ডনা ষ্ট্ৰিকলেণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডনা ষ্ট্ৰিকলেণ্ড
Donna Strickland

জন্ম ডনা থিয় ষ্ট্ৰিকলেণ্ড
২৭ মে', ১৯৫৯ (৬৪ বছৰ)
গুইল্ফ, অন্তেৰিঅ', কানাডা
ক্ষেত্ৰ
কৰ্মস্থান ৱাৰ্টালু বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান মেকমাষ্টাৰ বিশ্ববিদ্যালয়
ৰচেষ্টাৰ বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা জেৰাৰ্ড মৌৰো
জনা যায় ইণ্টেন্স লেজাৰ মেটাৰ ইণ্টাৰচেক্সন, ন'নলিনিয়াৰ অপ্টিকছ, চৰ্ট পালছ্ ইণ্টেন্স লেজাৰ চিষ্টেম, চিৰপেদ পালছ্ এম্পলিফিকেচন, আলট্ৰাফাষ্ট অপটিক্স
উল্লেখনীয় বঁটা
  • পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা(২০১৮)
  • অপ্টিকেল ছ'চাইটি অফ আমেৰিকাৰ ফেল' (২০০৮)
  • অলফ্ৰেড পি. শ্লোন ৰিচাৰ্ছ ফেল'শ্বিপ (১৯৯৮)

ডনা থিয় ষ্ট্ৰিকলেণ্ড (জন্ম: ২৭ মে', ১৯৫৯) এগৰাকী কানাডিয়ান পদাৰ্থবিদ। লেজাৰ বিষয়ে গৱেষণা কৰি তেওঁ লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে তেওঁ বিখ্যাত।[1] পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী মহিলা। ২০১৮ চনত তেওঁ আৰু তেওঁৰ পিএইচডি উপদেষ্টা জেৰাৰ্ড মৌৰোৰ লগত আৰু আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়ভাৱে তেওঁলোকৰ লেজাৰ বিষয়ক গৱেষণাৰ বাবে পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। বৰ্তমান তেওঁ ৱাৰ্টালু বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক হিচাপে নিয়োজিত হৈ আছে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৫৯ চনৰ ২৭ মে তাৰিখে কানাডাৰ অন্তৰিঅ'ৰ গুইল্ফত ডনা ষ্ট্ৰিকলেণ্ডৰ জন্ম হয়।[2] তেওঁ ১৯৮১ চনত মেকমাষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক পদাৰ্থ বিজ্ঞান বিষয়ত অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা পোহৰ বিজ্ঞান বিভাগত ১৯৮৯ চনত পিএইচডি ডিগ্ৰী লাভ কৰে।[3][4] তেওঁৰ ডক্টৰেল থেছিছৰ শিৰোনাম আছিল "অতি উজ্জ্বল লেজাৰৰ উন্নয়ন আৰু বহু ফটন আয়নিকৰণত ইয়াৰ ব্যৱহাৰ" আৰু ইয়াৰ উপদেষ্টা আছিল জেৰাৰ্ড মৌৰো[2] তেওঁলোকৰ যুটীয়ে চিৰপেদ পালছ্ এম্পলিফিকেচন উদ্ভাৱন কৰে।[5]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

২০১১ তেওঁ চনত অপ্টিকেল ছচাইটিৰ উপাধ্যক্ষ আৰু ২০১৩ চনত অধ্যক্ষ আছিল। তেওঁ লগতে ২০০৪ চনৰ পৰা ২০১০ চনলৈ অপ্টিকেল লেটাৰ নামৰ জাৰ্নেল এখনৰ সম্পাদিকা আছিল।[6]

১৯৯৯ চনত তেওঁ অন্তৰিঅ'ৰ বিখ্যাত ৰিচাৰ্ছ এক্সচেলেন্স বঁটা লাভ কৰে। তেওঁৰ গৱেষণা আৰু নেতৃত্বৰ বাবে ২০০০ চনত কত্ৰেল স্কলাৰ বঁটা লাভ কৰে। ২০০৮ চনত তেওঁ আমেৰিকাৰ অপ্টিকেল ছচাইটিৰ ফেল' নিৰ্বাচিত হয়।[5]

  • ১৯৯৮ – শ্লোন গৱেষণা ফেল'শ্বিপ[7]
  • ১৯৯৯ – প্ৰিমীয়াৰ্ছ ৰিচাৰ্ছ এক্সচেলেন্স বঁটা[3]
  • ২০০০ – কত্ৰেল স্কলাৰ বঁটা[8]
  • ২০০৮ – অপ্টিকেল ছচাইটি অফ আমেৰিকাৰ ফেল'[3]
  • ২০১৮ – জেৰাৰ্ড মৌৰো আৰু আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা[9]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Donna Strickland - Physics and Astronomy". 5 April 2012. https://uwaterloo.ca/physics-astronomy/people-profiles/donna-strickland। আহৰণ কৰা হৈছে: 2 October 2018. 
  2. 2.0 2.1 Strickland, Donna T. (1988). "Development of an ultra-bright laser and an application to multi-photon ionization". University of RochesterLaboratory for Laser Energetics. Archived from the original on 7 July 2013. https://web.archive.org/web/20130707150743/http://www.lle.rochester.edu/media/publications/documents/theses/Strickland.pdf। আহৰণ কৰা হৈছে: 2 October 2018. 
  3. 3.0 3.1 3.2 "Biographies -Donna T. Strickland". The Optical Society. https://www.osa.org/en-us/history/biographies/donna-t-strickland/। আহৰণ কৰা হৈছে: 2 October 2018. 
  4. "Donna Strickland" (en ভাষাত). University of WaterlooEducation Program for Photonics Professionals. 11 September 2012. https://uwaterloo.ca/education-program-for-photonics-professionals/people-profiles/donna-strickland। আহৰণ কৰা হৈছে: 2 October 2018. 
  5. 5.0 5.1 Murphy, Jessica (2 October 2018). "Donna Strickland: The 'laser jock' Nobel prize winner". BBC News. https://www.bbc.com/news/world-us-canada-45722890। আহৰণ কৰা হৈছে: 2 October 2018. 
  6. "Arthur Ashkin, Gérard Mourou, and Donna Strickland Awarded 2018 Nobel Prize in Physics". The Optical Societyosa.org. https://www.osa.org/en-us/about_osa/newsroom/news_releases/2018/arthur_ashkin_gerard_mourou_and_donna_strickland_a/। আহৰণ কৰা হৈছে: 2 October 2018. 
  7. "Past Sloan Fellows". Alfred P. Sloan Foundationsloan.org. Archived from the original on 16 September 2018. https://web.archive.org/web/20180916082911/https://sloan.org/past-fellows। আহৰণ কৰা হৈছে: 2 October 2018. 
  8. "Cottrell Scholars". Research Corporation For Science Advancementrescorp.org. http://rescorp.org/gdresources/docs/cs-by-class-2018.pdf। আহৰণ কৰা হৈছে: 2 October 2018. 
  9. "Arthur Ashkin, Gérard Mourou and Donna Strickland win the Nobel Prize for Physics". Physics World. https://physicsworld.com/a/arthur-ashkin-gerard-mourou-and-donna-strickland-the-nobel-prize-for-physics/। আহৰণ কৰা হৈছে: 2 October 2018. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]