তাল বতাহী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাল বতাহী (Asian Palm Swift)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Apodiformes
পৰিয়াল: Apodidae
গণ: Cypsiurus
প্ৰজাতি: C. balasiensis
বৈজ্ঞানিক নাম
Cypsiurus balasiensis
Gray,JE, 1829

তাল বতাহী (ইংৰাজী: Asian Palm Swift, বৈজ্ঞানিক নাম -Cypsiurus balasiensis) এটা সৰু আকাৰৰ ছুইফ্ট গোটৰ চৰাইৰ প্ৰজাতি।

বিৱৰণ[সম্পাদনা কৰক]

তাল বতাহীৰ দেহৰ দৈৰ্ঘ্য সাধাৰণতে ১৩ ছে:মি: পৰ্যন্ত হয়। ইয়াৰ দেহৰ বৰণ শেঁতা মুগা। ইয়াৰ ডেউকা খুবেই দীঘলীয়া। দেহৰ আকাৰো দীঘলীয়া আৰু দীঘল নেজডাল মাজতে ফটা থাকে। ইয়াৰ মতা আৰু মাইকী দুয়ো দেখাত একে হয়। পোৱালি তাল বতাহী চৰাইৰ নেজডাল চুটি হোৱা দেখা যায়। [2] ইয়াৰ ঠেং একেবাৰে চুটি।

তাল বতাহীৰ মাত ডাঙৰ হয়। [2]

বিতৰণ[সম্পাদনা কৰক]

ই প্ৰধানকৈ বিষুৱীয় এছিয়া অঞ্চল অৰ্থাৎ ভাৰতৰ পৰা ফিলিপাইনছলৈকে প্ৰজনন কৰা দেখা যায়।

বাসস্থান[সম্পাদনা কৰক]

তাল বতাহীক সাধাৰণতে মুকলি অঞ্চল যেনে খেতি-পথাৰ আদিত দেখা পোৱা যায়। ইয়াক Oil Palm উদ্ভিদ থকা অঞ্চলত বেছিকৈ পোৱা যায়।[2]

আচৰণ[সম্পাদনা কৰক]

তাল বতাহী চৰায়ে বেছিভাগ সময় উৰিয়েই কটায়। উৰন্ত অৱস্থাতে ইহঁতে পোক-পতংগ ধৰি ভক্ষণো কৰে।[2]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Cypsiurus balasiensis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001772। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 2.2 2.3 Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6