সমললৈ যাওক

জয়া বচ্চন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জয়া ভাদুড়ীৰ পৰা পুনঃনিৰ্দেশিত)
জয়া বচ্চন
ৰাজ্যসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
জুলাই ২০০৪
সমষ্টি উত্তৰ প্ৰদেশ
ব্যক্তিগত তথ্য
জন্ম
জয়া ভাদুৰী

৯ এপ্ৰিল, ১৯৪৮ (৭৬ বছৰ)
জব্বলপুৰ, চেণ্ট্ৰেল প্ৰভিঞ্চ আৰু বেৰাৰ, ভাৰত
(বৰ্তমানৰ মধ্যপ্ৰদেশত)
ৰাজনৈতিক দল সমাজবাদী পাৰ্টি
দাম্পত্যসঙ্গী অমিতাভ বচ্চন (বি. ১৯৭৩)
সন্তান শ্বেতা বচ্চন নন্দা
অভিষেক বচ্চন
বাসস্থান জলচা বাংলো, জুহু, মুম্বাই, মহাৰাষ্ট্ৰ[1]
পেচা অভিনেত্ৰী, ৰাজনৈতিক নেতা
পুৰস্কাৰ ৯টা ফিল্মফেয়াৰ বঁটা
পদ্মশ্ৰী (১৯৯২)
স্বাক্ষৰ

জয়া বচ্চন (বিবাহৰ পূৰ্বে ভাদুৰী; ইংৰাজী: Jaya Bachchan; জন্ম: ৯ এপ্ৰিল ১৯৪৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনৈতিক নেতা। তেওঁ ২০০৪ চনৰ পৰা একেৰাহে চাৰিটা কাৰ্যকাল সমাজবাদী পাৰ্টিৰাজ্যসভাৰ সাংসদ হৈ আছে। মূল ধাৰাৰ চলচ্চিত্ৰৰ লগতে মধ্যমপন্থী চলচ্চিত্ৰত কৰা স্বাভাৱিক অভিনয়ৰ বাবে তেওঁক বিশেষভাবে জনা যায়।[2][3] অভিনয় জীৱনত তেওঁ তিনিটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ আৰু তিনিটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটাকে ধৰি মুঠ ৯টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ২০০৭ চনত তেওঁক 'ফিল্মফেয়াৰ জীৱন জোৰা সাধনা বঁটা'ৰে আৰু ১৯৯২ চনত ভাৰত চৰকাৰৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]
স্বামী অভিতাভ, পুত্ৰ অভিষেক আৰু বোৱাৰী ঐশ্বৰ্যা ৰায়ৰ সৈতে জয়া বচ্চন

জয়া বচ্চন পুণেভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ এগৰাকী প্ৰাক্তন শিক্ষাৰ্থী। পোন্ধৰ বছৰ বয়সতে সত্যজিত ৰায়ৰ বঙালী ছবি 'মহানগৰ'ৰে (১৯৬৩) তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে। অনিল চেটাৰ্জী আৰু মাধৱী মুখাৰ্জীয়ে মহানগৰৰ মূল চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ আৰু দুখন বঙালী চলচ্চিত্ৰত অভিনয় কৰে। বয়স্ক চৰিত্ৰত তেওঁ প্ৰথম অভিনয় কৰিছল হৃষীকেশ মুখাৰ্জী পৰিচালিত 'গুড্ডী' (১৯৭১)। পৰৱৰ্তী কালত পৰিচালক মুখাৰ্জীৰ বহু ছবিত তেওঁ অভিনয় কৰিছিল। 'উপহাৰ' (১৯৭১), 'কোশিষ' (১৯৭২), 'কোৰা কাগজ' আদি ছবিত কৰা তেওঁৰ সজীৱ অভিনয় বিশেষভাবে লক্ষণীয়। স্বামী অমিতাভ বচ্চনৰ সৈতে তেওঁ 'জঞ্জীৰ' (১৯৭৩), 'অভিমান' (১৯৭৩), 'চুপকে চুপকে' (১৯৭৫), 'মিলি' (১৯৭৫) আৰু 'শোলে'ত অভিনয় কৰিছে।[2][5][6]

অমিতাভ বচ্চনৰ সৈতে বিবাহ আৰু সন্তান জন্মৰ পিছত তেওঁ ছবিত অভিনয় কৰাত বাধা আহিছিল; ব্যতিক্ৰম আছিল 'নৌকৰ' (১৯৭৯) আৰু 'চিলচিলা' (১৯৮১)। এক সোতৰ বছৰীয়া বিৰতিৰ পিছত তেওঁ গোবিন্দ নিহালিনীৰ 'হাজাৰ চুৰাশীৰ মা' (১৯৯৮) ছবিৰে অভিনয় জগতলৈ উভতি আহিছিল। তাৰপিছত তেওঁ 'ফিজা' (২০০০), 'কভি খুচী কভি গম' (২০০১) আৰু 'কাল হো না হোত' (২০০৩) দেখা গৈছে, যাৰবাবে তেওঁ পুৰস্কৃতও হৈছে আৰু সমালোচকৰ প্ৰশংসাও লাভ কৰিছে।[2]

গুলজাৰৰ 'কোশিশ'ত (১৯৭৩) জয়া বচ্চন আৰু সঞ্জীৱ কুমাৰে এহাল কলা-বোবা দম্পতীৰ চৰিত্ৰত অভিনয় কৰিছিল, য’ত তেওঁলোকৰ শাৰীৰিক অক্ষমতাৰ সৈতে কৰা সংগ্ৰামক চিত্ৰায়ন কৰা হৈছে। এই ছবিখনৰ পৰাই ভৱিষ্যতে সামাজিক কাম কৰাৰ অনুপ্ৰেৰণা পাইছিল বুলি তেওঁ বৰ্ণনা কৰিছে।[7] অভিতাভৰ সৈতে তেওঁ প্ৰথম ছবি 'বংশী বিৰজু' (১৯৭২) আৰু তাৰপিছত একেই বছৰতে বি. আৰ. ইশাৰা পৰিচালিত 'এক নজৰ'। যেতিয়া একাধাৰে অমিতাভে বিফলতাৰ সন্মুখীন হৈছিল আৰু শীৰ্ষস্থানীয় অভিনেত্ৰীবোৰে তেওঁৰ সৈতে কাম কৰিবলৈ অস্বীকাৰ কৰিছিল, সেই সময়তে জয়া বচ্চনে কিন্তু চালিম-জাভেদে চিত্ৰনাট্য ৰচনা কৰা 'জঞ্জীৰ'ত অভিনয় কৰিবলৈ মান্তি হৈছিল। এই ছবিখনৰ পৰাই অভিতাভ খঙাল যুৱকৰ অভিব্যক্তিটো সৃষ্টি হৈছিল।[8] বচ্চন জুটিটোৱে ইয়াৰ পিছত 'অভিমান' (১৯৭৩), 'চুপকে চুপকে' (১৯৭৫), 'মিলি' (১৯৭৫), 'শোলে' (১৯৭৫) আদি বহু কেইখন হিট উপহাৰ দিয়ে। 'শোলে'ত কাম কৰি থকা অৱস্থাতে তেওঁলোকৰ জীয়ৰী শ্বেতাৰ জন্ম হয়। ইয়াৰ পিছতে তেওঁ অভিনয় এৰি দিয়ে আৰু ল’ৰা-ছোৱালীৰ প্ৰতিপালনত মনোনিবেশ কৰে যদিও বিৰতিৰ সময়চোৱাৰ ভিতৰত 'নৌকৰ' আৰু 'চিলাচিলা'ত অভিনয় কৰে। ত্ৰিকোণীয় প্ৰেমৰ ছবি 'চিলাচিলা'ত তেওঁ অমিতাভ আৰু ৰেখাৰ সৈতে অভিনয় কৰিছিল।[8]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]