সমললৈ যাওক

ডেমিছ হাছাবিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেমিছ হাছাবিছ

২০১৮ চনৰ জুলাই মাহত ৰয়েল চচাইটিৰ বিশিষ্ট সভ্য( ফেল) হিচাপে অন্তৰ্ভুক্তিৰ দিনা ডেনিছ হাছাবিছ
জন্ম ২৭ জুলাই, ১৯৭৬ (৪৮ বছৰ)
লণ্ডন, ইংল্যাণ্ড, যুক্তৰাজ্য
জাতীয়তা ব্ৰিটিশ
ক্ষেত্ৰ
কৰ্মস্থান
শিক্ষানুষ্ঠান
ডক্তৰেল পৰামৰ্শদাতা এলেয়ানৰ ম্যাগুয়াইয়াৰ[1]
জনা যায়
উল্লেখনীয় বঁটা

ছাৰ ডেমিছ হাছাবিছ ( ইংৰাজী : Sir Demis Hassabis; জন্ম: ২৭ জুলাই ১৯৭৬) এজন ব্ৰিটিছ গণনামূলক স্নায়ুবিজ্ঞানী[2], কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষক আৰু উদ্যোগী। কৰ্মজীৱনৰ আৰম্ভণিতে তেওঁ এজন কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ভিডিঅ' গেম নিৰ্মাতা, প্ৰগ্ৰেমাৰ আৰু ডিজাইনাৰ আছিল আৰু ব'ৰ্ড খেলাৰ পাৰদৰ্শী খেলুৱৈ আছিল।[3] তেওঁ গুগল ডিপমাইণ্ড[4] আৰু আইছ'মৰ্ফিক লেবছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক[5][6][7] আৰু ব্ৰিটেইন চৰকাৰৰ কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক উপদেষ্টা[8][9][10] [11]

হাছাবিছ ৰয়েল ছ'চাইটিৰ এজন বিশিষ্ট সভ্য (ফেল')। তেওঁ আলফাফল্ডত ( ডিপমাইণ্ড‌ কোম্পানী উদ্ভাৱিত কৃত্ৰিম বুদ্ধিমত্তা) কৰা কামৰ বাবে ব্ৰেকথ্ৰু বঁটা, কানাডা গেইৰ্ডনাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা, আৰু লেস্কাৰ বঁটাকে ধৰি বহুতো সন্মানীয় বঁটা লাভ কৰিছে। ২০১৭ চনত তেওঁ অৰ্ডাৰ অব‌ দি ব্ৰিটিছ এম্পায়াৰ উপাধি লাভ কৰে‌ আৰু টাইম আলোচনীৰ নিৰ্বাচিত ১০০জন আটাইতকৈ প্ৰভাৱশালী লোকৰ তালিকাত স্থান লাভ কৰে। ২০২৪ চনত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে অৱদানৰ স্বীকৃতি ৰূপে তেওঁক নাইট উপাধিৰে বিভূষিত কৰা হয়।[12]

হাছাবিছ আৰুজন এম জাম্পাৰক প্ৰটিনৰ গঠনৰ ভৱিষ্যদ্বাণীৰ বাবে বিকাশ কৰা আলফাফ'ল্ড প্ৰগ্ৰেমৰ বাবে ২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।[13][14] পুৰস্কাৰৰ অৰ্থৰ অৰ্ধেক যৌথভাবে তেওঁলোকে লাভ কৰে।

হাছাবিছ কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা অস্তিত্বৰ বিপদৰ ধাৰণাটোৰ এজন প্ৰধান প্ৰচাৰক, তেওঁ যুক্তি আগবঢ়ায় যে মানুহতকৈ বুদ্ধিমান হ'বলৈ এআইক কেইবছৰমানহে লাগিব আৰু ইয়াৰ ফলত মানুহৰ বিলুপ্তিৰ সম্ভাৱনা আছে, বিশেষকৈ যদি ইয়াৰ অপব্যৱহাৰ কৰা হয়। ২০২৩ চনত হাছাবিছে এই বিবৃতিত স্বাক্ষৰ কৰে যে "এআইৰ পৰা বিলুপ্তিৰ আশংকা হ্ৰাস কৰাটোৱে মহামাৰী আৰু পাৰমাণৱিক যুদ্ধৰ দৰে সামূহিক বিপদৰ সমান্তৰালভাৱে বিশ্বব্যাপী অগ্ৰাধিকাৰ পাব লাগে।" [15]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

হাছাবিছৰ জন্ম হৈছিল গ্ৰীক চাইপ্ৰ'ছৰ পিতৃ[16] আৰু ছিংগাপুৰৰ চীনা মাতৃৰ ঘৰত[17] আৰু তেওঁ উত্তৰ লণ্ডনত ডাঙৰ-দীঘল হৈছিল।[18][19] চাৰি বছৰ বয়সৰ পৰাই দবাখেলৰ বিস্ময়-বালক[20][21] হাছাবিছে ১৩ বছৰ বয়সত ২৩০০ ইলো ৰেটিং লাভ কৰি কেণ্ডিডেট মাষ্টাৰ খিতাপ লাভ কৰিছিল আৰু ইংলেণ্ডৰ একাধিক জুনিয়ৰ দবা দলৰ অধিনায়ক আছিল।[22] ১৯৯৫,[23]] ১৯৯৬[24] আৰু ১৯৯৭ চনত অক্সফৰ্ড-কেম্ব্ৰিজ ভাৰ্চিটি দবা মেচত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি কৃতিত্ব প্ৰদৰ্শন কৰিছিল।[25]

১৯৮৮ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত হাছাবিছে উত্তৰ লণ্ডনৰ এখন ল’ৰাৰ ব্যাকৰণ স্কুল কুইন এলিজাবেথ স্কুলত শিক্ষা গ্ৰহণ কৰে। পিছলৈ মাক-দেউতাকে তেওঁক ঘৰতে পঢ়ুৱাবলৈ আৰম্ভ কৰিলে। এই সময়ছোৱাত তেওঁ দবা প্ৰতিযোগিতাত জয়ী হোৱা ধনেৰে তেওঁৰ প্ৰথম কম্পিউটাৰ জেড এক্স স্পেকট্ৰম ৪৮ কে কিনিছিল। তেওঁ নিজেই কিতাপৰ পৰা প্ৰগ্ৰেমিং শিকিছিল। হাছাবিছে ৰিভাৰ্ছি ব'ৰ্ড গেমছৰ ওপৰত ভিত্তি কৰি কমোডোৰ এমিগা-ত তেওঁৰ প্ৰথম এআই প্ৰগ্ৰেম লিখিছিল।[26] ‌ইয়াৰ পাছত তেওঁ ফিন্সলিৰ ক্ৰাইষ্ট কলেজৰ কম্প্ৰিহেনছিভ বিদ্যালয়ত অধ্যয়ন কৰে। ১৬ বছৰ বয়সত তেওঁ তাৰ এ- লেভেল পৰীক্ষা দুবছৰৰ আগেয়ে সম্পূৰ্ণ কৰে।[27]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Hassabis, Demis (2009). Neural processes underpinning episodic memory (PhD thesis). University College London. EThOS uk.bl.ethos.564607. OCLC 926193578. http://discovery.ucl.ac.uk/16126/। আহৰণ কৰা হৈছে: 30 December 2017.  Free to read
  2. Koch, Christof (1 July 2015). "AI Software Teaches Itself Video Games" (en ভাষাত). Scientific American. https://www.scientificamerican.com/article/ai-software-teaches-itself-video-games/। আহৰণ কৰা হৈছে: 15 October 2024. 
  3. "Demis Hassabis: the secretive computer boffin with the £400 million brain". The Daily Telegraph. 28 January 2014. https://www.telegraph.co.uk/technology/10602390/Demis-Hassabis-the-secretive-computer-boffin-with-the-400-million-brain.html. 
  4. Anon (2017). "Demis HASSABIS". প্ৰকাশক London: Companies Housecompanieshouse.gov.uk. https://beta.companieshouse.gov.uk/officers/hI2vPPsUbVlqy9lHB_I6GiDdyKM/appointments। আহৰণ কৰা হৈছে: 26 April 2017. 
  5. Crist, Ry (4 November 2021). "Alphabet launches Isomorphic Labs, an AI-driven drug discovery startup" (en ভাষাত). CNET. https://www.cnet.com/news/alphabet-launches-isomorphic-labs-an-ai-driven-drug-discovery-startup/। আহৰণ কৰা হৈছে: 4 November 2021. 
  6. Coldeway, Devin (4 November 2021). "Isomorphic Labs is Alphabet's play in AI drug discovery" (en-US ভাষাত). TechCrunch. https://techcrunch.com/2021/11/04/isomorphic-labs-is-alphabets-play-in-ai-drug-discovery/। আহৰণ কৰা হৈছে: 4 November 2021. 
  7. Bonifacic, Igor (4 November 2021). "Alphabet's Isomorphic Labs is a new company focused on AI-driven drug discovery". https://www.msn.com/en-us/news/technology/alphabets-isomorphic-labs-is-a-new-company-focused-on-ai-driven-drug-discovery/ar-AAQkxkn. 
  8. Crist, Ry (4 November 2021). "Alphabet launches Isomorphic Labs, an AI-driven drug discovery startup" (en ভাষাত). CNET. https://www.cnet.com/news/alphabet-launches-isomorphic-labs-an-ai-driven-drug-discovery-startup/। আহৰণ কৰা হৈছে: 4 November 2021. 
  9. Coldeway, Devin (4 November 2021). "Isomorphic Labs is Alphabet's play in AI drug discovery" (en-US ভাষাত). TechCrunch. https://techcrunch.com/2021/11/04/isomorphic-labs-is-alphabets-play-in-ai-drug-discovery/। আহৰণ কৰা হৈছে: 4 November 2021. 
  10. Bonifacic, Igor (4 November 2021). "Alphabet's Isomorphic Labs is a new company focused on AI-driven drug discovery". https://www.msn.com/en-us/news/technology/alphabets-isomorphic-labs-is-a-new-company-focused-on-ai-driven-drug-discovery/ar-AAQkxkn. 
  11. "World-leading expert Demis Hassabis to advise new Government Office for Artificial Intelligence" (en ভাষাত). GOV.UK. https://www.gov.uk/government/news/world-leading-expert-demis-hassabis-to-advise-new-government-office-for-artificial-intelligence। আহৰণ কৰা হৈছে: 14 June 2020. 
  12. "Leading AI figures awarded honours" (en ভাষাত). The Independent. 28 March 2024. https://www.independent.co.uk/news/uk/deepmind-government-google-bletchley-park-milton-keynes-b2520327.html. 
  13. "The Nobel Prize in Chemistry 2024". Nobel Media AB. https://www.nobelprize.org/prizes/chemistry/2024/summary/। আহৰণ কৰা হৈছে: 9 October 2024. 
  14. "Press release: The Nobel Prize in Chemistry 2024" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/chemistry/2024/press-release/। আহৰণ কৰা হৈছে: 9 October 2024. 
  15. "AI risk must be treated as seriously as climate crisis, says Google DeepMind chief | Technology | The Guardian". amp.theguardian.com. https://amp.theguardian.com/technology/2023/oct/24/ai-risk-climate-crisis-google-deepmind-chief-demis-hassabis-regulation। আহৰণ কৰা হৈছে: 10 October 2024. 
  16. "Nobel prize win for Greek Cypriot scientist" (en ভাষাত). Cyprus Mail. 2024-10-09. https://cyprus-mail.com/2024/10/09/nobel-prize-win-for-greek-cypriot-scientist/। আহৰণ কৰা হৈছে: 2024-10-11. 
  17. Dancel, Raul (2024-10-09). "Nobel Chemistry laureate Demis Hassabis has Singapore in his blood" (en ভাষাত). The Straits Times. ISSN 0585-3923. https://www.straitstimes.com/asia/australianz/nobel-chemistry-laureate-demis-hassabis-has-singapore-in-his-blood. 
  18. Gardner, Jasmine (31 January 2014). "Exclusive interview: meet Demis Hassabis, London's megamind who just sold his company to Google for £400m". London Evening Standard. https://www.standard.co.uk/lifestyle/london-life/exclusive-interview-meet-demis-hassabis-londons-megamind-who-just-sold-his-company-to-google-for-9098707.html. 
  19. Ahmed, Murad (30 January 2015). "Lunch with the FT: Demis Hassabis". Financial Times. http://www.ft.com/cms/s/2/47aa9aa4-a7a5-11e4-be63-00144feab7de.html#axzz3jgbWctw6। আহৰণ কৰা হৈছে: 24 August 2015. 
  20. "Demis Hassabis, PhD Biography and Interview". American Academy of Achievementwww.achievement.org. https://www.achievement.org/achiever/demis-hassabis-ph-d/#interview। আহৰণ কৰা হৈছে: 22 April 2019. 
  21. Hassabis, Demis (5 December 2020). "BBC Radio 4 Profiles, 7pm 5 December 2020". BBC Podcast. https://www.bbc.co.uk/programmes/m000q3nq। আহৰণ কৰা হৈছে: 5 December 2020. 
  22. Gibbs, Samuel (28 January 2014). "Demis Hassabis: 15 facts about the DeepMind Technologies founder". The Guardian. https://www.theguardian.com/technology/shortcuts/2014/jan/28/demis-hassabis-15-facts-deepmind-technologies-founder-google. 
  23. 1995 Varsity Chess Match, Oxford v Cambridge – http://www.saund.co.uk/britbase/pgn/199503vars-viewer.html Archived 10 January 2018 at the Wayback Machine – BritBase
  24. 1996 Varsity Chess Match, Oxford v Cambridge – http://www.saund.co.uk/britbase/pgn/199603vars-viewer.html Archived 10 January 2018 at the Wayback Machine – BritBase
  25. 1997 Varsity Chess Match, Oxford v Cambridge – http://www.saund.co.uk/britbase/pgn/199703vars-viewer.html Archived 10 January 2018 at the Wayback Machine – BritBase
  26. "Amiga-news.de - Video interview with DeepMind founder: First AI program on Amiga". http://www.amiga-news.de/en/news/AN-2022-07-00008-EN.html. 
  27. Gibbs, Samuel (28 January 2014). "Demis Hassabis: 15 facts about the DeepMind Technologies founder" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/technology/shortcuts/2014/jan/28/demis-hassabis-15-facts-deepmind-technologies-founder-google. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]