টালিমেৰণ আও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
টালিমেৰণ আও
ব্যক্তিগত তথ্য
জন্ম২৮ জানুৱাৰী, ১৯১৮
জন্মস্থানচাংকি, নগা পাহাৰ জিলা, অসম, ভাৰত
মৃত্যু১৩ ছেপ্টেম্বৰ, ১৯৯৮ (৮০ বছৰ)
মৃত্যুস্থানক’হিমা, নাগালেণ্ড, ভাৰত
উচ্চতা–১০ (১.৭৮  মিটাৰ)
খেলা স্থানৰক্ষক
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
১৯৪৩–১৮৫২মোহন বাগান
ৰাষ্ট্ৰীয় দল
১৯৪৮–১৯৫১ভাৰত(০)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে.

টালিমেৰণ আও (ইংৰাজীTalimeren Ao)[1][2] (২৮ জানুৱাৰী ১৯১৮ – ১৩ ছেপ্তেম্বৰ ১৯৯৮) হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক। অসমৰ নগা পাহাৰ জিলাৰ চাংকি নামৰ এখন গাঁওত ১৯১৮ চনৰ ২৮ জানুৱাৰীত তেঁওৰ জন্ম হৈছিল। তেঁওৰ পিতৃৰ নাম ছুবংৱতী নিংডাংৰি আও আৰু মাতৃ মাংচাংলা চাংকিলাৰি। তেঁও ১১জন সন্তানৰ ভিতৰত চতুৰ্থ আছিল।

ফুটবল কেৰিয়াৰ[সম্পাদনা কৰক]

মোহন বাগান[সম্পাদনা কৰক]

১৯৪৩ চনত আৱে কলকতা ফুটবল লীগত ভাগ লোৱা মোহন বাগান দলত যোগদান কৰে।[3] শৰৎ দাসৰ পিছত ১৯৪৮ চনৰ পৰা ১৯৪৯ চনলৈ তেঁও ইয়াৰ অধিনায়ক আছিল। শৰৎ দাস গুৱাহাটী কটন ক’লেজৰ অগ্ৰজ আছিল আৰু দুয়ো পূৰ্বতে গুৱাহাটীৰ মহাৰাণা ক্লাবৰ হৈ খেলিছিল। আও মহাৰাণা ক্লাবত ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল, কিন্তু মোহন বাগানত তেঁও ৰক্ষক হিচাপে যেগদান কৰিছিল। আও আৰু তেঁওৰ দুজন সহ:খেলুৱৈ “চীনৰ মহান প্ৰাচীৰ” নামেৰে জনপ্ৰিয় হৈ উঠিছিল। ১৯৪৮ চনত তেঁও লণ্ডনলৈ যোৱা ভাৰতীয় ফুটবল দলৰ অধিনায়ক হৈছিল।[4][5] ১৯৫০ চনত আও ডুৰাণ্ড কাপত মোহন বাগানৰ অধিনায়ক আছিল কিন্তু ফাইনেলত হাইদৰাবাদ আৰক্ষীৰ লগত ১-০ গ’লত পৰাস্ত হয়। তেঁও পুত্ৰক কৈছিল যে এই ডুৰাণ্ড কাপ (১৯৫০)ত মোহন বাগানৰ গ’ল কীপাৰজন আঘাট প্ৰাপ্ত হৈছিল বাবে তেঁও নিজে কীপিং কৰিবলগীয়া হৈছিল।[6]

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ[সম্পাদনা কৰক]

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰ বছৰ, ১৯৪৮ চনত লণ্ডনত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত খেলা ভাৰতীয় ফুটবল দলৰ অধিনায়ক আছিল টালিমেৰণ আও। তেঁও অলিম্পিকত ভাৰতৰ হৈ ৰাষ্ট্ৰীয় পতাকা বহন কৰিছিল। ভাৰতৰ প্ৰথমখন মেচ বাৰ্মাৰ বিৰুদ্ধে আছিল, এইখন ৱাকঅভাৰ মেচহে আছিল। পিছৰখন মেচ ফ্ৰান্সৰ বিৰুদ্ধে আছিল আৰু তাত ভাৰতে ২-১ গ’লত পৰাস্ত হৈছিল। অৱসৰৰ সময়লৈকে আৱে আৰু পাঁচখন মেচ খেলিছিল।[6]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

আৱে আৰ. জি. মেডিকেল ক’লেজ, কলকাতা, পশ্চিম বংগত চিকিৎসা বিদ্যাৰ অধ্যয়ন কৰি তেঁওৰ এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰিছিল। ১৯৬৩ চনত তেঁও নাগালেণ্ডলৈ ওভতি আহে আৰু সহকাৰী চিকিৎসক হিচাপে কৰ্মত যোগদান কৰে, পিছত তেঁও চিভিল চাৰ্জন পদলৈ উন্নীত হয়। ১৯৭৮ চনত তেঁও নাগালেণ্ড স্বাস্থ্য সেৱাৰ ডাইৰেক্টৰ হিচাপে অৱসৰ গ্ৰহণ কৰে।

২০০২ চনত মোহন বাগানে তেঁওৰ নামত মোহন বাগান ৰত্ন বঁটা প্ৰৱৰ্তন কৰি আৰু তেঁওক আজীৱন সদস্য পদ প্ৰদান কৰি তেঁওক সন্মান প্ৰদান কৰে।[6] অসমৰ কলিয়াবৰত এখন আউটড’ৰ ষ্টেডিয়াম আৰু কটন ক’লেজত এখন ইনড’ৰ ষ্টেডিয়ান তেঁওৰ নামেৰে নামকৰণ কৰা হয়।

২০০৯ চনত, ইউনিয়ন মিনিষ্টাৰ ফৰ মাইন এণ্ড ড’নাৰ, বিজয় কৃষ্ণ সন্দিকৈয়ে ডিমাপুৰ, নাগালেণ্ডৰ ডি.ডি.এছ.চি. ষ্টেডিয়ামত প্ৰথম ড. টি. আও. ফুটবল ট্ৰ’ফীৰ উদ্বোধন কৰে।

মৃত্যু[সম্পাদনা কৰক]

১৯৯৮ চনৰ প্ৰথমভাগত আও ঋতুকালীন ইনফ্লুৱেঞ্জাৰ কবলত পৰে। পূৰ্বৰে অসুস্থ দেহ আৰু মধুমেহ ৰোগৰ বাবে তেঁওৰ স্বাস্থ্য আৰু বেয়াৰ ফালে ঢাল খায়। তেঁওক ডিমাপুৰৰ পৰা ক’হিমাৰ নগা চিভিল হাস্পাতাললৈ স্থানান্তৰ কৰা হয় আৰু তাতে তেঁওৰ মৃত্যু হয়। এই খন চিকিৎসালয়তে তেঁও ১৯৬০ৰ দশকত চিকিৎসক হিচাপে কৰ্মৰত আছিল। তেঁও তেঁওক ডিমাপুৰৰ খেৰমহলৰ নগা চেমেট্ৰিত সৎকাৰ কৰাৰ ইচ্ছা পোষণ কৰিছিল। তেঁও মৃত্যুৰ সময়ত পত্নী ডেইকিম ডৌংগেল, যি ষ্টাফ নাৰ্চৰূপে কৰ্মৰত, দুজন পুত্ৰ, দুজনী কণ্যা আৰু আঠটা নাতি এৰি থৈ যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]