালক, নৃত্যশিল্পী আৰু নাট্যকাৰ।
দিৱস
[সম্পাদনা কৰক]- আন্তঃৰাষ্ট্ৰীয় নো ডায়েট দিৱস
- শ্বহীদ দিৱস (লেবানন আৰু ছিৰিয়া)
- আজুলেজো দিৱস (পৰ্তুগাল)[1]
- হিদিৰেলেজৰ প্ৰথম দিন (তুৰস্ক)
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Resolução da Assembleia da República n.º 144/2017: Consagra o dia 6 de maio como o Dia Nacional do Azulejo" (pt ভাষাত). Diário da República. 6 July 2017. https://data.dre.pt/eli/resolassrep/144/2017/07/06/p/dre/pt/html। আহৰণ কৰা হৈছে: 2 September 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৬ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা Archived 2007-03-03 at the Wayback Machine
| ||||||||||||||||||||||||||||||||||||||||||||