ডেভিদ জেমছ থুলছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেভিদ জেমছ থুলছ
David James Thouless

১৯৯৫ চনত ডেভিদ জেমছ থুলছ
জন্ম ২১ ছেপ্টেম্বৰ, ১৯৩৪ (৮৯ বছৰ)
বেয়াৰ্ছডেন , স্কটলেণ্ড
বাসস্থান যুক্তৰাষ্ট্ৰ
জাতীয়তা ব্ৰিটিছ
ক্ষেত্ৰ ঘনীভুত পদাৰ্থ বিজ্ঞান
কৰ্মস্থান
  • ৱাছিংটন বিশ্ববিদ্যালয়
  • কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়, বেৰ্কেলী
  • বীৰমিংহাম বিশ্ববিদ্যালয়
  • য়েল বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান
ডক্তৰেল পৰামৰ্শদাতা হান্স বেথে
ডক্তৰেল বিদ্যাৰ্থী
  • কাৰ্লছ ৱেক্সলাৰ
  • জে. এইচ. হান
  • বাদিম ছেমেখমান
  • কিৰিল ছেমেখমান
  • চুং ৱো ৰি
  • জেন্স কোঁচ
  • চুলান কৱন
আন উল্লেখযোগ্য বিদ্যাৰ্থী জন মাইকেল কষ্টাৰলিটজ (postdoc)[1]
জনা যায়
  • কষ্টাৰলিটজ-থুলছ ট্ৰান্সজিছন
  • থুলছ শক্তি
  • ট'প'লজিকেল কোৱাণ্টাম সংখ্যা
উল্লেখনীয় বঁটা
দাম্পত্যসঙ্গী মাৰ্গাৰেট এলিজাবেথ স্ক্ৰেছ (বি. ভুল: অযোগ্য সময়)
সতি-সন্ততি তিনিজন

ডেভিদ জেমছ থুলছ FRS(/ˈdv[unsupported input]d ˈmz ˈθl[unsupported input]s/ জন্ম: ২১ ছেপ্টেম্বৰ ১৯৩৪) এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন আৰু জন মাইকেল কষ্টাৰলিটজৰ লগত পদাৰ্থৰ ট'প'লজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞাননোবেল বঁটা লাভ কৰে।[3] [4]

শিক্ষা[সম্পাদনা কৰক]

থুলছে ৱিনচেষ্টাৰ কলেজ আৰু ট্ৰিনিটি হ'ল, কেম্ব্ৰিজত শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ হান্স বেথেৰ তত্ত্ববধনাত কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰে।[5]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁ প্ৰথমে বেৰ্কেলীত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত যোগদান কৰে। তাৰপিছত তেওঁ যুক্তৰাজ্যৰ বীৰমিংগাম বিশ্ববিদ্যালয়ত গাণিতিক পদাৰ্থ বিজ্ঞান বিষয়ৰ অধ্যাপক হিচাপে যোগ দিয়ে। ১৯৮০ চনত তেওঁ চিটলীত অৱস্থিত ৱাছিংটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰূপে নিযুক্তি লাভ কৰে। থুলছে পৰমাণু, ইলেক্টন আৰু নিউট্ৰন তন্ত্ৰ বিষয়ত ভালেমান বৰঙনি আগবঢ়ায়। তেওঁৰ গৱেষণাৰ বিষয়বস্তু আছিল অতিপৰিবাহী প্ৰক্ৰিয়া, নিউক্লিয়াৰ পদাৰ্থৰ ধৰ্ম আৰু পৰমাণুৰ নিউক্লিয়াছৰ ভিতৰতে উত্তেজিত আৰু সংগ্ৰাহীত গতি।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁ ৰয়েল ছোচাইটি, আমেৰিকান ফিজিকেল ছোচাইটি আৰু আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ সন্মানীয় ফেলোশ্বিপ আৰু যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য। তেওঁ লাভ কৰা বঁটা সমূহ হ'ল,

  • পদাৰ্থ বিজ্ঞানৰ ৱল্ফ বঁটা (১৯৯০)
  • পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ পল ডিৰাক মেডেল (১৯৯৩)
  • আমেৰিকান ফিজিকেল ছোচাইটিৰ লাৰ্চ অনচাগেৰ বঁটা (২০০০)
  • পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা(২০১৬)

তথ্য উৎস[সম্পাদনা কৰক]

  1. Anon (2016). "BBC Radio 4 profile: Professor David J Thouless". প্ৰকাশক London: BBC. http://www.bbc.co.uk/programmes/b07x12m3. 
  2. Devlin, Hannah; Sample, Ian (4 October 2016). "British trio win Nobel prize in physics 2016 for work on exotic states of matter – live". The Guardian. https://www.theguardian.com/science/live/2016/oct/04/nobel-prize-in-physics-2016-to-be-announced-live। আহৰণ কৰা হৈছে: 4 October 2016. 
  3. The international who's who 1991-92
  4. The Nobel Prize in Physics 2016
  5. ‘THOULESS, Prof. David James’, Who's Who 2016, A & C Black, an imprint of Bloomsbury Publishing plc, 2016

গ্ৰন্থৰাজি[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]