সমললৈ যাওক

ডেনি ডেনজংপা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেনি ডেনজোংপা

২০১৫ চনত ডেনি ডেনজোংপা
জন্ম শ্বেৰিং ফিণ্টচো ডেনজংপা
২৫ ফেব্ৰুৱাৰী, ১৯৪৮ (৭৮ বছৰ)[1]
য়ুকচম , Kingdom of Sikkim
(বৰ্তমানৰ চিকিম, ভাৰত)[2]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান চেইণ্ট জোচেফ কলেজ, দাৰ্জিলিং
Film and Television Institute of India
পেচা
  • অভিনেতা
  • গায়ক
  • চিনেমাৰ পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৭১-২০২২
দাম্পত্যসঙ্গী গাৱা ডেনজোংপা,( চিকিমৰ প্ৰাক্তন ৰাজকুমাৰী ) (বি. ১৯৭৩)
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী (২০০৩)


ডেনি ডেনজোংপা (ইংৰাজী: Dany Denzongpa)এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, গায়ক, চলচ্চিত্ৰ পৰিচালক আৰু এজন সফল ব্যৱসায়ী। তেওঁ মুখ্যতঃ বলীউডৰ চলচ্চিত্ৰত কাম কৰিছে যদিও কেইবাখনো নেপালী, তামিল, বাংলা আৰু তেলেগু চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ ১৯৭১ চনৰপৰা প্ৰায় ১৯০খন হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৩ চনত, ডেনজংপাক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়[3]তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰৰ চাৰি দশকতকৈও অধিক সময় জুৰি আছিল। তেওঁ কিছুমান আন্তৰ্জাতিক চলচ্চিত্ৰতো অভিনয় কৰিছে, আটাইতকৈ বিখ্যাত 'ছেভেন ইয়ৰ্ছ ইন তিব্বত'নামৰ চলচ্চিত্ৰত তেওঁ ব্ৰেড পিটৰ সৈতে দেখা গৈছিল। ডেনি ডেনজোংপাৰ পৰিচালিত 'ফিৰ ৱাহি ৰাত'ক হিন্দী চলচ্চিত্ৰৰ শীৰ্ষ পাঁচখন ভৌতিক চাচপেন্স চলচ্চিত্ৰৰ ভিতৰত এখন হিচাপে গণ্য কৰা হয়[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ডেনি ডেনজোংপাৰ জন্ম হৈছিল ছিকিমৰ য়ুকচোমত এটা নেপালী ভাষী ভুটিয়া পৰিয়ালত। তেওঁৰ জন্মগত নাম হ'ল শ্বেৰিং ফিণ্টচো ডেনজংপা।[5] [6]তেওঁ নাইনিতালৰ বিৰলা বিদ্যা মন্দিৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত ১৯৬৪ চনত দাৰ্জিলিঙৰ ছেইণ্ট জোচেফ কলেজৰপৰা কলেজীয়া শিক্ষা সমাপ্ত কৰে।[7]ডেনজোংপাৰ পৰিয়ালত ঘোঁৰা পোহা হৈছিল। সৰুকালৰপৰাই ঘোঁৰাৰ লগত পৰিচিত থকা ডেনজোংপাই ভাল ঘোঁৰা চেকুৰাব জানিছিল আৰু ভাল পাইছিল। তদুপৰি তেওঁ এজন ভাল লেখক, ভাস্কৰ্য শিল্পী আৰু ভাল চিত্ৰকৰ। তেওঁৰ ভাৰতীয় সেনাত যোগদান কৰাৰ মন আছিল। পশ্চিম বংগৰপৰা শ্ৰেষ্ঠ কেডেট বঁটাও লাভ কৰিছিল আৰু গণতন্ত্ৰ দিৱসৰ কুচকাৱাজতো অংশগ্ৰহণ কৰিছিল। কিন্তু পাছলৈ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াত (এফ টি আই আই) নামভৰ্তি কৰে। [8] পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিউটত পঢ়ি থাকোঁতেই সহপাঠী হিচাপে লগ পাই জয়া ভাদুড়ীক। এই জয়া ভাদুড়ীয়েই তেওঁৰ নাম ডেনি ৰাখে। কিয়নো ডেনিৰ জন্মগত নামটো যথেষ্ট দীঘল আৰু উচ্চাৰণ কৰিবলৈ অলপ কঠিন। [9]

কৰ্মজীৱন

[সম্পাদনা কৰক]

অভিনয়ৰ ক্ষেত্ৰত ডেনিয়ে ১৯৭১ চনৰ ছবি 'মেৰে আপনে'ৰদ্বাৰা তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। খলনায়কৰ বাবে বিখ্যাত ডেনিয়ে তেওঁৰ প্ৰথম চলচ্চিত্ৰখনত এক ইতিবাচক চৰিত্ৰত অভিনয় কৰিছিল। ১৯৭৩ চনত তেওঁ বি আৰ চোপ্ৰাৰ ছবি 'হেজ'ত প্ৰথমবাৰৰ বাবে নেতিবাচক চৰিত্ৰত অভিনয় কৰি শিৰোনাম দখল কৰে। ডেনিয়ে ১৯৯০ চনলৈকে প্ৰায় ১৯০খন চলচ্চিত্ৰ কৰিছিল। ২০০৩ চনত হলিউড অভিনেতা ব্ৰেড পিটে তেওঁৰ ছবি 'ছেভেন ইয়াৰ্ছ ইন তিব্বত 'ছবিখনৰ বাবে উচ্চ প্ৰশংসিত হৈছিল। ১৯৮৪ চনৰপৰা আৰু ১৯৯০ ৰ দশকৰ ভিতৰত, ডেনি ডেনজংপাই সেই সময়ৰ সকলো চুপাৰষ্টাৰৰ বিপৰীতে মুখ্য নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল যাৰ ভিতৰত আছিল অমিতাভ বচ্চন, ৰাজেশ খান্না, ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ, মিথুন চক্ৰৱৰ্তী, বিনোদ খান্না, অনিল কাপুৰ আৰু ছানী দেওল।  [10]সংগীতশিল্পী হিচাপেও তেওঁ এগৰাকী গায়ক হিচাপেও বিবেচিত, কিয়নো তেওঁ কিশোৰ কুমাৰ, লতা মংগেশকাৰ, মহম্মদ ৰফি, আশা ভোছলেৰ সৈতে গান গাইছে। ১৯৭২ চনত তেওঁক প্ৰথমবাৰৰ বাবে এছ.ডি. বৰ্মনে' য়ে গুলিস্তান হামাৰা' চলচ্চিত্ৰত গান গোৱাৰ সুযোগ দিছিল। ডেনজংপাই লতা মংগেশকাৰৰ সৈতে এটা দ্বৈত কণ্ঠৰ গীতত গান গাইছিল। হিন্দী চলচ্চিত্ৰৰ লগতে ডেনিয়ে কেইবাখনো নেপালী চলচ্চিত্ৰতো নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰিছে।[11] তেওঁ ১৯৭৫-১৯৯০ চনৰ সময়ছোৱাত বিশেষকৈ নেপাল আৰু দাৰ্জিলিং, ছিকিম আৰু অসম আদি ভাৰতৰ কিছু অংশত গায়ক হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেওঁ ১৯৭৬ চনত আশা ভোছলেৰ সৈতে "আগে তোপাই কো গোলা পাচি পাচি মেচিনগান বাৰাৰা" নামৰ এটা নেপালী যুগলবন্দী গাইছিল। ডেনি এজন ব্যৱসায়ীও। তেওঁ য়ুকচম ব্ৰুৱেৰীজৰ গৰাকী। এইটো ভাৰতৰ ভিতৰত তৃতীয় সৰ্ববৃহৎ বিয়েৰ ব্ৰেণ্ড। এটা সময়ত, ডেনিয়ে বিজয় মালিয়াৰ দৰে এজন প্ৰবীণ ব্যাৱসায়িক ব্যৱসায় ধূলিসাৎ কৰিছিল।[12]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ডেনী ডেনজোংপাই ১৯৭৩ চনত চিকিমৰ প্ৰাক্তন ৰাজকুমাৰী গাৱা ডেনজংপাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজনী ছোৱালী আছে, পেমা ডেনজংপা, আৰু এজন পুত্ৰ, ৰিঞ্জিং ডেনজংপা।  

২০০৩ চনত ভাৰত চৰকাৰৰপৰা ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।

চলচ্চিত্ৰ পুৰস্কাৰ
বছৰ বঁটা শ্ৰেণী বোলছবি ফলাফল
১৯৭৯ ফিল্মফেয়াৰ পুৰস্কাৰ শ্ৰেষ্ঠ সহঅভিনেতা দেৱতা মনোনীত
১৯৮৫ কানুন ক্যা কৰেগা মনোনীত
১৯৯২ চনম বেৱফা বিজয়ী
নেতিবাচক ভূমিকাত শ্ৰেষ্ঠ প্ৰদৰ্শন হাম মনোনীত
১৯৯৩ শ্ৰেষ্ঠ সহঅভিনেতা খুদা গৱাহ বিজয়ী
১৯৯৫ নেতিবাচক ভূমিকাত শ্ৰেষ্ঠ প্ৰদৰ্শন ক্ৰান্তিবীৰ মনোনীত
বিজয়পথ মনোনীত
১৯৯৬ বৰচাত মনোনীত
১৯৯৭ ঘটক: লেথাল মনোনীত

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Star birthdays in February". MSN. 31 January 2014. Archived from the original on 27 February 2014. https://web.archive.org/web/20140227005414/http://lifestyle.in.msn.com/gallery/star-birthdays-in-february?page=38 আহৰণ কৰা হৈছে: 27 February 2014.
  2. Bedika (23 May 2018). "I'm like an alien in the film industry: Danny Denzongpa". Outlook India. https://www.outlookindia.com/newsscroll/im-like-an-alien-in-the-film-industry-danny-denzongpa-by-bedika/1314612 আহৰণ কৰা হৈছে: 28 August 2020.
  3. "আৰ্কাইভ কঁপি". Archived from the original on 2015-10-15. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 2014-11-15.
  4. https://www.desiblitz.com/content/15-must-watch-bollywood-horror-films
  5. https://indianexpress.com/article/news-archive/web/golden-year-gets-silver-sheen/
  6. https://www.outlookindia.com/newsscroll/im-like-an-alien-in-the-film-industry-danny-denzongpa-by-bedika/1314612
  7. https://web.archive.org/web/20150627034813/http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/Salman-Khan-is-the-Amitabh-Bachchan-of-the-80s-Danny/articleshow/29156917.cms?from=mdr
  8. https://indianexpress.com/article/news-archive/web/golden-year-gets-silver-sheen/
  9. https://www.hindustantimes.com/bollywood/danny-denzongpa-to-play-negative-role-in-shuddhi/story-Yh6bcPW5LrBbhfNqGqyPpM.html
  10. https://www.dnaindia.com/bollywood/report-meet-actor-danny-denzongpa-who-wanted-to-singer-came-to-mumbai-rs-1500-became-bollywood-biggest-villain-he-is-3104399
  11. "আৰ্কাইভ কঁপি". Archived from the original on 2024-11-13. https://web.archive.org/web/20241113123632/https://fbscoach.com/danny-denzongpa-a-versatile-actor-and-cultural-icon/ আহৰণ কৰা হৈছে: 2024-10-16.
  12. https://navbharattimes.indiatimes.com/business/business-news/danny-denzongpa-owns-which-beer-brand-annual-income-of-100-crore-left-behind-vijay-mallya/articleshow/111313685.cms