টাচুকু হঞ্জ'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টাচুকু হঞ্জ'
Tasuku Honjo

টাচুকু হঞ্জ'
জন্ম ২৭ জানুৱাৰী, ১৯৪২ (৮২ বছৰ)
ক্যিট' জাপান
জাতীয়তা জাপানীজ
ক্ষেত্ৰ আণৱিক ৰোগ-প্ৰতিৰোধ বিজ্ঞান
কৰ্মস্থান ক্যিট' বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান ক্যিট' বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা য়াচুটমি নিশিজুকা
অচামু হায়াইশি
জনা যায় ক্লাছ চুইছ ৰিকম্বিনেচন
ইণ্টাৰলিউকিন ৪, ইণ্টাৰলিউকিন ৫, এক্টিভেচন ইনডিউছদ চাইটিদিন ডেমিনেছ
কৰ্কট ৰোগৰ ৰোগ প্ৰতিৰোধ থেৰাপি
প্ৰগ্ৰেমড চেল ডেদ প্ৰটিন ১
উল্লেখনীয় বঁটা ইম্পিৰীয়েল প্ৰাইজ (১৯৯৬)
কচ প্ৰাইজ (২০১২)
অৰ্ডাৰ অফ কালচাৰ(২০১৩)
টাং প্ৰাইজ (২০১৪)
ক্যিট' প্ৰাইজ(২০১৬)
আলপাৰ্ট প্ৰাইজ(২০১৭)
চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ নোবেল বঁটা (২০১৮)

টাচুকু হঞ্জ' Tasuku Honjo (本庶 佑 Honjo Tasuku?, জন্ম ২৭ জানুৱাৰী, ১৯৪২) এজন জাপানীজ ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বিশেষকৈ প্ৰগ্ৰেমড চেল ডেদ প্ৰটিন ১ আৱিষ্কাৰৰ বাবে বিখ্যাত।[1] তেওঁ লগতে চাইট'কাইনিছৰ আণৱিক চিনাক্তকৰণ অৰ্থাৎ ইণ্টাৰলিউকিন ৪ আৰু ইণ্টাৰলিউকিন ৫, [2] আৰু এক্টিভেচন ইনডিউছদ চাইটিদিন ডেমিনেছৰ আৱিষ্কাৰক হিচাপে জনাজাত। ই চমেটিক হাইপাৰ মিউটেছন আৰু ক্লাছ চুইছ ৰিকম্বিনেচনৰ বাবে অতি প্ৰয়োজনীয়।[3]

বিজ্ঞানী হঞ্জ' আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী,জাৰ্মানীৰ জাৰ্মান একাডেমী অফ নেচাৰেল চায়েন্স আৰু জাপান একাডেমীৰ লগত জড়িত হৈ আছে।

২০১৮ চনত তেওঁ জেমছ পি. এলিচনৰ লগত যুটীয়া ভাবে চিকিৎসা আৰু শৰীৰ তত্ত্ব বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[4] তেওঁলোক দুয়োজনে ২০১৪ চনত একে বিষয়ৰ বাবে টাং প্ৰাইজ লাভ কৰিছিল।[5]

জীৱন[সম্পাদনা কৰক]

টাচুকু হঞ্জ' ক্যিট' বিশ্ববিদ্যালয়ৰ পৰা মেডিচিন বিষয়ত এমডি কৰে। ১৯৭৫ চনত তেওঁ একেই বিশ্ববিদ্যালয়ৰ পৰা মেডিকেল ৰসায়নত পিএইচডি কৰে। তেওঁৰ পিএইচডি উপদেষ্টা আছিল য়াচুটমি নিশিজুকা আৰু অচামু হায়াইশি।[6]

১৯৭১ চনৰ পৰা ১৯৭৪ চনলৈ তেওঁ ৱাছিংটন কাৰ্ণেগী ইনষ্টিটিউট, ৰাষ্ট্ৰীয় শিশুস্বাস্থ্য প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ মানৱ উন্নয়নৰ ভিজিটিং ফেল' আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত পঢ়া-শুনা কৰাৰ পিছত তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৯ চনলৈ টকিঅ' বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যাপক আছিল। পিছলৈ তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৪ চনলৈ অচাকা বিশ্ববিদ্যালয়ত বংশগতি বিজ্ঞানৰ অধ্যাপক তথা মুৰব্বী আছিল।[6]

১৯৮৪ চনৰ পৰা তেওঁ ক্যিট' বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[7]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

জাপানৰ সম্ৰাট অখিহিট'ৰ সৈতে টাচুকু হঞ্জ আৰু অৰ্ডাৰ অফ কালচাৰ লাভ কৰা ব্যক্তিসকল

হঞ্জ তেওঁৰ জীৱন কালত বিভিন্ন বঁটা আৰু সন্মান লাভ কৰে। ২০১৬ চনত তেওঁ "এণ্টিবডি পৃথক্কৰণ ফাংচন আৱিষ্কাৰ, প্ৰতিষেধক অণু আৰু পিডি-১ৰ ক্লিনিকেল প্ৰয়োগ আৱিষ্কাৰৰ বাবে" ক্যিট' পুৰস্কাৰ লাভ কৰে।[7]

তেওঁৰ অন্যান্য বঁটা আৰু পুৰস্কাৰৰ তালিকা,

  • ১৯৭৮ – তৰুণ বিজ্ঞানী পুৰস্কাৰ, জাপানীজ জৈৱ ৰাসায়নিক সমাজ
  • ১৯৮১ – নগুচি এওয়াৰ্ড মেমৰিয়েল পুৰস্কাৰ[7]
  • ১৯৮১ –আছাহি প্ৰাইজ[8]
  • ১৯৮৪ – কিহাৰা প্ৰাইজ,
  • ১৯৮৪ – অচাকা বিজ্ঞান বঁটা
  • ১৯৮৮ – তাকেদা মেডিকেল বঁটা[7]
  • ১৯৯২ – বেহেৰিং কিতাচাও পুৰস্কাৰ
  • ১৯৯৩ – উহেৰা প্ৰাইজ[7]
  • ১৯৯৬ – ইম্পিৰীয়েল প্ৰাইজ অফ দা জাপান[9]
  • ২০০০ – পাৰ্চন অফ কালচাৰেল মেৰিট
  • ২০১২ – ৰবাৰ্ট কোচ প্ৰাইজ[7]
  • ২০১৩ – অৰ্ডাৰ অফ কালচাৰ[7]
  • ২০১৪ – জেমছ পি. এলিচনৰ সৈতে যুটীয়ভাৱে টাং পুৰস্কাৰ
  • ২০১৪ – উইলিয়াম বি. কলি পুৰস্কাৰ[7]
  • ২০১৫ – ৰিচাৰ্ড ভাৰ্চ স্মলি স্মাৰক বঁটা[7]
  • ২০১৬ – কিয়ো চিকিৎসা বিজ্ঞান প্ৰাইজ]][10]
  • ২০১৬ – ফুদান-ঝংজি বিজ্ঞান পুৰস্কাৰ[11]
  • ২০১৬ – থমচন ৰয়টাৰ্ছ চাইটেছন বিজয়ী[12]
  • ২০১৭– ৱাৰেন অলপাৰ্ট ফাউণ্ডেচন প্ৰাইজ[13]
  • ২০১৮ – জেমছ পি. এলিচনৰ সৈতে যুটীয়ভাৱে চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ নোবেল বঁটা

তথ্য উৎস[সম্পাদনা কৰক]

  1. Ishida, Y; Agata, Y; Shibahara, K; Honjo, T (1992). "Induced expression of PD-1, a novel member of the immunoglobulin gene superfamily, upon programmed cell death". The EMBO Journal খণ্ড 11 (11): 3887–95. PMID 1396582. 
  2. Kumanogoh, A; Ogata, M (2010). "The study of cytokines by Japanese researchers: A historical perspective". International Immunology খণ্ড 22 (5): 341–5. doi:10.1093/intimm/dxq022. PMID 20338911. 
  3. "Robert Koch Foundation confers award on Professors Honjo and Wimmer". Archived from the original on 2021-05-21. https://web.archive.org/web/20210521085014/https://www.robert-koch-stiftung.de/index.php?article_id=90&clang=1। আহৰণ কৰা হৈছে: 2018-10-01. 
  4. Hannah, Devlin. "James P Allison and Tasuku Honjo win Nobel prize for medicine". The Guardian. https://www.theguardian.com/science/2018/oct/01/james-p-allison-and-tasuku-honjo-win-nobel-prize-for-medicine। আহৰণ কৰা হৈছে: 1 October 2018. 
  5. "2014 Tang Prize in Biopharmaceutical Science". Archived from the original on 2017-10-20. https://web.archive.org/web/20171020051653/http://www.tang-prize.org/en/owner.php?cat=11&y=2। আহৰণ কৰা হৈছে: 2016-06-18. 
  6. 6.0 6.1 ""免疫のしくみに魅せられて-何ごとにも主体的に挑む". সাঁচ:Ja icon. http://www.brh.co.jp/s_library/j_site/scientistweb/no37/. 
  7. 7.0 7.1 7.2 7.3 7.4 7.5 7.6 7.7 7.8 "Tasuku Honjo". Inamori Foundationkyotoprize.org. https://www.kyotoprize.org/en/laureates/tasuku_honjo/। আহৰণ কৰা হৈছে: 1 October 2018. 
  8. "The Asahi Prize [Fiscal 1981"]. The Asahi Shimbun Company. http://www.asahi.com/shimbun/award/asahi/english.html#1989। আহৰণ কৰা হৈছে: 1 October 2018. 
  9. "The Imperial Prize,Japan Academy Prize,Duke of Edinburgh Prize Recipients". The Japan Academyjapan-acad.go.jp. http://www.japan-acad.go.jp/en/activities/jyusho/081to090.html। আহৰণ কৰা হৈছে: 1 October 2018. 
  10. "The 2016 Keio Medical Science Prize Laureate". Keio University.ms-fund.keio.ac.jp. Archived from the original on 11 November 2018. https://web.archive.org/web/20181111020206/http://www.ms-fund.keio.ac.jp/prize/winner/prize2016.html। আহৰণ কৰা হৈছে: 1 October 2018. 
  11. "2016 Fudan-Zhongzhi Science Award Announcement". Fudan Science and Innovation Forumfdsif.fudan.edu.cn. Archived from the original on 19 October 2018. https://web.archive.org/web/20181019212317/http://fdsif.fudan.edu.cn/en/?p=338। আহৰণ কৰা হৈছে: 1 October 2018. 
  12. "Hall of Citation Laureates". Clarivate Analyticsclarivate.com. https://clarivate.com/hall-of-citation-laureates-2018/। আহৰণ কৰা হৈছে: 1 October 2018. 
  13. "Warren Alpert Foundation Prize Recipients". Warren Alpert Foundation.warrenalpert.org. https://warrenalpert.org/prize-recipients। আহৰণ কৰা হৈছে: 1 October 2018. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]