বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম
Bengt Robert Holmström

জন্ম এপ্ৰিল ১৮, ১৯৪৯
হেলচিংকি, ফিনলেণ্ড
জাতীয়তা ফিনিছ
শিক্ষানুষ্ঠান হেলচিংকি বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ৰবাৰ্ট বি. ৱিলচন
ডক্তৰেল ছাত্ৰ জনাথন লেভিন[1]
উল্লেখনীয় বঁটা অৰ্থনীতিনোবেল স্মৃতি বঁটা (২০১৬)

বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম (Bengt Robert Holmström) (জন্ম: ১৮ এপ্ৰিল ১৯৪৯) এজন ফিনলেণ্ড দেশীয় অৰ্থনীতিবিদ। তেওঁ বৰ্তমান মাচেচুছেটতছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পল এ. চেমুৱেলচন আসনৰ অধ্যাপক। তেওঁ অৰ্থনীতিবিদ অলিভাৰ হাৰ্টৰ সৈতে যুটীয়া ভাবে ছুইডেনৰ কেন্দ্ৰীয় বেংকে আগবঢ়োৱা ২০১৬ বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ নোবেল স্মৃতি বঁটা লাভ কৰে।[2]

জীৱন আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

হল্মষ্ট্ৰম ফিনলেণ্ডৰ হেলচিংকিত চুইডিছ ভাষী সংখ্যালঘূ সম্প্ৰদায়ত জন্ম হৈছিল। তেওঁ হেলচিংকি বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৫ চনত তেওঁ অপেৰেচনাল গৱেষণাত স্নাতক আৰু পিছলৈ গ্ৰেজুৱেট স্কুল অফ বিছনেছৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ১৯৯৪ চনৰ পৰা এমআইটিৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ কিছুদিন নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেলগজ গ্ৰেজুৱেট স্কুল অফ মেনেজমেণ্টত সহকাৰী অধ্যাপক (১৯৭৯-১৯৮২) আৰু য়ালে বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা বিভাগৰ এডৱিন জে. বেইনেকে আসনৰ অধ্যাপক হিচাপে (১৯৮৩-১৯৯৪) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১০ চনৰ হেলচিংকি বিশ্ববিদ্যালয় প্ৰাপ্তন ছাত্ৰ সন্থাৰ বর্ষশ্ৰেষ্ঠ প্ৰাপ্তন ছাত্ৰ হিচাপে সন্মানিত হয়। হল্মষ্ট্ৰম সাধাৰণতে তেওঁৰ এজেণ্ট সূত্ৰৰ নীতিৰ বাবে জনাজাত। তেওঁ চুক্তিৰ নীতিসমূহ ঘাইকৈ ফাৰ্ম, সমবায় আদিত ব্যৱহাৰ কৰি অৰ্থনৈতিক সংকটৰ সময়ত ভাল ফল পোৱা গৈছে।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

হল্মষ্ট্ৰম আমেৰিকান বিজ্ঞান আৰু কলা একাডেমীৰ ফেল', ইক'মেট্ৰিক ছোচাইটি আৰু আমেৰিকান বিত্ত সংস্থা, ৰয়েল চুইডিছ একাডেমী অফ চাইন্স আৰু ফিনিছ একাডেমী অফ চাইন্স এণ্ড লেটাৰ্ছৰ বৈদেশিক ফেল'। ২০১১ চনত তেওঁ ইক'মেট্ৰিক ছোচাইটিৰ সভাপতি আছিল। তেওঁ ষ্টকহম স্কুল অফ ইকনোমিক্স, ছুইডেন, ৱাচা বিশ্ববিদ্যালয় আৰু হানকেন স্কুল অফ ইকনোমিক্স, ফিণ্ডলেণ্ডৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। ২০১২ চনত তেওঁ মনেতাৰী অৰ্থনীতিত বানকুৱে ডে ফ্ৰান্স-টিএছই ছিনিয়ৰ পুৰস্কাৰ, ২০২৩ চনত বিত্তীয় অৰ্থনীতিত ষ্টিফেন এ. ৰজ পুৰস্কাৰ আৰু কুৱাণ্টিটিভ এপ্লিকেচনত কৰা উদ্ভাৱনৰ বাবে চিকাগ' মাৰ্চেন্টাইল এক্সচেঞ্জ-এমএছআৰআই পুৰস্কাৰ লাভ কৰে।

তেওঁ নকীয়া কোম্পানীৰ বৰ্ড অফ ডাইৰেক্টৰ হিচাপে ১৯৯৯ চনৰ পৰা ২০১২ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।[3][4] তেওঁ আলটো বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বৰ্ডৰ সদস্য।[5]

২০১৬ চনত তেওঁ "চুক্তি সূত্ৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে" অৰ্থনীতিবিদ অলিভাৰ হাৰ্টৰ সৈতে যুটীয়া ভাবে অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[6]

তথ্য উৎস[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]