সমললৈ যাওক

ডাব্বাৱালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুম্বাই ডাব্বাৱালা
ধৰণ সংগ্ৰাহক আৰু বিতৰক সংগঠন
উদ্যোগ ডাব্বা সংগ্ৰহ আৰু বিতৰণ
স্থাপিত মুম্বাই, মহাৰাষ্ট্ৰ ১৮৯০
মুখ্য কাৰ্যালয় মুম্বাই, ভাৰত
নেতৃস্থানীয় ব্যক্তিত্ব সুভাষ তালেকাৰ, সভাপতি
ৱেবছাইট
লোকেল ট্ৰেইনত টিফিন বাকচসমূহ বোজাই কৰি থকা এক দৃশ্য

ডাব্বাৱালা (বা পূৰ্বৰ টিফিনৱালা) ভাৰতবৰ্ষৰ বিশেষকৈ মুম্বাই মহানগৰীৰ বিভিন্ন কৰ্মস্থলীত কৰ্মৰত কৰ্মচাৰীসকললৈ ঘৰ বা ৰেষ্টুৰেণ্টৰপৰা টিফিন বাকচত দুপৰীয়াৰ আহাৰ কঢ়িওৱা একশ্ৰেণী মানুহ বা এক ব্যৱস্থা। খোৱা খাদ্যৰে পৰিপূৰ্ণ টিফিন বাকচবোৰ ডাব্বাৱালাসকলে পুৱাবেলা সংগ্ৰহ কৰি চাইকেল, থেলা আৰু লোকেল ট্ৰেনেৰে নিৰ্দিষ্ট কৰ্মস্থলীলৈ প্ৰেৰণ কৰে আৰু খালী টিফিন বাকচবোৰ আবেলি পুনৰ যি ঘৰৰ পৰা সেইবোৰ অনা হৈছিল, তালৈ ঘূৰাই পঠিয়ায়। ডাব্বাৱালাসকলক মুম্বাইৰ বহু খাদ্য যোগানকাৰীয়ে কেন্দ্ৰীয় ৰন্ধনশালাৰপৰা খাদ্য-সামগ্ৰী গ্ৰাহকৰ ওচৰলৈ কঢ়িয়াই নিবলৈয়ো ব্যৱহাৰ কৰে, যাৰ বাবে তেওঁলোকক উপযুক্ত পাৰিশ্ৰমিক আগবঢ়োৱা হয়।[1] ২০১৩ চনৰ বলীউডী চিনেমা দ্য লাঞ্চবক্স ডাব্বা পৰিসেৱাৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।


উৎপত্তি

[সম্পাদনা কৰক]

১৮৯০ চনত মহাদু হাৱজী বচ্চেই তেতিয়াৰ বোম্বেত প্ৰায় এশজন মানুহলৈ টিফিন বাকচ কঢ়িয়াই নিয়া এক সেৱা আৰম্ভ কৰে।[2] ১৯৩০ চনত তেওঁ অনানুষ্ঠানিকভাবে ডাব্বাৱালসকলক সংঘবদ্ধ কৰিবলৈ প্ৰচেষ্টা চলায়। পিছলৈ ১৯৫৬ চনত “নুতন মুম্বাই টিফিন বক্স চাপ্লায়াৰ্চ ট্ৰাষ্ট” নামেৰে এক দাতব্য অনুষ্ঠান পঞ্জীয়ন কৰা হয়।[3] এই অনুষ্ঠানৰ ব্যৱসায়িক শাখাটো ১৯৬৮ত “মুম্বাই টিফিন বক্স চাপ্লায়াৰ্চ এচোছিয়েচন” নামেৰ পঞ্জীভূক্ত হয়।[4][3][3]

১৮৯০ চনত ব্ৰিটিছৰাজৰ সময়ত বিশেষ প্ৰয়োজনত এই পৰিসেৱা আৰম্ভ হৈছিল। কৰ্ম সংস্থাপনৰ তাগিদাত অসংখ্য লোক সেই সময়ৰ বিশাল মহানগৰীখনলৈ প্ৰব্ৰজন কৰিছিল, য'ত ফাষ্টফুদৰ সংস্কৃতি তেতিয়া আৰম্ভ হোৱা নাছিল আৰু অফিচ কেণ্টিনবোৰে কিছু পৰিমাণে কৰ্মচাৰীসকলৰ দুপৰীয়াৰ ক্ষুধা নিবাৰণৰ ব্যৱস্থা কৰিছিল। প্ৰকৃততে কৰ্মচাৰীসকলৰ দুপৰীয়াৰ ক্ষুধা নিবাৰণৰ এক নিশ্চিত কাৰ্যকৰী ব্যৱস্থা সেইসময়ত নাছিল। বহুতো কৃষিজীৱী লোকে কৃষিকৰ্মৰ যোগে জীৱিকা নিৰ্বাহ কৰিব নোৱাৰি কামৰ আশাত বিভিন্ন নগৰলৈ গমন কৰিছিল। পৰ্যাপ্ত শিক্ষা নথকাৰ গুণে তেওঁলোক ব্ৰিটিছ চৰকাৰৰ অধীনস্থ কেৰাণী-মহৰীৰ চাকৰিৰ বাবে উপযুক্ততা নাছিল; কিন্তু কষ্টকৰ কাম কৰিবলৈ শাৰীৰিকভাবে তেওঁলোক যথেষ্ট সক্ষম আছিল। ফলস্বৰূপে ঘৰতে তৈয়াৰ কৰা খাদ্য বিভিন্ন কৰ্মস্থানত নিয়োজিত কৰ্মচাৰীসকলৈ কঢ়িয়াই নিয়াৰ ধাৰণাৰ জন্ম হ'ল।

বুৎপত্তি

[সম্পাদনা কৰক]
ভাৰতীয় শৈলীৰ এটা "ডাব্বা" বা টিফিন বাকচ
ৰিতেশ আন্দ্ৰে- মুম্বই ডাব্বাৱালাৰ এজন মুখপাত্ৰ

ডাব্বা মানে সাধাৰণতে এটা টিন বা এলুমিনিয়ামৰ তৈয়াৰী খাদ্য কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা ঘূৰণীয়া পাত্ৰক বুজায়। ইয়াত "ৱালা" পৰসৰ্গ লগাই "ডাব্বাৱালা" কৰা হৈছে। ডাব্বা বা টিফিন বাকচ কঢ়িয়াই নিয়া লোকজনকে ডাব্বাৱালা বোলা হয়।[5]

কৰ্ম-পদ্ধতি

[সম্পাদনা কৰক]

টিফিন বাকচবোৰ ভিন-ভিন উপায়ে চিহ্নিত কৰা হয়:[6]

  1. সংগ্ৰহ কৰা স্থানৰ নামৰ সংক্ষিপ্ত ৰূপ
  2. যিটো ষ্টেচনৰ পৰা গতি আৰম্ভ কৰিব, তাৰবাবে সুকীয়া সুকীয়া ৰঙৰ ব্যৱহাৰ
  3. যিটো ষ্টেচনত টিফিন বাকচ নামিব, তাৰ বাবে সুকীয়া নম্বৰ
  4. বিতৰণৰ দায়িত্বত থকা ডাব্বাৱালাৰ বাবে নিৰ্দিষ্ট চিহ্ন।

প্ৰতিজন ডাব্বাৱালাই নিজাকৈ কিছু সামগ্ৰী ক্ৰয় কৰিবলৈ নিম্নতম ধন বিনিয়োগ কৰবলগীয়া হয়; যেনে দুখন চাইকেল, টিফিন বাকচসমূহ মূৰেৰে কঢ়িয়াই নিবলৈ কাঠেৰে তৈয়াৰী এখন সাঙী, বগা কপাহী কুৰ্টা-পায়জামা আৰু এটা বগা গান্ধী টুপি। অনুপস্থিতি, ইউনিফৰ্ম নিপিন্ধা, মদ আৰু ধঁপাত সেৱনৰ বাবে জৰিমনা দিবলগীয়া হয়।[7]

সংগ্ৰহৰ দায়িত্বত থকা ডাব্বাৱালাসকলে সাধাৰণতে চাইকেলেৰে ঘৰে-ঘৰে বা দুপৰীয়াৰ আহাৰ তৈয়াৰ কৰা প্ৰতিষ্ঠানৰ পৰা ডাব্বাবোৰ সংগ্ৰহ কৰে। গৰিষ্ঠ সংখ্যক ডাব্বাৱালাৰ শিক্ষা-দিক্ষা কম বাবে (ডাব্বাৱালাসকলৰ গড় শিক্ষা অষ্টম শ্ৰেণী)[8]), ডাব্বাবোৰ ৰং আৰু চিহ্নৰ সমষ্টিৰে চিহ্নিত কৰা হয়।[9][10][11][12]

তাৰপিছত এটা অঞ্চলৰ ডাব্বাৱালাসকল লগ হৈ সকলো ডাব্বা লক্ষ্যস্থান অনুসৰি ভাগ-ভাগ কৰি উলিয়ায় আৰু সেইবোৰ চিহ্নিত কৰি লোকেল ট্ৰেইনেৰে লক্ষ্যস্থানলৈ পঠিয়াই দিয়ে। এইবোৰ কঢ়িওৱাৰ বাবে সাধাৰণতে ট্ৰেইনত সুকীয়া ডবা থাকে। কিন্তু কিছুমান আধুনিক পৰিসেৱা, যেনে নবী মুম্বাই মেট্ৰোত টিফিন বাকচ কঢ়িওৱাৰ কোনো ব্যৱস্থা ৰখা হোৱা নাই।[13]

প্ৰতিটো ষ্টেচনতে টিফিন বাকচবোৰ ঠিকনা অনুসৰি বিতৰণ কৰিবলৈ তাৰে স্থানীয় ডাব্বাৱালাসকলক চমজাই দিয়ে। খালী বাকচবোৰ খোৱা হোৱাৰ পিছত বা পিছদিনা সংগ্ৰহ কৰি পুনৰ নিজৰ নিজৰ ঘৰলৈ ওভতাই পঠিয়ায়। ডাব্বাৱালাসকলক এচ এম এচৰ যোদেদিও ডাব্বা ডেলিভাৰীৰ অনুৰোধ পঠিয়াব পাৰি।[14]

সংঘবদ্ধ সংস্কৃতি

[সম্পাদনা কৰক]
টিপিকেল "ডাব্বাৱালা" আহাৰ
২০০৭ চনৰ এক হিচাপ মতে ডাব্বাৱালা উদ্যোগৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ৫-১০%[15]

বেছিভাগ ডাব্বাৱালাই মহাৰাষ্ট্ৰৰ এক ধৰ্মীয় সম্প্ৰদায় বাৰকৰী সম্প্ৰদায়ৰ, ইজনে সিজনৰ লগা-ভগা আৰু পুনেৰ ওচৰৰ গাঁও এখনৰ পৰা অহা।[16][17] প্ৰতি মাৰ্চ মাহত পাঁচদিন ডাব্বা বিতৰণ বন্ধ ৰাখি তেওঁলোকে গাঁৱৰ এক বাৰ্ষিক উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ঘৰলৈ যায়।[18][19][20][21][22]

অৰ্থনৈতিক বিশ্লেষণ

[সম্পাদনা কৰক]

২০০২ৰ তথ্য অনুসৰি এজন ডাব্বাৱালাই এইটো জীৱিকাত অংশগ্ৰহণ কৰিবলৈ ডাব্বাৱালা সংস্থাক ৩০০০০ টকাৰ বৰঙনি আগবঢ়াবলগীয়া হয়। বিনিময়ত তেওঁলোকে মাহে লাভ কৰে প্ৰায় পাঁচ হাজাৰ টকা আৰু এক আজীৱন সংস্থাপন। সপ্তাহত ছয়দিনকৈ ডাব্বা কঢ়িওৱাৰ বাবদ তেওঁলোকে ১৫০ টকাকৈ মাহেকীয়া মাচুল লয়।[23][24][25]

প্ৰায়ে দাবী কৰা হয় যে প্ৰতি ৬ নিযুত ডাব্বা বিতৰণত ডাব্বাৱালাই ১টাতকৈও কম ভুল কৰে। অৱশ্যে এয়া কোনো পদ্ধতিগত অধ্যয়নৰ ফলাফল নহয়; "মুম্বাই টিফিন মেনচ্ এছোচিয়েচন"ৰ সভাপতি ৰঘুনাথ মেড়গেই ১৯৯৮ চনত "ফোৰ্বচ্" আলোচনীৰ ফাষ্টফুদ বিষয়ৰ শীৰ্ষস্থানীয় লেখক সুব্ৰত চক্ৰৱৰ্তীক দিয়া এক হিচাপহে। মেড়গেৰ মতে ডাব্বাৱালাই অতি কমেহে ভুল কৰে; দুই মাহত এটামান। [16][26][27][28]

ডাব্বাৱালা ব্যৱসায়টো বছৰি ৫-১০ শতাংশ হাৰে বৃদ্ধি হৈ আহিছে বুলি ২০০৭ চনত দ্য নিউয়ৰ্ক চাইমচত প্ৰকাশ পায়।[15]

২০১১ চনত ১২০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ডাব্বাৱালাসকলে আন্না হাজাৰেই দুৰ্নীতিৰ বিৰূদ্ধে অভিযানৰ সমৰ্থনত আজাদ ময়দানৰ এটা ৰেলীত যোগদান কৰিবলৈ হৰতাল কৰে।[29]

অধ্যয়ন আৰু স্বীকৃতি

[সম্পাদনা কৰক]

ডাব্বাৱালাসকলৰ বিষয়ে বিভিন্ন অধ্যয়ন:

  • ২০০১ চনত পৱন জি. আগৰৱালাই "A Study & Logistics & Supply Chain Management of Dabbawala in Mumbai" শীৰ্ষক বিষয়ত তেওঁৰ পি.এইচ.ডি গৱেষণা সম্পন্ন কৰে। বিভিন্ন মঞ্চত তেওঁ ডাব্বাৱালাৰ দক্ষতা সম্পৰ্কীয় ফলাফলসমূহ উপস্থাপন কৰিছে।[30]
  • ২০০৬ চনত আহমেদাবাদৰ ভাৰতীয় প্ৰবন্ধ সংস্থানে (IBM, Ahmedabad) মুম্বাইৰ ডাব্বাৱালাৰ সৰবৰাহ ব্যৱস্থাপনা সংক্ৰান্তত এক অধ্যয়ন চলাইছিল।[31]
  • ২০১০ চনত হাৱাৰ্ড বিজিনেচ স্কুলে ডাব্বাৱালা সংগঠনৰ উচ্চ পৰ্যায়ৰ সেৱা দক্ষতা কিন্ত কম খৰচী আৰু সহজ-সৰল পদ্ধতিৰ বিযয়ে The Dabbawala System: On-Time Delivery, Every Time শীৰ্ষক এক অধ্যয়ন চলাইছিল।[32]
  • ২০১৪ত "A Cross-Cultural Study of the Literacy Practices of The Dabbawalas: Towards a New Understanding of Non-mainstream Literacy and its Impact on Successful Business Practices" শীৰ্ষক বিষয়ত উমা এচ. কৃষ্ণনে তেওঁ পি.এইচ.ডি. গবেষনাৰ কাম সমূৰ্ণ কৰে।[33]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "In Pictures: Tiffin time in Mumbai". BBC news. 16 February 2014. https://www.bbc.com/news/world-asia-india-26128597 আহৰণ কৰা হৈছে: 2 May 2014.
  2. "Bombay Dabbawalas go high-tech". Physorg.com. http://www.physorg.com/news70641995.html আহৰণ কৰা হৈছে: 2011-09-15.
  3. 1 2 3 Roncaglia, Sara (1 January 2013). "Feeding the city : work and food culture of the Mumbai dabbawalas". OpenBook Publishers. https://archive.org/details/Feeding_the_City আহৰণ কৰা হৈছে: 2 May 2017.
  4. Nair, Supriya. "The Tiffin History of Mumbai - Livemint". www.livemint.com. http://www.livemint.com/Leisure/zCjPfpkfjnDtIHyjJoSNoK/The-Tiffin-History-of-Mumbai.html আহৰণ কৰা হৈছে: 8 April 2017.
  5. Pathak R.C. (1946, Reprint 2000). The Standard Dictionary of the Hindi Language, Varanasi: Bhargava Book Depot, pp.300,680
  6. Thakker, Pradip. "Mumbai's amazing dabbawalas". specials.rediff.com. http://specials.rediff.com/money/2005/nov/11spec.htm আহৰণ কৰা হৈছে: 8 April 2017.
  7. TEDx Talks (24 February 2011). "TEDxSSN - Dr. Pawan Agrawal - Mumbai Dabbawalas". https://www.youtube.com/watch?v=N25inoCea24 আহৰণ কৰা হৈছে: 3 May 2017.
  8. Agrawal, Dr. Pawan. "Dabbawallahs - A talk by Dr. Pawan Agrawal". Ted X SSN Talks. You Tube. https://www.youtube.com/watch?v=N25inoCea24 আহৰণ কৰা হৈছে: 2 May 2014.
  9. magazine, Works That Work. "Dabbawallas: Delivering Excellence by Meena Kadri (Works That Work magazine)". worksthatwork.com. https://worksthatwork.com/1/dabbawallas আহৰণ কৰা হৈছে: 2 May 2017.
  10. PTI (13 July 2014). "NDMC launches new project to make unemployed women self-reliant". thehindubusinessline.com. http://www.thehindubusinessline.com/news/national/ndmc-launches-new-project-to-make-unemployed-women-selfreliant/article6206470.ece আহৰণ কৰা হৈছে: 2 May 2017.
  11. Bureau, Our (20 July 2012). "Taking the story of Mumbai's dabbawalas to IIM Calcutta". thehindubusinessline.com. http://www.thehindubusinessline.com/economy/taking-the-story-of-mumbais-dabbawalas-to-iim-calcutta/article3661798.ece আহৰণ কৰা হৈছে: 2 May 2017.
  12. PTI (2 June 2013). "Mumbai dabbawalas to share success mantra in Dubai". thehindubusinessline.com. http://www.thehindubusinessline.com/news/national/mumbai-dabbawalas-to-share-success-mantra-in-dubai/article4775320.ece আহৰণ কৰা হৈছে: 2 May 2017.
  13. Ramper, Johnny. "Dabbawalas: Preserving Tradition in Modern India". Z.E.N. Foods. http://zenfoods.com/dabbawalas-preserving-tradition-in-modern-india/ আহৰণ কৰা হৈছে: 8 April 2017.
  14. "BBC NEWS - Business - India's tiffinwalas fuel economy". news.bbc.co.uk. http://news.bbc.co.uk/2/hi/business/5210092.stm আহৰণ কৰা হৈছে: 2 May 2017.
  15. 1 2 In India, Grandma Cooks, They Deliver from The New York Times
  16. 1 2 Indian Summer Festival Canada (23 July 2014). "Lunchbox Legends: The Dabbawalas of Mumbai". https://www.youtube.com/watch?v=Z88bIk-9HQc আহৰণ কৰা হৈছে: 3 May 2017. at Indian Summer Festival Vancouver
  17. Parmar, Beena (2 July 2014). "Mumbai's dabbawalas up delivery charges by ₹100". thehindubusinessline.com. http://www.thehindubusinessline.com/news/mumbais-dabbawalas-up-delivery-charges-by-100/article6170725.ece আহৰণ কৰা হৈছে: 2 May 2017.
  18. Bureau, Our (26 November 2013). "More lunch box ladies to deliver food cooked with love". thehindubusinessline.com. http://www.thehindubusinessline.com/news/national/more-lunch-box-ladies-to-deliver-food-cooked-with-love/article5394321.ece আহৰণ কৰা হৈছে: 2 May 2017.
  19. Bureau, Our (2 April 2014). "Dabbawalas to deliver WHO’s word". thehindubusinessline.com. http://www.thehindubusinessline.com/news/national/dabbawalas-to-deliver-whos-word/article5863865.ece আহৰণ কৰা হৈছে: 2 May 2017.
  20. "nomadlife - an international nomads community". wayback.archive.org. Archived from the original on 16 December 2005. https://web.archive.org/web/20051216142256/http://nomadlife.org/past/2005_02_01_archive.aspx আহৰণ কৰা হৈছে: 3 May 2017.
  21. "DINODIA Photo Library - The largest collection of Indian photographs online". wayback.archive.org. Archived from the original on 9 August 2003. https://web.archive.org/web/20030809134025/http://www.dinodia.com/photo_features/dabawallas.php3 আহৰণ কৰা হৈছে: 3 May 2017.
  22. "BBC NEWS - South Asia - Tiffin time for Charles and Camilla". news.bbc.co.uk. http://news.bbc.co.uk:80/2/hi/south_asia/4269823.stm আহৰণ কৰা হৈছে: 3 May 2017.
  23. Harding, Luke (24 June 2002). "A Bombay lunchbox". https://www.theguardian.com/world/2002/jun/24/worlddispatch.india আহৰণ কৰা হৈছে: 2 May 2017.
  24. PTI (2 July 2014). "‘Dabbawalas’ hike delivery charges to meet rising inflation". thehindubusinessline.com. http://www.thehindubusinessline.com/news/dabbawalas-hike-delivery-charges-to-meet-rising-inflation/article6169802.ece আহৰণ কৰা হৈছে: 2 May 2017.
  25. "Upper Crust ::: India's food, wine and style magazine". wayback.archive.org. Archived from the original on 22 October 2002. https://web.archive.org/web/20021022001518/http://uppercrustindia.com/11crust/eleven/mumbai3.htm আহৰণ কৰা হৈছে: 3 May 2017.
  26. The Guardian. A Bombay lunchbox (24 June 2002).
  27. Chakravarty, Subrata N. "Fast food." Forbes. 10 Aug. 1998. Forbes Magazine. 21 Sept. 2013 https://www.forbes.com/global/1998/0810/0109078a.html
  28. Pathak, Gauri Sanjeev. "Delivering the Nation: The Dabbawalas of Mumbai." South Asia: Journal of South Asian Studies 33.2 (2010): 235-257.
  29. Sheth, Priya; Ganguly, Nivedita (18 August 2011). "Dabbawalas to strike for the first time in 120 years" (en ভাষাত). The Hindu Business Line. http://www.thehindubusinessline.com/economy/dabbawalas-to-strike-for-the-first-time-in-120-years/article2369850.ece আহৰণ কৰা হৈছে: 8 April 2017.
  30. "Dr. Pawan Agrawal". Kaizer. Archived from the original on 9 April 2014. https://web.archive.org/web/20140409095430/http://www.kaizer.ind.in/Speaker-pawanagarwal.html আহৰণ কৰা হৈছে: 2 May 2014.
  31. Ravichandran, N. (1 September 2005). World class logistics operations : The case of Bombay dabbawallahs. প্ৰকাশক Ahmedabad: Indian Institute of Management. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924033601/http://www.iimahd.ernet.in/publications/data/2005-09-01ravichandran.pdf আহৰণ কৰা হৈছে: 2 May 2014.
  32. Thomke, Stefan H.; Sinha, Mona (February 2010). The Dabbawala System: On-Time Delivery, Every Time (Case 610-059). প্ৰকাশক Harvard, Ma.: Harvard Business School. http://www.hbs.edu/faculty/Pages/item.aspx?num=38410.
  33. S, Krishnan, Uma (1 January 2014). A Cross Cultural Study of the Literacy Practices of the Dabbawalas: Towards a New Understanding of Nonmainstream Literacy and its Impact on Successful Business Practices. Archived from the original on 8 July 2017. https://web.archive.org/web/20170708035621/https://etd.ohiolink.edu/ap/10?0::NO:10:P10_ACCESSION_NUM:kent1416312472 আহৰণ কৰা হৈছে: 2 May 2017.

অধিক জানিবলৈ পঢ়ক

[সম্পাদনা কৰক]
  • Shekhar Gupta, Our computer is our head and our Gandhi cap is the cover to protect it from the sun or rain, Indian Express, Walk the Talk, NDTV 24x7.
  • Hart, Jeremy (2006-03-19). "The Mumbai working lunch". The Independent Online (The Independent group, London). Archived from the original on 2007-03-25. https://web.archive.org/web/20070325193216/http://news.independent.co.uk/world/asia/article352265.ece আহৰণ কৰা হৈছে: 2007-03-20. 
  • "Indian lunchbox carriers to attend the Royal nuptials". Evening Standard (London) (Associated Newspapers Ltd). 2005-04-05. http://www.findarticles.com/p/articles/mi_qn4153/is_20050405/ai_n13502944 আহৰণ কৰা হৈছে: 2007-03-20. [সংযোগবিহীন উৎস]
  • Mumbai's Dabbawala: The Uncommon Story of the Common Man, Shobha Bondre. tr. Shalaka Walimbe. OMO Books, 2011. আই.এচ.বি.এন. 81-910356-1-8.
  • The Dabbawala System: On-Time Delivery, Every Time, by Stefan H. Thomke and Mona Sinha, Harvard Business School Case Study, February 2010 (Revised January 2013)