অলিভাৰ হাৰ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অলিভাৰ হাৰ্ট
জন্ম অলিভাৰ চাইমন ডি'আৰ্কি হাৰ্ট
১৯৪৮
লণ্ডন, যুক্তৰাষ্ট্ৰ
বাসস্থান মাৰ্কিন যুক্তৰাষ্ট্ৰ
নাগৰিকত্ব মাৰ্কিন যুক্তৰাষ্ট্ৰ
জাতীয়তা ব্ৰিটিছ
ক্ষেত্ৰ আইন আৰু অৰ্থনীতি
প্ৰতিষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
মাচেচুছেটতছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
লণ্ডন স্কুল অফ ইক'নমিক্স
শিক্ষানুষ্ঠান কিংগজ কলেজ,কেম্ব্ৰিজ
ৱাৰৱিক বিশ্ববিদ্যালয়
প্ৰিন্সটন বিশ্ববিদ্যালয়
উল্লেখনীয় বঁটা অৰ্থনীতি বিজ্ঞানৰ নোবেল স্মৃতি বঁটা (২০১৬)

অলিভাৰ চাইমন ডি'আৰ্কি হাৰ্ট ( Oliver Simon D'Arcy Hart) (জন্ম: ১৯৪৮) এজন ব্ৰিটিছ অৰ্থনীতিবিদ। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এনড্ৰিউ ই. ফুৰাৰ আসনৰ অধ্যাপক। তেওঁ অৰ্থনীতিবিদ বেংগেট ৰবাৰ্ট হল্মষ্টৰ্মৰ সৈতে যুটীয়া ভাবে ছুইডেনৰ কেন্দ্ৰীয় বেংকে আগবঢ়োৱা ২০১৬ বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ নোবেল স্মৃতি বঁটা লাভ কৰে।[1]

জীৱনী[সম্পাদনা কৰক]

১৯৪৮ চনত অলিভাৰ হাৰ্ট ব্ৰিটেনত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতৃ ফিলিপ ডি'আৰ্কি হাৰ্ট এজন চিকিৎসা বিজ্ঞানৰ গৱেষক আৰু মাতৃ ৰুথ মায়াৰ এগৰাকী স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ আছিল। তেওঁলোক ইহুদী বংশৰ আৰু তেওঁৰ পিতৃ সন্মানীয় মন্টেগো পৰিয়ালৰ অন্তৰ্গত।[2]

হার্টে প্ৰথমে ১৯৬৯ চনত কিংগছ কলেজ, কেম্ব্ৰিজৰ পৰা গণিত শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত ১৯৭২ চনত তেওঁ ৱাৰৱিক বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শেষলৈ তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৪ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

তেওঁ প্ৰথমে চাৰছিল কলেজ, কেম্ব্ৰিজৰ ফেল' নিৰ্বাচিত হয়। তাৰ পিছত তেওঁ লণ্ডন স্কুল অফ ইক'নমিক্সত অধ্যাপক হিচাপেযোগ দিয়ে। ১৯৮৪ ত তেওঁ আমেৰিকালৈ যায় আৰু মাচেচুছেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অধ্যাপনা কৰে। পিছলৈ তেওঁ ১৯৯৩ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়।[3] তেওঁ প্ৰথম অৰ্থনীতি বিজ্ঞানৰ এনড্ৰিউ ই. ফুৰাৰ আসনৰ অধ্যাপক ৰূপে নিযুক্তি লাভ কৰে।[3] তেওঁ হাৰ্ভাৰ্ডৰ অৰ্থনীতি বিভাগৰ ২০০০ চনৰ পৰা ২০০৩ চনলৈ মুৰব্বী আছিল। তেওঁ আমেৰিকাৰ কলা আৰু বিজ্ঞান একাডেমীৰ ফেল', ডা ইক'মেট্ৰিক ছোচাইটি, আমেৰিকান বিত্ত সন্থা, ব্ৰিটিছ একাডেমীৰ ফেল' আৰু ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য। তেওঁ আমেৰিকান আইন আৰু অৰ্থনীতি সন্থাৰ সভাপতি আৰু উপসভাপতি আছিল। তেওঁ লণ্ডন স্কুল অফ ইক'নমিকৰ অৰ্থনীতি বিভাগৰ অতিথি অধ্যাপক।

হার্টে তেওঁৰ চুক্তি সূত্ৰৰ (contract theory) বাবে ২০১৬ চনৰ অৰ্থনীতি বিজ্ঞানৰ নোবেল স্মৃতি বঁটা লাভ কৰিলে। [4]

তথ্য উৎস[সম্পাদনা কৰক]

গ্ৰন্থ[সম্পাদনা কৰক]

  • Firms, Contracts, and Financial Structure (Oxford University Press, 1995).

নিৰ্বাচিত প্ৰবন্ধ[সম্পাদনা কৰক]

  • "On the Optimality of Equilibrium when the Market Structure is Incomplete", Journal of Economic Theory, December 1975, 418–443
  • "Takeover Bids, the Free-rider problem, and the Theory of the Corporation" (with Sanford J. Grossman), Bell Journal of Economics, Spring 1980, 42–64
  • "An Analysis of the principal–agent problem" (with Sanford J. Grossman), Econometrica (January 1983) 7–46.
  • "The Market Mechanism as an Incentive Scheme," Bell Journal of Economics, 14 (Autumn 1983) 366-82.
  • "The Costs and Benefits of Ownership: A Theory of Vertical and Lateral Integration" (with Sanford J. Grossman), Journal of Political Economy, August 1986, 691–719.
  • "One Share-One vote and the Market for Corporate Control" (with Sanford J. Grossman), Journal of Financial Economics, 1988
  • "Incomplete Contracts and Renegotiation" (with John Hardman Moore), Econometrica 56(4) (July 1988).
  • "Property Rights and the Nature of the Firm" (with John Hardman Moore), Journal of Political Economy 98(6) (1990).
  • " A Theory of Debt Based on the Inalienability of Human Capital " (with John Hardman Moore), Quarterly Journal of Economics, November 1994, 841–879
  • "The Proper Scope of Government: Theory and an Application to Prisons" (with Andrei Shleifer and Robert W. Vishny), Quarterly Journal of Economics 112(4) (1997) 1126–61.
  • "Contracts as Reference Points" (with John Hardman Moore), Quarterly Journal of Economics, February 2008,1–48.

বহিঃসংযোগ[সম্পাদনা কৰক]