সমললৈ যাওক

শান্তা গান্ধী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শান্তা গান্ধী
জন্ম ২০ ডিচেম্বৰ, ১৯১৭
নাচিক
মৃত্যু ০৬ মে', ২০০২ (৮৪ বছৰ)
মুম্বাই
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা নৃত্যশিল্পী, নাট পৰিচালক, নাট্যকাৰ
জনা যায় জছমা ওড়ান (নাটক)
দাম্পত্যসঙ্গী ভিক্টৰ কিয়েৰ্নান (বি. ১৯৩৮; বিবি. ১৯৪৬)
আত্মীয়-স্বজন দীনা পাঠক (ভনীয়েক)

শান্তা কালিদাস গান্ধী (ইংৰাজী: R. Nagarathnamma ; ২০ ডিচেম্বৰ ১৯১৭ – ৬ মে' ২০০২) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক শাখা ভাৰতীয় গণনাট্য সংঘৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ভাৰতীয় নাট্ পৰিচালক, নৃত্যশিল্পী আৰু নাট্যকাৰ। ১৯৩০ চনৰ আৰম্ভণিতে ইন্দিৰা গান্ধীৰ সৈতে তেওঁ একেলগে আৱাসিক বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু পিছৰ জীৱনতো প্ৰধানমন্ত্ৰী গান্ধীৰ ঘনিষ্ঠ হৈ আছিল। ইন্দিৰা গান্ধী প্ৰশাসনৰ অধীনত তেওঁ পদ্মশ্ৰী (১৯৮৪) আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষকে (১৯৮২–৮৪)ধৰি বহুতো বঁটা-বাহন আৰু পদবী লাভ কৰিছে।

চলচ্চিত্ৰ, মঞ্চ অভিনেত্ৰী দীনা পাঠক আৰু মঞ্চ অভিনেত্ৰী তৰলা গান্ধী তেওঁৰ ভনীয়েক আছিল।

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৩২ চনত পুনেৰ এখন পৰীক্ষামূলক আৱাসিক বিদ্যালয় পিউপিলছ্ অ’ন স্কুলত নামভৰ্তি কৰে। তাতেই তেওঁৰ সহপাঠী ইন্দিৰা নেহৰুৰ সৈতে বন্ধুত্ব গঢ়ি উঠে।[1] পিছত তেওঁ বম্বেলৈ গুচি যায়। তেওঁৰ অভিযন্তা পিতৃয়ে তেওঁক ১৯৩০ চনত বাওঁপন্থী ছাত্ৰ আন্দোলনৰ সৈতে অত্যধিক জড়িত হোৱা দেখি তেওঁক ইংলেণ্ডলৈ অধ্যয়ন কৰিবলৈ পঠিয়াই দিয়ে। লণ্ডনত তেওঁ ইন্দিৰা থকা ঠাইৰ ওচৰতে ফেয়াৰফেক্স ৰোডৰ এটা বৰ্ডিং হাউচত থাকে। ফিৰোজ গান্ধীয়েও ওচৰতে বাস কৰিছিল আৰু তিনিওজনে একেলগে চহৰখনলৈ ওলাই গৈছিল।[2] ১৯৩৬ চনত যেতিয়া ইন্দিৰা আৰু ফিৰোজে গোপনে বাগদান কৰে, তেতিয়া শান্তাই আছিল একমাত্ৰ আন ব্যক্তি, যিয়ে এই বিষয়ে জানিছিল।[3]

সোনকালেই তেওঁ ইণ্ডিয়া হাউচলৈ অহাযোৱা কৰিবলৈ আৰম্ভ কৰিলে। তাতেই তেওঁৰ কৃষ্ণ মেনন আৰু তেওঁৰ যুৱ ‘ফ্ৰী ইণ্ডিয়া’ৰ সহযোগীসকলৰ সৈতে দেখা সাক্ষাৎ হয়। আনকি স্পেইনৰ গৃহযুদ্ধৰ বাবে ধন সংগ্ৰহ কৰিবলৈ গঠন কৰা নৃত্য দল এটাতো যোগদান কৰে। কিন্তু ইতিমধ্যে ইউৰোপত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু তেওঁ দেশলৈ উভতি আহিল।

১৯৩৮ চনত বোম্বেত মাৰ্ক্সবাদী ইতিহাসবিদ ভিক্টৰ কিয়েৰ্নানৰ সৈতে তেওঁৰ বিবাহ হয়। কিয়েৰ্নানে ভাৰত এৰি যোৱাৰ আগতে ১৯৪৬ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

শান্তা আছিল ভাৰতীয় গণনাট্য সংঘৰ কেন্দ্ৰীয় বেলে দলৰ কেন্দ্ৰীয় বেলেট দলৰ প্ৰতিষ্ঠাপক-সদস্য আৰু ১৯৫০ৰ দশকত দেশখন ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰিছিল। তেওঁক প্ৰাচীন ভাৰতীয় নাটক, বিশেষকৈ সংস্কৃত নাটক আৰু লোকনাট্যক আধুনিক ভাৰতীয় মঞ্চত পুনৰুজ্জীৱিত কৰাৰ আৰম্ভণিৰ পথ প্ৰদৰ্শক হিচাপে স্মৰণ কৰা হয়। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য নাটসমূহৰ ভিতৰত ৰেজিয়া চুলতান[5] আৰু সতীদাহ প্ৰথাৰ সৈতে সম্পৰ্কীয় এটা গুজৰাটী কিংবদন্তিৰ আধাৰত, গুজৰাটী ভৱাই শৈলীৰ প্ৰয়োগেৰে ৰচিত জছমা ওড়ান অন্যতম। জছমা ওড়ান আৰু তেওঁৰ ভনীয়েক দীনা পাঠকমেইনা গুৰজাৰীক সমসাময়িক ভাৰতীয় নাট্য জগতত এক মাইলৰ খুঁটি বুলি বিবেচনা কৰা হয়।[6][7]

১৯৮১ চনত স্থাপিত শিক্ষা সম্পদ কেন্দ্ৰ আভেহীৰ(Avehi) প্ৰতিষ্ঠাপক-সদস্য আছিল। ১৯৮২–১৯৮৪ সময়ছোৱাত তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বত থাকে।।[8] ১৯৮৪ চনত তেওঁক পদ্মশ্ৰী বঁটা আৰু ২০০১ চনত নাট পৰিচালক শাখাত সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়।[9]

নাটকৰ উপৰিও তেওঁ গুজৰাটী ভাষাত এখন চুটিগল্প সংকলন উগতা চ্ছোড় (১৯৫১) আৰু অবিনাশ (১৯৫২) নামেৰে উপন্যাস এখন লিখে।[10]

১৯৮৪: কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী প্ৰদান।
২০০১: নাট পৰিচালনা শিতানত সংগীত নাটক একাডেমী বঁটা

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]