জেৰাৰ্ড মৌৰো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেৰাৰ্ড মৌৰো

জন্ম জেৰাৰ্ড এলবাৰ্ট মৌৰো
২২ জুন, ১৯৪৪ (৭৮ বছৰ)
এলবাৰ্টভিলে, ফ্ৰান্স
কৰ্মস্থান ইকল পলিটেকনিক
ENSTA পেৰিছটেক
ৰচেষ্টাৰ বিশ্ববিদ্যালয়
মিছিগান বিশ্ববিদ্যালয়
জনা যায় চিৰপেদ পালছ্ এম্পলিফিকেচন
উল্লেখনীয় বঁটা পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা(২০১৮)

জেৰাৰ্ড এলবাৰ্ট মৌৰো (ফৰাচী: Gérard Albert Mourou; ফৰাচী: [ʒeʁaʁ muʁu]; জন্ম: ২২ জুন ১৯৪৪) এজন ফ্ৰেন্স বৈজ্ঞানিক। তেওঁ বৈদ্যুতিক অভিযান্ত্ৰিকতা আৰু লেজাৰ বিশেষজ্ঞ। তেওঁ তেওঁৰ ছাত্ৰী ডনা ষ্ট্ৰিকলেণ্ডৰ সৈতে চিৰপেদ পালছ্ এম্পলিফিকেচন নামৰ প্ৰযুক্তি আৱিষ্কাৰ কৰে।[1] এই আৱিষ্কাৰৰ বাবে তেওঁলোকে আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়ভাৱে ২০১৮ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।

১৯৯৪ চনত মৌৰো আৰু তেওঁৰ দলে মিছিগান বিশ্ববিদ্যালয়ত চেল্ফ ফকাছিং প্ৰতিসৰণ (কেৰ ইফেক্ট) আৰু আয়নিকৰণৰ সহায়ত চেল্ফ এতেনোৱাটিং ডিফ্ৰাকচন ৰ মাজত সমানতা আৱিষ্কাৰ কৰে।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • ১৯৯৫ – অপ্টিকেল ছচাইটি অফ আমেৰিকাৰ উদ বঁটা[2]
  • ১৯৯৭ - এছপিআইই হাৰল্ড ই. ইডগাৰ্তন বঁটা[3]
  • ২০০৪ – আইইইই এলইঅএছ কোৱাণ্টাম ইলেকট্ৰনিকছ এৱাৰ্ড[4][5]
  • ২০০৫ – লেজাৰ বিজ্ঞান আৰু কোৱাণ্টাম অপটিক্স ৱিলিছ ই. লেম্ব এৱাৰ্ড[6]
  • ২০০৯ – অপ্টিকেল ছচাইটিৰ চাৰ্লছ হাৰ্ড টাউন এৱাৰ্ড[7]
  • ২০১৮ – ডনা ষ্ট্ৰিকলেণ্ড আৰু আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা[8]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]