সমললৈ যাওক

ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন

২০১৬ চনৰ ডিচেম্বৰ মাহত ছুইডেনৰ ষ্ট'কহমত অনুষ্ঠিত ন'বেল সংবাদমেলৰ সময়ছোৱাত ডুনকান হাল্ডেন।
জন্ম ১৪ ছেপ্টেম্বৰ, ১৯৫১ (৭৪ বছৰ)[1]
লণ্ডন, ইংলেণ্ড
বাসস্থান প্ৰিন্সটন, নিউ জাৰ্ছী, আমেৰিকা
নাগৰিকত্ব ব্ৰিটিছ
জাতীয়তা ব্ৰিটিছ
ক্ষেত্ৰ ঘনীভুত পদাৰ্থ বিজ্ঞান
কৰ্মস্থান
  • প্ৰিন্সটন বিশ্ববিদ্যালয়
  • কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়, ছান ডিয়েগ'
  • দক্ষিণ কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়
  • বেল পৰীক্ষাগাৰ
শিক্ষানুষ্ঠান কেম্ব্ৰিজ বিশ্ববিদ্যালয় (BA, PhD)
ডক্তৰেল পৰামৰ্শদাতা ফিলিপ ৱাৰেন এণ্ডাৰছন
ডক্তৰেল বিদ্যাৰ্থী
জনা যায় ফ্ৰেকচ'নেল কোৱাণ্টাম হল ইফেক্টত হাল্ডেন ছ্যুড'পতেনচিয়েল
উল্লেখনীয় বঁটা

ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন (ইংৰাজী: Frederick Duncan Michael Haldane; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৫১) এজন ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী। তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সন্মানীয় ইউজিন হিগিন্স আসনৰ অধ্যাপক আৰু পেৰিমিটাৰ ইনষ্টিটিউট ফৰ থিয়ৰীটিকেল ফিজিক্সেৰ সন্মানীয় আসনৰ অধ্যাপক।[2] তেওঁ ডেভিদ জেমছ থুলছ আৰু জন মাইকেল কষ্টাৰলিটজৰ লগত পদাৰ্থৰ ট'প'লজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞাননোবেল বঁটা লাভ কৰে।[3] [4]

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ চেইণ্ট প'লছ স্কুল, লণ্ডন আৰু খ্ৰীষ্ট'ছ কলেজ, কেম্ব্ৰিজত শিক্ষা লাভ কৰে।[5] তেওঁ মৌলিক ঘনীভুত পদাৰ্থ বিজ্ঞানৰ দিশত ভালে মান অৱদান আগবঢ়াইছে। তাৰে ভিতৰত উল্লেখযোগ্য হল: তৰলৰ লুটটিংগাাৰ সূত্ৰ, একমাত্ৰীয় স্পীন চেইনৰ সূত্ৰ, ফ্ৰেকচনেল কোৱাণ্টাম হল ইফেক্ট, এক্সক্লুচিভ পৰিসংখ্যা, এনটেংগেল বৰ্ণালী ইত্যাদি।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • আমেৰিকান ফিজিকেল ছোচাইটিৰ অলিভাৰ ই. বাকলী বঁটা(১৯৯৩)
  • আলফ্ৰেড পি. শ্লোণ ফাউণ্ডেচনৰ ৰিচাৰ্ছ ফেলো(১৯৮৪-৮৮)
  • লৰেণ্টজ আসন(২০০৮)
  • ডিৰাক মেডেল (২০১২)[6]
  • পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা (২০১৬)

লগতে তেওঁ লণ্ডনৰ ৰয়েল ছোচাইটি, বস্তনৰ আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্স, আমেৰিকান ফিজিকেল ছোচাইটি, যুক্তৰাষ্ট্ৰৰ ইনষ্টিটিউট অফ ফিজিক্স আৰু আমেৰিকান এছোচিয়েছচন ফৰ দা এডভান্সমেণ্ট অফ চাইন্সৰ সন্মানীয় ফেলোশ্বিপ লাভ কৰিছে।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Array of contemporary American physicists". American Physical Society. Archived from the original on 2016-09-17. https://web.archive.org/web/20160917085601/https://www.aip.org/history/acap/biographies/bio.jsp?haldanef আহৰণ কৰা হৈছে: 2012-04-23.
  2. "PERIMETER WELCOMES NEW DISTINGUISHED VISITING RESEARCH CHAIRS | Perimeter Institute". www.perimeterinstitute.ca. https://www.perimeterinstitute.ca/news/perimeter-welcomes-new-distinguished-visiting-research-chairs আহৰণ কৰা হৈছে: 2016-10-04.
  3. The international who's who 1991-92
  4. The Nobel Prize in Physics 2016
  5. ‘HALDANE, Prof. (Frederick) Duncan (Michael)’, Who's Who 2016, A & C Black, an imprint of Bloomsbury Publishing plc, 2016
  6. "F. Duncan M. Haldane". Princeton University. Archived from the original on 15 September 2017. https://web.archive.org/web/20170915221707/http://wwwphy.princeton.edu/~haldane/index.html আহৰণ কৰা হৈছে: 2 July 2011.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]